header ads

অসমীয়া কবিতা, বোধিদ্ৰুম, উৎপলা শৰ্মা

 বোধিদ্ৰুম


সত্য আৰু প্ৰশান্তিৰ
অটল নিদ্ৰাত নিমগ্ন তুমি
সন্মুখত
বিশ্বাস আৰু প্ৰত্যয়ৰ
গভীৰ ছাঁ ...

তোমাৰ বুকুয়েদি নিগৰি আহে
প্ৰাপ্তিৰ আনন্দত মতলীয়া হৈ পৰা
কোনোবা বুদ্ধৰ অহিংসাৰ জয়গান

তোমাৰ ছাঁতেই ভূমিষ্ঠ হ'ব খোজে
জীৱনৰ চৰম সত্য ...
দুখৰ কাৰণ কিম্বা দুখৰ পৰিত্ৰাণ ।

নিস্তেজ হ'ব খোজে
শোৱাপাটীতেই এৰি অহা
ৰাজকাৰেঙৰ সেই সোনালী স্বপ্ন
অংকুৰিত হ'ব খোজে
জীয়াই থকাৰ আঠোটা সৰল মন্ত্র
মুক্তিলাভৰ মাৰ্গ অথবা নিৰ্বাণ ।

সময়ৰ শিলালিপিত
খোদিত হয়
উপেক্ষিতা যশোধৰাৰ
অস্ফুট আৰ্তনাদ ...
লক্ষ্যপ্ৰাপ্তিৰ দিশত
মাথোঁ
বাৰে বাৰে অনুৰণিত হয়
বুদ্ধং শৰণং গচ্ছামি ...


উৎপলা শৰ্মা
সহকাৰী শিক্ষয়িত্ৰী
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষা খণ্ড : ছমৰীয়া (কামৰূপ)

Post a Comment

0 Comments