header ads

অসমীয়া প্ৰবন্ধ, পৱিত্ৰ বৰদিন, দীপাঞ্জলী ভূঞা

 পৱিত্ৰ বৰদিন



" I wanna wish you a merry Christmas
I wanna wish you a merry Christmas
From the bottom of my heart ."
       ডিচেম্বৰ মাহৰ আগমনৰ লগে লগে চাৰিওফালে খ্ৰীষ্টমাছৰ কেৰলৰ শান্ত-সৌম্য শব্দই এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি কৰে । আজি কেৱল অসমৰে নহয় পৃথিৱীৰ সকলো প্ৰান্তৰ প্ৰতিজন মানুহে এই বিশেষ দিনটোত সেই মহান পুৰুষ যীশুখ্ৰীষ্টৰ শান্তি , মৈত্ৰী আৰু বিশ্বপ্ৰেমৰ জয়গান গায় । খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক এইজনা মহান পুৰুষ যীশুখ্ৰীষ্টৰ জন্মদিনটো  কি আছিল সঠিককৈ জনা নাযায় যদিও বৰ্তমান ইংৰাজী বৰ্ষপঞ্জীৰ ডিচেম্বৰৰ ২৫ তাৰিখ দিনটো যীশুখ্ৰীষ্টৰ জন্মদিন বুলি গ্ৰহণ কৰা হৈছে আৰু এই দিনটোতেই সমগ্র পৃথিৱীতে 'বৰদিন' বা 'খ্ৰীষ্টমাছ' উৎসৱ অতি উলহ-মালহেৰে উদ্ যাপিত হৈ আহিছে । আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি এই তাৰিখৰ ঠিক ন-মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰৱেশ কৰে । এই হিচাব অনুসৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটোকেই  যীশুৰ জন্মৰ তাৰিখ বুলি ধৰা হয় ।
          যদিও এইটো এটা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মানুষ্ঠান তথাপি বৰ্তমান সকলো ধৰ্মৰ লোকে মহা সমাৰোহেৰে এই উৎসৱ পালন কৰে । উপহাৰ প্ৰদান , খ্ৰীষ্টমাছ কেৰল্ চ , খ্ৰীষ্টমাছৰ কাৰ্ড বিনিময় , খ্ৰীষ্টমাছ বৃক্ষ , ছাণ্টাক্ল'জৰ পুতলা , ৰং-বিৰঙৰ আলোকসজ্জা , ৰঙাটুপী আদি বৰদিন উদ্ যাপনৰ অবিচ্ছেদ্য অংগ । 
            ইতিহাস অনুসৰি চতুৰ্থ শতাব্দীত ইটালীৰ ৰোম চহৰত ২৫ ডিচেম্বৰ তাৰিখটো যীশুখ্ৰীষ্টৰ জন্মদিন হিচাপে ধৰি লৈ অনুষ্ঠান উদ্ যাপনৰ প্ৰথম পৰম্পৰা আৰম্ভ হয় । তাৰ পাছৰপৰাই এই অনুষ্ঠান প্ৰতি বছৰে ডিচেম্বৰ মাহৰ ২৫ তাৰিখে 'খ্ৰীষ্টমাছ ডে' হিচাপে  পালন কৰি অহা হৈছে । প্ৰতিজন খ্ৰীষ্টানধৰ্মী লোকৰ বাবে এই দিনটো বৰ হেঁপাহৰ । বছৰৰ শেষৰফালে পৰমপিতা যীশুৰ মৰম আৰু আশীৰ্বাদৰ বাবে সকলোৱে অতি আগ্ৰহেৰে অপেক্ষা কৰে । অৱশ্যে ডিচেম্বৰ মাহ উপস্থিত হোৱাৰ লগে লগেই যীশুক আদৰাৰ প্ৰস্তুতিও আৰম্ভ হয় ।      
                বাইবেলত লিখা অনুসৰি যীশুখ্ৰীষ্টৰ কোনো জাগতিক পিতৃ নাছিল । তেওঁৰ জন্ম হৈছিল কুমাৰী মৰিয়মৰ গৰ্ভত , ঈশ্বৰৰ পৱিত্ৰ আত্মাৰ প্ৰভাৱেৰে । এই বিশেষ দিনটোতে ঈশ্বৰে তেওঁৰ একমাত্ৰ পুত্ৰ যীশুক পৃথিৱীত জন্ম ল'বলৈ পঠিয়াই দিছিল । ভাৱবাদীসকলে কেইবাশ বছৰৰ আগতে সমস্ত জগতৰ পৰিত্ৰাণৰ কাৰণে এজন ত্ৰাণকৰ্তাৰ জন্ম হোৱাৰ কথা ভৱিষ্যতবাণী কৰিছিল । জ্যোতিষী , পণ্ডিত আৰু কিছু জ্ঞানী লোকে  যীশুৰ জন্মৰ বা আগমনৰ কিছু উমান পাইছিল । তেওঁলোকে আকাশৰ সেই বিশেষ তৰাটো অনুসৰণ কৰিছিল , যিটোৱে যীশু জন্ম হোৱা ঠাইৰ ইংগিত জনাবলৈ বেথেলহাম নগৰৰ দিশত ৰৈ আছিল ।
         'খ্ৰীষ্টমাছ ডে'ৰ লগত জড়িত কেইটামান বিশেষ বৈশিষ্ট্য :-
         ছাণ্টাক্লজ : বহু যুগৰ আগতে ছেণ্ট নিক'লাছ নামৰ এজন পুৰোহিতে ৰাছিয়াত ভোক, ঠাণ্ডা আৰু অনাহাৰত জৰ্জৰিত শিশুসকলক সকলো সময়তে নহ'লেও এই বিশেষ দিনটোত মনে বিচৰা বস্তু আৰু এসাজ পেট ভৰাকৈ আহাৰৰ যোগান ধৰিবলৈ চেষ্টা কৰিছিল । নিক'লাছৰ এই সেৱা কাৰ্যৰ দ্বাৰা  বহু অভাৱ-অনাটনত কটোৱা শিশুৱে এদিনৰ বাবে হ'লেও সকাহ পাইছিল । এই ঘটনাৰ পুনৰাবৃত্তি আজিও হয় ছাণ্টাক্লজৰ জৰিয়তে । ছাণ্টাক্লজে 'ৰেইন ডিয়াৰ' নামৰ হৰিণে টনা শ্লেজগাড়ীত উঠি উপহাৰৰ টোপোলা ঘৰে ঘৰে বিলাই ফুৰে । ছাণ্টাক্লজ মংগল তথা কল্যাণৰ প্ৰতীক । ছাণ্টাক্লজে মৃত্যু হোৱা শিশুকো প্ৰাণ দিব পাৰে বুলি আজিও বহু ঠাইত বিশ্বাস কৰে । ছাণ্টাক্লজে শিশুসকলৰ বাবে উপহাৰ আনে – এনেধৰণৰ বিশ্বাসে  শিশুসকলৰ মনত আনন্দৰ বতৰা দিয়ে । সেয়ে শিশুসকলে বৰ আগ্ৰহেৰে ছাণ্টাক্লজৰ আগমনৰ বাবে অপেক্ষা কৰে । এমুখ বগা দাড়ি, বগা পাৰিৰ ৰঙা ৰঙৰ পোছাকেৰে অহা ছাণ্টাক্লজ সকলো শিশুৰে অতি প্ৰিয় আৰু পৰিচিত চৰিত্ৰ ।
           খ্ৰীষ্টমাছ ট্ৰি :- খ্ৰীষ্টমাছ ট্ৰিৰ লগতো এটা পৌৰাণিক কাহিনী জড়িত হৈ আছে । তাহানিৰ ইউৰোপৰ বাসিন্দাসকলে ভাৰতীয় সকলৰ দৰেই  সাপ , গছ আদিক উপাসনা কৰিছিল । কিন্তু যীশুৰ আগমনৰ পাছত তেওঁলোক খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হয় । সেয়েহে বৰদিনৰ বিশেষ দিনটোত গছ এজোপাক আকৰ্ষণীয় ৰূপত সজাই তোলে আৰু ভালপোৱা বিভিন্ন বস্তু বিশেষকৈ যীশুৰ জন্ম , ঘটনাৰ লগত জড়িত বস্তুবোৰ যেনে– ঘণ্টা , বেল , তৰা আৰু বিভিন্ন উপহাৰেৰে গছজোপা সুসজ্জিত কৰি তোলে ।
         বৰদিনৰ দিনা সকলোৱে লগ হৈ গীৰ্জাত সমূহীয়া প্ৰাৰ্থনা কৰে । প্ৰাৰ্থনাৰ অন্তত দুপৰীয়া বিশেষভাৱে তৈয়াৰ কৰা আহাৰ গ্ৰহণ কৰে । ই‍ংলেণ্ড , অষ্ট্ৰেলিয়া , কানাডা , আমেৰিকা যুক্তৰাষ্ট্ৰ আদিত বৰদিনৰ এইসাজ আহাৰত টীকি চৰাইৰ মঙহ , পোৰা বা সিজোৱা আলু খোৱাটো এক পৰম্পৰা । 
          পৃথিৱীৰ বহুতো দেশত ২৪ ডিচেম্বৰৰ মাজৰাতিটো 'খ্ৰীষ্টমাছ ইভ' (Christmas Eve) বুলি পালন কৰা হয় । এই ৰাতি সামূহিকভাৱে গীৰ্জাসমূহত প্ৰাৰ্থনা কৰা হয় । খ্ৰীষ্টমাছক চমুকৈ 'এক্স-মাছ' (X-Mas) বুলিও কোৱা হয় । 'মাছ' (Mas) শব্দই গীৰ্জাৰ বিশেষ ধৰ্মীয় সভাক বুজায় ।
           যীশুখ্ৰীষ্টক স্বাগতম জনাবলৈ খ্ৰীষ্টিয়ান লোকসকলে আগতীয়াকৈ চাৰিটা দেওবাৰে প্ৰাৰ্থনাৰ ব্যৱস্থা কৰে আৰু এই প্ৰাৰ্থনাৰ জৰিয়তে যীশুক আদৰণি জনায় । ইয়াক 'আগমন ঋতু' (Advent Season) বুলি কোৱা হয় । এই মহান পৱিত্ৰ আত্মাক আদৰিবলৈ ন- দিন জুৰি প্ৰাৰ্থনা কৰা হয় , যাক 'নভিনা' (Novena) নামেৰে জনা যায় । এই বিশেষ প্ৰাৰ্থনা ১৫ডিচেম্বৰৰ পৰা আৰম্ভ হৈ ২৪ ডিচেম্বৰত শেষ হয় । ২৪ ডিচেম্বৰৰ ৰাতি সকলো খ্ৰীষ্টিয়ান লোকে গীৰ্জাত সমবেত হৈ যীশুক প্ৰাৰ্থনা কৰে , পৃথিৱীৰ সকলো মানুহৰ মংগল কামনা কৰে আৰু সমস্ত বিশ্ববাসী যেন শান্তি-মৈত্ৰীৰ বান্ধোনত বান্ধ খায় তাকেই প্ৰাৰ্থনা কৰে । ২৫ডিচেম্বৰ হ'ল , 'খ্ৰীষ্টমাছ ডে' । সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে গীৰ্জাত একেলগ হৈ পুৱা প্ৰাৰ্থনা কৰে , উপস্থিত সকলোকে এই পৱিত্ৰ দিনটোত স্বাগতম জনায় । আবেলি ইজনে-সিজনৰ ঘৰলৈ যায় , শুভেচ্ছা জনায় আৰু সুস্বাদু খাদ্য গ্ৰহণ কৰে । গীৰ্জাত বিভিন্ন মাংগলিক অনুষ্ঠান অনুষ্ঠিত হয়, কেৰলৰ মধুৰ শব্দই সকলোৰে মন পুলকিত কৰি তোলে ‌।

( সহায় লৈ .. )

দীপাঞ্জলী ভূঞা
সহকাৰী শিক্ষয়িত্ৰী, অসমীয়া বিভাগ                       
 ডনবস্ক' স্কুল , পাণবজাৰ , গুৱাহাটী।

Post a Comment

0 Comments