header ads

বিশেষ লেখা, প্ৰথম ভাৰতীয় চিনেমাখন

 প্ৰথম ভাৰতীয় চিনেমাখন


  
উনৈশ শ তেৰ চনৰ এপ্ৰিল মাহৰ একৈশ তাৰিখ । মুষ্টিমেয় কেইজনমান মানুহে চাইছিল ভাৰতীয় যুৱক এজনে নিৰ্মাণ কৰি উলিওৱা ছবি এখন , নাম ৰাজা হৰিশ্চন্দ্ৰ । তিনি মে'ৰ দিনা এই ছবিখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল মুম্বাইৰ কৰোনেচন চিত্ৰগৃহত । সিদিনাই ভাৰতীয় চিনেমাৰ ইতিহাসৰ প্ৰথম পৃষ্ঠাৰ প্ৰথম শব্দটো লিখা হৈছিল। 
    ' ৰাজা হৰিশ্চন্দ্ৰ ’ৰ এবছৰ আগতে ‘ পুণ্ডলিক ’ নামৰ নাটক এখনক কেমেৰাৰে ধৰি ৰাখিছিল ৰামচন্দ্ৰ গোপাল নামৰ শিল্প অনুৰাগী এগৰাকীয়ে । তেওঁ সেইখনক চিত্ৰগৃহত প্ৰদৰ্শনো কৰিছিল । বহুতে সেইখনকে প্ৰথম ভাৰতীয় চিনেমা বুলি ক’ব বিচাৰে । ' পুণ্ডলিক ’ৰ কেমেৰামেন এগৰাকী বৃটিছ আছিল বাবেই এই ‘ পুণ্ডলিক ’ক ভাৰতীয় ছবিৰ তালিকাত ৰখাটোত বহুতে আপত্তি কৰে । এতিয়া আৰু ‘ পুণ্ডলিক ’ বিতৰ্ক নাই , ‘ ৰাজা হৰিশ্চন্দ্ৰ ’ই প্ৰথম ভাৰতীয় ছবি হিচাপে স্বীকৃত । জানিবলৈ মন যায় , চিনেমাৰ দৰে নতুন আৰু বিপদৰ আশংকা থকা মাধ্যম এটিত জঁপিয়াই পৰা ধুন্দিৰাজ গোবিন্দ ফাল্কেৰ কেনে আছিল শৈশৱ-কৈশোৰ আৰু যৌৱন। এটি সংস্কৃত পণ্ডিতৰ পৰিয়ালত ধুন্দিৰাজৰ জন্ম হৈছিল । তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত দাদা চাহেব ফাল্কে নামেৰে জনা যায় । জন্মস্থান আছিল মহাৰাষ্ট্ৰৰ নাচিক চহৰৰ পৰা ত্ৰিশ কিলোমিটাৰ দূৰৰ  ত্ৰিঅম্বকেশ্বৰম নামৰ এখন সৰু গাওঁ । ১৮৭০ চনৰ ৩০ এপ্ৰিলত তেওঁৰ জন্ম হৈছিল । সৰুৰে পৰাই তেওঁ চিত্ৰকলাৰ প্ৰতি আগ্ৰহী আছিল আৰু তেওঁৰ সংস্কৃত পণ্ডিত দেউতাকে তেওঁক মুম্বাইৰ জে জে স্কুল অব আৰ্টচত নাম লগাই দিছিল । ঊনবিংশ শতিকাৰ শেষ ভাগত এখন ভিতৰুৱা গাঁৱৰ এজন সংস্কৃত পণ্ডিতে নিজ পুত্ৰক কেৱল চিত্ৰশিল্প শিকাবলৈ এখন স্কুলত নাম ভৰ্তি কৰাই দিয়াটোৱে প্ৰমাণ কৰে কিমান প্ৰগতিশীল ঘৰ এখনত ধুন্দিৰাজ ফাল্কেৰ জন্ম হৈছিল । ১৮৯০ চনত তেওঁ বৰোদালৈ যায় আৰু তাৰ কলাভৱনত ভাস্কৰ্য , চিত্ৰাংকন , পেইন্টিং , ফটোগ্ৰাফী আদি শিকে আৰু এজন ফটোগ্ৰাফাৰ হিচাপে তেওঁ জীৱিকা আৰম্ভ কৰে । কালক্ৰমত তেওঁ বিয়া-বাৰু কৰায় আৰু সন্তানৰ পিতৃও হয় । কিন্তু প্লেগ ৰোগত আক্ৰান্ত হৈ পত্নী-পুত্ৰই  সংসাৰৰ পৰা অকাল বিদায় মগাৰ পিছত তেওঁ সেই ব্যবসায় ত্যাগ কৰে । তাৰ পিছতেই তেওঁ আৰ্কিওলজিকেল চাৰ্ভে  অৱ ইণ্ডিয়াত ড্ৰাফ্‌টছমেনৰ কামত যোগদান কৰে ‌। শিল্পী হিচাপে তেওঁ এনেয়েও আছিল অস্থিৰ প্ৰকৃতিৰ , পত্নী-সন্তানৰ অকাল বিয়োগে স্বাভাবিকভাৱেই বৃদ্ধি কৰিছিল তেওঁৰ অস্থিৰতা । এবাৰ স্বাধীনচিতীয়া ভাৱে কাম কৰা মানুহবোৰৰ ভিতৰত খুউব কম সংখ্যক মানুহেহে অইনৰ তলত চাকৰি কৰিব পাৰে । ফাল্কেৰ মনতো তেনে অসন্তুষ্টিৰ ভাৱে ক্ৰিয়া কৰিছিল । জে জে স্কুল অব আৰ্টচ আৰু বৰোদাৰ কলা ভৱনত শিকা কথাবোৰৰ ব্যৱহাৰ ইয়াত সম্ভৱ আছিল যদিও তেওঁৰ মনে চাকৰিৰ বান্ধোনৰ পৰা মুক্তি বিচাৰিছিল । সেয়ে মুক্তি বিচাৰি তেওঁ আৰম্ভ কৰিছিল ছপাশালৰ ব্যবসায় । সাধাৰণ ছপাশাল নহয় , লিথোগ্ৰাফি আৰু অলিওগ্ৰাফিৰ ছপাশাল । লগত আছিল অন্য অংশীদাৰো । তেওঁ ছপাৰ কাম কৰিছিল ৰাজা ৰবি বাৰ্মাৰ দৰে শিল্পীৰ লগত । এই ছপাকাম সম্পৰ্কীয় অধিক প্ৰশিক্ষণৰ বাবে তেওঁ জাৰ্মানীলৈ গৈছিল আৰু আধুনিক যন্ত্ৰপাতিৰ বিষয়ে অধিক শিক্ষা লাভ কৰিছিল আৰু শিকিছিল সেই সময়ত আলোড়ন সৃষ্টি কৰা নতুন কলা মাধ্যম চলচ্চিত্ৰ নিৰ্মাণৰ বিষয়ে । পৰৱৰ্তী সময়ত তেওঁ বিদেশৰ পৰা ঘূৰি আহিছিল আৰু সাধাৰণতে হোৱাৰ দৰেই তেওঁৰ ব্যৱসায়ৰ অংশীদাৰ সকলে তেওঁৰ আগমন ভাল পোৱা নাছিল । তেওঁ ছপাশালৰ ব্যৱসায় বাদ দিলে আৰু জঁপিয়াই পৰিল চলচ্চিত্ৰ নিৰ্মাণৰ দৰে অনিশ্চিত মাধ্যম এটিত । এনেদৰে অনিশ্চয়তাৰ বোজা বহন কৰি সাহস দেখুৱাব পৰা মানুহেই নতুন ক্ষেত্ৰ একোখনৰ জন্ম দিয়ে । 
      সেই সময়ত তেওঁ ‘ দা লাইফ অৱ খ্ৰাইষ্ট ' নামৰ ছবি এখন চাই ইমানেই মুগ্ধ হৈছিল যে ভাৰতীয় দেৱ-দেৱী আৰু ধৰ্মমূলক কাহিনীৰে ছবি নিৰ্মাণ কৰিবলৈ তেওঁ থিৰাং কৰিছিল ৷ তেওঁৰ প্ৰথম ছবি আছিল ‘ ৰাজা হৰিশ্চন্দ্ৰ ’ আৰু বাকীখিনি ইতিহাস । উনৈশ বছৰীয়া প্ৰযোজক-পৰিচালকৰ কেৰিয়াৰত তেওঁ ৯৫ খন কাহিনী চিত্ৰ আৰু ২৬ খন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল । তেওঁৰ বিখ্যাত ছবি কেইখনমান হ’ল ‘ মোহিনী ভস্মাসুৰ ’ , ‘ সত্যবান-সাবিত্ৰী ’ , ‘ শ্ৰীকৃষ্ণ জন্ম ’ , ‘ লংকা দাহন ' ইত্যাদি । 
        চিনেমা প্ৰযোজনাৰ কামটো অধিক পেছাদাৰী ভাৱে কৰিবলৈ তেওঁ ‘ হিন্দুস্থান ফিল্মছ ’ নামৰ প্ৰতিষ্ঠান এটিৰ জন্ম দিছিল আৰু সহযোগী হিচাপে লগত লৈছিল ব্যবসায়িক মনোবৃত্তিৰ কেইগৰাকীমান মানুহক । ভাবিছিল ব্যৱসায়ৰ বিষয়-বস্তুৰ জ্ঞান থকাসকলে ছবিৰ ব্যৱসায়ৰ কথাবোৰ চাব , তেওঁ চাব কেৱল শিল্পৰ দিশটো । কিন্তু ভবামতে নহ’ল । এই বৃত্তিতো পুনৰ মনোমালিন্য হোৱাত দাদাচাহেব ফাল্কেই চিনেমা নিৰ্মাণৰ পৰা অৱসৰ ঘোষণা কৰি হিন্দুস্থান ষ্টুডিঅ বাদ দি গুচি যায় । সেই সময়তে তেওঁ ‘ ৰংগভূমি ’ নামৰ নাটক এখন লিখে। তেওঁ এৰি অহাৰ পিছত হিন্দুস্থান ফিল্মছৰ অৰ্থনৈতিক অৱস্থা আৰু বেয়াৰ পিনে গতি কৰে আৰু প্ৰতিষ্ঠানটিৰ কৰ্মচাৰী সকলৰ অনুৰোধত প্ৰতিষ্ঠানটিৰ বাবে তেওঁ কেইখনমান ছবি পৰিচালনা কৰি দিয়ে । তেওঁ ছবি নিৰ্মাতা হিচাপে জীৱন আৰম্ভ কৰিছিল নিৰ্বাক ছবিৰেই । এনে ছবিৰ মাজেৰে তেওঁ দক্ষতা প্ৰতিপন্ন কৰাৰ পিছত ছবিলৈ শব্দ অহাত তেওঁ কিছু অসুবিধাৰ সন্মুখীন হৈছিল । ছবিৰ লগত শব্দক তেওঁ মানি লোৱাত কষ্ট পাইছিল । তেওঁৰ এই অৱস্থাটিয়ে মনলৈ আনে ‘ দা আৰ্টিষ্ট ’ নামৰ ছবিখনৰ কথা , যিখনত নিৰ্বাক যুগৰ ষ্টাৰ এজনে ছবি সবাক হোৱাৰ লগে লগে অস্থিৰতা আৰু অনিশ্চয়তাত ভুগিছিল আৰু শেষত সবাক ছবিৰ পিনেই আগবাঢ়িছিল । ধুন্দিৰাজ ফাল্কেয়েও প্ৰথমে সবাক ছবিৰ প্ৰতি পোষণ কৰা দ্বিধা আৰু সংশয়ৰ ভাবক পিছ পেলাই থৈ তেওঁৰ নিৰ্বাক ' সেতুবন্ধন ’ ছবিখনক ডাব কৰি সবাক ৰূপত পুনৰ মুক্তি দি নিজকে সময়ৰ লগত খাপ খুৱাই নিব পৰা শিল্পীৰ ৰূপলৈ ৰূপান্তৰিত কৰিছিল । তেওঁৰ জীৱনটোলৈ চালে দেখা যায় যে তেওঁৰ মনটো আছিল সময়তকৈ আগবঢ়া । নতুন ধৰণৰ ব্যবসায়ৰ কথা ভাবিছিল , কিন্তু সেইজন মানুহেই ছবিলৈ শব্দ অহাত অস্থিৰতাত ভুগিছিল ৷ নিৰ্বাক ছবিত তেওঁ লাভ কৰা সফলতাৰ বাবেই হয়তো নতুন প্ৰযুক্তিৰ পিনে কিছু ভয়ৰ দৃষ্টিৰে চাইছিল ।
        ধুন্দিৰাজ ফাল্কেৰ জীৱনৰ বিভিন্ন কাহিনীক লৈ মাৰাঠী অভিনেতা আৰু থিয়েটাৰ পৰিচালক পৰেশ মোকাচিয়ে নিৰ্মাণ কৰিছিল এখন পূৰ্ণ দৈৰ্ঘৰ মাৰাঠী কাহিনী চিত্ৰ  ‘ হৰিশ্চন্দ্ৰচি ফেৰি ’। এই ছবিখনে অস্কাৰৰ বাবে বিদেশী ভাষাৰ ছবিৰ শিতানত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল


উৎপল দত্ত ,
ডীন , পৰিবেশ্য কলা বিভাগ ,
অসম ডাউন টাউন বিশ্ববিদ্যালয় , গুৱাহাটী

Post a Comment

0 Comments