header ads

অসমীয়া প্ৰবন্ধ, পবিত্ৰ বৰদিন , দ্য ইভাৰলাষ্টিং ফাদাৰ

 পবিত্ৰ বৰদিন , দ্য ইভাৰলাষ্টিং ফাদাৰ


  ওৱাৰেন বাফেটে কৈছিল -
       যদি পৃথিৱীৰ ১% ভাগ্যৱানৰ এজন তুমি হয় তেন্তে তাৰে বাকী ৯৯% ৰ উন্নতিৰ বাবে ভবাটোৱেই তোমাৰ দায়িত্ব । এই বাণীশাৰীৰ সত্যতাৰ প্ৰমাণ হ'ল Yeshua ➡ Joshus ➡ Jesus
      ২৫ ডিচেম্বৰ , খ্ৰীষ্ট্ৰান ধৰ্মাৱলম্বী লোকসকলে যীশুখ্ৰীষ্টৰ জন্মদিনৰ লগত সংগতি ৰাখি পালন কৰা বছেৰেকীয়া উৎসৱেই হ'ল পৱিত্ৰ বৰদিন বা খ্ৰীষ্টমাছ ডে' । প্ৰতি বছৰে বিশ্বৰ লক্ষ লক্ষ মানুহৰ এয়া ঐতিহাসিক ৰোমান উৎসৱ । উত্তৰ গোলাৰ্দ্ধৰ দক্ষিণ অয়নান্ত দিৱসৰ অনুষংগত ২৫ ডিচেম্বৰত যীশুৰ জয়ন্তী পালনৰ প্ৰথাটোৰ সূত্ৰপাত হয় । অৱশ্যে ২৫ ডিচেম্বৰ তাৰিখে যীশুৰ জন্মদিন বুলি কোনো প্ৰামাণিক তথ্য নাই । যীশুখ্ৰীষ্ট্ৰৰ পিতৃৃৰ নাম আছিল  জোছেফ আৰু মাতৃৰ নাম আছিল মেৰী । যীশুৰ জন্মৰ কালছোৱাত বিশ্ব অশান্তি , অধৰ্ম আৰু বিভিন্ন ধৰণৰ পাপাচাৰেৰে ভৰি পৰিছিল । মানুহে শুদ্ধ পথ হেৰুৱাই পেলাইছিল । দুৰ্যোগপূৰ্ণ সময়ত জন্ম হৈছিল ছান অৱ গড্ যীশুখ্ৰীষ্টৰ । তেওঁৰ দায়িত্ব হিচাপে বিচাৰি পাইছিল মানৱৰ মুক্তিৰ পথ দেখুওৱা । তেওঁ মানুহক প্ৰেম , দয়া , ক্ষমা , ভাতৃত্ববোধ , পৰোপকাৰ আদি মহান আদৰ্শৰ কথা প্ৰচাৰ কৰিছিল । কিন্তু ইহুদীসকলে যীশুৰ প্ৰেমৰ বাণী অগ্ৰাহ্য কৰি তেওঁক বিৰোধিতা কৰিছিল আৰু তেওঁক ক্ৰুছবিদ্ধ কৰি হত্যা কৰিছিল । তেওঁ প্ৰথম শতাব্দীৰ ইহুদী ধৰ্মপ্ৰচাৰক আৰু ধৰ্মীয় নেতা আছিল যদিও নিজৰ সম্প্ৰদায়ৰ মানুহেই তেওঁৰ বিৰুদ্ধাচৰণ কৰিছিল । কিন্তু পিছলৈ তেওঁৱেই হয়গৈ বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম অৰ্থাৎ খ্ৰীষ্টান ধৰ্মৰ মুখ্য চৰিত্ৰ বা কেন্দ্ৰীয় মহাপুৰুষ । মানুহে বিশ্বাস কৰে Jesus is the son of God ➡ The Everlasting Father .
       উল্লেখ্য যে বহুত আধুনিক যুগৰ জ্ঞানী ও পণ্ডিতে সন্মতি প্ৰকাশ কৰে যে যীশু ঐতিহাসিক ভাৱে বিদ্যমান । গছপেলৰ ঐতিহাসিক যীশুৰ অন্বেষণ ঐতিহাসিক নিৰ্ভৰযোগ্য । নিউ টেষ্টামেণ্টত যীশুক নিবিড়ভাবে চিত্ৰিত কৰা হৈছে । গছপেল হ'ল বাইবেলৰ চাৰিখন কিতাপৰ এখন য'ত যীশুৰ জীৱন আৰু শিক্ষাৰ বৰ্ণনা কৰা আছে ।
        এই কথা স্বীকাৰ কৰিবই লাগিব যে বৰদিন এটা খ্ৰীষ্টান উৎসৱ যদিও একাধিক অ-খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকেও মহাআড়ম্বৰেৰে এই উৎসৱ পালন কৰে । আজিকালি ধৰ্মনিৰপেক্ষ লোকৰ মাজতো প্ৰাক-খ্ৰীষ্টান সমাৱেশ , উপহাৰ প্ৰদান , সংগীত , খ্ৰীষ্টমাছ গ্ৰীটিংছ কাৰ্ড , ভোজ , খ্ৰীষ্টমাছ বৃক্ষ , আলোকসজ্জা , আলোকমালা , নিউ ইয়েৰৰ শুভেচ্ছা বিনিময় , শিশুৰ বাবে ছাণ্টাক্লজৰ  উপহাৰ আদিৰ জৰিয়তে এক বিশেষ ধৰণৰ মিলা-প্ৰীতিৰ আয়োজন কৰে । বৰ্তমান বৰদিন সঁচাকৈয়ে বেছ জনপ্ৰিয় আনন্দৰ দিন ।
         এইবোৰ অনুষ্ঠানৰ বাহিৰেও বৰদিনৰ জাকজমকতাই গ্ল'বেল অৰ্থনীতিত বিশেষ অৰিহণা যোগাইছে । এই সময় এক বিশেষ ব্যৱসায়-বাণিজ্য আৰু ক্ৰেতা-বিক্ৰেতাৰ বতৰ । ফলত অৰ্থনীতিৰ ওপৰত লাহে লাহে প্ৰভাৱ প্ৰসাৰিত হৈছে । আমাৰ দেশতো বৰদিন এটা ৰাষ্ট্ৰীয় ছুটীৰ দিন হিচাপে পালন কৰা হয় । গীৰ্জাত বাইবেল পাঠ কৰি প্ৰধান পুৰোহিত বা ফাদাৰে সকলোৰে শান্তি কামনা কৰি আশীৰ্বাদ দিয়ে । ইয়াৰ পিছত গোটেই দিনটো সকলোৱে হিয়া উপচাই মৰম যাচে , আনন্দ-উছৱ কৰে , কেক্ , পিঠা , মিঠাই আদিও উপহাৰ হিচাপে দিয়ে । সাম্প্ৰতিক সময়ত দেখা দিয়া অসূয়া-অশান্তিৰ পৰিপ্ৰেক্ষিতত বৰদিনৰ এই শান্তি আৰু মিলা-প্ৰীতিৰ বাৰ্তাই বিশ্বমানৱলৈ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিছে ।
        বৰদিন উৎসৱলৈ মানুহ আকৰ্ষিত হোৱাৰ প্ৰধান কাৰণ হ'ল বগা দাঢ়ি-চুলি থকা , জলহু ৰঙা ৰঙৰ কামিজ পিন্ধি অহা ছাণ্টাক্লজৰ কল্পনা আৰু অভিনয় । " হেই , জিংগল বেল্ ছ , জিংগল বেল্ ছ জিংগল অল দি ৱে " গানটি সকলোৰে মাজত আজিও জনপ্ৰিয় ।
        মুঠতে , বৰ্তমান সময়ত বৰদিন উৎসৱ পালনে এক অতীৱ তাৎপৰ্য্য বহন কৰিছে । পৃথিৱীত শান্তি , অহিংসা  , সমভাব আৰু মৰম প্ৰকাশ কৰাই বৰদিনৰ প্ৰধান লক্ষ্য । যীশুৰ এই কথাষাৰে বৰদিনৰ মাহাত্ম্য দাঙি ধৰিছে ..
   " সকলো প্ৰাণীয়েই ঈশ্বৰৰ সন্তান । সকলোকে একতাৰ বান্ধোনেৰে বান্ধি এই জগতখনৰ পৰা অন্যায় দূৰ কৰাটো তোমাৰ দায়িত্ব । "



উৎপল বেজবৰুৱা , M.Sc
সহকাৰী বিজ্ঞান শিক্ষক
বকো হাইস্কুল , বকো
দূৰভাষঃ ৭০০২৪৪৮২৪৪
ই-মেইলঃ ubezbaruah36@gmail.com

Post a Comment

0 Comments