header ads

অসমীয়া প্ৰবন্ধ, অসমীয়া ফকৰা-যোজনাৰ ভাৱ সম্প্ৰসাৰণ, পূৰবী চুতীয়া ,

অসমীয়া ফকৰা-যোজনাৰ ভাৱ সম্প্ৰসাৰণ

ফকৰা-যোজনাবোৰ অসমীয়া ভাষাৰ অলংকাৰ স্বৰূপ । এইবিলাক সাহিত্যৰ প্ৰধান অংগবোৰৰ অন্যতম । অতীজৰে পৰা মানুহৰ মুখে মুখে চলি অহা এই ফকৰা-যোজনাসমূহ নাথাকিলে সাহিত্য তেনেই উকা হৈ পৰিব । একো একোটা ফকৰা-যোজনাই অতি জটিল কথাকো একেবাৰে সহজে অতি চমু কথাতে ভাঙি-পাতি বুজাই দিব পাৰে । কাৰণ , ইহঁতৰ একোটা সুকীয়া অন্তৰ্নিহিত অৰ্থ থাকে । অসমীয়া ভাষাটো ভালকৈ আয়ত্ত কৰিবলৈ হ'লে ফকৰা-যোজনাবোৰৰ অৰ্থ আৰু ভাৱ জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ । সেয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ এই শিতানটিৰ মাধ্যমেৰে অসমীয়া ফকৰা-যোজনাসমূহৰ ভাৱ সম্প্ৰসাৰণৰ চেষ্টা কৰা হৈছে । আশাকৰোঁ এই শিতানটিয়ে শিক্ষাৰ্থীসকলক উপকৃত কৰিব ।


(ক)  বেতনিত ঔ পৰিল , বাসুদেৱায় নমঃ ।

-  সাধাৰণতে হাবি-জংঘলৰ মাজত ঔটেঙাৰ গছ হয় । হাবিত বিভিন্ন গছ-গছনিৰ লগতে বেতগছেৰে ভৰা বেতনিও থাকে । বেতগছবোৰ কাঁইটেৰে ভৰা । যদি ঔটেঙা গছ থকা ঠাইত বেতনিও থাকে তেনেহ'লে গছৰ পৰা ঔ পাৰোঁতে বেতনিতে পৰে । কিন্তু কাঁইটীয়া বেতনিত সৰি পৰা ঔটেঙা বিচাৰি অনা কামটো কঠিন । সেয়ে তেনে সময়ত ঔটেঙা খোৱাৰ আশা বাদ দি বাসুদেৱ নমঃ অৰ্থাৎ ঈশ্বৰৰ নামত উছৰ্গা কৰে । এই ফকৰাটিৰ পৰা ইয়াকে বুজাব খোজা হৈছে যে কোনো বস্তু নিজৰ আয়ত্তলৈ আনিব নোৱাৰিলে , তাক ভোগ কৰাৰ আশা বাদ দি আনক দান দিয়া বুলি ধৰি লৈ মনক সান্ত্বনা দিয়াটো প্ৰায় মানুহৰ স্বভাৱ ।


(খ) তেজ ধুলে উটে , মঙহ ধুলে নুটে ।

-  তেজ তৰল পদাৰ্থ । সেয়ে তেজ ধুলেই উটি যায় । কিন্তু গাৰ মঙহ গোটা । সেইবাবে গাৰ মঙহ ধুই দিলেও উটি নাযায় বা ধুই উটুৱাব নোৱাৰি । একেদৰে দূৰ-সম্বন্ধীয়া বা কম সম্পৰ্ক থকাজনৰ লগত কৰোঁ বুলিয়েই সম্পৰ্ক ত্যাগ কৰিব পাৰি । কিন্তু গাৰ মঙহ সদৃশ একেবাৰে ওচৰ বা নিকট সম্বন্ধীয়াজনৰ লগত এৰোঁ বুলিলেই সম্পৰ্ক এৰি দিব নোৱাৰি । এই ফকৰা-যোজনাটোৰ দ্বাৰা ইয়াকেই বুজাব খোজা হৈছে যে নিজৰ আপোন বা আত্মীয় মানুহৰ লগত থকা সম্পৰ্ক ছিঙো বুলিলেই ছিঙিব নোৱাৰি ।

(গ) বাৰীৰ ঘাঁহে গোহালিৰ গৰুৱে ৰাহি নাহে ।

-  নিজৰ বাৰীত থকা ঘাঁহ আৰু নিজৰ পোহনীয়া গৰুৰ মাজত সাধাৰণতে ৰাহি নাহে । ঘৰৰ বাৰীতে থকা ঘাঁহকেইডাল পোহনীয়া গৰুৱে খাই ভাল নাপায় আৰু সেইবাবেই আন ঠাইলৈ ঘাঁহ বিচাৰি যায় । একেদৰে ঘৰত থকা বস্তু বা সদায় দেখি থকা বস্তুৰ প্ৰতি মানুহৰ আকৰ্ষণ কমি যায় বা নতুনত্ব বিচাৰি নোপোৱা হয় । সেয়ে আনৰ বস্তুৰ প্ৰতিহে মোহ জন্মে আৰু তেনে বস্তুলৈহে মন মেলে ।ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে  সদায় পাই থকা  বস্তুৰ প্ৰতি মানুহৰ আকৰ্ষণ কমি আহে আৰু ব্যতিক্ৰম বা নতুনত্বৰ সন্ধানত বেলেগলৈ ঢাপলি মেলে ।



 সংগ্ৰহ তথা ভাৱ সম্প্ৰসাৰণ -


পূৰবী চুতীয়া , সহকাৰী শিক্ষয়িত্ৰী
নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল , নহিৰা
শিক্ষাখণ্ড : ৰামপুৰ ।

Post a Comment

0 Comments