header ads

বিজ্ঞানৰ ইটো সিটোঃ, তীৰ্থমণি ডেকা


 বিজ্ঞানৰ ইটো সিটোঃ

১) মৌ একমাত্র খাদ্য , যি উপযুক্ত পাত্ৰত ৰাখিলে হাজাৰ বছৰ পাছতো গ্ৰহণযোগ্য খাদ্য হৈ থাকে ৷
২) যদি এটুকুৰা আনাৰস মুখৰ ভিতৰত ৰখা যায় , তেন্তে ই মুখখন খাবলৈ আৰম্ভ কৰি দিব পাৰে , কাৰণ আনাৰসত এনে এবিধ প্ৰ'টিন থাকে যি মাংসৰ বিভংগন ঘটাব পাৰে ।
৩) যদি কোনো মানুহে কান্দে আৰু প্ৰথমে তেওঁৰ সোঁ চকুৰে চকুপানী ওলায় , তেন্তে সেয়া আনন্দৰ চকুপানী আৰু যদিহে চকুপানী বাঁও চকুৰে ওলায় , তেন্তে সেয়া হ'ল দুখৰ ।
৪) এটা পঁইতাচোৰাৰ মূৰটো যদি ছিঙিও পৰে , তথাপিও সি কেইবা সপ্তাহো জীয়াই থাকিব পাৰে ।
৫) বটলত ৰখা পানীত যি সময়সীমাৰ তাৰিখ লিখা থাকে , সেয়া আচলতে পানীৰ বাবে নহয় , বটলটোৰ বাবেহে ৷
৬) কোনো মানুহ টোপনি যাওঁতে সাধাৰণতে ৭ মিনিট সময় লাগে ৷
৭) জেঠীৰ নেজ এবাৰ ছিঙিলে আকৌ গজে । কিন্তু দ্বিতীয়বাৰ ছিঙিলে সি আকৌ গজি নুঠে । 


তীৰ্থমণি ডেকা
সহ: শিক্ষক ( বিজ্ঞান )
পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয় ,
শিক্ষাখণ্ড - কমলপুৰ

Post a Comment

0 Comments