ছয়গঞা উপভাষাৰ চমু আলোচনা ( অষ্টম খণ্ড )
ন-পমুৱা বা চৰাঞ্চলৰ ভাষা :
ছয়গাঁৱৰ উত্তৰ অঞ্চলৰ নিম্ন অংশৰ এক বিস্তৃত অঞ্চল ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি । এই অঞ্চলত বসতি স্থাপন কৰা লোকসকল মুলতঃ পূৰ্ববংগৰ পৰা অহা মুছলমান ধৰ্মাৱলম্বী লোক । ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আগতেই অসমত কৃষি উৎপাদনৰ অচিলাত পাম পাতি থাপিত কৰা লোকসকল অসমৰ ভাষা-সংস্কৃতিৰ সৈতে লীন যাবলৈ প্ৰয়াস কৰিছে আৰু অসমৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাইছে । কিন্তু পৰৱৰ্তী সময়ত অবৈধভাৱে অনুপ্ৰৱেশ কৰি অসমত থিতাপি লোৱা লোকসকলে অসমৰ ভাষা , অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে । পূৰ্বতে লৰ্ড কাৰ্জন ভাইচৰয় হৈ থকাৰ সময়ৰ পৰাই পূৰ্ববংগীয় মুছলমান খেতিয়ক সকলৰ আগমন ঘটে আৰু তেওঁলোকৰ কিছুসংখ্যকে গোৱালপাৰা আৰু কামৰূপ জিলাৰ দক্ষিণপাৰৰ দ-ঠাইবিলাকত বসতি পাতে । লাহে লাহে তেওঁলোকে নদীৰ কাষৰীয়া অঞ্চলবোৰত খেতি-বাতি কৰি গাঁওবোৰ গঢ়ি তোলে ।
বৰ্তমানৰ ছয়গাঁৱৰ গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কেবাখনো মুছলমান অধ্যুষিত গাঁও আৰু চৰ অঞ্চলত প্ৰচলিত ভাষাটো এক মিশ্ৰভাষা । তাহানিতে খেতি-বাতিৰ অচিলাত পাম কৰি নিগাজি হোৱা বাংলাভাষী মুছলমান সম্প্ৰদায়ৰ জনবসতি এই অঞ্চলত অধিক । আনহাতে অবৈধভাৱে প্ৰৱেশ কৰা চৰাঞ্চলৰ লোকৰ মাজত মৈমনসিঙীয়া বাংলা আৰু অসমীয়া ভাষাৰ মিশ্ৰণত এক মিশ্ৰভাষা পোৱা যায় । উল্লেখযোগ্য যে ই ছয়গঞা লোকভাষাৰ আঞ্চলিক ৰূপ নহয় । ই এক মিশ্ৰভাষাহে । এওঁলোকৰ কথিত ভাষাটোৰ কিছুমান সুকীয়া বৈশিষ্ট্য পৰিলক্ষিত হয় ধ্বনি , ৰূপ আৰু শব্দ সম্ভাৰত ।
ধ্বনিতত্ত্ব:
শ্বাসাঘাটৰ ক্ষেত্ৰত মান্য অসমীয়া ভাষাত ই শেষৰ আখৰৰ আগৰ আখৰত পৰে । কিন্তু চৰাঞ্চলৰ বা চৰুৱা ভাষাত শ্বাসাঘাট শব্দৰ আদি আখৰত পৰে । উদাহৰণ স্বৰূপে -
মান্য অসমীয়া ছয়গঞা চৰাঞ্চলৰ ভাষা
কোমোৰা কুমুৰা কুম্ৰা
ভোমোৰা ভমৰা ভম্ৰা
মান্য অসমীয়াত নিম্ন স্বৰধ্বনি য’ত ব্যৱহাৰ হয় , চৰাঞ্চলৰ ভাষাত তাত উচ্চ স্বৰধ্বনি ব্যৱহাৰ হয় । উদাহৰণ স্বৰূপে -
মান্য অসমীয়া ছয়গঞা চৰাঞ্চলৰ ভাষা
তামোল তামুল তামুল
চোপ চুপ্ চুপ
ভোমৰা ভমৰা ভম্ৰা
মান্য অসমীয়াৰ অল্পপ্ৰাণ ধ্বনি চৰাঞ্চলৰ ভাষাত কেতিয়াবা মহাপ্ৰাণ হোৱা পৰিলক্ষিত হয় । উদাহৰণ স্বৰূপে -
মান্য অসমীয়া ছয়গঞা চৰাঞ্চলৰ ভাষা
শিক শিখ শিখ
হাড়গিলা হাৰঘিল্লা হাৰঘিল্লা
মান্য অসমীয়াৰ মহাপ্ৰাণ ধ্বনি চৰাঞ্চলৰ ভাষাত কেতিয়াবা অল্পপ্ৰাণ হয় । যিটো মুল কামৰূপীয়া বা ছয়গঞাৰ ক্ষেত্ৰত পৰিলক্ষিত নহয় ।
মান্য অসমীয়া ছয়গঞা চৰাঞ্চলৰ ভাষা
বাঘ বাঘ বাগ
নখ নখ নক
ভেণ্ডী ভেণ্ডী বেণ্ডী
‘অ’ ধ্বনি ‘আ’ ধ্বনিলৈ পৰিৱৰ্তন হয় -
মান্য অসমীয়া ছয়গঞা চৰাঞ্চলৰ ভাষা
কাৱৈ কৱে কৈ
তাৱৈ তাৱে তাৱে
মান্য অসমীয়া শব্দৰ শেষত থকা ’হ’ ধ্বনি চৰাঞ্চলৰ ভাষাত লোপ পায় ।
মান্য অসমীয়া ছয়গঞা চৰাঞ্চলৰ ভাষা
পিয়াহ পিয়াহ পিয়া
মানুহ মান্হু মানু
বতাহ বাতাহ বতা
ৰূপতত্ত্ব :
মান্য অসমীয়াত একবচন বুজাবলৈ নিৰ্দিষ্ট বাচক প্ৰত্যয় ‘টো’ৰ ব্যৱহাৰ চৰাঞ্চলৰ ভাষাত ‘টা’ হিচাপে ব্যৱহাৰ হয় ।
মান্য অসমীয়া ছয়গঞা চৰাঞ্চলৰ ভাষা
গৰুটো গৰুটু গৰুটা
বুঢ়াটো বুৰাটা বুৰাটা
একেদৰে 'খন' , 'খনি' , 'টো' ৰ সলনি ‘খান’ , 'খানি' , 'টা' ৰ ব্যৱহাৰ হয় ।
মান্য অসমীয়া ছয়গঞা চৰাঞ্চলৰ ভাষা
লুঙীখন লুঙীখান লুঙীখান
গাখীৰখিনি গাখীৰখেনি গাখীৰখানি
কালবাচক আৰু স্থানবাচক ক্ৰিয়াবিশেষণ বোৰৰ ক্ষেত্ৰত ভালেখিনি প্ৰভেদ আছে ।
মান্য অসমীয়া ছয়গঞা চৰাঞ্চলৰ ভাষা
এতিয়া ইতিয়া/ইতান এথান
যেতিয়া যিতান যেথান
তেতিয়া তিতান তেথান
শব্দগত বিশেষত্ব :
মান্য অসমীয়া আৰু চৰাঞ্চলৰ ভাষাৰ মাজত যথেষ্ঠ প্ৰভেদ আছে । আগতেই কোৱা হৈছে যে ই ছয়গঞা ভাষাৰো আঞ্চলিক ৰূপ নহয় , বৰং ই এক মিশ্ৰ ভাষাৰূপহে , তদস্বৰূপ চৰাঞ্চলৰ ভাষাত বিভিন্ন ৰূপভিন্ন শব্দ পোৱা যায় । কিছু উদাহৰণ দিয়া হ’ল -
মান্য অসমীয়া ছয়গঞা চৰাঞ্চলৰ ভাষা
কুঁহিয়াৰ কুইহাৰ কুইস্বাল
মুলা মুলা মুইলা’
কেৰেলা কাকেৰিয়াল কাৰকেল
শোলমাছ শোল ছোল
পিপৰা পিপিৰা পিপ্ৰা
পাৰ চৰাই পাৰৱা পাইৰা
এই ভাষাই চৰাঞ্চলৰ মানুহৰ সৈতে স্থানীয় মানুহৰ এক ভাষিক সম্পৰ্ক গঢ়ি তুলিছে লগতে ভাষাৰ কিছু উমৈহতীয়া বৈশিষ্ট্যও বহন কৰে ।
দীপাংকৰ ঠাকুৰীয়া
গৱেষক ছাত্ৰ
গৱেষণাৰ বিষয় - লোক সংস্কৃতি
গুৱাহাটী বিশ্ববিদ্যালয়
0 Comments