header ads

অসমীয়া কবিতা, কৰ্ম উদ্দীপনা, নয়ন মণি দাস

 কৰ্ম উদ্দীপনা


যন্ত্ৰণাৰ শেষত
দুখৰ সাগৰৰ সিটো পাৰত
সুখ সমৃদ্ধ দ্বীপৰ অৱস্থান ,
নেদেখা , নুশুনা হৈ ৰয়
যেতিয়ালৈ নোলোৱা হাতত
সম্ভাৱনাৰ দূৰবীক্ষণ ।

নিৰাশাৰ অন্তত
অসফলতাৰ আঁৰত
থাকে লুকাই আশাৰ এগছি দীপ ,
নোপোৱা , নোকোৱাকৈ হয় ক্ষয়
যেতিয়ালৈ নোযোৱা দৃঢ়তাত
আগুৱাই যাব লগা বাটত ।।

সাহস তোমাৰ
খোজত জিলিকক ,
দুচকু উঠক তিৰ্ বিৰাই
আশাৰ
কৰ্ম উদ্দীপনাৰ জাক জমকতাত 
থিয় হব পাৰিবা নিশ্চয়
মূৰ দাঙি ; নিজ গৰ্বত ।।।



নয়ন মণি দাস
সহকাৰী শিক্ষক
১২৯৩ নং কাৰিগাঁও প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - ছমৰীয়া

Post a Comment

0 Comments