header ads

মহৎলোকৰ বাণী, মিছ নাছমিন চুলতানা

 মহৎলোকৰ বাণী

১) মূৰ্খ লোকৰ কাৰণে সমাজ নষ্ট নহয় ,
সমাজ নষ্ট হয় শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ কাৰণে ।

২) পাপ শৰীৰৰ পৰা নহয়
মনৰ পৰা সৃষ্টি হয় ,
যিমানেই গঙ্গা স্নান নকৰা কিয়
গঙ্গাৰ পানীয়ে শৰীৰহে পৰিস্কাৰ কৰে ,
মানসিকতা নহয় ।

৩) শৰীৰ আৰু সম্পত্তিক লৈ
কেতিয়াও অহংকাৰ নকৰিব ,
অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও
কাকো কৈ নাহে ।

৪) আটাইতকৈ মূল্যবান সম্পদ হৈছে জ্ঞান ,
আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য্য ,
আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি ,
আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস ।

৫) শিয়ালৰ দৰে
এশবছৰ জীয়াই থকাতকৈ ,
সিংহৰ দৰে এদিন জীয়াই থকাই ভাল ।

- চানক্য


সংগ্ৰহ -
মিছ নাছমিন চুলতানা
শ্ৰেণী - পঞ্চম
১২৯৩ নং কাৰিগাঁও প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - ছমৰীয়া


Post a Comment

0 Comments