লাচিত বৰফুকনৰ ব্যক্তিত্ব আৰু দেশ প্ৰেম
আৰম্ভণি :-
অসম বুৰঞ্জীৰ পাত লুটিয়ালেই দেখা পোৱা অপৰাজেয় ব্যক্তিত্ব , সাহস আৰু সংগ্ৰামৰ এক প্ৰতীক তথা সত্তা হ'ল লাচিত বৰফুকন । লাচিত বৰফুকনৰ দৃঢ় , নিঃস্বার্থ আৰু দূৰদৰ্শী নেতৃত্বই সোঁৱৰাই থাকে অসমীয়া জাতিৰ প্ৰৱল পৰাক্ৰমৰ কথা । লাচিত বৰফুকনক বাদ দি অসমীয়া জাতিটোৰ সাহস আৰু বীৰত্বৰ কথা কল্পনাই কৰিব নোৱাৰি । আজিও প্রতিজন অসমীয়াৰ মনত লাচিত বৰফুকনৰ সাহস আৰু নেতৃত্বৰ দূৰদৰ্শিতাই শিহৰণ তোলে । এক কথাত অসমীয়া জাতিৰ আৱেগ, অসমীয়াৰ স্বাভিমানৰ অন্য নাম লাচিত বৰফুকন ।
জন্ম :-
ছশ বছৰীয়া ইতিহাস বিজড়িত পৰাক্ৰমী জাতি আহোম সকলৰ এটা বিখ্যাত ফৈদ লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ ব্যক্তি হ'ল লাচিত বৰফুকন । উল্লেখ্য যে সাত ৰাজ সামৰি এক ৰাজ কৰা চাওলুং চুকাফাৰ লগতে অসমলৈ আহিছিল লাচিত বৰফুকনৰ পূৰ্বপুৰুষ । লাচিত বৰফুকন হ'ল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱাৰ ঔৰষজাত সন্তান । তেওঁৰ জন্ম সম্পর্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয় । তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী আইদেউ ।
প্ৰাৰম্ভিক শিক্ষা :-
শিশু অৱস্থাৰ পৰাই সততা , কৰ্তব্যনিষ্ঠা , নিয়মানুৱৰ্তিতা, স্পষ্টবাদিতা আদি গুণৰ অধিকাৰী লাচিত বৰফুকনে নিজৰ বাসগৃহতেই আৰম্ভ কৰিছিল জীৱনৰ প্ৰাৰম্ভিক শিক্ষা । ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰাৰ সূত্রেই সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই আয়ত্ত কৰিছিল লাচিত বৰফুকনে । উল্লেখ্য যে লাচিত বৰফুকনক উপযুক্ত শিক্ষাৰে দীক্ষিত কৰি তুলিবলৈ তেওঁৰ পিতৃয়ে ঘৰুৱা শিক্ষক নিয়োগ কৰি হিন্দু ধর্মনীতি , অৰ্থশাস্ত্ৰ আদিৰ বিষয়ত শিক্ষা প্ৰদান কৰিছিল । ইয়াৰ ওপৰিও তেওঁৰ পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ বৰবৰুৱা পদত অধিষ্ঠিত থকাৰ বাবেই সেই সময়ত আলোচিত হোৱা বিভিন্ন আলোচনা সমূহৰ পৰা লাচিত বৰফুকনে ৰাজনৈতিক , কূটনৈতিক , অর্থনৈতিক , সামাজিক আদি বিষয় সন্দৰ্ভত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ অস্ত্ৰচালনাৰ লগতে অন্যান্য সামৰিক শিক্ষাও গ্ৰহণ কৰিছিল ।
কৰ্মজীৱন :-
পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক হিচাপে লাচিত বৰফুকনে আহোম ৰাজসভাত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱা নাছিল । ইয়াৰ পৰিৱৰ্তে নিজৰ অধ্যৱসায়, সাহস তথা কষ্টৰ ফলতহে আহোম ৰাজ্যৰ বৰফুকন তথা প্ৰধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল লাচিত বৰফুকন । গুৰুত্বপূৰ্ণ কথা যে পোন প্রথমেই আহোম ৰাজ্যৰ সেনাপতিৰ পদত অধিষ্ঠিত হোৱাৰ বিপৰীতে লাচিত বৰফুকনে সেইসময়ৰ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ ‘হাঁচতিধৰা তামুলী' ৰ পদত নিযুক্ত হৈছিল । ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ এই পদটোত অধিষ্ঠিত হৈ প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল লাচিত বৰফুকনে । ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকনে নিযুক্তি পাইছিল ঘোঁৰাবৰুৱাৰ পদত । ঘোঁৰাবৰুৱাৰ পদত কাৰ্যনিৰ্বাহ কৰি থাকোঁতে লাচিত বৰফুকনে ঘোঁৰাসমূহ সঠিক ভাৱে তত্ত্বাৱধান কৰাই নহয় বহু কেইটা দুৰ্দান্ত ঘোঁৰা বশ কৰি নিজৰ প্ৰতিভা আৰু সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল । ঘোঁৰাবৰুৱাৰ পদত সুকলমে দায়িত্ব সম্পন্ন কৰাৰ বাবে পৰৱৰ্তী সময়ত আহোম ৰজাই লাচিত বৰফুকনক দুলীয়া বৰুৱা পদবীত নিযুক্তি দিছিল । ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকনে নিযুক্তি লাভ কৰিছিল শিমলুগুৰীয়া খেলৰ প্ৰধান বিষয়া শিমলুগুৰীয়া ফুকনৰ পদবীত । শিমলুগুৰীয়া ফুকন হিচাপে দায়িত্ব সম্পন্ন কৰা লাচিত বৰফুকনে পৰৱৰ্তী সময়ত নিযুক্তি লাভ কৰিছিল দোলাকাষৰীয়া বৰুৱা হিচাপে । দোলাকাষৰীয়া বৰুৱা হিচাপে নিযুক্তি লাভ কৰা লাচিত বৰফুকনৰ কাম আছিল ৰজা দোলাত যাওঁতে ৰজাৰ পালি-পহৰীয়া (চাওদাং) সকলক নিয়ন্ত্ৰণ কৰা । লাচিত বৰফুকন দোলাকাষৰীয়া বৰুৱা পদত অধিষ্ঠিত হৈ থাকোঁতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ দক্ষতাৰ উমান পাইছিল ৷ যাৰ বাবে চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ নির্ভীকতা , সাহসিকতা আৰু আত্মমর্যাদাবোধৰ প্ৰমাণ চাই মৰ্যাদা অনুসৰি আনুষ্ঠানিকভাৱে আহোম ৰাজ্যৰ প্ৰধান সেনাপতি আৰু বৰফুকন পদত নিযুক্ত কৰিলে । 'হাঁচতিধৰা তামুলী'ৰ পদত নিযুক্ত হোৱাৰ পৰা আহোম ৰাজ্যৰ ‘প্রধান সেনাপতি' আৰু 'বৰফুকন' পদত নিযুক্ত হোৱালৈকে এই দীঘলীয়া সময়চোৱাই লাচিত বৰফুকনৰ একাগ্ৰতা , কর্মস্পৃহা , কর্তব্যনিষ্ঠা আৰু সাহসিকতাক প্ৰতিফলিত কৰে ।
আলাবৈৰ ৰণত লাচিত বৰফুকনৰ ভূমিকা :-
১৬৬৯ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰীত অসম আক্ৰমণ কৰিবলৈ ৰামসিংহৰ নেতৃত্বত মোগল সৈন্যবাহিনীৰ অসমলৈ আগমন ঘটে । গুৰুত্বপূৰ্ণ কথা যে মোগল সকলৰ বিৰুদ্ধে ৰণত নামিব পৰাকৈ সেই সময়ত আহোম সেনা সম্পূৰ্ণ ৰূপে প্ৰস্তুত হোৱা নাছিল যদিও লাচিত বৰফুকনে বুদ্ধিৰে সম্ভাব্য বিপদৰ সন্মুখীন হ'বলৈ প্ৰস্তুত হৈছিল । ১৬৬৯ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল আহোম আৰু মোগল সকলৰ মাজত আলাবৈ ৰণ । উল্লেখ্য যে এই যুদ্ধত একেদিনাই আহোমৰ দহ হাজাৰ সৈন্যই প্ৰাণ আহুতি দিছিল । এই জটিল সময়ত লাচিত বৰফুকন ক্ষণিকৰ বাবে বিচলিত হ'লেও ভাগৰি পৰা নাছিল ।
মোগলৰ সৈতে যুদ্ধ :-
মোগলৰ সৈতে আহোমৰ যুদ্ধ বহু আগৰেপৰাই চলি আছিল । স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ১৬৬২ খ্ৰীষ্টাব্দত মোগল সম্রাট ঔৰংজেৱৰ সেনাবাহিনীয়ে মীৰজুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি আহোম ৰাজ্যক কৰতলীয়া ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰিছিল । জয়ধ্বজ সিংহই সেই সময়ত অসমৰ স্বাধীনতা ঘূৰাই আনিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যদিও সফল হ'ব পৰা নাছিল । স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই অতীতৰ গৌৰৱ উদ্ধাৰ কৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈছিল আৰু তাৰবাবে এজন যোগ্য সেনাপতিৰ সন্ধান কৰি লাচিত বৰফুকনক সেনাপতিৰ দায়িত্ব অর্পণ কৰিছিল । লাচিত বৰফুকনে সেনাপতিৰ দায়িত্ব লৈয়েই দেশৰ সৈন্যসকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল । ইয়াৰ পৰৱৰ্তী সময়ত ১৬৬৭ খ্ৰীষ্টাব্দত লাচিত বৰফুকনে নেতৃত্ব লৈ গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলাই মোগল সকলক আক্ৰমণ কৰে । গুৰুত্বপূৰ্ণ কথা যে এই আক্ৰমণত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰেই আহোম সৈন্যই বিজয়ধ্বজা উৰুৱায় আৰু আহোম সৈন্যই ইটাখুলি আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰে ১৬৬৭ খ্ৰীষ্টাব্দৰ ২ নৱেম্বৰৰ দিনা মাজনিশা । গুৰুত্বপূর্ণ কথা যে এই আক্রমণত বহু সংখ্যক মোগল সৈন্যই প্রাণ আহুতি দিয়ে । অন্যহাতে মিৰজুমলাই ১৬৬২ খ্ৰীষ্টাব্দত বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যক লাচিত বৰফুকনে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু ১৬৬৯ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰীত অসম আক্ৰমণ কৰিবলৈ ৰামসিংহৰ নেতৃত্বত মোগল সৈন্যবাহিনী অসমলৈ আগমন ঘটে । গুৰুত্বপূৰ্ণ কথা যে মোগল সকলৰ বিৰুদ্ধে ৰণত নামিবলৈ সেই সময়ত আহোম সেনাবাহিনী সম্পূৰ্ণ ৰূপে প্ৰস্তুত হোৱা নাছিল যদিও লাচিত বৰফুকনে বুদ্ধিৰে সম্ভাব্য বিপদৰ সন্মুখীন হ'বলৈ প্ৰস্তুত হৈছিল । ১৯৬৯ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল আহোম আৰু মোগল সকলৰ মাজত আলাবৈ ৰণ। অসম আক্ৰমণ কৰিবলৈ মোগল সম্রাট ঔৰেংগজেৱে সেনাপতি ৰাম সিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ ১৮,০০০ অশ্বাৰোহী, ৩০,০০০ পদাতিক আৰু ১৫,০০০ কাড়ী সৈন্য প্ৰেৰণ কৰিছিল । অন্যহাতে আহোম সেনাপতি লাচিত বৰফুকনে ৰামসিংহক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওকাষে কোঠ নির্মাণ কৰিছিল । এটা ৰাতিৰ ভিতৰত গড় সম্পূৰ্ণ কৰাৰ দায়িত্ব মোমায়েকক দিছিল । একাংশ ব্যক্তিৰ কথিত তথ্য অনুসৰি লাচিত বৰফুকনৰ মোমায়েকে নিজৰ কৰ্তব্যত অৱহেলা কৰিছিল যাৰ বাবে মাজনিশালৈ গড় নিৰ্মাণৰ আধা কামো শেষ হোৱা নাছিল । দেশৰ সংকটৰ সময়ত কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে "দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি মোমায়েকক শিৰচ্ছেদ কৰাৰ কথা প্রচলিত আছে। অন্যহাতে আন একাংশ ব্যক্তিৰ মতে কর্তব্যত অৱহেলা কৰা বাবে লাচিত বৰফুকনে মৌমাই অর্থাৎ গড় নিৰ্মাণ কৰা অভিযন্তাকহে হত্যা কৰিছিল বুলি অভিহিত কৰিছে ।
যুগান্তকাৰী শৰাইঘাট ৰণ :-
আলাবৈ ৰণত মোগল সেনাই জয় লাভ কৰাৰ পিছত পুনৰ আহোম সৈন্যক চূড়ান্ত আক্ৰমণ কৰিবলৈ ঔৰংজেৱৰ নিৰ্দেশত ৰামসিংহ সাজু হৈছিল । কিন্তু দুর্ভাগ্যবশতঃ আহোম সেনাপতি লাচিত বৰফুকনৰ স্বাস্থ্য সেই সময়ত সুস্থিৰ নাছিল, তেওঁ ৰোগাক্ৰান্ত হৈ আছিল । তথাপিও দেশৰ স্বাৰ্থত ৰোগীয়া শৰীৰেৰেই মোগলৰ মুখামুখি হ'বলৈ সাজু হৈছিল লাচিত বৰফুকন । ১৬৭১ খ্ৰী:ৰ মাৰ্চ মাহত শৰাইঘাটত মোগল আৰু আহোম সেনাৰ সন্মুখ সমৰত লিপ্ত হৈছিল । এই ইতিহাস প্রসিদ্ধ শৰাইঘাটৰ যুদ্ধত আক্ৰমণকাৰী মোগল সেনাই সম্পূর্ণভাৱে পৰাজয় বৰণ কৰে । লাচিত বৰফুকনে নেতৃত্ব বহন কৰা এই শৰাইঘাট যুদ্ধ হ'ল অসমৰ ইতিহাসৰ সোণালী আখৰেৰে জিলিকা যুগান্তকাৰী ঘটনা । মহা পৰাক্ৰমী মোগল শক্তিক পৰাভূত কৰা লাচিত বৰফুকনৰ নেতৃত্বই অসমবাসীৰ শৌর্য-বীর্য তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে । নৰীয়া দেহাৰে অথচ প্ৰচণ্ড বুদ্ধিমত্তাৰে লাচিত বৰফুকনে যিদৰে মোগল সৈন্যৰ সৈতে সন্মুখ সমৰত লিপ্ত হ'ল সেইয়া অতি প্ৰশংসনীয় । গুৰুত্বপূৰ্ণ কথা যে ৰণনীতিৰ ক্ষেত্ৰত ব্যাপক ইন্ধন যোগাই লাচিত বৰফুকনে প্ৰথমবাৰৰ বাবে গেৰিলা যুদ্ধ পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ।
মৃত্যু :-
নিজৰ বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি শৰাইঘাট যুদ্ধত জয়লাভ কৰা লাচিত বৰফুকনৰ মৃত্যু হয় শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতেই । ১৬৭২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয় । বুদ্ধিমত্তা , সাহস-পৰাক্ৰমৰ জৰিয়তে শৰাইঘাট যুদ্ধত জয় লাভ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ জন্ম দিনটো প্ৰতি বছৰে উদযাপন কৰা হয় লাচিত দিৱস হিচাপে । লাচিত বৰফুকন হ'ল অসম তথা অসমীয়াৰ বাবে এটা চিৰসেউজ সত্তা । অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ , দেশপ্রেম সদায় অসমীয়াৰ তেজত প্ৰৱাহিত হৈ ৰ'ব ৷ একেটা ৰাতিতে গড় বান্ধি নৰিয়া গাৰে হেংদাং লৈ মোগলক খেদি পঠিয়াবলৈ সমৰ্থ হোৱা লাচিত বৰফুকন সত্তাটোৱে আজিও প্ৰতিজন অসমীয়াৰ প্ৰাণত শিহৰণ জগাই তোলে । সমগ্ৰ ভাৰততে মোগলৰ আধিপত্য চলি থকাৰ সময়তে লাচিত বৰফুকনৰ সবল নেতৃত্বই বিশাল আৰু শক্তিশালী মোগল সৈন্যবাহিনীক পৰাভূত কৰিবলৈ সক্ষম হৈছিল ।
সামৰণি :-
লাচিত বৰফুকনৰ দৰে এজন বীৰৰ ইতিহাসেৰে সমৃদ্ধ অসমীয়া জাতি । অসমীয়াৰ আৱেগ , বিবেক সকলো অধিকাৰ কৰি থকা লাচিত বৰফুকনৰ বীৰত্ব হ'ল সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস । লাচিত বৰফুকনৰ দৃঢ় , নি:স্বার্থ , দূৰদৰ্শী নেতৃত্বই অসমীয়া সমাজত সূচনা কৰিছিল যুগান্তকাৰী পৰিৱৰ্তন । অসমীয়া উত্তৰ প্ৰজন্মৰ বাবে লাচিত বৰফুকন হৈ ৰ'ব সদায় অপৰাজেয় ব্যক্তিত্ব , সাহস আৰু সংগ্ৰামৰ প্ৰতীক।
জ্ঞানজ্যোতি নাথ
শ্ৰেণী - দশম
মাধৱ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড - ৰামপুৰ
0 Comments