header ads

সম্পাদকীয়, নয়ন মণি দাস, পূৰবী চুতীয়া , মালব্য দাস

 সম্পাদকীয়


              
                অতীজৰ কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্যখনেই বৰ্তমান আমাৰ ৰাজ্য অসম ।  মহাদেৱৰ তপস্যা ভংগ কৰাৰ অপৰাধত অভিশাপেৰে ভষ্মীভূত কামদেৱে এই ঠাইতে পুনৰ জনম লাভ কৰাৰ বাবে ভূখণ্ডৰ নামো কামৰূপ হৈছিল । সেইদৰে প্ৰাগজ্যোতিষপুৰ নামেৰে ৰাজ্যখন জনাজাত হোৱাৰ নেপথ্যৰো কাহিনী আছে । ' প্রাগ ' মানে ' প্ৰাচীন বা প্ৰাচ্য ' আৰু ' জ্যোতিষ ' মানে হৈছে ‘ নক্ষত্ৰ বা জ্যোতি ’ , জ্যোতিষ বিদ্যা । প্ৰাচীন কালৰেপৰা জ্যোতিষ বিদ্যাৰ চৰ্চা আৰু জ্যোতিষ বিদ্যাৰ বাবে প্ৰখ্যাত হোৱাৰ হেতু এই ভূখণ্ড প্ৰাগজ্যোতিষপুৰ নামেৰেও পূৰ্ব পৰিচিত আছিল । ৰাজ্যখনৰ বৰ্তমান নাম অসম হোৱাৰ আঁৰতো বহু কাৰণ থকাৰ কথা বুৰঞ্জীবিদসকলে উল্লেখ কৰিছে । ১২২৮ খ্ৰীষ্টাব্দত চীন দেশৰ ইউনান প্ৰদেশৰ মুংমাও ৰাজ্যৰ পৰা পাটকাই পৰ্বত পাৰ হৈ প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ পূব অংশ সৌমাৰ পীঠত প্ৰবেশ কৰিছিল টাইকোঁৱৰ চাওলুং চুকাফা আৰু তেওঁৰ অনুগামী প্ৰায় ৯০০০ টাই লোকে । খিলঞ্জীয়া লোকসকলৰ লগত কেতিয়াবা মিত্ৰতাৰে , কেতিয়াবা বন্ধুত্বৰে আকৌ কেতিয়াবা ৰক্তপাতৰ জৰিয়তে চুকাফাই এখন বিশাল ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল । ' দিয়া-লোৱা-মিলা-মিলোৱা ' নীতিৰে এই ভূখণ্ডত বাস কৰা সকলো জনগোষ্ঠীকে বুকুত লৈ তেওঁ বৰ অসমৰ ভে‍ঁটি প্ৰতিষ্ঠা কৰিছিল । টাই কোঁৱৰ চুকাফা আৰু তেওঁৰ অনুগামীসকলক ইয়াৰ খিলঞ্জীয়া লোকসকলে নাম দিছিল " অহম , এওঁলোকৰ সম কোনো নাই "। এই ' অহম ' শব্দৰ পৰাই ' আহোম ' আৰু ' অসম ' নামৰ উৎপত্তি হোৱা বুলি ইতিহাসবিদসকলে ক'ব খোজে । আহোমসকলে তেওঁলোকৰ ভাষাত প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ পলসুৱা ভূখণ্ডক বুলিছিল , ' ম্যুং-ডুন-চুন-খাম ', যাৰ অৰ্থ হৈছে ' সোণালী শস্যৰ বাগিছা ' । বৰ অসমৰ ভেঁটি গঢ়োঁতা চুকাফা আৰু তেওঁ প্ৰতিষ্ঠা কৰা আহোম ৰাজবংশই প্ৰায় ৬০০ বছৰ কাল অসমত সগৌৰৱেৰে ৰাজত্ব কৰিছিল । অসমৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰা আহোমসকলে ৰাজ্যখন আপোন কৰি লোৱাৰ লগতে ইয়াৰ নাগৰিকসকলকো সু-শাসনেৰে সকলো দিশৰ পৰা এটি শক্তিশালী জাতি হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছিল । আহোম সকলে নিজৰ বীৰত্বৰে বিভিন্ন সময়ত বহু বিদেশী আক্ৰমণৰ পৰা ৰাজ্যখনক বচাই ৰাখিছিল । আনকি সমগ্ৰ বিশ্বতে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ  সক্ষম হোৱা ইংৰাজসকলে ভাৰতবৰ্ষৰ আন সকলো ৰাজ্যত ৰাজত্ব কৰি থকা সময়তো বহু বছৰলৈ অসম এখন স্বাধীন ৰাজ্য হিচাপে গৌৰৱেৰে থিয় হৈ আছিল আহোমসকলৰ প্ৰতিপত্তিৰে । আহোমসকলৰ স্বদেশপ্রেম , বীৰত্ব তথা সাহসক বিদেশী আক্ৰমণকাৰীসকলেও বহুসময়ত প্ৰশংসা কৰি গৈছে । এই মহান আহোম ৰাজপৰিয়ালৰ প্ৰথম কোঁৱৰ  চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি অসমৰ সৌমাৰ ক্ষেত্ৰত ভৰি দিয়া ২ ডিচেম্বৰ তাৰিখটোকে ১৯৮৭ চনৰ পৰা ' অসম দিৱস ' হিচাপে পালন কৰি অহা হৈছে । আকৌ পৰাক্ৰমী মোগলৰ আক্ৰমণৰ পৰা আই অসমীক অতি বীৰত্ব আৰু সাহসেৰে ৰক্ষা কৰা অসমী আইৰ আন এগৰাকী মহান বীৰপুত্ৰ আহোম ৰাজ বংশধৰ লাচিত বৰফুকন ডাঙৰীয়াৰ বীৰত্বও সৰ্বজনবিদিত । এইজনা স্বদেশপ্ৰেমী মহান বীৰৰ জন্মদিন ২৪ নৱেম্বৰ দিনটোকো প্ৰতিগৰাকী অসমীয়াই তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি ' লাচিত দিৱস '  হিচাপে পালন কৰে । আজিৰ অসমৰ পূৰ্বভেঁটি গঢ়োঁতা , অসমক ইয়াৰ ইতিহাস সুঁৱৰিবলৈ ' বুৰঞ্জী ' ৰচনাৰ আদৰ্শ দি যোৱা আহোমসকলক অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে । তেওঁলোকৰ ত্যাগ , স্বদেশপ্ৰেম ,বীৰত্ব তথা  জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় সাধন কৰি এক অসমীয়া মহাজাতি গঠনৰ মহান আদৰ্শক প্ৰতিজন অসমীয়াই অতি শ্ৰদ্ধাৰে সোঁৱৰে । প্ৰজন্মৰ পৰা প্ৰজন্মলৈ  তেওঁলোকৰ আদৰ্শ তথা কৰ্মপ্ৰেৰণা সদায় অনুকৰণীয় হৈ ৰ'ব ।

জয় আই অসম
জয়তু জ্ঞানম্




নয়ন মণি দাস                   পূৰবী চুতীয়া , মালব্য দাস
সম্পাদক , জ্ঞানম্                   সহঃ সম্পাদকদ্বয়

Post a Comment

1 Comments