অসমীয়া লোকসাহিত্যত ডাকৰ বচন
অসমীয়া লোকসাহিত্যৰ এক অন্যতম সম্পদ হৈছে ডাকৰ বচন । অসমীয়া নিৰক্ষৰ জনগণৰ বাবে ডাকৰ বচনসমূহ অলিখিত বেদ স্বৰূপ । সেইবোৰ তেওঁলোকৰ নিজ বিবেক বাণী স্বৰূপ । ডাকৰ বচনৰ শিক্ষা বাস্তৱ জীৱনৰ শিক্ষা । এই বচনবোৰ যেন যুগ যুগ সঞ্চিত অভিজ্ঞতাৰ ফল ।
ডাক পুৰুষৰ জন্ম সম্পৰ্কে বিভিন্নজনে বিভিন্ন তথ্য দাঙি ধৰা দেখা যায় । জনশ্ৰুতি অনুযায়ী ডাক পুৰুষৰ জন্ম হৈছিল বৰপেটাৰ লেহিডঙৰা গাঁৱত । তেওঁ আছিল কুমাৰৰ পুত্ৰ । মতান্তৰে তেওঁক ব্ৰাহ্মণৰ ল'ৰা বুলিও জনা যায় । আকৌ কোনো কোনোৰ মতে তেওঁ বৰাহ- মিহিৰৰ পুত্ৰ । তীৰ্থভ্ৰমণ কৰি ফুৰা মিহিৰ এদিন লেহিডঙৰা গাঁৱৰ এঘৰ মানুহৰ ঘৰত উপস্থিত হৈছিল । মানুহঘৰৰ ভাই-ককাই সাতজন । মিহিৰ অতিথি হ'বৰ দিনা ঘৰত আছিল শাহুৱেক আৰু সৰু বোৱাৰী । সৰু বোৱাৰীয়েকৰ আতিথ্যত সন্তুষ্ট হৈ মিহিৰে তেওঁৰ লেখীয়া পুত্ৰ সন্তান হ'বলৈ আশীৰ্বাদ দিছিল । সময়ত ল'ৰা এটি উপজিল আৰু উপজিয়েই মাকক মাত দিয়াৰ বাবে তেওঁৰ নাম হ'ল ডাক ।
উপজিয়েই মাকক দিলা ডাক ।
সেহিসে কাৰণে তাৰ নাম ভৈল ডাক ।।
ডাকৰ বচন সঁচাকৈয়ে ব্যৱহাৰিক জ্ঞানৰ ভঁৰাল । ডাকৰ বচনবিলাক বহুতো ভাগত ভাগ কৰিব পাৰি । আদিতে এনে কোনো নিৰ্ধাৰিত ভাগ আছিল নে নাই জনা নাযায় যদিও কিছুমান পুৰণি সাঁচিপতীয়া পুথিত ডাকৰ বচনবোৰ বিষয় অনুযায়ী লিখা আছে । বৰ্তমান উপলব্ধ ডাকৰ বচনৰ পুথিবোৰত ষোল্লটা বিষয় পোৱা যায় । ইয়াৰ ভিতৰত প্ৰথমতে সন্নিবিষ্ট কৰিব পাৰি জন্ম প্ৰকৰণত প্ৰসূতীয়ে পালিবলগীয়া বিধি সম্পৰ্কীয় বচনসমূহ ―
কলীয়া তুলসী বেলৰ পাত ।
মুঠাৰ সহিতে বাটি পটাত ।।
তপত কৰিয়া জননী খায় ।
তেবেসে নাড়ী দৃঢ়ক পায় ।।
ঘৰ সাজোতে কেনেকৈ সাজিব লাগে, ক'ত কি ৰুব লাগে তাৰ দিহাও ডাকৰ বচনত আছে ―
পূবা-পশ্চিমাকৈ সাজিবা ঘৰ ।
অকাল মৃত্যুক নাহিকে ডৰ ।।
পূবে ধোঁৱা উত্তৰে গুৱা ।
দক্ষিণে ধলি পশ্চিমে গলি ।।
অসমীয়া সমাজ কৃষি নিৰ্ভৰশীল । ডাকৰ বচনসমূহত কৃষকৰ সামূহিক অভিজ্ঞতাৰ ফচল নিহিত হৈ থকা যেন বোধ হয় ―
ঘন ঘনকৈ দিবা আলি ।
তেহে পাবা নানান শালি ।।
কোনবিধ ধানত কিমান পানীৰ প্ৰয়োজন নাইবা কিমান পানী থাকিলে ধানৰ গোছ কিমান পাতল অথবা ঘনকৈ দিব লাগে সেই জ্ঞানো ডাকৰ বচনৰ জৰিয়তে পাব পাৰি ―
আহু ৰুবা খোজত বুৰি ।
শালি ৰুবা বেগেত ঘূৰি ।।
কোনবিধ শস্যৰ খেতি কেনেদৰে কৰিলে সুফল পাব পাৰি তাৰ দিহাও ডাকৰ বচনত পোৱা যায় ―
ঘন সৰিয়হ পাতল মাহ ।
আৱৰণ দি ৰাখিবা কপাহ ।।
**********
সাতে পাতল পাঁচে ঘন ।
ছয় হাতে তামোল নদন-বদন ।।
***********
ষোল্ল চাহে মূলা , তাৰ অৰ্ধেক তুলা ।
তাৰ অৰ্ধেক ধান , বিনা চাহে পাণ ।।
***********
কলপুলি ৰুবা তিনিবাৰ কাটি ।
খেতিৰ সুফল হালবোৱা গৰুহালৰ ওপৰতো নিৰ্ভৰ কৰে । ডাকে গৰুৰ লক্ষণ নিৰ্ধাৰণ কৰিছে এনেদৰে ―
গৰু কিনিবা চিকুণ জালি ।
দুই চাৰি ছয় দন্তীয়া ভালি ।।
ছয় দন্তাক ভালেহে পায় ।
সাত দন্তাক দেখি পলায় ।।
হৰিণৰ দৰে জিভা-কাণ ।
সেই বলধক বিচাৰি আন ।।
একেদৰে ―
গৰু কিনিবা দীঘল নেজা ।
মৈত উঠিলে নহয় কুঁজা ।
অসমীয়া কৃষিজীৱি সমাজখন কৃষিকৰ্মৰ বাবে পানীৰ ওপৰত নিৰ্ভৰশীল । অভিজ্ঞ খেতিয়কে প্ৰকৃতিৰ লক্ষণ চায়েই ক'ব পাৰে কেতিয়া খৰ মাৰিব, কেতিয়া বানপানী হ'ব । ডাকে কৈ গৈছে ―
আষাঢ়ৰ নৱমী শুক্ল পক্ষত
যদিহে বৰিসে ভূমি তলত ।
হাল তুল বেচি চিন্তিয়ো দেৱ
ৰাজগৃহত কৰিবো সেৱ ।।
*************
উদয়ে সিন্দুৰ পশ্চিমে কালা
তেবে জানা বাৰিষাৰ মালা ।
**************
উত্তৰে গাজিলে মাৰিবা লৰ
দক্ষিণে গাজিলে জানিবা খৰ ।
পূবে গাজিলে থাকিবা শুই
পশ্চিমে গাজিলে নুমাবা জুই ।
ডাকপুৰুষে জ্যোতিষ শাস্ত্ৰৰ জ্ঞানো দি থৈ গৈছে ।কোন দিনত কোনদিশে যাত্ৰা কৰিলে শুভ বা অশুভ সেই কথাও ডাকে উল্লেখ কৰিছে ―
ৰবি শুক্ৰ পশ্চিম বাধা
যদিও নিমিলে তাৰো আধা ।
সোম শনি পূবে যায়
দুটি চকুৰ এটি খায় ।।
তেনেদৰেই ―
আঁউসীৰ প্ৰতিপদ পূৰ্ণিমা ৰাতি ।
মাকৰ ঘৰলৈ নাযায় জী ।।
আকৌ ডাকৰ বচনক ব্যৱহাৰিক জ্ঞানৰ হাতপুথি বুলি ক'ব পাৰি । নিতৌ ব্যৱহৃত বিভিন্ন সঁজুলিৰ নালৰ বিষয়েও ডাকৰ বচনত উল্লেখ আছে ―
দুহাত দুমুঠি কোৰৰ নাল ।
ওঠৰ মুঠীয়া টোকোন ভাল ।।
*********
এহাত এমুঠি কুঠাৰৰ নাল ।
লাগে চাৰি মুঠি দাৰ নাল ।।
কাঁচি- খন্তিৰ নাল দুমুঠি ।
এহি বুলি ডাক গেলন্ত উঠি ।।
*************
আৰে ডেৰে গজে মুঠি
তেহে যায় ঢেঁকী উঠি ।
ডাকে দি থৈ যোৱা বচনবোৰৰ পৰা অসমীয়াৰ ব্যঞ্জন বিলাসৰ বিষয়েও জানিব পৰা যায় । ভাতৰ চৰু পতাৰ আগমূহুৰ্তত জুই জ্বলাবলৈ ডাকে কৈছে ―
বাঁহ চিত চলিয়া কাটি ।
তেবে চাবা জুইৰ কান্তি ।।
দীঘল কৰিয়া মাৰিবা ফু ।
তেবে দেখিবা জুইৰ মু ।।
ভাতৰ বিষয়ে কৈছে ―
চাউল দিবা যতেক ততেক
পানী দিবা তিনি ততেক
উতল আহিলে দিবা কাটি।
যেবে দেখা নিসিজে চাউল
তেবে বুলিবা ডাকক বাউল ।।
ব্যঞ্জন সম্পৰ্কে কৈছে ―
শোকোতাৰ পাত বেহুৱাৰ জোল ।
তেলৰ ওপৰে ভাজিবা ভোল ।।
পূৰৈ শাক ৰোহিত মাছ।
ডাকে বোলে সেহি ব্যঞ্জন সাঁচ ।।
***********
পকা তেতেলি বুঢ়া বৰালি ।
বিস্তাৰ কৰিয়া দিবাহা জালি ।।
কাঢ়ি দিবাহা টেঙা জোল ।
খাইবাৰ বেলা মুণ্ড নোতোল ।।
লগতে বিভিন্ন ৰোগৰ ঔষধৰ দিহা দিছে এনেদৰে –
জালুক পিপলী আদা খায় ।
ডাকে বোলে তাৰ কাহ গলায় ।।
মানুহৰ দেহৰ উপকাৰৰ বাবে কোন মাহত কি খাব লাগে তাকো নিৰ্ণয় কৰিছে ―
জেঠত দৈ আহাৰত খৈ ।
শাওণত মৰাশাক খাবা গৈ ।।
ভাদত ওল আহিনত কল ।
কাতিত কচু বঢ়ায় বল ।।
নাৰী-পুৰুষৰ লক্ষণ সম্পৰ্কীয় আৰু জীৱনৰ চাৰি পৰমাৰ্থ ধৰ্ম, অৰ্থ, কাম, মোক্ষ বিষয়ক ডাকৰ বচনো অনেক পোৱা যায় । লগতে ধৰ্ম বিষয়ক বচনো আছে । মানৱতা তেওঁৰ ধৰ্মৰ মূল ভেঁটি ―
যেবেসে ধৰ্ম কৰিব জানি ।
পুখুৰী খানিয়া ৰাখিব পানী ।।
বৃক্ষ ৰোপণে অধিক ধৰ্ম ।
মঠ মণ্ডপত অধিক কৰ্ম ।।
দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা উক্ত বিষয়সমূহৰ ওপৰিও বিভিন্ন নীতি-বাক্যও ডাকৰ বচনত পোৱা যায় । এই সকলো ডাকৰ বচনৰ ভাষা আৰু বিষয়-বস্তুৰ ব্যাপকতালৈ লক্ষ্য কৰিলে এইবোৰ ব্যক্তি বিশেষৰ ৰচনাতকৈ সামূহিক জীৱনৰ অভিজ্ঞতাৰ ফচল যেনহে বোধ হয় । যিয়েই নহওঁক এয়া স্বীকাৰযোগ্য যে ডাকৰ বচন অসমীয়া গাঁৱলীয়া জন-জীৱনৰ অতিকে আদৰৰ কথন । লগতে এই ডাকৰ বচনবিলাক লোক সাহিত্যৰো অমূল্য সম্পদ ।
0 Comments