header ads

অসমীয়া কবিতা, সোণালী আঘোণ, বলেন চন্দ্র দাস

 সোণালী আঘোণ


শাওণৰ পথাৰত হাল বাই
বোকা খচি ধানৰ কঠিয়া ৰুই
মূৰৰ ঘাম মাটিত পেলাই 
সেউজীয়া ধাননি ডৰা সোণালী হ'ল ।

আঘোণৰ পথাৰত কৃষকৰ হাতৰ জুমুঠিত
তীক্ষ্ণ কাঁচিখনৰ তিৰবিৰণি
য'ত আছে উৎসাহ আৰু লখিমীক
আদৰেৰে ভঁৰাললৈ নিয়াৰ আনন্দ ।

জোনাক ৰাতি আঘোণৰ পথাৰত
নিয়ৰসিক্ত শুই থকা খেতিডৰাই 
প্ৰতিজন কৃষকক দিয়ে সফলতাৰ অফুৰন্ত আনন্দ
আৰু অনাগত দিনৰ সুদিনৰ আশাৰ বতৰা ,
উৎসৱৰ দিনত দিয়ে ৰং-ধেমালি
আৰু সমাজত সম্প্ৰীতি গঢ়াৰ প্ৰেৰণা ।

ভোগালীৰ উৰুকাৰ নিশাৰ ভোজ ভাতেৰে
সৃষ্টিৰ বুকুত ৰাখিব জাতিৰ পৰম্পৰা 
আৰু ভাতৃত্ব বান্ধোনৰ মিলন সেতু ,
তাত নাই বিভেদ, নাই সংকীর্ণতা আৰু নীচতা
শীতৰ নিয়ৰৰ নিশাত শান্তিৰ নিদ্রা ।






বলেন চন্দ্র দাস
সহকাৰী শিক্ষক
বকো চৰকাৰী মজলীয়া বিদ্যালয়
শিক্ষা খণ্ড : বকো , কামৰূপ

Post a Comment

0 Comments