header ads

তত্বাৱধায়িকাৰ একলম

 তত্বাৱধায়কৰ কলমেৰে


   


" শিক্ষা হ'ল ডাঙৰ সম্পদ ,

     শিক্ষাই অকল আমাৰ নিজৰে উপকাৰ নকৰে ,
     শিক্ষাই গোটেই সমাজৰ উন্নয়ন সাধন কৰে । "
     - ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ

শৈক্ষিক গোট , জ্ঞানম্ কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা , কামৰূপৰ সহযোগত প্ৰকাশিত ই-আলোচনী জ্ঞানম্  ৩য় বছৰ ২য় সংখ্যাৰ ‘ তত্বাৱধায়কৰ কলম ’ শিতানত বিদ্যালয়ত ‘ সংগ্ৰহালয় ’ স্থাপনৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমু অৱলোকন আগবঢ়াবলৈ লৈছোঁ ।

    ঈশ্বৰচন্দ্র বিদ্যাসাগৰে কৈছিল -
       “ মানুহ যিমানেই ডাঙৰ নহওক কিয় , 
       সদায় তেওঁৰ অতীতৰ কথা মনত ৰখা উচিত ।
       অতীতৰ পৰা শিক্ষা লৈ ভৱিষ্যতৰ ফালে আগবঢ়া প্রয়োজন । ”

       সঁচাকৈয়ে অতীত অবিহনে সমাজ জীৱনৰ ভৱিষ্যত উন্নতি সম্ভৱ নহয় । সমাজখনক আগুৱাই নিবলৈ হ’লে অতীতৰ সংস্কৃতি , ৰীতি-নীতি , পৰম্পৰা , ঐতিহ্যৰ প্ৰভাৱ নুই কৰিব নোৱাৰি । বিদ্যালয়খন যিহেতু সমাজৰ এক অবিচ্ছেদ্য অংগ , সেয়ে বিদ্যালয়ত এটি ‘ সংগ্ৰহালয় ’ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । উক্ত সংগ্ৰহালয়ত সংশ্লিষ্ট ঠাইখনৰ কৃষ্টি-সংস্কৃতিত প্ৰভাৱ বিস্তাৰ কৰি থকা তথা জনসাধাৰণৰ মাজত বহুল ব্যৱহৃত পৰম্পৰাগত সামগ্ৰী আৰু সম্পদসমূহৰ সংৰক্ষণৰ ব্যৱস্থা কৰা উচিত যাতে ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যায়তনিক আৰু সহঃবিদ্যায়তনিক দিশত ভৱিষ্যতে বিশেষ ভূমিকাবহনকাৰী অনুষ্ঠানৰ এক কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিব পাৰি ।
       বিদ্যালয়ত সংগ্ৰহালয়  স্থাপনৰ ফলত শিশুৰ সাংস্কৃতিক , শৈক্ষিক , সম্পদ সংৰক্ষণৰ মানসিকতা আৰু বিজ্ঞানভিত্তিক অনুভূতি উন্নীতকৰণৰ লগতে বিদ্যালয়ত সমাজৰ সক্ৰিয় অংশগ্ৰহণ সু-নিশ্চিত হ’ব । প্ৰবীন-নবীন ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসী ৰাইজৰ মাজত সংহতি আৰু  আটাইৰে মনত নিজ নিজ অঞ্চলটোৰ প্ৰতি এক স্বকীয় গৰিমামণ্ডিত অনুভূতি সৃষ্টি কৰি অঞ্চলটোৰ প্ৰতিজন নাগৰিককে ‘সংগ্ৰহালয়'ৰ প্ৰতি দায়িত্ববোধ জগাই তুলিবলৈ শিক্ষক সমাজে এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব ।
       বিদ্যালয় এখন পৰিপূৰ্ণ হৈ উঠিবলৈ  'সংগ্ৰহালয়' এটিৰ অতিকে প্ৰয়োজন । ইয়াত সাধাৰণতে বুৰঞ্জীমূলক বা ইতিহাস জড়িত সমল, হস্তশিল্প , কলা , সংস্কৃতি , ধৰ্মীয় ৰীতি-নীতি , পুৰণি পুথি , ভাস্কৰ্য্য , বিজ্ঞান আদিৰ লগতে দৈনন্দিন জীৱনত ব্যৱহাৰযোগ্য পৰম্পৰাগত উল্লেখনীয় সামগ্ৰী , গাঁও আৰু বিদ্যালয়ৰ ইতিবৃত্ত অথবা জন্মলগ্নৰ লগত জড়িত হেৰাই যাব খোজা বিভিন্ন সামগ্ৰী তথা সম্পদ , আপুৰুগীয়া আৰু দুষ্প্ৰাপ্য সামগ্ৰী আদি ভালদৰে সংগ্ৰহ , পৰিৱেশন আৰু বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰা হ’ব লাগে ।
       তাৰোপৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে বিভিন্ন বিষয়ভিত্তিক পাঠদানৰ সময়ত ব্যৱহৃত শিকন- শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো এনেধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি সেইবিলাক সংৰক্ষিতকৰণত এটি সংগ্ৰহালয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে । শিশুসকলক স্বাভাৱিকতে এনেকুৱা কামৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায় । তেওঁলোকৰ ইচ্ছা-আগ্ৰহক গঠনাত্মক আৰু পৰিকল্পিতভাৱে পৰিচালনা কৰি বিদ্যালয় সংগ্ৰহালয়ৰ মানদণ্ড বহুত উন্নত তথা মনোগ্ৰাহী কৰি তুলিব পৰা যায় । ছাত্ৰ-ছাত্ৰীৰ শ্ৰেষ্ঠ কৰ্মৰাজিক সংগ্ৰহালয়ত স্থান দিয়া ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলক বিভিন্নধৰণে উৎসাহিত কৰিব আৰু সৃজনীশীলতা বৃদ্ধি কৰিব । এই সংগ্ৰহালয় প্ৰস্ততকৰণ ব্যৱস্থাপনাত সমাজৰ প্ৰবীণ নাগৰিক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমন্বিতে বিদ্যালয় পৰিচালনা সমিতি , মাতৃগোট , বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী , কৰ্মচাৰী , ছাত্ৰ-ছাত্ৰী , প্ৰাক্তন  ইত্যাদি সকলোৰে উমৈহতীয়া ভূমিকা থাকিব । তাৰোপৰি মাজে-সময়ে এই সংগ্ৰহালয়ৰ বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব লাগে যাতে বিদ্যালয়খনৰ প্ৰতি অঞ্চলবাসী ৰাইজৰ আস্থা আৰু প্ৰীতিভাৱ বঢ়াব পৰা যাব ।

প্ৰনালী : কেনেকৈ কৰিব পাৰোঁ ?
       
     প্ৰথমে ছাত্র-ছাত্ৰীসকলক বহুৱাই লৈ সংগ্ৰহালয় ঘৰ সম্পৰ্কে বিশদ ধাৰণা দিয়াৰ লগতে প্ৰয়োজনীয়তাৰ সম্পৰ্কে জ্ঞান দিব লাগিব , যাতে শিশুসকলৰ লগতে অভিভাৱকসকলেও ইয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰাটো নিজেই ব্যক্ত কৰে । তেতিয়াহে তেওঁলোকে বিচৰামতে কোনে কি সংগ্রহ কৰিব বা আনিব পাৰিব সেইবোৰৰ তালিকা কৰিব । বিদ্যালয় পৰিচালনা সমিতি , মাতৃগোট , প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ লগত এখন সভা অনুষ্ঠিত কৰিব লাগিব আৰু সভাতে ছাত্ৰ-ছাত্ৰীসকলৰ মনোবাঞ্ছা পূৰণাৰ্থে ক'ত কেনেকৈ সংগ্ৰহ আৰু সংৰক্ষণ কৰিব তাৰ বাবে যাৱতীয় ব্যৱস্থাপনা হাতত লোৱাৰ তাৰিখ নিৰ্ধাৰণ কৰি আনুষ্ঠানিকভাৱে উদ্বোধনৰ দিহা কৰিব পাৰে ।
       কামৰূপ জিলাত ৬৫ টা নিৰ্বাচিত মণ্ডলত ইতিমধ্যে অনুষ্ঠিত কৰা ‘ সামূহিক উৎসৱ ’ অনুষ্ঠানত ' শিপা সংগ্ৰহালয় ' শীৰ্ষক  এক প্ৰদৰ্শনীৰ আয়োজন কৰি  বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ঐতিহাসিক জ্ঞানেৰে পৰিপূৰ্ণ হৈ শৈক্ষিক , বৌদ্ধিক , মানসিক , শাৰীৰিক , সৃষ্টিশীলতাৰ দিশত উন্নতি কৰাৰ লগতে আমাৰ আপুৰুগীয়া সম্পদসমূহৰ মোল বুজি সেইবোৰ  সংৰক্ষণ কৰাৰ সংস্কাৰ দিবলৈ চেষ্টা কৰা হৈছে ।
এই প্ৰয়াস কামৰূপ জিলাৰ প্ৰতিখন বিদ্যালয়লৈ সম্প্ৰসাৰিত কৰি শিক্ষক-শিক্ষয়িত্ৰী সকলৰ তত্বাৱধানত আৰু স্থানীয় ৰাইজ তথা সমিতিৰ  সহযোগত ‘শিপা সংগ্ৰহালয়' স্থাপনৰ পৰিকল্পনা কৰক - এই আশাৰে তত্বাবধায়কৰ দু-আষাৰ সামৰণি মাৰিছোঁ ।
         সদৌশেষত তৃতীয় বৰ্ষৰ দ্বিতীয় সংখ্যা যথা সময়ত প্ৰকাশৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা বাবে সম্পাদনা সমিতিৰ লগতে শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা , উপদেষ্টামণ্ডলী আৰু সন্মানীয় সমূহ সদস্য-সদস্যালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ  জ্ঞাপন কৰিছোঁ । আলোচনীখনলৈ লেখা , ছবি , সাঁথৰ , কুইজ ইত্যাদি প্ৰেৰণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰা প্ৰতিগৰাকী শ্ৰদ্ধাৰ লেখক আৰু ছাত্ৰ-ছাত্ৰীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ  ।
       আলোচনীখন প্ৰকাশ কৰোতে অজানিতে হোৱা ভুল-ত্ৰুটিৰ মাৰ্জনা বিচাৰিছোঁ । ই-আলোচনী জ্ঞানমে শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ গৱেষণাধৰ্মী , সৃষ্টিশীল আৰু ভিন্নসুৰী লেখা প্ৰকাশ কৰাৰ লগতে ভাষা-চৰ্চা , মননশীল পঢ়ুৱৈ আৰু নতুন লেখকৰ সৃষ্টিত মনোনিৱেশ কৰাৰ প্ৰয়াসত যৎপৰোনাস্তি চেষ্টা আৰু গুৰুত্ব প্ৰদান কৰি আহিছে । 
       এই ক্ষেত্ৰত আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ।
       আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ …..


     শ্ৰদ্ধাৰে-
ফুলপাহি নাথ ,
তত্বাৱধায়ক , ই-আলোচনী জ্ঞানম্ আৰু
আঁচনি বিষয়া , সমগ্ৰ শিক্ষা , কামৰূপ , আমিনগাঁও ।

Post a Comment

0 Comments