header ads

অসমীয়া প্ৰৱন্ধ, চ্যুকাফা কোন - বিদেশী আক্ৰমণকাৰী নেকি ?কুন্তলা কল্যাণী সন্দিকৈ

 চ্যুকাফা কোন - বিদেশী আক্ৰমণকাৰী নেকি ?




" পাটকাই পাৰ হৈ ছ্যু-কা-ফা আহিলে 
সৌমাৰত দিলেহি ভৰি ,
খুনলুং-খুনলাই ফুৰালুং পাতিলে 
চোমদেওক আগতে ৰাখি । "
       যদিও প্ৰাক্ঐতিহাসিক যুগৰপৰাই অসমৰ আছিল এক বৰ্ণিল ইতিহাস , যদিও এই ভূখণ্ডৰ কথা উল্লেখ আছিল মহাকাব্যত , তথাপি এই ভূমি আজিৰ ' অসম ' ৰূপে নাছিল । এই ঠাই আছিল কছাৰী , বৰাহীকে ধৰি ভূমিপুত্ৰসকলৰ খণ্ড-বিখণ্ড হৈ থকা সৰু-বৰ ৰাজ্য । একেখন ৰাজ্যৰ বাবে ককাই-ভাইৰ মাজত বিবাদ নকৰি চেলানৰ পৰা চে-ৰায়-দয়লৈ এজন ৰাজকুমাৰ আহিছিল যিয়ে তেওঁলোকক সংগঠিত কৰি গঢ়িছিল বৰ অসমৰ ভেঁটি । ছশ বছৰীয়া ইতিহাস বিজড়িত পৰাক্ৰমী জাতি আহোমসকলৰ পুলিনপুথাও , আমাৰ আদি ৰজা চাওলুং চ্যুকাফাই প্ৰথম যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা অসমত  প্ৰৱৰ্তন কৰি সমগ্র  পৃথিৱীত বিৰল নিদৰ্শন দাঙি ধৰিলে । দৰাচলতে , চ্যুকাফা হ'ল মধ্যযুগৰ অস্থিৰ ৰাজনৈতিক প্ৰেক্ষাপটে সৃষ্টি কৰা এগৰাকী ব্যক্তি ।
       প্ৰতি বছৰে অসম দিৱসৰ দিনা আমাৰ মাজত আহি পৰা সমস্যাটো হ’ল আমি অসমীয়া জাতিৰ জনক বুলি উল্লেখ কৰা চ্যুকাফাক কেনেকৈ প্ৰক্ষেপ কৰিছোঁ ৷ যোৱা ২০১৩ চনৰ গণৰাজ্য দিৱসৰ কুছকাৱাজত অসমৰ প্ৰতীকপট হিচাপে প্ৰথমজনা স্বর্গদেউ চ্যুকাফাৰ অসম আগমনৰ দৃশ্যটোক উপস্থাপন কৰিবৰ বাবে অসম চৰকাৰে প্ৰস্তাৱ পঠিয়াইছিল ৷ দুৰ্ভাগ্যবশতঃ সেইসময়ৰ ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে চ্যুকাফা এজন “ বিদেশী আক্ৰমণকাৰী ” বুলি প্ৰস্তাৱটো নাকচ কৰিছিল ( The Assam Tribune, Guwahati , Tuesday , December 18, 2012 ) ।
       উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ উপত্যকালৈ আগমনৰ সময়ত আক্ৰমণকাৰী হ’বলৈ চ্যুকাফাৰ সম্বলো নাছিল , প্ৰয়োজনো নাছিল ৷ খ্ৰীষ্টীয় দ্বাদশ শতিকাত চেঙ্গিজখানৰ নেতৃ্ত্বত দক্ষিণ চীনদেশৰ তাই ৰাজ্যসমূহৰ ওপৰত মঙ্গোলীয়সকলৰ আক্ৰমণ আৰম্ভ হৈছিল আৰু চ্যুকাফাৰ পিতৃ ত্যাওচাংনেওৱে নিজ ৰাজ্য হেৰুৱাই শহুৰেকৰ ঘৰত আছিলহি আৰু তাতে ৰাজকোঁৱৰ চ্যুকাফাই জন্মলাভ কৰিছিল ৷ মোমায়েকৰ ঘৰতে ডাঙৰ দীঘল হৈ পাছত মোমায়েকৰ পুত্ৰৰ পৰা কিছু মানুহ লৈ চুকাফাই বসবাসৰ বাবে ভূমিৰ সন্ধানত বর্তমানৰ অসমলৈ গতি কৰে ( The Shan of Burma, Memories of a Shan Exile , page 62 ) । বর্তমান চীনদেশৰ য়ুন্নান প্ৰদেশৰ দিহং অঞ্চলত ( Dehong Prefecture ) অৱস্থিত মংগমাওৰ ( আজিৰ ৰুইলী নগৰ , Ruili City ) পৰা বর্তমানৰ অসমৰ দিহিং উপত্যকা পাওঁতে চ্যুকাফাৰ ১৩ বছৰ লাগিছিল ৷ এটা আক্ৰমণকাৰী সেনাদলে এই পথ ২ মাহতে অতিক্ৰম কৰিব পাৰে ৷ চ্যুকাফাৰ এই পথ অতিক্ৰম কৰিবলৈ ১৩ বছৰ লগাৰ কাৰণ হ’ল তেওঁ আহিছিল খেতি আৰু গাঁও পতাৰ উপযোগী মাটি বিচাৰি , আক্ৰমণৰ বাবে নহয়—
“ যুঝ কৰিলে দুইৰো মানুহ এঠাই হৈ জিনিব পাৰিব ৷ আমাৰ মানুহ ঠায়ে ঠায়ে থৈ অহা গৈছে কিৰিষিক মনে ”— দেওধাই বুৰঞ্জীৰ অন্তর্গত বাঁহগৰীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জী , পৃষ্ঠা-৭৪ ৷
       সমগ্ৰ পথচোৱাত বিভিন্ন ঠাইত চ্যুকাফাই দুই- একবছৰ ৰৈ গাঁও পাতি খেতি-বাতি কৰি বাসোপযোগী হয়নে তাক পৰীক্ষা কৰি অহাৰ বাবে যাত্ৰা ইমান দীঘলীয়া হৈছিল ৷

       চ্যুকাফাৰ লগত অহা মানুহৰ সংখ্যা এহেজাৰৰ পৰা দহ হাজাৰলৈকে আছিল বুলি বেলেগ বেলেগ বুৰঞ্জীত বেলেগ বেলেগ তথ্য আছে৷ পুৰণি অসম বুৰঞ্জী ( পৃষ্ঠা-১০ ) , দেওধাই বুৰঞ্জীৰ অন্তর্গত বাঁহগৰীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জী ( পৃষ্ঠা-৭২ ) ৷ দেওধাই বুৰঞ্জীৰ অন্তর্গত বিবিধ খণ্ড বুৰঞ্জী ( পৃষ্ঠা-১৬২ ) আৰু সাতসৰী অসম বুৰঞ্জী ( পৃষ্ঠা-৫৪ ) ৰ মতে এই সংখ্যা এহেজাৰ৷ আনহাতে দেওধাই বুৰঞ্জীৰ আন এটা পৃষ্ঠাৰ মতে ( পৃষ্ঠা-৮ ) এই সংখ্যা দহ হাজাৰ আছিল৷ আমাৰ ধাৰণাত এহেজাৰটো শুদ্ধ৷ কাৰণ চ্যুকাফাৰ আদি ভূমিত অৱস্থিত ৰাজ্য ( মং ) সমূহ ইমান ক্ষুদ্ৰ আছিল যে হঠাতে ন-দহ হাজাৰ মানুহ গুচি আহিলে একো একোখন মং জনশূন্য হৈ পৰিব ৷ এনে এটা ক্ষুদ্ৰ জনসংখ্যাৰে ৰাজ্য জয়ৰ পৰিকল্পনা কৰাটোও এটা অবাস্তৱ ধাৰণাহে ৷
       চ্যুকাফাৰ আগমণৰ সময়ত দিহিং , দিখৌৰ মাজৰ অংশটোত তিনিটা জনগোষ্ঠীৰ ( বৰাহী , মৰাণ আৰু কছাৰী ) মানুহে বাস কৰিছিল যদিও জনসংখ্যা অতি পাতল আছিল ৷ শ্বানসকলে ( তেতিয়ালৈকে আহোম হোৱা নাছিল ) কাকো আঁতৰাই ঠাই দখল কৰিব লগা হোৱা নাছিল । তেওঁলোকে আহি মাত্ৰ খালি ঠাইবোৰত সোমাই গৈছিলহি । এবাৰ মাত্ৰ চ্যুকাফাই দিখৌ পাৰ হৈ চাবলৈ মানুহ পঠাইছিল —
       “ ছয় লাক্নি তাতে থাকি মানুহ পঠাই চোৱালত নামদাঙ্গত তিনি হেজাৰ পানী খোৱা ঘাট দেখিলে ৷……চাৰিঙ্গতো তিনি হেজাৰ ঘাট দেখি কিছুমান ভয়-সংশয় কৰি ডিমৌ আছিলেগৈ ”— দেওধাই বুৰঞ্জী , পৃষ্ঠা-৭ ৷
দিখৌ অতিক্ৰম কৰি বসতি স্থাপন কৰিব পৰাকৈ শক্তি অর্জন কৰিব পৰা নাছিল বাবেই চ্যুকাফাই পুনৰ দিখৌৰ পূৱ পাৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছিল —
“ যুঁজ কৰিলে দুইৰো মানুহ পৰিব ”— সাতসৰী অসম বুৰঞ্জী , পৃষ্ঠা-২৪ ৷
       ব্ৰহ্মপুত্ৰ উপত্যকালৈ চুকাফাৰ নেতৃত্বত আগমণ হোৱা লোকসকলৰ যুদ্ধৰ মাজেৰে ৰাজ্য দখলৰ কোনো পৰিকল্পনা নথকাৰ কথাটো অন্ততঃ মণিৰাম দেৱানৰ সময়লৈকে অসমীয়া মানুহৰ মন মগজুত গভীৰভাৱে প্ৰোথিত হৈ আছিল ৷ সেয়ে মণিৰাম দেৱানে অতি সুচিন্তিতভাৱে এই ৰাজ্যক জয় কৰি লোৱা বুলি কোৱাৰ পৰিবর্তে পাতি লোৱা দেশ বুলি উল্লেখ কৰিছে ---
“ স্বর্গীনাৰায়ন ৰাজাৰ নিজবাহুবলে শ্ৰীশ্ৰী কামাক্ষাৰ প্ৰসাদে পাতি লোৱা হাৰকটোনৰ দেশ ” ---বুৰঞ্জী বিবেকৰত্ন , পৃষ্ঠা-১০৯ ৷
       কিন্তু স্বাধীনোত্তৰ কালত চ্যুকাফাক বীৰ হিচাপে প্ৰক্ষেপ কৰিবলৈ গৈ চ্যুকাফাৰ দর্শনৰ আত্মাকে সলনি কৰি চ্যুকাফাক আক্ৰমণকাৰী সজাই পেলোৱা হ’ল ৷ চুকাফাক দ্বিগ্বীজয়ী বীৰ ৰূপে প্ৰতিষ্ঠা কৰিলে তেওঁৰ গৌৰৱ বৃদ্ধি পাব বুলি চিন্তা কৰা এচামে বুৰঞ্জীৰ সাক্ষ্য-প্ৰমাণক বীৰ সজোৱাৰ প্ৰচেষ্টাত ব্ৰতী হ’ল ৷ আনকি বীৰ চুকাফাৰ মোহত ডঃ যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ দৰে বৰেণ্য ব্যক্তিয়েও তেখেতৰ “ অসমৰ অৰ্থনৈতিক ইতিহাস ” গ্ৰন্থত স্পষ্টকৈ চ্যুকাফাক আক্ৰমণকাৰী বুলি উল্লেখ কৰিলে ( উক্ত গ্ৰন্থ ,পৃষ্ঠা-১ ) ৷ চ্যুকাফা নামৰ সমন্বয়ৰবাহক মানৱতাবাদী ব্যক্তিজনক ২০১৩ চনৰ গণৰাজ্য দিৱসৰ দিনা আনুষ্ঠানিকভাৱে  “ আক্ৰমণকাৰী বিদেশী ” হিচাপে ঘোষিত কৰিলে । টাইমুৰ লং বা চেঙ্গিজখানৰ লগত চ্যুকাফাৰ কোনো পার্থক্য নাথাকিল ৷
       চ্যুকাফাক আক্ৰমনকাৰী বুলি অভিহিত কৰি এচামে যেনেকৈ অসমৰ জাতীয় ইতিহাসৰ বুকুত চুৰিকাঘাত কৰিলে , ঠিক তেনেদৰে আহোম শাসনক কেৱল এটা গোষ্ঠীৰ আধিপত্যবাদ বা কেতিয়াবা সাম্ৰাজ্যবাদ বুলি অপবাখ্যা কৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোকে আন্ধাৰৰ বুকুলৈ ঠেলি দিয়া দেখা গ’ল ৷  অন্য শাসকৰ দৰে আহোম শাসকেও ৰাজ্যৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে বা সাম্ৰাজ্য বিস্তাৰত যে উৎসাহী আছিল , তাত সন্দেহৰ অৱকাশ নাই ।  কিন্তু ইতিহাসৰ বিজ্ঞানসন্মত বিশ্লেষণ কৰিলে দেখা যায় যে  আহোম শাসন আছিল এক প্ৰগতিশীল আধুনিক শাসন পদ্ধতি । শান্তিপূৰ্ণ সহাৱস্থানৰ নীতি আহোম ব্যৱস্থাত বিকাশ হৈছিল চুকাফাৰ উদ্যোগতেই । পৰিতাপৰ কথাতো হ'ল এই ভূখণ্ডৰ শান্তি উন্নতি নিবিচৰা শক্তিটোৱে আমাক উদ্দেশ্যপ্রণোদিত ভাৱেই প্রকৃত ইতিহাস জ্ঞানৰ পৰা বঞ্চিত কৰি আহিছে । ব্যাপকভাৱে এই ভূখণ্ডৰ ইতিহাস বিকৃত কৰা হৈছে । এই ভূখণ্ডৰ ইতিহাস বিকৃতকৰণ সাংঘাতিকভাৱে হৈছিল Edward A Gait চাহাৱৰ দিনৰে পৰা । চাহাবৰ বুৰঞ্জী পঢ়িলে এনে লাগে যেন আহোমৰ শাসনকালত খোৱা-কামোৰা , যুদ্ধ- বিগ্রহৰ বাহিৰে ইয়াত একো নাছিল । আচলতে বৃটিছ আগ্রাসনৰ ন্যায্যতা প্রতিপন্ন কৰিবলৈকে Gait চাহাবক এইফেৰা কাম কৰিবলৈ দিয়া হৈছিল ।  পাছলৈ অসমীয়া ভাষাত লিখা আধুনিক বুৰঞ্জীবোৰতো এচামে অসৎ উদ্দেশ্যৰেই ইতিহাস বিকৃত কৰিছিল । যাৰফলত এই ভূখণ্ডত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ সাতামপুৰুষীয়া ঐক্যৰ সম্পৰ্কত ফাঁট মেলিছিল ।
        চ্যুকাফাৰ পৰিচয় সংকটৰ এই দুৰ্যোগপূৰ্ণ , অকৃতজ্ঞ মুহূৰ্তত মনোৰঞ্জন বৰগোহাঞিদেৱৰ তলৰ কথাখিনি প্ৰণিধানযোগ্য :

" মই চুকাফাই মৈদামৰ পৰা কৈছোঁ : 

        এতিয়া তোমালোকক সুধিছোঁ  :
        তোমালোকে মোক মাজে মাজে বিদেশী আক্ৰমণকাৰী সজোৱা কিয় ? মই ৰাজ্য পৰিচালনা কৰাৰ স্বাৰ্থত আৰু শত্ৰুক কঠোৰ হাতে দমন কৰাৰ বাহিৰে মোৰ হেংদানে কাৰো শিৰত আঘাত কৰা নাছিল ৷ যদি মই আক্ৰমণকাৰী হ’লোহেঁতেন , তেনেহলে সৌখন নৰা ৰাজ্যৰ পৰা ইয়ালৈ আহিবলৈ মোক ১৩ বছৰ নালাগিলহেঁতেন ৷ যদি মোৰ আক্ৰমণ কৰি লুটপাত কৰাৰ অভিপ্ৰায় থাকিলহেঁতেন , তেনেহলে মই লগত লৈ অহা সেই বাচি থকা এমুঠিমান মানুহেৰে এই সৌমাৰখণ্ডত ৩৯ বছৰ ৪ মাহ ১৫ দিন ৰজা হৈ থাকিব নোৱাৰিলোহেঁতেন ৷ গতিকে মোক লৈ এই অপ-প্ৰচাৰবোৰ বন্ধ কৰা ৷ মই সংহতিৰ  অংকুৰিত বীজ ৷ বিভেদ আৰু ঘৃণাৰ কীট নহয় ৷ আৰু শুনা, মোক লৈ বছৰে বছৰে " অসম দিৱস " পাতিছা , পাতা ৷ মে-ডাম-মে-ফি ও পাতিছা - পাতা , মোৰ নামত বঁটা-বাহনো দিছা , দিয়া , মোৰ নামত সমন্বয়-ক্ষেত্ৰও কৰিছা , কৰা । মই ভাল পাইছোঁ ৷ কিন্ত এটা কথাৰ কাৰণে মই তোমালোকক বিশেষকৈ মোৰ নাতি-পুতিসকলক ক্ষমা কৰিব পৰা নাই । তোমালোকে মোৰ মৈদামটোৰ মাটি বেদখল হৈছে , দেখা নাই ? মোৰ মৈদামলৈ অহা পথটোৰ মাটি মানুহে বেদখল কৰিছে , দেখা নাই ?  মোৰ মৈদাম হাবি-জংঘলেৰে আগুৰি ধৰিলে , দেখা নাই ? আজি প্ৰায় নশ বছৰে তোমালোকে মোৰ মৈদামটোকে সংৰক্ষণ কৰিব নোৱাৰিলা ? তোমালোকে কি দেশ ৰক্ষা কৰিবা ? ধিক্কাৰ হয় তোমালোকৰ ওপৰত ৷ লাচিতৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তীও আয়োজন কৰি বাঃ বাঃ লৈছা ৷ কিন্ত মৈদামৰ পৰা মোৰ বিননি শুনিবলৈ তোমালোকৰ সাহস আৰু সময় নাই ৷ এই কথা গম পালে লাচিতেও তোমালোকক দুচেও কৰি কাটিব ৷

       শেষত কওঁ , মই গঢ়ি যোৱা এই জাতিটোক বিভেদ আৰু ঘৃণাৰ লেতেৰা ৰাজনীতিৰে নষ্ট নকৰিবা ৷ এনে বহু বীৰ আজিও জীৱিত যি জাতিৰ স্বাভিমান আৰু সম্ভাৱনীয়তাক লৈ জীয়াই আছে ৷ তেওঁলোকক লালন কৰা ৷ প্ৰতিপাল কৰা ৷ দেশ খনক , জাতিটোক ভাল পাবলৈ শিকা ৷ নিজক জাগ্ৰত কৰা ৷ মই  মৈদামত বৰ কষ্টৰে দিন পাৰ কৰিছোঁ । "

( বিভিন্ন উৎসৰ সহায় লৈ .. )


কুন্তলা কল্যাণী সন্দিকৈ
শিক্ষয়িত্ৰী , কবি , জাঁজীপৰীয়া বিহু দল , শিৱসাগৰৰ স্বত্বাধিকাৰী ।

Post a Comment

0 Comments