গণিতৰ যাদু
দুটা চৰ্ত সাপেক্ষে পূৰণ কৰাৰ সহজ নিয়ম :-
১) পূৰণ কৰিব লগীয়া সংখ্যা দুটাৰ দহকৰ স্থানৰ অংককেইটা একে থাকিব লাগিব ৷
২) সংখ্যা দুটাৰ এককৰ স্থানৰ অংক দুটাৰ যোগফল ১০ হ’ব লাগিব ৷
এই দুটা চৰ্ত সাপেক্ষে পূৰণ কৰোতে প্ৰথমতে সংখ্যা দুটাৰ এককৰ স্থানৰ অংক দুটা পূৰণ কৰি পোৱা পূৰণফলটো লিখি ল’ব ৷
তাৰ পাছত দহকৰ স্থানৰ অংক দুটা যিহেতু একে থাকিব লাগিব গতিকে এটা অংকৰ লগত ১ যোগ কৰি পোৱা যোগফলেৰে আনটো অংকক পূৰণ কৰি পোৱা পূৰণফলটো আগতে পোৱা পূৰণফলৰ বাওঁফালে বহুৱাই দিব ৷ উক্ত সংখ্যাটোৱেই হ’ব পাবলগীয়া পূৰণফল ৷
উদাহৰণস্বৰূপে ∶
৪৬ × ৪৪ = ২০২৪
৫৯ × ৫১ = ৩০০৯
৩১ × ৩৯ = ১২০৯
উদাহৰণ কেইটাত দেখিছে যে এককৰ স্থানৰ অংককেইটাৰ যোগফল ১০ হয় ৷ গতিকে চৰ্তসাপেক্ষে পূৰণ কৰিছোঁ ৷
দহকৰ স্থান অংককেইটা একে আছে ৷ গতিকে ১ যোগ কৰি আনটো সংখ্যাৰ এককৰ স্থানৰ অংকটো পূৰণ কৰি পোৱা পূৰণফলটো বহুৱাই দিছোঁ ৷
গিৰিন দাস
মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক
শিক্ষাখণ্ড : কৰৰা
0 Comments