header ads

বিশেষ লেখা, শুভ-আৰম্ভণিৰ বাবে কৰণীয়, থানেশ্বৰ মালাকাৰ, ৩য় বছৰ ৩য় সংখ্যা,

  


মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল , " A man is but the product of his thoughts : what he thinks , that he becomes . " অন্যাৰ্থত আমি যি হ'বলৈ সপোন দেখোঁ , জীৱনে সেইভাৱেই গঢ় লৈ উঠে । সেই কথাকে অধিক স্পষ্টকৈ ক'লে বিজ্ঞানী , মনিষী , ভাৰতৰ ভূতপূর্ব ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে এইদৰে , - " Dream , Dream ! Dreams transform into thoughts ! And thoughts result in Action . " ভাৰতৰ কোটি কোটি ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজক এইদৰে স্বপ্ন দেখাৰ আহ্বান জনাই উদ্বুদ্ধ কৰিছিল মহান ৰাষ্ট্ৰপতি গৰাকীয়ে । সপোন আমাক লাগিবই । সপোন নাথাকিলে ভৱিষ্যত থাকিব ক'ৰ পৰা ? এই সপোনক বাস্তৱত ৰূপ দিবলৈ লাগিব কিছুমান সমল বা আহিলা যাক আমি গুণ বুলিবও পাৰোঁ ।



উদ্দেশ্য : জীৱনত সিদ্ধি লাভ কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব । সংকল্প আৰু ত্যাগ ( Commitment and dedication ) সপোনক বাস্তৱত ৰূপ দিয়াৰ অতি প্ৰয়োজনীয় আহিলা । মন দৃঢ় কৰি নিজে প্ৰতিযোগিতাৰ বাবে নিজকে সাজু কৰি তুলিব লাগিব । স্বামী বিবেকানন্দই কৈছে , " আৰম্ভণিটো ক্ষুদ্ৰ হ'লেও ভীত নহ'বা , ক্ষুদ্ৰৰ পিছতহে পৰিণতি আছে । সাহিয়াল হোৱা । আগবাঢ়া , আগবাঢ়া । "

বিঘিনি নেওচাৰ সাহস : জীৱনটোৰ বাট সদায় ফুলেৰে ভৰি নাথাকে । কেতিয়াবা কণ্টকময়ো হয় । কৃতকাৰ্যতাৰ বিপৰীতে বিপর্যয়ো হঠাৎ আহি পৰিব পাৰে । সেয়েহে বাধা-বিঘিনিৰ সন্মুখীন হ'ব পৰা সাহস ( courage to take risk ) গোটোৱাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ কথা । আমাৰ বাবে কোনোবাই বাট বান্ধি থৈ যাব , তাক আশা নকৰি আমি নিজৰ বাট নিজে বন্ধাৰ প্ৰচেষ্টা চলাব লাগে । আমাৰ গীতি-কবি পাৰ্বতী প্ৰসাদেও গাইছে ,

                  " তোৰ নাই যে বন্ধোৱা বাট ,

                    তোৰ পদে পদে আছে

                    কতনা উজুটি কত ঘাট-প্ৰতিঘাট ,

                    তোৰ নাই যে বন্ধোৱা বাট । "

আমি সন্তানক সদায় জয়ৰ স্বপ্ন দেখুৱাই আহিছোঁ । পৰাজয়কো পৰাজয় কৰাৰ সাহস , অনুপ্ৰেৰণা আৰু শিক্ষা দিয়াৰ প্ৰয়োজন ।

জিজ্ঞাসা : জিজ্ঞাসা বিহীন মন ' চন পৰা সৰিয়হতলী ' , তাত সৰিয়হৰ সুগন্ধিযুক্ত হালধীয়া ফুল নুফুলে । জনাৰ আগ্ৰহ সকলোৰে বাবে প্ৰয়োজনীয় । যি জানিছোঁ তাতোকৈ অধিক জনাৰ আগ্ৰহ থাকিলেহে জ্ঞানসমুদ্ৰৰ ফালে খোজ দিয়া সম্ভৱ । অন্যথাই এক স্থিতাৱস্থাই জীৱন দুৰ্বিষহ কৰি তুলিব পাৰে । গীতাত অৰ্জুনে বাৰে বাৰে প্ৰশ্ন কৰিছে আৰু শ্ৰীকৃষ্ণই উত্তৰ দি গৈছে । অৰ্জুনৰ জিজ্ঞাসা নথকাহেঁতেন প্ৰশ্ন সুধিব নোৱাৰিলেহেঁতেন । অৰ্জুনৰ প্ৰশ্ন নাথাকিলে কৃষ্ণই উত্তৰ দিয়াৰ প্ৰয়োজন নহʼলহেঁতেন । ফল স্বৰূপে জ্ঞানৰ ভাণ্ডাৰ , মহাগ্ৰন্থ 'গীতা'ৰ সৃষ্টি নহ'লহেঁতেন আৰু মানৱ সমাজ অমৃত পানৰ পৰা বঞ্চিত হ'লহেঁতেন । যিকোনো শিক্ষানুষ্ঠানৰ ছাত্ৰ আৰু শিক্ষকৰ বাবে অৰ্জুন আদৰ্শ ছাত্ৰ আৰু শ্ৰীকৃষ্ণ আদৰ্শ গুৰু - যিয়েই ছাত্ৰৰ সকলো সংশয় নিঃসৰণ কৰি মনৰ দিগন্ত বিস্তৃত কৰিছিল , জ্ঞানৰ আলোকেৰে আলোকিত কৰিছিল ছাত্ৰৰ হৃদয় । গীতা- ছাত্ৰ আৰু শিক্ষকৰ কথোপকথন বা আলোচনা বুলি ক'ব পাৰি ।

সংগ্ৰাম : প্ৰতিযোগিতাত উত্তীৰ্ণ হ'বলৈ হ'লে সংগ্ৰামৰ প্ৰয়োজন । " কষ্ট কৰিলেহে ৰত্ন পায় "। সিংহ আৰু হৰিণাৰ সাধু এটা আছে । পশুৰাজ সিংহই পুৱা সাৰ পাই উঠিয়েই ভাৱে " মই আজি হৰিণাতকৈ বেগাই দৌৰিব লাগিব , অন্যথাই মই লঘোনে থাকিব লাগিব ।" সেইদৰে হৰিণাইও ৰাতিপুৱাই ভাৱে , - " মই মহাবেগী আৰু মহাপৰাক্ৰমী পশুৰাজতকৈ বেছি বেগাই দৌৰিব লাগিব , অন্যথাই মোক খাই পেলাব ।" আমাৰ জীৱনটোত নিজকে সষ্টম কৰি সাজু কৰি তোলাটো প্ৰয়োজন । জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে পৰিশ্ৰম কৰিবই লাগিব । হোমেন বৰগোহাঞিৰ ভাষাত - " পৰিশ্ৰমেই হ'ল সকলো মূল্যবান বস্তুৰ একমাত্ৰ মূল্য । পৰিশ্ৰম নকৰাকৈ একো কাম সম্পাদন কৰিব নোৱাৰি বা একো বস্তু লাভ কৰিব নোৱাৰি । "

চৰিত্ৰ : চৰিত্ৰই হ'ল জীৱনৰ সৰ্বোৎকৃষ্ট অলংকাৰ । সাধাৰণ লোক এজনো নিজ চৰিত্ৰৰ যোগেদি ৰজাৰ শ্ৰদ্ধা আদায় কৰিব পাৰে । সকলো অলংকাৰ পিন্ধা লোকজন যদি চৰিত্ৰহীন হয় , সমাজে তেনেলোকক বিদ্ৰুপৰ চকুৰে চায় , ঘৃণা কৰে । এই ঘৃণাৰ বোজা তেনে লোকজনৰ সতি-সন্ততিয়েও বহন কৰিব লগা হয় । চৰিত্ৰ ঠিকেই ৰখাটো বৰ টান কাম । সৎলোকৰ সঙ্গ , সৎ-আলোচনা , ঈশ্বৰ প্ৰাৰ্থনাই চৰিত্ৰ সঠিক কৰি ৰখাত সহায় কৰে ।

শ্ৰদ্ধা : শাস্ত্ৰত কোৱা হৈছে , ' শ্রদ্ধাৱান লভতে জ্ঞানম্ ' । গুৰুজনৰ প্ৰতি , পিতৃ-মাতৃৰ প্ৰতি , জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা অন্তৰত থাকিলেহে মনৰ বিকাশ হ'ব আৰু মনে সজ কথা গ্ৰহণ কৰিব । কাৰণ গুৰুজনে কেতিয়াও অসজ কথা নকয় । ডাক্তৰ এজনৰ প্ৰতি ৰোগীৰ আস্থা আৰু বিশ্বাস নাথাকিলে অকল ঔষধে কাম নিদিয়ে । আমাৰ জীৱনত পিতৃ-মাতৃ আৰু শিক্ষাগুৰুৰ দৰে আমাক নিঃস্বাৰ্থভাৱে ভালপোৱা ব্যক্তি আৰু কোনো নাই । এই দুয়োটা কুলেই নিজ সন্তান বা ছাত্ৰজন নিজতকৈ সদায় ওপৰৰ হোৱাতো বিচাৰে । তাতেই তেওঁলোকৰ আনন্দ ।

কৃতজ্ঞতা : আমি আনৰ পৰা সহায় পালে তেওঁৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত । তেওঁক এষাৰ মৰমৰ মাত দিও আমি  কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ । সাধাৰণতে আমি বিপদত আনৰ সহায় বিচাৰোঁ । কামটো হৈ যোৱাৰ পিছত আমি মানুহজনৰ , যাৰ পৰা সহায় পালোঁ তেওঁক মাতষাৰ দিবলৈও পাহৰি যাওঁ । আমি নিজৰ বা পৰিয়ালৰ কাৰোবাৰ গুৰুতৰ অসুখ হ'লে ডাক্তৰজনক মাতি আনো । সেই সময়ত ডাক্তৰজন আমাৰ বাবে ভগৱান , কিন্তু ৰোগী সুস্থ হোৱাৰ পিছত ডাক্তৰজনক কেতিয়াও ধন্যবাদ নিদিওঁ বা নজনাও যে তেখেতৰ ঔষধে কাম দিলে , ৰোগীক জীৱনদান দিলে । আমাৰ জীৱনটো নিয়াৰিকৈ চলাবলৈ ৰিক্সাৱালাৰ পৰা বিদ্যালয়ৰ চকীদাৰজনলৈ , কাৰ্যালয়ৰ গাড়ীচালক , পিয়নজনলৈ সকলোৰে সহায় আমি লৈছোঁ । সেই সকলৰ প্ৰতি আমি কৃতজ্ঞ হোৱাৰ প্ৰয়োজন নাই নে ? আছে ।

সত্যবাদিতা : সত্যবাদিতা মানুহৰ জীৱনৰ মহত্ত্বম গুণ । মিছাৰ আশ্ৰয় লৈ গঢ়া জীৱন থুনুকা । সত্যবাদী লোক নানা আহুকালত পৰিবও পাৰে । কিন্তু শেষত জয় তেওঁৰেই । হোমেন বৰগোহাঞিৰ আন এটি উদ্ধৃতি উল্লেখ কৰিব বিচাৰিছোঁ - " আন সকলো গুণতকৈ সত্যবাদিতাই হে এজন মানুহৰ ব্যক্তিগত উৎকৰ্ষৰ মূল ভেঁটি । আচৰণৰ মাজেদি ফুটি উঠা সত্যবাদিতাই হ'ল প্ৰকৃত সত্য বা ন্যায়পৰায়ণতা । "

        জীৱনত উদ্গতি কৰিবলৈ হ'লে এনে গুণবোৰ আহৰণ কৰা আমাৰ প্ৰত্যেকৰে দৰকাৰ ।

        আমি মনত ৰখা উচিত ' আপোন ভালেই জগত ভাল । '





থানেশ্বৰ মালাকাৰ
চচল , গুৱাহাটী - ২২
মোবাইল - ৯৪৩৫০৫৪৩৮৪

Post a Comment

0 Comments