header ads

প্ৰবন্ধ, নাৰী সবলীকৰণ : এটি পৰ্যালোচনা, কৃষ্ণা কলিতা , ৩য় বছৰ ৩য় সংখ্যা,

 নাৰী সবলীকৰণ : এটি পৰ্যালোচনা



নাৰী সবলীকৰণ হৈছে নাৰীসকলক সমাজত সৰ্বতোপ্ৰকাৰে আগবঢ়াই নিয়াৰ এক প্ৰয়াস । মহিলাসকলে যিকোনো দিশ অথবা পক্ষৰপৰা কোনো প্ৰতিবন্ধকতা নোপোৱাকৈ মুক্ত আৰু স্বাধীনভাৱে নিজ চিন্তা আৰু ক্ৰিয়া নিৰ্বাচন , সম্পাদনা আৰু নিয়ন্ত্ৰণ কৰিব পৰাকৈ দক্ষতা অৰ্জন কৰাটোৱেই হৈছে নাৰী সবলীকৰণ । ক'বলৈ গ'লে লিংগ বৈষম্যৰ পৰিণতিতে নাৰী সবলীকৰণ ধাৰণাৰ জন্ম । তুলনামূলকভাৱে দৈহিক ক্ষেত্ৰত পুৰুষসকল নাৰীসকলতকৈ শক্তিশালী । সেইবাবেই অতীজৰে পৰা বেছিভাগ সমাজেই পুৰুষসকলৰদ্বাৰা পৰিচালিত হৈ আহিছিল । ফলত নাৰীসকল প্ৰায় বেছিভাগ ক্ষেত্ৰতেই  পিছ পৰি ৰ'ব লগা হৈছিল । ১৯৮৫ চনত নাইজেৰিয়াত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহিলা সন্মিলনে মহিলাসকলৰ  সবলীকৰণৰ সংজ্ঞা দাঙি ধৰি কয় , " মহিলাসকলক সামাজিক ক্ষমতা বিতৰণ কৰা আৰু তেওঁলোকৰ সপক্ষে সম্পদৰ নিয়ন্ত্ৰণ কৰাই হৈছে  মহিলাৰ সবলীকৰণ ।" স্বাধীনতা , সমতা আৰু সামাজিক ন্যায় আদি গণতন্ত্ৰৰ আদৰ্শসমূহ পুৰুষ আৰু মহিলাই এখন সমাজত সমানে লাভ কৰিব পাৰিলেহে প্ৰকৃতাৰ্থত সামাজিক বিকাশ সম্ভৱ হৈ উঠিব । গতিকে মহিলাসকলৰ সহজাত যোগ্যতা , ক্ষমতা আৰু অন্তৰ্নিহিত সম্ভাৱনাসমূহ আত্মপ্ৰকাশ আৰু বিকাশৰ বাবে উপযুক্ত সা-সুবিধা প্ৰদান কৰা উচিত ।

        সবলীকৰণৰ জৰিয়তে নাৰীসকলক শিক্ষাৰ দিশত আগবঢ়াই নিয়াৰ চেষ্টা কৰা হয় । কাৰণ শিক্ষাৰ মাধ্যমেৰেহে নাৰীসকলক যথোচিতভাৱে সবল কৰি তুলিব পৰা যায় । অৰ্থনৈতিক স্বাৱলম্বনৰ মূল আহিলাই হৈছে শিক্ষা ।

        শিক্ষাৰ ব্যাপক প্ৰসাৰ হ'লেহে নাৰীসকলৰ কৰ্মদক্ষতা বৃদ্ধি পাব । লগতে অৰ্থনৈতিক স্বাৱলম্বনৰ জৰিয়তে তেওঁলোক ৰাজনৈতিক অথবা আনুষ্ঠানিক সিদ্ধান্তগ্ৰহণৰ বাবে সক্ষম হৈ উঠিব । শিক্ষিত মহিলাসকলে অধিক মজুৰি পোৱা , অধিক সুৰক্ষা থকা , স্বাস্থ্যসেৱা আৰু অৱসৰৰ পৰিকল্পনাৰ দৰে সুবিধা লাভ কৰা , চাকৰি লাভ কৰাৰ সম্ভাৱনা বেছি । শিক্ষাই মহিলাসকলক উদ্যোগী হ'বলৈ সক্ষম কৰে , যাৰ ফলত নিজৰ আৰু আনৰ বাবে অৰ্থনৈতিক সুযোগ সৃষ্টি কৰিব পাৰে ।

        ভাৰতবৰ্ষত পৰাধীনতাৰ কালছোৱাত নাৰী সবলীকৰণৰ বাবে শিক্ষাৰ একান্ত প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰা হৈছিল । এইক্ষেত্ৰত ড্ৰিংক ৱাটাৰ বেথুন , ৰাজা ৰামমোহন ৰায় আৰু স্বামী দয়ানন্দ সৰস্বতীৰ ভূমিকা মন কৰিবলগীয়া । ১৮৫৪ চনত শিক্ষা আয়োগ গঠন আৰু আয়োগৰ প্ৰতিবেদনৰ ফলস্বৰূপে ১৮৭৭ চনত কলিকতাত ছোৱালীকো প্ৰৱেশিকা পৰীক্ষাত বহিবলৈ সুবিধা প্ৰদান কৰা ঘটনা আছিল নাৰী শিক্ষাৰ বাবে উল্লেখযোগ্য পদক্ষেপ । বৰ্তমান সময়ত বাধ্যতামূলক প্ৰাথমিক শিক্ষা শিশুৰ কাৰণে বিনামূলীয়া কৰাৰ বাবে ২০১০ চনৰ এপ্ৰিল মাহত কাৰ্যকৰী হোৱা শিক্ষাৰ অধিকাৰ আইন , ২০০৯ চনত প্ৰণয়ন কৰা হয় । প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ত শিক্ষাত সাৰ্বজনীন প্ৰবেশৰ বাবে সৰ্বশিক্ষা অভিযান গ্ৰহণ কৰা হয় । ইয়াৰ ফলস্বৰূপে সমগ্র দেশত গ্ৰাম্য আৰু নগৰ অঞ্চলৰ বিদ্যালয়ত ছোৱালীৰ নামভৰ্তিৰ হাৰ বৃদ্ধি পাইছে আৰু ছোৱালীয়ে বিদ্যালয় এৰাৰ উদাহৰণ কমি আহিছে । চৈধ্যৰ পৰা ওঠৰ বছৰ বয়সৰ সকলো ল'ৰা-ছোৱালীৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাত প্ৰবেশ বৃদ্ধি আৰু ইয়াৰ মান উন্নত কৰিবৰ বাবে ২০০৯ চনৰ পৰা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ৰূপায়িত কৰি থকা হৈছে । অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত ছাত্ৰীৰ নামভৰ্তিকৰণ বৃদ্ধিৰ বাবে চি.বি.এছ.ই.য়েও 'উড়ান' নামৰ আঁচনি গ্ৰহণ কৰিছে । নাৰী সবলীকৰণৰ প্ৰধান উদ্দেশ্যই হৈছে তেওঁলোকক অৰ্থনৈতিকভাৱে স্বয়ং-সম্পূৰ্ণ আৰু  আত্মনিৰ্ভৰশীল কৰি তোলা , যাতে মহিলাসকলে পৰিয়ালৰ একোগৰাকী উৎপাদনক্ষম আৰু দায়িত্বশীল সদস্যৰূপে অৰ্থনৈতিক দায়বদ্ধতা গ্ৰহণ কৰিব পাৰে । এগৰাকী স্বীকৃতিপ্ৰাপ্ত কৰ্মীৰূপে দেশৰ জাতীয় উৎপাদনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে অথবা দেশৰ অৰ্থনৈতিক উন্নয়ন প্ৰক্ৰিয়াত নিজৰ কৰ্মদক্ষতা প্ৰতিষ্ঠা কৰিব পাৰে ।

        সমাজ সংগঠনত নাৰী আৰু পুৰুষ , এটা আনটোৰ পৰিপূৰক । সেয়ে সমাজৰ এটা অংশক বাদ দি ৰাষ্ট্ৰৰ প্ৰগতি কেতিয়াও সম্ভৱ হ'ব নোৱাৰে । লিংগ সমতা আৰু সবলীকৰণ নাথাকিলে দেশত সামাজিক পৰিৱৰ্তন হ'ব নোৱাৰে । কাৰণ সবলীকৰণে নাৰীক সিদ্ধান্তগ্ৰহণ কৰিব পৰা আৰু আত্মবিশ্বাসী কৰি তোলাৰ লগতে যিকোনো পৰিস্থিতিৰ লগত নিজকে সহযোজন কৰাত সহায় কৰে । ই নাৰীক পৰিয়ালৰ তথা সমাজৰ প্ৰতি থকা অৰ্থনৈতিক অৱদান সম্পৰ্কে সচেতন কৰি তোলাত সহায় কৰে । সেয়েহে ৰাষ্ট্ৰৰ প্ৰগতিৰ স্বাৰ্থত নাৰী সবলীকৰণৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য ।





কৃষ্ণা কলিতা 
হিন্দী শিক্ষয়িত্ৰী
নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল
শিক্ষাখণ্ড : ৰামপুৰ
জিলা : কামৰূপ

Post a Comment

0 Comments