header ads

সাক্ষাৎকাৰ, ৩য় বছৰ ৩য় সংখ্যা,

 



শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা , কামৰূপৰ সহযোগত প্ৰকাশ হৈ অহা তিনিমহীয়া ই-আলোচনী জ্ঞানমৰ তৃতীয় বছৰ তৃতীয় সংখ্যাৰ সাক্ষাৎকাৰ শিতানৰ বাবে আমি কাষ চাপিছিলোঁ  ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী সন্মানীয় মিনাক্ষী গোস্বামী বাইদেউৰ ।  সাক্ষাৎকালত তেওঁৰ সৈতে হোৱা জ্ঞানম গোটৰ ভাৱ-বিনিময়ৰ কথাখিনি তলত দিয়া হ'ল -


জ্ঞানমৰ প্ৰশ্ন :- এখন আদৰ্শ বিদ্যালয় গঢ়াৰ ক্ষেত্ৰত এগৰাকী শিক্ষকলৈ আপুনি কিছু পৰামৰ্শ আগবঢ়াব নেকি ?
মিনাক্ষী গোস্বামী :- এখন আদৰ্শ বিদ্যালয় গঢ়িবলৈ যাওঁতে প্ৰথম কথাটো হৈছে শিক্ষকসকলে নিজৰ শিক্ষকতা বৃত্তিটো ভাল পাব লাগিব । শিক্ষকতা বৃত্তিটো নিজৰ হেঁপাহ বা ইচ্ছাত বাচি ল'লে ভাল । যদিহে অন্য একো চাকৰি নাপাইহে শিক্ষকতাৰ বৃত্তিটো লোৱা হয় , তেতিয়া হয়তো বৃত্তিটোৰ প্ৰতি সেই ভালপোৱা নাথাকিবও পাৰে । গতিকে আদৰ্শ বিদ্যালয় গঢ়াৰ ক্ষেত্ৰত শিক্ষক সকলৰ বাবে মূলমন্ত্ৰটোৱেই হ'ল ― Love for the job .

জ্ঞানমৰ প্ৰশ্ন :- নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লগত খাপ খোৱাকৈ শিক্ষকসকলে কিদৰে নিজকে সাজু কৰি তোলা উচিত বুলি আপুনি ভাৱে ?
মিনাক্ষী গোস্বামী :- নতুন শিক্ষানীতিৰ লগত খাপ খুৱাবলৈ শিক্ষকসকল কাৰিকৰী দিশত পাৰ্গত হ'ব লাগিব । অন্য ৰাজ্যবোৰত শিক্ষাৰ দিশত কেনেকুৱা ধৰণে আগবাঢ়িছে সেইবোৰ অনুধাৱন কৰি আগবাঢ়ি যাব লাগিব । তাৰোপৰি অকল পাঠ্যপুথিৰ ভিতৰতে সীমাবদ্ধ নাথাকি বিভিন্ন ধৰণৰ বিষয়ৰ জ্ঞান লাভ কৰাটো জৰুৰী । তাৰবাবে শিক্ষক সকল যথেষ্ট অধ্যয়নপুষ্ট হ'ব লাগিব ।


জ্ঞানমৰ প্ৰশ্ন :- ছাত্ৰ-শিক্ষকৰ সম্পৰ্ক কেনে হোৱা প্ৰয়োজন ? আপোনাৰ মতামত ?
মিনাক্ষী গোস্বামী :- শিক্ষক আৰু ছাত্র ছাত্ৰীৰ মাজত এক মধুৰ সম্পৰ্ক থকাটো উচিত । ল'ৰা-ছোৱালী বিলাকে যাতে নিঃসংকোচে শিক্ষকক তেওঁলোকৰ প্ৰশ্নবোৰ  সুধিব পাৰে , তাৰবাবে এটা উপযুক্ত পৰিবেশ সৃষ্টি কৰিব লাগিব । ইয়াৰ বাবে শিক্ষক সকল মৰমিয়াল হ'ব লাগিব । মৰমিয়াল হোৱাৰ লগতে সময় আৰু পৰিস্থিতি সাপেক্ষে কঠোৰ হ'বও লাগিব । কিন্তু বন্ধুত্বসুলভ ভাৱে তেওঁলোকৰ লগত নাচ-গান , কিতাপ পঢ়া আদি কামবোৰ একেলগে কৰিলে ছাত্ৰ-ছাত্ৰীসকলেও নিঃসংকোচে নিজৰ মনৰ সমস্যাবোৰ বা প্ৰশ্নবোৰ শিক্ষকৰ আগত খুলি ক'ব পাৰে ।



জ্ঞানমৰ প্ৰশ্ন :- সাধাৰণতে দেখা যায় বহু বিদ্যালয়ত এজনীয়া শিক্ষকেৰে শিক্ষাদান চলি আছে ৷ এইক্ষেত্ৰত কিদৰে শিক্ষাদান কৰিলে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব বুলি ভাৱে ?
মিনাক্ষী গোস্বামী :-  এই ক্ষেত্ৰত মই চৰকাৰকে বিনম্ৰভাৱে আহ্বান জনাম । মই ভাবো প্ৰতিটো বিষয় শিকাব পৰা দক্ষতা সকলোৰে নাথাকিব পাৰে । নোৱাৰে বুলিও মই কোৱা নাই , কিন্তু এজন কলা শাখাৰ শিক্ষকে গণিত বিষয়টো ভালকৈ শিকাব নোৱাৰিব পাৰে । কাৰণ , অংক বিষয়টো সকলোৱে ভালদৰে বুজাব নোৱাৰে । সেয়ে মই ভাবো এজনীয়া শিক্ষকেৰে বিদ্যালয় চলাই থকাটো ছাত্ৰ-ছাত্ৰীৰ বাবে মংগলজনক নহ’ব । তাত কিন্তু শিক্ষক লাগিবই । 

জ্ঞানমৰ প্ৰশ্ন :- শিক্ষক বৃত্তিৰ লগত জড়িত হোৱা নৱ চামক আগুৱাই নিয়াৰ লগতে বিদ্যালয়ৰ সু-পৰিচালনাত এগৰাকী জ্যেষ্ঠ শিক্ষকৰ ভূমিকা কেনেকুৱা হোৱা উচিত বুলি আপুনি ভাৱে ?
মিনাক্ষী গোস্বামী :- জ্যেষ্ঠ শিক্ষকসকলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ । মোৰ ব্যক্তিগত কথাই কওঁ । মই এগৰাকী অধ্যক্ষ । অধ্যক্ষ হোৱাৰ পূৰ্বে ময়ো বিষয় শিক্ষক আছিলো । যেতিয়াই কোনো নতুন শিক্ষক আহিছিল , মই তেতিয়াই নতুনজনক ভালকৈ আঁকোৱালি লৈ আগবাঢ়িছিলো । নতুনক আঁকোৱালি লোৱাৰ মানসিকতা জ্যেষ্ঠসকলৰ থাকিব লাগিব । তেতিয়াহে এখন স্কুলত ভাল পৰিৱেশ সৃষ্টি হ’ব । নহ’লে স্কুলত এটা লবীৰ সৃষ্টি হয় ।  আৰু মই গৌৰৱেৰে ক’ব পাৰোঁ যে আমাৰ স্কুলত তেনে পৰিৱেশ নাই ।

জ্ঞানমৰ প্ৰশ্ন :- বিদ্যালয়ত সহঃ বিদ্যায়তনিক ( co-scholastic activities) দিশত ছাত্ৰ-ছাত্ৰীসকলৰ ভূমিকা কেনেকুৱা হোৱা উচিত ! আপুনি কি পৰামৰ্শ দিব ?
মিনাক্ষী গোস্বামী :- বিদ্যালয়ত সহঃবিদ্যায়তনিক ( co-scholastic activities) ক্ৰিয়া-কলাপৰ অত্যন্ত দৰকাৰ । এইটো নোহোৱাকৈ আমি আগবাঢ়িব নোৱাৰোঁ । কাৰণ , প্ৰতিজন ল'ৰা-ছোৱালীয়ে যে  পঢ়া-শুনাত ভাল হ'ব সেইটো নহয় । কিছুমান ছাত্ৰ-ছাত্ৰী খেলত ভাল , কিছুমানে আকৌ ভাল গান গাব পাৰে অথবা নাচিব পাৰে । গতিকে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে কিবা নহয় কিবা এটা বিষয়ত পাৰ্গত । গতিকে আমি শিক্ষক-শিক্ষয়িত্ৰীসকলে তেনেকৈয়ে ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিব পাৰিব লাগিব । 
        বহুত ক্ষেত্ৰত দেখা যায় কিছুমান ছাত্ৰ-ছাত্ৰীৰ বাকী একোতে আগ্ৰহ নাথাকিলেও এটা বৈজ্ঞানিক মন আছে ।‌ তেওঁলোকে ইয়াৰ সহায়ত নতুন অনুসন্ধান , নতুন পৰীক্ষা-নিৰীক্ষা অথবা আবিষ্কাৰ কৰিব পাৰিব । তেওঁলোকক আগবঢ়াই নিয়াৰ বাবে আমি বিজ্ঞানৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰাটো দৰকাৰ । কোনোবাই গানত ভাল । তেওঁলোকৰ বাবে গানৰ প্ৰতিযোগিতাখন পাতিব পাৰোঁ । কোনো এটা বৃত্তিয়েই কম নহয় । গতিকে আমি শিক্ষকসকলে সহ-বিদ্যায়তনিক দিশবোৰত গুৰুত্ব দি ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই লৈ যাব পাৰোঁ ।

জ্ঞানমৰ প্ৰশ্ন :- আপুনি ৰাষ্ট্ৰীয় ভিত্তিত বিভিন্ন বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । এগৰাকী আদৰ্শ শিক্ষকৰ কৰ্মজীৱনত এই বঁটাসমূহে কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে বুলি আপোনাৰ ধাৰণা হয় ?
মিনাক্ষী গোস্বামী :- Recognition is very important . কোনোবাই কোনো এখন ক্ষেত্ৰত কাম কৰিলে তাক শলাগ ল'বই লাগে । আমাৰ বিদ্যালয়বোৰতে দেখা পাওঁ যে যেতিয়া এজন শিক্ষকে কোনো এটা বিষয়ত ট্ৰেইনিং লৈ আহে , তাৰ পিছত তেওঁক সহকৰ্মী অথবা প্ৰধান শিক্ষকেও নোসোধে বা জানিবলৈ কোনো আগ্ৰহ প্ৰকাশ নকৰে যে ট্ৰেইনিং টো কিহৰ আছিল অথবা ইয়াৰ পৰা শিক্ষকগৰাকী বা ছাত্ৰ-ছাত্ৰীসকল কেনেকৈ লাভবান হ'ব । এইটো কেতিয়াও হ'ব নালাগে । এই ক্ষেত্ৰত মই ভাবো যে , মই যিখিনি বঁটা এতিয়ালৈকে পাইছোঁ এই বঁটাবোৰে মোক বা আমাক আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে । 
       ২০১৪ চনত যেতিয়া মই জিলাৰ ভিতৰত শ্ৰেষ্ঠ শিক্ষক বঁটা পাইছিলো মই ভাবিছিলো যে মই নিশ্চয় ভাল কাম কৰিছিলোঁ । তাৰ পিছত ২০১৬ চনত মই Oil India ৰ পৰা 'শিক্ষাৰত্ন' বঁটা পাইছিলো । সেই বঁটাটো মই সমাজৰ কাৰণে অথবা মোৰ স্কুলখনৰ কাৰণে কাম কৰিছোঁ বাবে তাৰ ওপৰতেই দিয়া হৈছিল । ইয়াৰ ওপৰিও মই ব্যক্তিগত ভাবে কবিতা আৰু কিতাপো লিখিছোঁ । গতিকে 'awards counts a lots' । তাৰ পিছত যেতিয়া মই ৰাষ্ট্ৰীয় বঁটা পাইছিলো ,  মই তাৰ বাবে সকলোৰে শলাগ লৈছোঁ । মোক ইমানখিনিলৈ আগবঢ়াই নিয়াৰ বাবে পৰম পিতা পৰমেশ্বৰৰ ওচৰতো মূৰ দোঁৱাইছো । মুঠতে কোনোবাই ভাল কাম কৰাৰ বাবে সমাদৰ , মৰ্যদা প্ৰদান অথবা এটা বঁটাই বহুত সহায় কৰে । 




জ্ঞানমৰ প্ৰশ্ন :- আমি সকলোৱে অনুভৱ কৰোঁ যে ক'ভিডোত্তৰ সময়ৰ প্ৰেক্ষাপটত পাঠদানৰ সৈতে প্ৰযুক্তিবিদ্যাৰ সম্পৰ্ক এৰাব নোৱাৰা । বিষয় এটা কিমান মনোগ্ৰাহীকৈ শিক্ষাৰ্থীৰ উপযোগী হোৱাকৈ প্ৰস্তুত কৰি উলিয়াব পাৰি সেই লৈ সাম্প্ৰতিক সময়ত বহুতো চৰ্চা হৈ থকা দেখা যায় ... বৰ্তমান সময়ত কম্পিউটাৰৰ শিক্ষা বা অন্যান্য উপাদান , যেনে : শৈক্ষিক চফ্টৱেৰসমূহৰ প্ৰায়োগিক প্ৰয়োজনীয়তা সম্পৰ্কে আপোনাৰ মতামত কি ? শিক্ষক , শিক্ষাৰ্থী উভয়ে কিদৰে নিজকে সময়ৰ সৈতে খাপ খুৱালে অধিক লাভাৱান্বিত হ'ব পাৰিব ?    

মিনাক্ষী গোস্বামী :- আমি মন কৰিছোঁ যে ক’ভিডৰ সময়ৰ পৰা আমি প্ৰত্যেকেই Technosevik হ’বলৈ চেষ্টা কৰিছোঁ ৷ কাৰণ ছাত্ৰ-ছাত্ৰীক পাঠসমূহ আমি কম্পিউটাৰ বা ম'বাইল যোগে দিয়াটো প্ৰয়োজন হৈ পৰিছে ৷ গতিকে এই ক্ষেত্ৰত আমাৰ নিজৰো কিছু পৰিমাণে হ’লেও কম্পিউটাৰৰ জ্ঞান থকাটো প্ৰয়োজন ৷ তাৰোপৰি ছাত্ৰ-ছাত্ৰী আগ্ৰহান্বিত হোৱাকৈ পাঠসমূহো প্ৰস্তুত কৰি ল’ব লাগিব ৷ এই ক্ষেত্ৰত আমি lesson plan ৰ সহায় ল’ব পাৰোঁ ৷ ছাত্ৰ-ছাত্ৰীয়ে আমনি নোপোৱাকৈ যথাসম্ভৱ চুটিকৈ  lesson plan কিছুমান আমি প্ৰস্তুত কৰিব পাৰোঁ ৷ অৱশ্যে lesson plan ৰ সহায়ত ভিডিঅ’যোগে পাঠদান কৰিবলৈ যাওঁতে ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণো সুনিশ্চিত কৰিব লাগিব ৷ কাৰণ ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যক্ষ অংশগ্ৰহণ অবিহনে শিক্ষণ-শিকন প্ৰক্ৰিয়াটো মুঠেই সফল নহ’ব ৷ 


জ্ঞানমৰ প্ৰশ্ন :- অতি সাম্প্ৰতিক সময়ত শিক্ষান্ত পৰীক্ষা খেলি-মেলি সম্পৰ্কত আপোনাৰ মতামত কি ?

মিনাক্ষী গোস্বামী :- অতি সাম্প্ৰতিক সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা সম্পৰ্কত যিবোৰ খেলিমেলি বা বিতৰ্কৰ সৃষ্টি হৈছে , সেইবোৰৰ সম্পৰ্কত এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষক হিচাপে আমি মতামত দিয়াৰ পৰা বিৰত থাকিব বিচাৰোঁ যদিও এই ক্ষেত্ৰত এটাই কথা ক’ব বিচাৰিম যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা এটা সূচাৰুৰূপে পৰিচালিত হ’বলৈ হ’লে আমি শিক্ষানুষ্ঠানৰ মুৰব্বীসকলৰো কৰ্তব্যনিষ্ঠা , দায়বদ্ধতা আৰু সততাৰ অতিকে প্ৰয়োজন ৷  শিক্ষকসকল নিজৰ আত্মসন্মানৰ প্ৰতি সচেতন হ’লে , তেওঁলোকে নিজৰ কৰ্মক সন্মান কৰিবলৈ শিকিলে এনেবোৰ খেলিমেলিৰ সৃষ্টি নহ’ব বুলিয়েই মই ভাবোঁ ৷ টিভিৰ বাতৰি নাইবা ভিডিঅ’ কিছুমানত দেখিছোঁ যে বহু শিক্ষকে পৰীক্ষাহলত নিজৰ সন্তান বা ছাত্ৰ-ছাত্ৰীক প্ৰশ্নোত্তৰসমূহ কৈ দিছে বা নকলৰ যোগান ধৰিছে ৷ মই ভাবোঁ এনে লোকসকল শিক্ষকতা বৃত্তিৰ বাবেই অনুপযুক্ত ৷ শিক্ষাক ব্যৱসায় হিচাপে ল’লে খেলিমেলিৰ সৃষ্টি হ’বই আৰু শিক্ষকসকলে ৰাইজৰ আস্থা হেৰুৱাব ৷ সেয়ে শিক্ষকসকলে এনেধৰণৰ অসৎ পন্থাৰ আশ্ৰয় লোৱাটো একেবাৰেই অনুচিত ৷


ধন্যবাদ ।।
সাক্ষাৎকাৰ লওঁতা -

পল্লৱী পাঠক ,
বিজ্ঞান শিক্ষয়িত্ৰী ,
শিঙিমাৰী পুখুৰীপাৰ মধ্য ইংৰাজী বিদ্যালয় ,
শিক্ষাখণ্ড - ছয়গাঁও ।

Post a Comment

0 Comments