সৃষ্টিৰ তৃষাৰে জ্ঞানমৰ যাত্ৰা
সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত আৰু শৈক্ষিক গোট 'জ্ঞানম'ৰ উদ্যোগত এটা পোহৰৰ যাত্ৰা আৰম্ভ হৈছিল । সমগ্ৰ বিশ্ব যেতিয়া ত্ৰাসিত হৈ আছিল , তেনে এক জটিল আৰু সংকটময় সময়তে 'জ্ঞানম' শৈক্ষিক গোটটোৱে এখন একে নামেৰে অৰ্থাৎ 'জ্ঞানম' ই-আলোচনী ( সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত ) প্ৰকাশ কৰি এক বৰ্ণময় যাত্ৰাৰ শুভাৰম্ভ কৰিছিল । এই ক্ষেত্ৰত বিশেষভাৱে নাম ল'ব লাগিব জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক , জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক শ্ৰীযুত অপূৰ্ব ঠাকুৰীয়া চাৰৰ ।
এই বৰ্ণিল যাত্ৰাত আৰু এটা স্বৰ্ণিল পৃষ্ঠা যোগ হ'ল যোৱা ১০/০২/২০২৩ ইংৰাজী তাৰিখৰ এটা মিঠা দুপৰীয়াত । সেইদিনা শৈক্ষিক গোট জ্ঞানমে তেওঁলোকৰ ই-আলোচনী জ্ঞানমৰ তৃতীয় বৰ্ষৰ দ্বিতীয় সংখ্যাৰ শুভ উন্মোচনৰ লগতে এখনি কৰ্মশালাৰ আয়োজন কৰিছিল , যাৰ বিষয় আছিল 'অভিধান চৰ্চা আৰু অভিধানৰ প্ৰয়োগ' । প্ৰকৃতাৰ্থতেই এটা বৰ্ণিল যাত্ৰাত আগুৱাই যোৱাৰ আৰু এটা খোজ ।
তেতিয়া সময় ২ বাজি ৩০ মিনিট । কামৰূপৰ সংহত উপায়ুক্তৰ কাৰ্যালয়ৰ 'কনফাৰেন্স হল' । কামৰূপ জিলাৰ বিভিন্ন শিক্ষাখণ্ডৰ পৰা বিভিন্ন বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি উপস্থিত থকা সন্মানীয় সতীৰ্থ শিক্ষক-শিক্ষয়িত্ৰীসকল , শিক্ষা বিভাগৰ সন্মানীয় বিষয়া , কৰ্মচাৰীসকলৰ অধীৰ অপেক্ষাৰ অন্ত পেলাই গহীন গম্ভীৰ খোজেৰে সভা কক্ষত প্ৰৱেশ কৰিছিল অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক শ্ৰদ্ধাৰ ড° কুলধৰ শইকীয়া মহোদয় , আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সন্থাৰ ভাষা বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক শ্ৰদ্ধাৰ ড° ভাস্কৰ জ্যোতি শৰ্মা , উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° তাৰিণীকান্ত হালৈ , জিলাখনৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা আৰু কামৰূপ জিলাৰ সাংবাদিক সন্থাৰ সভাপতি মধুসূদন মেধি সমন্বিতে আমাৰ শ্ৰদ্ধাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত অপূৰ্ব ঠাকুৰীয়া চাৰ ।
অভ্যাগতসকলে আসন গ্ৰহণ কৰাৰ ঠিক পিছতে সভাখনৰ আঁত ধৰে পল্লৱী পাঠকে । আমাৰ যাউতিযুগীয়া সুৱদী-সুৰীয়া আমাৰ সকলোৰে স্বাভিমানৰ প্ৰতীক 'অ' মোৰ আপোনাৰ দেশ' জাতীয় সংগীতেৰে সভাখনৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ পাছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জ্ঞানমৰ সম্পাদক গিৰিণ দাসে । জ্ঞানমৰ শীৰ্ষক গীত 'সৃষ্টিৰ তৃষাৰে জ্ঞানৰে বন্তি.. ' মনবিনী দাসৰ কণ্ঠত নিৰিবিলি দুপৰীয়াটোৱে প্ৰাণ পাই উঠিছিল । সভাত উপস্থিত থকা অভ্যাগতসকলক সম্বোধি আদৰণী ভাষণ প্ৰদান কৰিছিল আমাৰ শ্ৰদ্ধাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত অপূৰ্ব ঠাকুৰীয়া মহোদয়ে । ঠাকুৰীয়া চাৰে সমগ্ৰ দিশ সামৰি প্ৰদান কৰা তত্ত্ব-গধুৰ ভাষণে সভাখনক এক আকৰ্ষণীয় পৰ্যায়লৈ লৈ যায় । সম্বৰ্ধনা গ্ৰহণ কৰি অসমৰ বিশিষ্ট সাহিত্যিক ড০ কুলধৰ শইকীয়াদেৱে 'জ্ঞানম' ই-আলোচনীৰ তৃতীয় বছৰৰ দ্বিতীয় সংখ্যাটিৰ শুভ উন্মোচন কৰি তেখেতৰ জ্ঞানগৰ্ভ আৰু ধেমেলীয়া বক্তব্যৰ মাজেৰে কয় যে জ্ঞানমৰ দৰে গোট এটাৰ জন্ম দিয়াটো এটা অতি উল্লেখনীয় দিশ । ক'ভিড অতিমাৰীৰ সংকটময় সন্ধিক্ষণত ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ শৈক্ষিক , বৌদ্ধিক , মানসিক , আধ্যাত্মিক আৰু নৈতিক উত্তৰণৰ কাৰণে জন্ম হোৱা জ্ঞানমে আমাক সকলোকে মানৱতাৰ কথা শিকালে । মানৱতাবাদেই বিশ্ব ইতিহাসৰ সকলোতকৈ ওপৰত । মানৱতাবাদৰ জৰিয়তেই মানৱ সভ্যতা জীয়াই আছে , জীয়াই আছে মানুহে মানুহক ভাল পোৱাৰ প্ৰৱণতা । কভিড'ৰ জৰিয়তে মানৱ সভ্যতাই স্বীকাৰ কৰি ল'লে যে বিজ্ঞানেই সকলোৰে ওপৰত ।
কৰ্মশালাখনৰ বিষয় 'অভিধান চৰ্চা আৰু অভিধানৰ প্ৰয়োগ' সঁচাকৈয়ে শলাগিবলগীয়া , প্ৰশংসা কৰিবলগীয়া । এনে অভিধান সম্পৰ্কীয় কৰ্মশালাত এইয়া মোৰ প্ৰথম অংশগ্ৰহণ , আগেয়ে এনে অনুষ্ঠানৰ বিষয়ে মই শুনা নাই ।
এটা কথা সৰ্বজন বিদিত যে ১৮২৬ চনত প্ৰশাসনিকভাৱে অসমীয়া ভাষাটো আঁতৰোৱা হৈছিল আৰু ইয়াৰ পিছত মিছনেৰীসকলে অসমীয়া ভাষাটো চৰকাৰী ভাষা হিচাপে পুনৰ প্ৰতিষ্ঠা কৰিছিল । ড০ শইকীয়া ছাৰে কয় যে অসমীয়া ভাষাটো এনেকুৱা এটা ভাষা যি আন আন জনগোষ্ঠীয় ভাষাৰ পৰা আহিছে । এই মূল্যবান কথাটো ১৯২৫ চনতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈদেৱে কৈছিল । মানুহৰ ঘৰখনো এখন পৱিত্ৰ বিদ্যালয় হ'ব পাৰে , কাৰণ এটা শিশু দিনটোৰ ২৪ ঘণ্টাৰ ১৮ ঘণ্টা সময়েই নিজৰ ঘৰখনত থাকে । গতিকে ছাত্ৰ বা ছাত্ৰী গৰাকীক কোনে প্ৰেৰণা দিব ? এটা ভাষাৰ প্ৰতি যেতিয়া মানুহৰ স্বাভিমান থাকে তেতিয়ালৈকে এটা ভাষা জীয়াই থাকে । ড০ কুলধৰ শইকীয়া ছাৰে কৰ্মশালাখনত প্ৰায় ২০০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা বাবে সুখ ব্যক্ত কৰে আৰু তেওঁলোকক অৱগত কৰে যে বিগত এহাজাৰ বছৰৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰটোৱেই হ'ল প্ৰশ্নবোধক চিনৰ আৱিষ্কাৰ । যদি প্ৰশ্নই নাথাকে তেন্তে ভাষাৰ উন্নতি হ'ব কেনেকৈ ? যিমানে প্ৰশ্ন হ'ব সিমানেই চৰ্চা হ'ব । তেখেতে 'ৰবৰ'ৰ( Eraser )আৱিষ্কাৰৰ আঁত ধৰি কয় যে যদি ৰবৰ ( Eraser)ৰ আৱিষ্কাৰ নহ'লহেতেন তেতিয়া সকলোবোৰ ভুল , ভুল হৈয়ে থাকি গ'লহেতেন । ভুলৰ সংশোধন নহ'লহেতেন । আজিৰ যুগত তাহানিৰ সেই ইৰেজাৰ( Erasr )ৰ সলনি ডিলিট( Delete) হ'ল । আমি ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ অৰ্হতা জুখিবৰ কাৰণে নম্বৰ তালিকা দিওঁ । কিন্তু মূল্যবোধৰ , সহানুভূতিৰ , সংগঠক , উদ্ভাৱনশীলতা আদিৰ নম্বৰ তালিকাও যদি ছাত্ৰ-ছাত্ৰীক দিওঁ , তেতিয়াহ'লে সেয়া সিহঁতৰ বাবে জীৱন গঢ়াৰ সোপানও হ'ব পাৰে । নতুন প্ৰশ্ন , নতুন সমিধান । অৰ্থাৎ প্ৰশ্ন মানেই চিন্তা , চিন্তা মানেই অভাৱ আৰু অভাৱেই আৱিষ্কাৰ , উদ্ভাৱন । শ্ৰদ্ধাৰ শইকীয়া ছাৰে অনেক চিন্তাগধুৰ কথাৰে আমাক অৰ্থাৎ শিক্ষক-শিক্ষয়িত্ৰীসকলক মন্ত্ৰ-মুগ্ধ কৰি ৰাখি বহু প্ৰশ্ন আমাৰ মাজলৈ আমাৰ উদ্ভাৱনী শক্তি বিকাশৰ বাবে এৰি দিছিল । সেই মুহুৰ্তবোৰ স্মৰণীয় কৰি ৰাখি তেখেতক আমি সদায় মনত ৰাখিম ।
ইয়াৰ পিছতেই আনন্দৰাম বৰুৱা ভাষা-কলা- সংস্কৃতিৰ সহযোগী অধ্যাপক শ্ৰদ্ধাৰ ভাস্কৰ জ্যোতি শৰ্মা মহোদয়ে অভিধান চৰ্চা আৰু অভিধানৰ প্ৰয়োগ শীৰ্ষক কৰ্মশালাখনত তেখেতৰ স্বভাৱসুলভ বক্তৃতাৰ লগতে ব্যাকৰণ অধ্যয়নৰ গুৰুত্বৰ কথাও দোহাৰে । অভিধান মানে কি ? অৰ্থ মানে কি ? আদি নানান প্ৰশ্ন । অভিধানৰ অভিধা-ব্যঞ্জনা-লক্ষণাৰ ওপৰতো তেখেতে দোহাৰে। অভিধানৰ প্ৰয়োগিক দিশৰ গুৰুত্বৰ ওপৰতো তেখেতে সুন্দৰ ব্যাখ্যা আগবঢ়ায় ।
উক্ত সভা তথা কৰ্মশালাখনত তাৰিণীকান্ত হালৈ মহোদয়েও সুন্দৰ ভাষণ প্ৰদান কৰিছিল । পিছত শলাগৰ শৰাই আগবঢ়ায় সৰস্বতী দত্ত বাইদেৱে ।
জ্ঞানমৰ সৃষ্টিৰ তৃষাৰে জ্ঞানৰে বন্তি জ্বলোৱাৰ প্ৰচেষ্টা যে অব্যাহত থাকিব , তেনে সম্ভাৱনা প্ৰকট হৈ পৰিছে । কাৰণ এয়া আলোকৰ জ্ঞানম ।
জ্ঞানম দীৰ্ঘজীৱী হওক । 'জয়তু জ্ঞানম '। 'জয়তু চিৰ চেনেহী মোৰ ভাষা জননী'।
হেমেন চন্দ্ৰ হাজৰিকা
সহঃশিক্ষক
বিৰোগাঁও মজলীয়া বিদ্যালয়
ৰামপুৰ শিক্ষাখণ্ড
সাগৰ দেখিছা ? দেখা নাই কেতিয়াও ?
ময়ো দেখা নাই
শুনিছোঁ তথাপি
নীলিম সলিলৰাশি বাধাহীন উৰ্মি মালা
আছে দূৰ দিগন্ত বিয়াপি ।
― দেৱকান্ত বৰুৱা ।
0 Comments