header ads

সম্পাদকীয়, ৩য় বছৰ ৩য় সংখ্যা



এখন ঠাই বা একোটা জাতিৰ ইতিহাস নাজানিলে সেই ঠাইৰ মানুহ , সামাজিক জীৱন , কলা-সংস্কৃতি , ভাষা-ধৰ্ম আদিৰ সম্যক ধাৰণা পোৱা নাযায় । ইতিহাসৰ মাজতে একোটা জাতিৰ শিপা সং‍পৃক্ত হৈ থাকে । অসমৰ ইতিহাসৰ পাত লুটিয়ালে পাওঁ বাৰে ৰহনীয়া জাতি-জনগোষ্ঠীৰ ইতিহাস । ভিন ভিন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছে বৃহৎ অসমীয়া জাতি । সেই জাতিসমূহৰে এটা সমৃদ্ধিশালী জাতি চুটিয়াসকল । বৰ্তমান অসমৰ বিভিন্ন ঠাইত এই চুটিয়া জাতিৰ লোকসকল সিঁচৰিত হৈ আছে । তেওঁলোকক অসমৰ ভূমিপুত্ৰ বুলিও কোৱা হয় । কাৰণ তেওঁলোকৰ আদি বাসস্থান আছিল অতীতৰ বিদৰ্ভ নগৰ বা কুণ্ডিল নগৰ আৰু বৰ্তমানৰ শদিয়া অঞ্চল । চুটিয়াসকলে নিজকে ভীষ্মক ৰজাৰ বংশধৰ বুলি দাবী কৰে । পূৰ্বতে চুটিয়াসকল বাস কৰিছিল হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত অৱস্থিত স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলত । স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অহা বাবে তেওঁলোকক স্বাতীয়া বোলা হৈছিল আৰু কালক্ৰমত এই 'স্বাতীয়া'ৰ পৰাই চুটিয়া বা চুতীয়া শব্দৰ সৃষ্টি হ'ল । তাৰপৰা তেওঁলোকে সোৱণশিৰি নদীৰ পশ্চিমলৈ আহি বৰ্তমানৰ লক্ষীমপুৰ জিলাৰ অন্তৰ্গত সোণাগিৰি অঞ্চলত বসতি কৰিবলৈ লয় । তাৰপাছত ক্ৰমান্বয়ে শদিয়া অঞ্চলত । চুটিয়াসকলৰ আদি পুৰুষ আছিল বীৰপাল । পত্নী ৰূপৱতীৰে সৈতে অতি দৰিদ্ৰতাৰে তেওঁ জীৱন অতিবাহিত কৰিছিল । পিছে বীৰপালে এদিন এটা শুভ সমাজিক দেখিলে আৰু তাৰ ফলত এজোপা গছৰ তলত এটা ধন ৰত্নৰ গাগৰিৰে সৈতে এখন ঢাল , এখন তৰোৱাল , এপাত যাঠি আৰু এটা সোণৰ মেকুৰী পালে । এই 'কুবেৰ প্ৰদত্ত সম্পদ'ৰ বলত তেওঁলোক দিনকদিনে ঐশ্বৰ্যশালী হৈ উঠিল আৰু ৰূপৱতীৰ গৰ্ভত এটি সুলক্ষণীয়া পুত্ৰ সন্তানৰ জন্ম হ'ল । নাম ৰাখিলে গৌৰনাৰায়ণ । ডাঙৰ হৈ অহাৰ লগে লগে গৌৰনাৰায়ণ বল , সাহ , বুদ্ধি সকলোতে অদ্বিতীয় পুৰুষ হৈ পৰিল আৰু চুটিয়াসকলে তেওঁৰ ওচৰত মূৰ দোঁৱাবলৈ ধৰিলে । এনেকৈয়ে তেওঁ চুটিয়াসকলৰ প্ৰথমজন ৰজা হৈ পৰিল আৰু নিজ বাহুবলেৰে কাষৰ পৰ্বতীয়া জাতিবিলাকক অধীন কৰি ক্ৰমে চুতীয়া ৰাজ্যৰ সীমা বঢ়াবলৈ ধৰিলে । ১২২৩ খ্ৰীঃত ৰত্নপুৰত নতুনকৈ ৰাজধানী পাতি ৰত্নধ্বজপাল নাম গ্ৰহণ কৰে । বুৰঞ্জীৰ তথ্য অনুসৰি আদিতে মাত্ৰ ৬০ ঘৰ মানহে চুটিয়া লোক আছিল । কিন্তু ৰত্নধ্বজপালে ৰাঙলগিৰি পৰ্বত , কালগিৰি পৰ্বত , নীলগিৰি পৰ্বত , ধৱলগিৰি পৰ্বত , চন্দ্ৰগিৰি পৰ্বত আদি পৰ্বতীয়া ৰাজ্যবোৰ দখল কৰি চুটিয়া ৰাজ্যৰ পৰিসৰ বঢ়াই তোলে । তেওঁৰ শাসনকালতে কমতা ৰাজ্যৰ ৰজাৰ লগতো মিত্ৰতাৰ সম্পৰ্ক স্থাপন হৈছিল যাৰ ফলশ্ৰুতিত কমতা কুঁৱৰীক ৰত্নধ্বজপালৰ পুত্ৰ বিজয়ধ্বজপাললৈ বিয়া দিছিল । প্ৰথমাৱস্থাত সেই সময়ৰ কমতাপুৰৰ ৰজা নীলধ্বজে তেওঁৰ কন্যাক ৰত্নধ্বজপালে বোৱাৰী হিচাপে পাবলৈ প্ৰস্তাৱ আগবঢ়াওতে পোনচাতেই সেই প্ৰস্তাৱ নাকচ কৰিছিল । কিন্তু পৰাক্ৰমী ৰত্নধ্বজপালে এই কথাত অপমানবোধ কৰি কমতাপুৰ আক্ৰমণৰ পৰিকল্পনা কৰি ৰাজআলি বন্ধাই কমতাপুৰৰ সীমালৈকে আগবাঢ়ি আহিছিল । তেতিয়া কমতাৰাজ নীলধ্বজে যুদ্ধৰ আশংকা কৰি চুটিয়া ৰজালৈ সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায় আৰু তেওঁৰ সবাতোকৈ সুন্দৰী কন্যাগৰাকীক সালংকৃতা কৰি ৰত্নধ্বজৰ পুত্র বিজয়ধ্বজপাললৈ বিয়া দিছিল । সেইদৰে গৌড়দেশৰ 'পাৎছাৰ' সৈতেও সুসম্পৰ্ক গঢ়ি তুলিছিল । ৰত্নধ্বজপালে তেওঁৰ এটি পুত্ৰক গৌড়দেশলৈ শিক্ষা-দীক্ষা আহৰণৰ নিমিত্তে পঠাইছিল যদিও দুৰ্ভাগ্যবশতঃ গৌড়েশ্বৰৰ তত্বাৱধানতে তেওঁৰ মৃত্যু ঘটাত স-সন্মানেৰে মৃতদেহটি চুটিয়া ৰাজধানীলৈ পঠিয়াই দিয়ে । সেই সময়ত ৰত্নধ্বজে সিন্ধুক্ষেত্ৰত এখন নগৰ স্থাপনৰ যো-জা কৰিছিল । পিছে সেই ঠাইতে ৰজাই পুত্ৰৰ শৱদেহটি সৎকাৰ কৰি মৈদাম বন্ধাই বেজাৰৰ সোঁৱৰণি স্বৰূপে তাৰ চলন্তা নাম 'পাল শৱ দিয়া' ৰাখিলে যাৰ অৰ্থ পাল ৰজাৰ শৱ দিয়া ঠাই । কালক্ৰমত মানুহৰ মুখ বাগৰি সেই ঠাইৰ নাম 'পাল শৱ দিয়া'ৰ সলনি 'শদিয়া' হ'লগৈ । ১৩০৫ খ্ৰীষ্টাব্দত ৰত্নধ্বজপালৰ মৃত্যু ঘটে । তেওঁৰ পাছত বিজয়ধ্বজপাল ৰজা হয় । তেওঁৰ পাছত একাদিক্ৰমে বিক্ৰমধ্বজপাল , গৰুড়ধ্বজপাল , শংখধ্বজপাল , মউৰধ্বজপাল , জয়ধ্বজপাল আৰু কৰ্মধ্বজপাল নামেৰে সাতজন ৰজাই ৰাজত্ব কৰে । কৰ্মধ্বজপালৰ পাছত ধৰ্মধ্বজপাল ৰজা হয় । এইজন ৰজা বহুকাললৈ নিঃসন্তান আছিল । সন্তান লাভৰ আশাৰে অনেক দেৱ-দেৱীক পূজা-অৰ্চনা কৰি অৱশেষত এটি কন্যা সন্তান লাভ কৰে । বহু সাধনাৰ ফলত কন্যাটি লাভ কৰাৰ বাবে নাম ৰাখে 'সাধনী' । সাধনী কুঁৱৰী বৰ ৰূপৱতী আৰু গুণৱতী আছিল । বয়স বাঢ়ি অহাৰ লগে লগে সেই ৰূপ-গুণ আগতকৈও বাঢ়িবলৈ ধৰে। সেয়ে ধৰ্মধ্বজপাল ৰজাই কন্যাৰ বিবাহৰ নিমিত্তে উপযুক্ত বৰৰ সন্ধান কৰিবলৈ ধৰিলে । কিন্তু সময়ত উপযুক্ত পাত্ৰ নাপাই তেওঁ চিন্তান্বিত হ'ল । তেওঁ আক্ষেপেৰে মন্ত্ৰী পৰিষদৰ আগত ব্যক্ত কৰিলে ― " সাধি সাধি সাধনীক পালো , সাধনীক থ'বলৈ ঠাই নাপালো ।" শেষত ৰজাই প্ৰাচীন ভাৰতৰ ৰজা-মহাৰজাসকলৰ দৰে সয়ম্বৰ আয়োজনৰ মনস্থ কৰে । এনে ভাৱনা মনত লৈয়েই এদিন তেওঁ অকলশৰে 'পাল শৱ দিয়া' মৈদামৰ ফালে যাওঁতে মৈদামৰ ওপৰত এটা কেৰ্কেটুৱা অহা-যোৱা কৰি থকা দেখিলে । খেদিলেও কেৰ্কেটুৱাটো নাযায় । ৰজাৰ এনে লাগিল – কেৰ্কেটুৱাটোৱে কেৱল ৰজাকে নহয় , তেওঁলোকৰ উপৰিপুৰুষকো যেন উপহাস কৰিছে । এনে সময়তে তেওঁৰ মনলৈ পণ আহিল ― " যিজনে একেপাট কাড়েৰে কেৰ্কেটুৱাটো শালি মাটিত পেলাবহি পাৰিব তেওঁলৈকে সাধনী আইদেউক বিয়া দিব ।" সেই উদ্দেশ্যে মৈদামৰ টোলতে সাধনীৰ সয়ম্বৰৰ আয়োজন কৰা হ'ল । সুন্দৰী-গুণৱতী সাধনীক লাভ কৰিবৰ নিমিত্তে এজনৰ পাছত এজনকৈ বীৰ ৰাজপুৰুষ সকল আগবাঢ়ি আহি কেৰ্কেটুৱাটো শালিবলৈ ধনু-কাঁড় জুৰিলে । কিন্তু কোনোজনেই সফল নহৈ বিমৰ্ষ মনেৰে ওভটি গ'ল । সদৌ শেষত নিতাই নামৰ এটি সাধাৰণ চুটিয়া ঘৰৰ ল'ৰাই একেপাট শৰেৰে কেৰ্কেটুৱাটো বিন্ধি মাটিত পেলালেহি । এনে এক দুদোল্যমান মানসিক অৱস্থাত ৰজাই নিজৰ প্ৰতিজ্ঞাৰ কথা সুঁৱৰি সাধাৰণ ঘৰৰ ল'ৰা নিতাইক সাধনীৰ স্বামীবৰণ কৰোৱালে । ৰজা ধৰ্মধ্বজে যিহেতু সাধনীৰ লগতে ৰাজসিংহাসনো দিম বুলি প্ৰতিজ্ঞা কৰিছিল , সেয়ে নিজৰ শিৰৰ পৰা ৰাজমুকুট খহাই সাধাৰণ ডেকা নিতাইৰ মূৰত পিন্ধাই দি ৰজাৰ মৰ্যদা দিলে আৰু লগতে কুবেৰ প্ৰদত্ত সম্পদসমূহ তেওঁক প্ৰদান কৰি ৰাজসিংহাসনৰ অধিপতি কৰিলে । ৰাজবংশৰ ৰীতি অনুসৰি নিতাই নামটো সলাই নীতিপাল নাম গ্ৰহণ কৰি চুটিয়া ৰাজ্যৰ ৰজা হৈ পৰিল । নীতিপালেই চুটিয়াসকলৰ অন্তিম ৰজা । সাধাৰণ ঘৰৰ ল'ৰা হোৱাৰ বাবে ৰাজনীতি বা ৰাজ্যৰ শাসন সম্পৰ্কীয় বিষয়ত তেওঁৰ কোনো জ্ঞান নাছিল । সেয়ে সাধনী আৰু পিতৃ ধৰ্মধ্বজে প্ৰথমাৱস্থাত তেওঁক শাসনকাৰ্যত যথেষ্ট দিহা-পৰামৰ্শ দি সহায়-সহযোগিতা আগবঢ়াইছিল । "ৰজা নীতিপাল সাহসী , দক্ষ যোদ্ধা আছিল কিন্তু ৰাজনীতিৰ বিচক্ষণতা তেওঁৰ নাছিল । প্ৰথমাৱস্থাত প্ৰজাবৎসল ৰজা হৈ প্ৰজাৰ হিতাৰ্থে আলি-পদূলি বান্ধি , পুখুৰী খন্দাই প্ৰজাৰ উপকাৰ সাধন কৰিছিল , কিন্তু ষড়যন্ত্ৰৰ পিছত কঠোৰ হৈ পৰে । ৰাজকন্যা সাধনী সাহসী , বুদ্ধিমতী আৰু ৰাজকাৰ্যত অভিজ্ঞতা সম্পন্না হ'লেও তেওঁৰ সকলো কথা নীতিপালে নামানিছিল । হয়তো সেই কালৰ পুৰুষ অহমিকাৰে তেওঁ পৰিচালিত হৈছিল ।" ― ( 'সাধনীৰ পৰা চন্দ্ৰপ্ৰভালৈ' , দময়ন্তী গগৈ ) পিছলৈ নীতিপালে নিজৰ খেয়াল-খুচিৰে ৰাজ্য শাসন কৰিবলৈ ধৰে । আনকি পূৰ্বৰ সাধাৰণ লগৰীয়াসকলৰ লগত ঘনিষ্ঠতা বজাই ৰখাৰ ওপৰিও তেওঁলোকক ৰাজসভাৰ ডাঙৰ ডাঙৰ বিষয়-বাববোৰ যাচি আগৰ মন্ৰীপৰিষদক অৱজ্ঞা কৰিবলৈ ধৰিলে । বহুতে অৱশ্যে আগতেই পদত্যাগ কৰি আঁতৰি গৈছিল । লাহে লাহে নীতিপাল ৰাজন্যবৰ্গ আৰু সাধাৰণ প্ৰজাৰ অপ্ৰিয়ভাজন হ'বলৈ ধৰে । ৰাজ্যত ৰজাৰ অন্যায়-উপদ্ৰৱ বাঢ়িবলৈ ধৰিলে । প্ৰজাই নীতিপালৰ সলনি অনীতিপাল নাম দি ৰজাক গৰিহণা দিবলৈ ধৰিলে । আনফালে ৰাজপৰিয়ালৰ ৰাজপাট দাবীদাৰ কোঁৱৰসকল স্বাভাৱিকতেই ক্ষুন্ন হৈ পৰিল আৰু নীতিপালক সিংহাসনচ্যুত কৰিবলৈ ষড়যন্ত্ৰত নামে । চুটিয়া ৰাজ্যৰ এনে দুৰৱস্থাৰ বাতৰি গৈ চুবুৰীয়া আহোম ৰজাৰ কাণত পৰিলগৈ । ফ্ৰাচেংমুং বৰগোহাঞিয়ে চুহুংমু‍ং ৰজাক পৰামৰ্শ দিছিল – " চুটিয়া দেশ মাৰিলে অনেক বৃত্তি পাই ।" কাৰণ চুটিয়াসকলৰ মাজত অনেক বৃত্তিধাৰী লোক আছিল । তাঁতী , সোণাৰী , ৰাজ খনিকৰ , কমাৰ , তেলী , মালী , ধোবা আদি । এওঁলোক স্থাপত্য-ভাস্কৰ্য শিল্পতো অতি চহকী আছিল । তাম্ৰেশ্বৰী মন্দিৰ বা কেঁচাইখাতী থান , ম'ৰা চৰাইৰ সৈতে বিষ্ণুমূৰ্তি , শিৱ-পাৰ্বতীৰ মূৰ্তি আদিয়ে তাৰেই প্ৰমাণ দিয়ে । আনকি তেওঁলোকে হিলৈ-বৰটোপো ব্যৱহাৰ কৰিব জানিছিল ‌। সেয়ে সুযোগৰ সদ্ ব্যৱহাৰ কৰি স্বৰ্গদেউ চুহুংমু‍ঙে ফ্ৰাচেংমুং বৰগোহাঞি আৰু ক্লিংলুন ৰাজমন্ত্ৰীক ১৫২৩ খ্ৰীষ্টাব্দত চুটীয়া ৰাজ্য আক্ৰমণৰ বাবে পঠায় । চুটিয়াসকলৰ লগত আহোমৰ কেইবাখনো যুদ্ধ হয় । এখন যুদ্ধতো জয় লাভ কৰিব নোৱাৰি চেঁচামুখ দুৰ্গৰ পৰা পিছ হুহুকি গৈ গৈ শদিয়ালৈকে পিছুৱাই যাবলৈ বাধ্য হয় । উপায়হীন হৈ ৰজা নীতিপালে সন্ধিৰ প্ৰস্তাৱ আগবঢ়ালে।। আনকি আহোম ৰজালৈ প্ৰস্তাৱৰ লগতে এখন সোণৰ পীৰা , এখন নিমজ কাঠৰ পীৰা , কম্বল আদিও উপহাৰ হিচাপে আগবঢ়ায় । কিন্তু আহোম ৰজাই চুটিয়াসকলৰ কুবেৰ প্ৰদত্ত সম্পত্তি , দহটা হাতী , মাখুন্দী আদি বহুমূলীয়া বস্তু বিচাৰে । নীতিপালে সেইয়া দিবলৈ অমান্তি হোৱা বাবে পুনৰ যুদ্ধ ঘোষণা কৰে । যুদ্ধত পৰাজিত হৈ নীতিপাল আৰু সাধনী কুঁৱৰী সহিতে সৈন্যগণ চন্দনগিৰি পৰ্বতত আশ্ৰয় লয় । চুটিয়া সেনাই শিল দলিয়াই , বগৰাই বহু আহোম সৈন্যক বধ কৰে যদিও অৱশেষত মন্ত্ৰী সহিতে নীতিপালক আহোম সেনাই বধ কৰে । পৰাজয়ৰ সন্তাপ সহিব নোৱাৰি ৰাণী সাধনীয়ে কুবেৰ প্ৰদত্ত সম্পত্তি বুকুত সাৱটি চন্দনগিৰি পৰ্বতৰ পৰা তলৰ কুণ্ডলৈ জপিয়াই আত্মহত্যা কৰে । এনেকৈয়ে দিহিং- সোৱণশিৰি উপত্যকাত সুদীৰ্ঘকাল শাসন কৰি স্বকীয় সভ্যতা--সংস্কৃতিৰ পৰিচয় দিয়া চুটিয়া জাতিৰ গৌৰৱৰবি চিৰদিনলৈ মাৰ যায় । আহোম ৰজাই চূটিয়াসকলে যাতে পুনৰ একত্ৰিত হৈ বিদ্ৰোহ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বিভিন্ন ঠাইত তেওঁলোকক সিঁচৰিত কৰি দিয়ে আৰু 'শদিয়াখোৱা গোহাঞি'ক অধিকৃত অঞ্চলৰ শাসনকৰ্তা পাতে । এই যুদ্ধতেই ৰাণী সাধনী কুঁৱৰীৰ স্বদেশপ্ৰেম , জাতিপ্ৰেম আৰু স্বাধীনচিতীয়া মনোভাৱৰ উমান পোৱা যায় । আহোম সেনাৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি চন্দনগিৰি পৰ্বতত আশ্ৰয় লৈ আছিল তেতিয়া সাধনীৰ লগতে ১২০ গৰাকী কুঁৱৰীয়েও শিল বগৰাই বিৰোধী পক্ষৰ সৈন্যক বধ কৰিছিল । সেই দৃষ্টিৰে অসম মুলুকত সাধনীয়েই আছিল নাৰী সেনা বাহিনী গঠন কৰা প্ৰথম বীৰঙ্গনা । তাৰোপৰি দেওধাই অসম বুৰঞ্জীত সন্নিবিষ্ট 'চুতীয়াৰ কথাত উল্লেখ আছে, ফ্ৰাচেংমুং বৰগোহাঞিয়ে চলনা কৰি কিছু সৈন্যক ঘিলা গছত বগুৱাই পৰ্বতৰ ওপৰত ঢোল বজাবলৈ দিলেগৈ । সেইদিনা আছিল সাত ব'হাগৰ বিহুৰ দিন । ঢোলৰ মাত শুনি চুটিয়া সৈন্য চঞ্চল হৈ পৰিল । কাৰণ বিহু চুটিয়াসকলৰ বাপতি সাহোন উৎসৱ আৰু সেয়ে স্বাভাৱিকতে বিহু বলিয়া জাতি । তাৰোপৰি ঢোল বজোৱাটো যুদ্ধ জয়ৰ প্ৰতীক আছিল । সেয়ে চুটিয়াসকলে যুদ্ধত জিকিছে বুলি ভাবি ৰজা-ৰাণী সহ সৈন্যসকল বাহিৰলৈ ওলাই আহিছিল আৰু কেওফালৰ পৰা শত্ৰুৰ আক্ৰমণৰ বলি হৈ নীতিপাল ৰজা , মন্ত্ৰী আদি মৃত্যুমুখত পৰিছিল । ৰাণী সাধনীৰ দেশৰ বাবে কৰা এই আত্মবলিদানৰ কাহিনীয়ে আমাক স্বদেশৰ প্ৰতি দায়বদ্ধ হ'বলৈ অনুপ্ৰাণিত কৰে । ভাৰতৰ অন্যান্য বীৰঙ্গনাৰ দৰে এইগৰাকী মহীয়সী নাৰীৰ জীৱন কাহিনী নৱপ্ৰজন্মই জনা উচিত যাতে সকলোৱে তেওঁৰ পৰিচয় পায় আৰু এসময়ৰ এই সুসভ্য জাতিটোৰ সম্পৰ্কে সম্যক জ্ঞান লাভ কৰিব পাৰে । তাৰোপৰি অসমৰ এইগৰাকী বীৰঙ্গনাৰ আত্মত্যাগৰ কাহিনী ভাৰতৰ প্ৰান্তে প্ৰান্তে প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ প্ৰয়োজন । " সাধনীৰ আত্মত্যাগ , স্বাধীনতা , প্ৰেম , ঐতিহ্য প্ৰীতি , সাহসিকতাই তেওঁক সতী নাৰীৰ ঠেক গণ্ডীৰ ভিতৰত আবদ্ধ কৰি ৰখা নাই , বীৰঙ্গনাৰ উজ্জ্বল জ্যোতিৰে তেওঁক উজ্জ্বলিত কৰিছে । পিছৰ যুগৰ নাৰী সমাজত সেই কাৰণে তেওঁ এগৰাকী পাথেয় হৈ ৰ'ব । " ( ড০ স্বৰ্ণলতা বৰুৱা , চুতীয়া জাতিৰ বুৰঞ্জী , পটভূমিকা পৃষ্ঠা : ১৫৫ ) নাৰী সমাজৰ শ্ৰদ্ধাৰ প্ৰতীক এইগৰাকী বীৰঙ্গনা নাৰীৰ আত্মবলিদানৰ দিনটো আছিল ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব'হাগ আৰু এই দিনটোতেই তেওঁক শ্ৰদ্ধাৰে সুঁৱৰি সমগ্র অসমতে প্ৰতি বছৰে সতী সাধনী দিৱস পালন কৰা হয় । আমিও এই আপাহতে চুটিয়া জাতিৰ শেষ ৰাণী তথা ত্যাগৰ মূৰ্ত প্ৰতীকগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছো ।



[ আলম লৈ ―
১) অসমৰ বুৰঞ্জী , পদ্মনাথ গোহাঞি বৰুৱা
২) অসম বুৰঞ্জী , পদ্মেশ্বৰ নাওবৈছা ফুকন
৩) সাধনীৰ পৰা চন্দ্ৰপ্ৰভালৈ , দময়ন্তী গগৈ
৪)  ইন্টাৰনেট ]



নয়ন মণি দাস               

সম্পাদক           

   





                                                                 

 পূৰবী চুতীয়া ,

সহ : সম্পাদকদ্বয়





        






  মালব্য দাস                                                                                       

   সহ : সম্পাদকদ্বয়                      

Post a Comment

0 Comments