header ads

অসমীয়া প্ৰবন্ধ, বৰ্তমান সময়ত পঞ্চাশ পইচাৰ মুদ্ৰাৰ প্ৰাসংগিকতা, শ্ৰী হিৰেণ চন্দ্ৰ মেধী

 

           

        মুদ্ৰাস্ফীতি সাধাৰণ জনতাৰ বাবে এটা সাঁথৰ । ই কি (?) আৰু কেনেদৰে সংঘটিত হয় তাক বুজি নাপায় । এই মুদ্ৰাস্ফীতিয়ে একোখন দেশৰ প্ৰচলিত মুদ্ৰা আৰু নোটৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পেলায় । যাৰ বাবে একোখন দেশৰ পৰা প্ৰচলিত কিছুমান মুদ্ৰা আৰু নোট চিৰদিনৰ বাবে হেৰাই যায় । ইয়াৰ প্ৰভাৱত ভাৰতত প্ৰচলিত এক পইচা , দুই পইচা , তিনি পইচাৰ মুদ্ৰা ১৯৭৬ / ৭৭ মানত চিৰদিনৰ বাবে নোহোৱা হৈ যায় । প্ৰচলিত হৈ থাকে পাঁচ পইচা , দহ পইচা , বিশ পইচা , পচিশ পইচা , পঞ্চাশ পইচা , এটকা আৰু দুটকাৰ মুদ্ৰা ।  নব্বৈৰ দশক মানত ইয়াৰে পাঁচ পইচা , দহ পইচা , বিশ পইচা , পচিশ পইচা আৰু পঞ্চাশ পইচাৰ মুদ্ৰাও বন্ধ হৈ যায় । পৰবৰ্তী সময়ত এটকীয়া , দুটকীয়াৰ নোটখনো   চিৰদিনৰ বাবে হেৰাই যায় যদিও ইয়াৰ পৰিৱৰ্তে এক , দুই , পাঁচ আৰু দহটকীয়া মুদ্ৰাৰ আবিৰ্ভাৱ হয় । কথাটো হ'ল বৰ্তমান সময়ত বন্ধ হৈ যোৱা পঞ্চাশ পইচাৰ মুদ্ৰাৰ প্ৰাসংগিকতা , এৰাব নোৱাৰা ধৰণৰ হৈয়েই আছে ; যদিওবা মুদ্ৰাটো নাই । কাৰণ বৰ্তমান সময়তো বজাৰত ঊপলব্ধ হৈ আছে পঞ্চাশ পইচা দামৰ চকলেট , বিস্কুট ।
       কথাটো হ'ল আমি এনে চকলেট এটা বা বিস্কুট এখন কিনি খাব নোৱাৰোঁ । কাৰণ আমাৰ হাতত পঞ্চাশ পইচাৰ মুদ্ৰাটো নাই । তেনে ক্ষেত্ৰত মানুহজনে অপ্ৰয়োজনীয় ভাৱে দুটা চকলেট বা দুখন বিস্কুট কিনি খাব লাগিব ।
        ইয়াৰ উপৰিও এক কিলোগ্ৰাম চেনিৰ মূল্য ৪৫ টকা । আধা কিলোৰ মূল্য ২২.৫০টকা । এতিয়া গ্ৰাহক জনক আধা কিলো চেনি লাগিলে তেওঁ ২৩.০০ টকাৰ চেনি আনিব লাগিব অৰ্থাৎ ৫০ পইচা এটি বেছিকৈ দিব লাগিব অথবা দোকানীজনে পঞ্চাশ পইচাটো এৰি দিব লাগিব । এনে বহুত উদাহৰণ দোকান বা বজাৰত পোৱা যায় । সেয়ে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব লাগিলে ' ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই ' পঞ্চাশ পইচাৰ মুদ্ৰাৰ প্ৰচলন কৰিব লাগে , নহ'লে চৰকাৰে আইন কৰি এনে সমস্যা সমাধানৰ অৰ্থে এক , তিনি , পাঁচ , সাত বা ন এককৰ ঘৰত থকা মূল্য নিৰ্ধাৰণ নিষিদ্ধ কৰিব লাগে । 




শ্ৰী হিৰেণ চন্দ্ৰ মেধী ,
সহকাৰী শিক্ষক ,
বৰটাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় ,

শিক্ষাখণ্ড: ছয়গাঁও ।

Post a Comment

0 Comments