header ads

ই-আলোচনী জ্ঞানম তত্বাৱধায়িকাৰ একলম

 

    “ ইতিবাচক দৃষ্টিভংগীয়ে মানুহৰ সপোন সাকাৰ কৰি তোলাত আটাইতকৈ বেছি ভূমিকা গ্ৰহণ কৰে । কাৰণ ইতিবাচক চিন্তাৰ পৰাই ইতিবাচক শক্তিৰ জন্ম হয় । ” — ডেভিড বেইলী

       পোনতে ' শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ তৰফৰ পৰা আপোনাসৱলৈ অসমীয়া নৱবৰ্ষ তথা বাপতিসাহোন ৰঙালী বিহুৰ অলেখ শুভকামনা জনালোঁ । বছৰটো সকলোৰে বাবে সুখৰ হওক ,  সমৃদ্ধিৰে উপচি পৰক ।

       শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা , কামৰূপৰ সহযোগত প্ৰকাশিত ই-আলোচনী জ্ঞানম ৩য় বছৰ ৩য় সংখ্যাৰ ' তত্বাৱধায়কৰ কলম ’ শিতানত ‘ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সহঃবিদ্যায়তনিক গুণৰ বিকাশত শনিবৰীয়া সংঘৰ ভূমিকা ’ সম্পৰ্কে চমু অৱলোকন আগবঢ়াবলৈ লৈছোঁ ।

       ছাত্ৰ-ছাত্ৰীসকলক কেৱল শ্ৰেণীকোঠাৰ ভিতৰতে সীমাবদ্ধ নাৰাখি বিভিন্ন সহঃবিদ্যায়তনিক ক্ৰিয়াকলাপ , খেল-ধেমালি আদিৰ যোগেদি সৃজনীশীলতাৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । বিদ্যায়তনিক দিশত যেনেকৈ এগৰাকী শিশুৰ সৰ্বাঙ্গীণ বিকাশত অধিক গুৰুত্ব প্ৰদান কৰা হয় , ঠিক তেনেদৰে বৰ্তমান সমাজ ব্যৱস্থাত সহঃ বিদ্যায়তনিক দিশতো সমানে গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি । 

       বিদ্যালয়ৰ বিদ্যায়তনিক আৰু সহঃবিদ্যায়তনিক কাৰ্যসমূহত সমাজৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে শিক্ষা বিভাগে সময়ে সময়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে । এইক্ষেত্ৰত সমাজ বুলি কওঁতে সাধাৰণতে বিদ্যালয়খনৰ বিদ্যালয় পৰিচালনা সমিতি , মাতৃগোট , শনিবৰীয়া সংঘ , অভিভাৱক-শিক্ষক সংস্থা , স্থানীয় ৰাইজ আদিকে বুজোৱা হৈছে যদিও এই সংখ্যাত শনিবৰীয়া সংঘৰ কাৰ্যাৱলী সম্পৰ্কে কিছু আলোচনা আগবঢ়োৱাৰ প্ৰয়াস কৰা হৈছে ।

       চৰকাৰী তথা প্ৰাদেশিকৃত বিদ্যালয়ত যিহেতু ছাত্ৰ-ছাত্ৰীৰ সহঃবিদ্যায়তনিক গুণৰ বিকাশত সমানে সুবিধা প্ৰদানৰ ব্যৱস্থা পৰ্যাপ্ত নহয় , সেয়েহে শনিবৰীয়া সংঘৰ অংশগ্ৰহণৰ জড়িয়তে সহঃ বিদ্যায়তনিক দিশত কিছুপৰিমাণে হ’লেও অভাৱ লাঘৱ কৰিব পৰা যাব বুলি আশা কৰিব পাৰি । অৱশ্যে কিছুসংখ্যক বিদ্যালয়ত নিজাববীয়াকৈ এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।
সেয়া অত্যন্ত শুভ লক্ষণ ।

শনিবৰীয়া সংঘ গঠনৰ উদ্দেশ্যসমূহ মূলতঃ  

   ক) শিশুৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে পৰিবেশ গঢ়ি তোলা ,
   খ) খেল-ধেমালি আৰু বিভিন্ন ক্ৰিয়াকলাপৰ জৰিয়তে শিক্ষাৰ ধাৰাবাহিকতা অব্যাহত ৰখা ,
   গ) বিদ্যালয়খন আমনিদায়ক স্থানৰ পৰিৱৰ্তে আনন্দদায়ক স্থানলৈ উন্নীত কৰা ,
   ঘ) বিদ্যালয়কেন্দ্ৰিক ক্ৰিয়া-কলাপৰ ক্ষেত্ৰত সামাজিক দায়বদ্ধতাৰ লগতে সচেতনতা বৃদ্ধি কৰা ,
   ঙ)আমোদ-প্ৰমোদৰ কাৰ্যসূচীত আত্মনিয়োজন কৰাৰ সুবিধা প্ৰদান কৰা  আদি ।
       তাৰোপৰি শনিবৰীয়া সংঘই প্ৰাতঃসভাৰ কাৰ্যসূচী আৰু মধ্যাহ্ন ভোজন আদিৰ লগতে শিশুসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । প্ৰতি শনিবাৰে পাঠদান সমাপ্তিৰ পিছত অৰ্থাৎ দিনৰ ১২ বজাৰ পিছত বিষয় অনুসৰি অভিজ্ঞ সমল ব্যক্তিক নিমন্ত্ৰণ কৰি বিভিন্ন ক্ৰিয়া-কলাপ অনুষ্ঠিত কৰিব পাৰে । 

শনিবৰীয়া সংঘই কি কি কাৰ্য-কলাপ কৰিব পাৰে ?

১) প্ৰাতঃসভাৰ অনুশীলন :-
 
       শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি প্ৰাতঃসভাৰ পূৰ্ণাংগ অনুশীলন কৰোৱা আৰু  প্ৰাতঃসভাত দৃষ্টি গোচৰ হোৱা ভুল-ত্ৰুটিসমূহ আঁতৰাবলৈ চেষ্টা কৰিব পাৰে । মহৎ লোকৰ বাণী আৰু নেওতা  মুখস্থ কৰোৱা , নীতি-শিক্ষামূলক বক্তব্য , সংকল্প গ্ৰহণ , বাতৰি-কাকত পঢ়াৰ অভ্যাস গঠন কৰা ইত্যাদি ।

২) সাংস্কৃতিক ক্ৰিয়া-কলাপ :-

       আবৃত্তি , ভংগীমা গীত , আকস্মিক বক্তৃতা , সাধু কথা কোৱা , নৃত্য-গীত , নাটক , কুইজ আদিৰ অনুশীলন কৰোৱা । স্থানীয়ভাৱে প্ৰচলিত জনপ্ৰিয় লোকগীত , লোকনৃত্য , সত্ৰীয়া নৃত্য , বিষ্ণু, জ্যোতি , ভূপেন্দ্ৰ  সংগীত বা এনেধৰণৰ গীতক অগ্ৰাধিকাৰ প্ৰদান কৰি স্থানীয় সমল ব্যক্তিৰ দ্বাৰা অনুশীলন কৰোৱা । পাঠ্য-পুথি বা অন্যান্য জনপ্ৰিয় সৰু সৰু নাটৰ সংলাপসমূহ মুখস্থ কৰোৱা , সাধু বা গল্প পুথি সংগ্ৰহ কৰি পঢ়াৰ অভ্য্যস কৰোৱা আদি ।

৩) শাৰিৰীক ক্ৰিয়া কলাপ :-

       লঘু ব্যায়াম , সমল আসন , খেল-ধেমালি আদিৰ জৰিয়তে শিশুসকলৰ শাৰীৰিক , মানসিক বিকাশৰ লগতে নেতৃত্ব দিয়াৰ কৌশল , শৃংখলাবদ্ধতা আৰু বন্ধুত্বপূৰ্ণ মনোভাৱৰ বিকাশ সাধন কৰা । এই ক্ষেত্ৰত বিভিন্ন ব্যায়াম আৰু আসনৰ লগতে খেল-ধেমালিত পাৰ্গত স্থানীয় সমল ব্যক্তিৰ সহায় লোৱা ইত্যাদি ।

৪) কলা শিক্ষা :-

       ছবি অঁকা , ক'লাজ তৈয়াৰ কৰা , বাঁহ-বেতৰ খৰাহি , বিচনি সজা আদি হস্তশিল্পজাত কাৰ্য-কলাপৰ জৰিয়তে সৃজনীশীল মানসিকতা গঢ়ি তোলা , নতুনত্ব আৰু সৌন্দৰ্য সৃষ্টিমূলক কৌশল শিকোৱা , স্বাৱলম্বী হোৱাত অনুপ্ৰেৰণা যোগোৱা আদিয়ে প্ৰধান ।
       ইয়াৰ উপৰিও গ্ৰীষ্মকালীন শিবিৰ , প্ৰকল্প ৰূপায়ণ , ক্ষেত্ৰ ভ্ৰমণ , স্বাস্থ্য সজাগতা , আৱৰ্জনা নিষ্কাশন , জৈৱ-বৈচিত্ৰ্য সম্পৰ্কীয় কাৰ্যকলাপ ৰূপায়ণৰ সময়ত শনিবৰীয়া সংঘই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে ।

       শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশৰ লগতে শাৰীৰিক বিকাশ নিত্যান্তই প্ৰয়োজনীয় । শিশুৰ দেহ-মন পুলকিত কৰি ৰাখিবলৈ হ’লে শিশুসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন অতি জৰুৰী ।
       আহক , আমি সকলোৱে মিলি কামৰূপ জিলাৰ প্ৰতিখন বিদ্যালয়ত শনিবৰীয়া সংঘ গঠন কৰি শিক্ষক-শিক্ষয়িত্ৰী সকলৰ তত্বাৱধানত আৰু বিদ্যালয় পৰিচালনা সমিতিৰ  সহযোগত ছাত্ৰ-ছাত্ৰীৰ সহঃবিদ্যায়তনিক গুণৰ বিকাশত শনিবৰীয়া সংঘৰ সক্ৰিয় অংশগ্ৰহণ সুনিশ্চিত কৰোঁ ।
       এই আশা আগত ৰাখিয়েই তত্বাবধায়কৰ দু-আষাৰ সামৰণি মাৰিছোঁ ।
       সদৌশেষত তৃতীয় বৰ্ষৰ ৩য় সংখ্যা যথা সময়ত প্ৰকাশৰ ক্ষেত্ৰত প্ৰস্তুতি সম্পূৰ্ণ কৰা বাবে সম্পাদনা সমিতিৰ লগতে শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা , উপদেষ্টামণ্ডলী আৰু সন্মানীয় সমূহ সদস্য-সদস্যালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ  জ্ঞাপন কৰিছোঁ । আলোচনীখনলৈ লেখা , ছবি , সাঁথৰ , কুইজ ইত্যাদি প্ৰেৰণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰা প্ৰতিগৰাকী শ্ৰদ্ধাৰ লেখক আৰু ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
       আলোচনীখন প্ৰকাশ কৰোঁতে অজানিতে ৰৈ যোৱা ভুল-ত্ৰুটিৰ মাৰ্জনা বিচাৰিছোঁ । ই-আলোচনী জ্ঞানমে শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ গৱেষণাধৰ্মী , সৃষ্টিশীল আৰু ভিন্নসুৰী লেখা প্ৰকাশ কৰাৰ লগতে ভাষা-চৰ্চা , মননশীল পঢ়ুৱৈ আৰু নতুন লেখকৰ সৃষ্টিত মনোনিৱেশ কৰাৰ প্ৰয়াসত যৎপৰোনাস্তি চেষ্টা আৰু গুৰুত্ব প্ৰদান কৰি আহিছে । 
       এই ক্ষেত্ৰত আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ।
    আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ ….. 

  শ্ৰদ্ধাৰে ―
          ফুলপাহি নাথ ,
তত্বাৱধায়ক , ই-আলোচনী জ্ঞানম্ আৰু জিলা
আঁচনি বিষয়া , সমগ্ৰ শিক্ষা , কামৰূপ , আমিনগাঁও ।

Post a Comment

0 Comments