header ads

প্ৰবন্ধ, অসমৰ বিভিন্ন অঞ্চলৰ সাজ-পোছাক আৰু আ-অলংকাৰ সংস্কৃতিৰ ওপৰত আলোকপাত, কমলেশ্বৰ ডেকা, ৩য় বছৰ ৩য় সংখ্যা,

 অসমৰ বিভিন্ন অঞ্চলৰ সাজ-পোছাক আৰু আ-অলংকাৰ সংস্কৃতিৰ ওপৰত আলোকপাত







        প্ৰকৃতিৰ নুমলী জীয়ৰী খ্যাত অসমী আইক স্ৰষ্টাই সৃষ্টি কৌশলৰ সকলো মহিমাৰে মনোহৰা মনোৰমকৈ সৃষ্টি কৰিয়েই এৰা নাই , অসমীক প্ৰকৃতিৰ বুকুৰ সকলো সম্ভাৰেৰে ঐশ্বৰ্যশালী কৰিও সৃষ্টি কৰিছিল । অতুল ঐশ্বৰ্য-বিভূতিৰ বাবে পূৰ্বৰে পৰা অসম দেশ 'সোণৰ অসম ' বুলি খ্যাত । বিশেষকৈ এৰী , মুগা , কপাহী আদি বয়ন শিল্প আৰু সোণ-ৰূপৰ অলংকাৰ শিল্পৰ বাবে আৱহমান কালৰ পৰাই অসম ভাৰত বিখ্যাত ।


গা ধুই উঠিয়ে মাকক সুধিলে

আই কি সাজ সলাব পায়

ছাঁতে শুকোৱা মুঠিতে লুকোৱা

সেই সাজ সলাব পায় ।


        অসমৰ পাট-মুগাৰ ছাঁতে শুকোৱা মুঠিতে লুকোৱা সাজে এসময়ত দিল্লী-আগ্ৰাৰ মোগল হেৰেমসমূহতো আলোড়নৰ সৃষ্টি কৰিছিল । চিত্ৰলেখাৰ অপূর্ব সাজপাৰে অনিৰুদ্ধ কোঁৱৰক বিস্ময়-বিমোহিত কৰিছিল । অসমৰ জীয়ৰী-বোৱাৰী সকলোৱেই বয়ন শিল্পত এনে কাজী আছিল যে ৰাতিৰ ভিতৰতে কপাহ নেওঠি , সূতা কাটি , কাপোৰ বৈ উলিয়াই পিছদিনা পুৱা গৃহস্থক সেই কাপোৰ ' কৱচ ' হিচাপে পিন্ধাই যুদ্ধক্ষেত্রলৈ সাজু কৰি পঠিয়াইছিল । অসমীয়া শিপিনীয়ে কাপোৰত তোলা ভমকা-ফুলীয়া ফুলৰ চানেকি দেখি এসময়ত মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল __ " অসমীয়া শিপিনীয়ে কাপোৰত পৰীৰ সাধু ৰচনা কৰিব জানে ।" অসমীয়া পাট , মেজংকৰী , কিংখাপে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ জীয়ৰী-বোৱাৰীসকলক চমক লগাইছিল । লগতে অসমৰ বিভিন্ন অঞ্চলৰ জীয়ৰী-বোৱাৰীসকলে কাপোৰত এই ভমকা-ফুলীয়া নানা তৰহৰ ফুল বাছি চমক লগোৱাৰ উপৰি স্বয়ং-সম্পূৰ্ণ স্বাৱলম্বী হ'বলৈ সক্ষম হৈছিল । আনহাতে পুৰুষ-স্ত্ৰী উভয়ে সুন্দৰ পৰিপাটিকৈ বস্ত্ৰ পৰিধান কৰি নিজকে সাজি-কাচি ধুনীয়া হৈ থকাৰ প্ৰয়াস মন কৰিবলগীয়া । অসমীয়া পোছাক বুলিলে পুৰুষসকলে ধুতী-পাঞ্জাৱী আৰু মহিলাসকলে ৰিহা-মেখেলা পৰিধান কৰাকে সূচায় । উচ্চপদৰ পুৰুষসকলে তাহানি মূৰত ' পাগুৰি ' মাৰিছিল । এই প্ৰথা অনেক কাল ধৰি চলিছিল আৰু এতিয়াও গাঁৱৰ মুখিয়াল লোকে মূৰত পাগুৰি মাৰে , নহ'লেও কাপোৰ এখনকে মেৰিয়াই লয় । বৰ্তমান সময়ত বিশ্বায়নমুখিতা আৰু যান্ত্রিকতাৰ ফলত বহি:সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ লং-পেণ্ট আৰু টি-ছাৰ্ট পৰিধান কৰিবলৈ লৈছে ।


        মহিলাসকলৰ সামাজিক অৱস্থা , বিবাহিতাভেদে সাজপাৰ কিছু বেলেগ বেলেগ । আদিতে তেওঁলোকে দুপদ কাপোৰ পিন্ধিছিল । এপদ দেহাৰ ওপৰভাগত , এপদ তলভাগত । তললৈ ওলমি থকা পদ কঁকালত , 'নিবিবন্ধ'ৰে বান্ধি ৰখা হৈছিল । গোটেই পোছাকটোৰ ভিতৰত আছিল কঁকালত পিন্ধা এখন মেখেলা , ওপৰত এটা চোলা আৰু আনটো আগ বুকুৰ ওপৰেদি নি কান্ধত পেলাই থোৱা এখন ৰিহা । এই সাজপাৰত নানান ৰকমৰ হাতৰ কাম কৰা হয় আৰু একোযোৰা বিশেষ বিশেষ সাজপাৰে একোগৰাকী তিৰোতাৰ বিশেষ বিশেষ সামাজিক আসনক সূচায় । দুখীয়া-নিচলাসকলে একোযোৰ মেখেলা চাদৰ লৈয়ে সন্তুষ্ট থাকিব লগা হয় । বিবাহিতা তিৰোতাই মূৰত ওৰণি আৰু দুই ভ্ৰুৰ মাজত কপালত ৰঙা সেন্দুৰৰ ফোঁট লৈ নাৰীসুলভ কমনীয়তা বৃদ্ধি কৰা প্ৰথা তাৎপর্যপূর্ণ । কিন্তু বৰ্তমান সময়ৰ পাকচক্রত ৰিহা-মেখেলাৰ স্থান শাড়ী , চুৰিদাৰ আদিয়ে ম্লান কৰা দেখা যায় । মুগা কাপোৰ সাধাৰণতে ধনী লোকসকলে সকলো ঋতুতে আৰু পাট কাপোৰ বিত্তশালী লোকৰ তিৰোতাসকলে পৰিধান কৰা দেখা যায় । উছৱ আদিত পুৰুষসকলেও পাটৰ কাপোৰ পৰিধান কৰে । ধৰ্মীয় অনুষ্ঠানত সাধাৰণতে ৰঙা-নীলা কাপোৰ পিন্ধাটো নিষেধ । ৰান্ধনীসকলে ৰন্ধা-বঢ়া আদি কৰোঁতে ৰঙীন কাপোৰ ব্যৱহাৰ কৰা প্ৰথা কিছুমান পৰিয়ালত এতিয়াও প্ৰচলিত ।


        বিহুৰ বতৰত মুগাৰ মেখেলা-চাদৰৰ লগত মুগাৰ ব্লাউজ আৰু কেছবছা ৰিহা , ৰঙা কপাহী ব্লাউজ আদি বিহুৱতীসকলে পৰিধান কৰা দেখা যায় । আকৌ বিহুৱা ডেকাহঁতৰ মুগাৰ উকা কূৰ্তা , হাত আৰু ডিঙিত ৰঙা পাৰি বা ৰঙা গুটি ফুলৰ পাৰি থকা মুগাৰ কূৰ্তা , মূৰত ৰঙা ফুলৰ গামোচা , নাচিবলৈ সুবিধা হোৱাকৈ চুৰিয়া আদি পৰিধান কৰে ।


        আনহাতে যিদৰে অসমীয়া নাৰীৰ হিয়াৰ আমঠু , সপোনৰ বুটা বাছি সৰগ সজা গামোচাখন অসমীয়া জনজীৱনৰ অবিচ্ছেদ্য অংগ , সেইদৰে তেওঁলোকৰ হেঁপাহৰ ৰঙচুৱা তৰাসদৃশ বুটা সপোনৰ একোখন বিৰাট ফুলাম আকাশ । চেনেহৰ আপোনজনক যাচিব খোজা উপহাৰৰ ভিতৰত হৃদয়ৰ অনুভুতিখচিত গামোচাখন যচাৰ দৰে মূল্যৱান উপহাৰ যেন আন কোনো নাই । গামোচাখনৰ প্ৰতিটো পেচঁতে , প্ৰতিটো ভাঁজতে অন্তৰ্নিহিত হৈ থাকে নাৰীৰ হিয়াৰ অফুৰন্ত মৰম । ভমকাফুলীয়া গামোচাখন গাভৰুসকলৰ সাঁচি থোৱা প্ৰিয়জনৰ বাবে দীঘ আৰু বাণিত খচিত মৰম আৰু চেনেহৰ প্ৰতীকস্বৰূপ । আনহাতে পবিত্র ধৰ্মীয় অনুষ্ঠান , ভাওনা-সবাহ বা নামঘৰ-গোসাঁইঘৰলৈ যাওঁতে ডিঙিত আঁৰি নিয়া প্ৰথা - ' সন্মান আৰু সম্ভাষণৰ প্ৰতীকস্বৰূপ । ' এই গামোচাখনিক ব্যৱহাৰিক আৰু বাহ্যিক দিশৰ পৰা ফুলাম বা বিহুৱা গামোচা , আনাকাটা গামোচা , গোসাঁই গামোচা , দৰাবৰণ গামোচা , বৰ-গামোচা , তিয়নি গামোচা , উকা গামোচা আদি নামেৰে জনা যায় ।


        আ-অলংকাৰ :- এটা সময়ত অসমৰ সকলো ঠাইতে প্ৰচুৰ পৰিমাণে সোণ আৰু ৰূপ পোৱা গৈছিল । অসমৰ সোণাৰীৰ কাৰু-কাৰ্যখচিত সোণ-ৰূপৰ অলংকাৰ অতি আদৰৰ বস্তু । জোনবিৰি , ঢোলবিৰি , কেৰু , জাংফাই , গেজেৰা , থুৰীয়া আদি সকলোৰে অতি আদৰৰ অলংকাৰ । সেয়েহে অতি প্রাচীন কালৰে পৰাই অসমৰ পুৰুষ-মহিলা উভয়ৰ মাজত অলংকাৰৰ প্ৰচলন বাৰুকৈয়ে দেখা যায় । সাধাৰণতে অলংকাৰসমূহ সোণ বা ৰূপেৰে গঢ়া হয় । মূলত: এইবিলাক ভৰি , আঙুলি , বাহু , ডিঙি আৰু কপালত পিন্ধা হয় । ডিঙিত চেপেটা গলপতা আৰু সেই গলপতাৰ মাজতে থকা ' লকেট 'সহ অলংকাৰ তিৰোতাবিলাকে পিন্ধে । দুয়োখন হাতত খাৰু বা বালা পিন্ধা দেখা যায় । কাণত কুণ্ডল আৰু ভৰিত নূপুৰ লগোৱা কিংকিণী অবিবাহিতা গাভৰুসকলেহে পিন্ধে । বিবাহিতা তিৰোতাই চুলিৰ ঠিক তলতে কপালত ললাটিকা পৰিধান কৰা দেখা যায় ।


        বিয়াৰ দিনাখন কইনাৰ উপৰি দৰায়ো বাধ্যতামূলক হিচাপে গলত সোণৰ হাৰ আৰু হাতৰ আঙুলিত আঙুঠি পিন্ধা দেখা যায় । বিশেষকৈ দৰাঘৰীয়া মানুহে জোৰণৰ দিনাই কইনাক বিভিন্ন আ-অলংকাৰ পিন্ধোৱাটো এক পৰম্পৰা । দৰাৰ মাকে লগত অনা বাকচ খুলি অলংকাৰ , সেন্দুৰ , আৰ্চী , ফণি , ৰুমাল আৰু বনকৰা এসাজ , পাতল বছা এসাজ, উকা পাতৰ কেছ বছা ৰিহাৰ এসাজ আৰু নোৱনিসাজ বুলি অনা মুগাৰ ৰিহা-মেখেলা আৰু গুণাৰ পাৰি বছা আশী-সূতাৰ চাদৰ ভাগে ভাগে ব্লাউজ আদিৰ সৈতে উলিয়াই শৰাইত সজাই দিয়াৰ লগে লগে আয়তীসকলে উৰুলি জোকাৰে কয়---- '' মাৰাৰ অলংকাৰ থোৱাহে আইদেউ , দেউতাৰাৰ অলংকাৰ থোৱা , ৰামে দি পঠাইছে সুৱৰ্ণৰ অলংকাৰ আজি মাথা দোঁৱাই লোৱা । " এইবিলাক তাৰেই এক নিদর্শন ।


        আজি কেউপিনে বজাৰ আৰু বজৰুৱা সংস্কৃতিৰ জয়জয়-ময়ময় অৱস্থা । ইয়াক প্ৰতিহত কৰাৰ বাবে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে আমাৰ সংস্কৃতি আৰু ঐতিহ্য লাঞ্ছিত নোহোৱাকৈ ৰখাৰ দায়িত্ব সমাগত । পাশ্চাত্য কৃষ্টিৰ কালধুমুহাক বাধা দিব লাগিব আমিয়েই ।

অৱসৰী অধ্যক্ষ
জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয় 
পুঠিমাৰী , কামৰূপ




বসন্তৰ সৌ ৰঙা ডাকবাকচটোত
আজি মই হেমন্ততে লিখা চিঠিখন দি থৈ আহিছোঁ ,
দুখৰ সঠিক ঠিকনা বসন্তই জানোচা জানে ...
               ― হীৰেন ভট্টাচাৰ্য ।

Post a Comment

0 Comments