header ads

অসমীয়া কবিতা, নাৰী, ৰূপজ্যোতি দাস,৩য় বছৰ ৩য় সংখ্যা

 





জগত জননী ,
ধৰণী তুমি |
অপাৰ তোমাৰ শক্তি ,
শব্দৰে বেৰিব নোৱাৰি |
বন্দুকৰ গুলী ভেদি ,
জাতিৰ হকে প্ৰাণ ত্যাগ দিয়া ,
তুমি সাহসী কনকলতা |
কাইটীয়া গছৰ বিষ সহি ,
স্বামীক সুৰক্ষা দিয়া ,
তুমিতো সতী জয়মতী |
ব্ৰঞ্জ জয় কৰি ,
অসমীয়াক গৌৰান্বিত কৰা ,
তুমিয়েইতো প্ৰেৰণা লাভলীনা |
হে নাৰী ,
যদিওবা বুজিব নোৱাৰি ,
তোমাৰ কষ্টৰ কাহিনী |
তথাপি জনাও তোমালৈ বুলি ,
সন্মানৰ চিৰনমনটি ||



ৰূপজ্যোতি দাস
ছৌৰাকাৰা বালক প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - কমলপুৰ

Post a Comment

0 Comments