header ads

বিশেষ লেখা, অভিধান চৰ্চা আৰু অভিধানৰ প্ৰয়োগ, পূৰবী চুতীয়া আৰু পু়স্পাঞ্জলী পাংগিঙ গাম, ৩য় বছৰ ৩য় সংখ্যা,

বিষয় : অভিধান চৰ্চা আৰু অভিধানৰ প্ৰয়োগ



 বিগত ইং ১০/০২/২০২৩ তাৰিখে সমগ্র শিক্ষা , কামৰূপৰ উদ্যোগত আৰু শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ সহযোগত ' অভিধান চৰ্চা আৰু 

অভিধানৰ প্ৰয়োগ ' শীৰ্ষক এখনি কৰ্মশালা আৰু ই-আলোচনী 'জ্ঞানম'ৰ তৃতীয় বৰ্ষৰ দ্বিতীয় সংখ্যাৰ শুভ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হৈ যায় ।
    
       উক্ত দিনা ই-আলোচনী , 'জ্ঞানম'ৰ উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাষাৰ লগত জড়িত অভিধানৰ চৰ্চা বিষয়ক কৰ্মশালাখনি যথেষ্ট গুৰুত্বপূৰ্ণ আছিল ।
       সাহিত্যৰ কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ ভাষাৰেই ―
      " হেমৰ কোষেৰে  ওখ দৌল বান্ধি
            ভাষাক সাৰথি কৰি ,
        নুমাবলগীয়া অসমীয়া নাম
             ৰাখিলে জিলিকা কৰি । "
       বৃটিছৰ শাসনকালত অসমলৈ এনে এটা সময় আহিছিল যেতিয়া আমাৰ মাতৃভাষা অসমীয়া , বঙালী ভাষাৰেই এটা ৰূপ বুলি ধৰি লৈ অসমৰ অফিচ-কাছাৰী তথা শিক্ষানুষ্ঠানসমূহত জোৰ কৰি বঙালী ভাষা জাপি দি প্ৰচলন কৰিছিল । কিন্তু আনন্দৰাম ঢেকিয়াল ফুকনকে আদি কৰি বহু স্বদেশ আৰু স্বজাতিপ্ৰেমী ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাত পুনৰ অসমীয়া ভাষাই স্বকীয়তা ঘূৰাই পায় আৰু সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত বিকাশ লাভ কৰিবলৈ সক্ষম হয় । অসমত ছপাশাল স্থাপন হোৱাৰ পাছত অসমীয়া ভাষাত বাতৰি-কাকত , আলোচনী , পুস্তিকা আৰু বিভিন্ন গ্ৰন্থ প্ৰকাশ হ'বলৈ ধৰে । তেনে সময়তে অসমীয়া ভাষাৰ নতুন যুগৰ দুৱাৰ মুকলি আৰু বৰ্ণবিন্যাসৰ খেলিমেলি আঁতৰ কৰিবলৈ ভাষাবিদ , পণ্ডিত হেমচন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰিলে অসমীয়া ভাষাৰ পূৰ্ণাংগ অভিধান – ' হেমকোষ ' আৰু লগতে কেইবাখনো ব্যাকৰণ , যেনে ― 'অসমীয়া ব্যাকৰণ' , ' অসমীয়া ল'ৰাৰ ব্যাকৰণ ' , ' পঢ়াশলীয়া অভিধান ' আদি । 'হেমকোষ 'ৰ জৰিয়তে তেওঁ অসমীয়া ভাষাৰ শব্দ আৰু অৰ্থৰ ভঁৰাল চহকী কৰাই নহয় , ভাষাৰ ভেঁটিও প্ৰতিষ্ঠা কৰি গ'ল । তেওঁৰ পৰৱৰ্তীকালত বৰ্তমানলৈকে অসমীয়া ভাষাত বহুকেইখন অভিধান প্ৰণয়ন কৰা হৈছে আৰু বহু অভিধান প্ৰণয়নৰ কাম চলি আছে । যিহেতু ভাষা স্থবিৰ নহয় , ই বোৱতী সুঁতিৰ দৰে । একোটা ভাষাত প্ৰতিদিনে নতুন নতুন শব্দৰ প্ৰৱেশ ঘটে আৰু সেইবোৰ লাহে লাহে অভিধানতো সংযোজন হৈ গৈ থাকে বাবে অভিধানৰ কলেবৰ বাঢ়ি গৈ থাকে ।
       অভিধান একোখন প্ৰণয়নৰ বিভিন্ন দিশ আৰু ভাষা শিক্ষাত অভিধানৰ চৰ্চা ― এই বিষয়ে খৰচি মাৰি জানিবৰ উদ্দেশ্যে ১০ ফেব্ৰুৱাৰী , ২০২৩ তাৰিখে আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যালয়ত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা 'জ্ঞানম'ৰ মুখ্য উপদেষ্টা অপূৰ্ব ঠাকুৰীয়াদেৱৰ সভাপতিত্বত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ কুলধৰ শইকীয়াদেৱ প্ৰমুখ্যে বহু বিশিষ্ট শিক্ষাবিদৰ উপস্থিতিত অনুষ্ঠিত সভাত বিস্তৃতভাৱে আলোচনা হয় । কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা আহি সমবেত হোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলক সভা তথা কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে বক্তব্য আগবঢ়ায় অসমীয়া ভাষা আৰু অভিধানৰ গৱেষক ড০ ভাস্কৰ জ্যোতি শৰ্মাদেৱে । তেওঁ বৰ্তমান আনন্দ ৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ সহকাৰী অধ্যাপক ।
        সহজ অৰ্থত অভিধান বুলিলে আমি শব্দৰ পৰিচয় থকা গ্ৰন্থকে বুজোঁ । অন্যাৰ্থত কোনো এটা ভাষাৰ শব্দৰ একত্ৰ সংগ্ৰহ । অভিধান এখনত পদ্ধতি অনুসৰি ভাষাটোত থকা ব্যৱহৃত বা অব্যৱহৃত শব্দসমূহ , সিবিলাকৰ উৎপত্তি ,ব্যুৎপত্তি আৰু অৰ্থ লিখি থোৱা হয় । ইয়াৰ দ্বাৰা ভাষা এটা সঠিক ৰূপত জনাত সহায়ক হয় ।
       এই 'অভিধান' শীৰ্ষক বিষয়টোৰ আঁত ধৰিয়েই ভাষা গৱেষক ড০ ভাস্কৰ জ্যোতি শৰ্মাদেৱে অভিধানৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে । তেখেতৰ বক্তব্য অনুসৰি ―
        'অভিধান' ― ভাষা এটাৰ ব্যৱহৃত শব্দবিলাকৰ অৰ্থৰ ভঁৰাল । অভিধানত সহজৰ পৰা কঠিনলৈ সকলো শব্দৰ অৰ্থ, শব্দবোৰৰ বানান সুনিৰ্দিষ্ট হৈ থাকে । বৰ্ণ অনুসৰি একাদিক্ৰমে শব্দবোৰ আৰু ইয়াৰ অৰ্থ শৃংখলাবদ্ধভাৱে সজোৱা থাকে যাতে কোনো শব্দৰ অৰ্থ তৎক্ষণাত বিচাৰি উলিয়াবলৈ সহজ হয় । ভাষা এটা শুদ্ধকৈ জানিবলৈ হ'লে অভিধান আৰু ব্যাকৰণৰ সহায় ল'বই লাগিব । আকৌ অভিধানত এটা শব্দৰ বহু প্ৰতিশব্দৰ উল্লেখ থাকে । কোনো এটা শব্দ কি অৰ্থত প্ৰয়োগ কৰিছে তাৰ ওপৰত ভিত্তি কৰিয়েই শব্দটো খাপ খুৱাই ল'ব লাগে । কাৰণ একোটা শব্দকে ভিন্ন সময়ত ভিন্ন ধৰণে প্ৰয়োগ কৰা হয় । অভিধানৰ শব্দৰ প্ৰায়োগিক দিশৰ ওপৰতহে শব্দ এটাৰ প্ৰকৃত অৰ্থ বা ধাৰণা পোৱা যায় ।
        পৃথিৱীৰ সকলো দেশতে নিজা নিজা ভাষাৰ অভিধান আছে । উদাহৰণ স্বৰূপে , ইংৰাজী ভাষাৰ শব্দ-অৰ্থৰ বাবে 'Oxford English Dictionary' ৰ নাম উল্লেখযোগ্য । তাৰোপৰি পৃথিৱীত অধ্যয়ন কৰিবলগীয়া যিমানবোৰ বিষয় বা বিভাগ আছে সকলো বিষয়ৰে নিজস্ব অভিধান আছে । যেনে – বিজ্ঞানৰ বিভিন্ন বিভাগ , অভিযান্ত্ৰিক বিভাগ , চিকিৎসা বিজ্ঞান বিভাগ , ৰাজনীতি বিজ্ঞান , অৰ্থনীতি বিজ্ঞান আদি । যিকোনো বিষয়ৰে কোনো নজনা শব্দৰ শুদ্ধ অৰ্থ জানিবলৈ হ'লে অভিধানৰ সহায় ল'বই লাগিব । সেয়ে সকলো বিষয়ৰ ক্ষেত্ৰত অভিধান থকাটো জৰুৰী । কেৱল ভাষাৰ ক্ষেত্ৰতেই নহয় অন্য বিষয়সমূহতো শিক্ষাৰ্থীসকলে অভিধানৰ সহায় লৈ শুদ্ধভাৱে জ্ঞান লাভ কৰিবলৈ সক্ষম হয় ।
        তাৰোপৰি বৰ্তমান সময়ত সকলো ক্ষেত্ৰতে ই-প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ হ'বলৈ ধৰিছে । সেয়ে ভাষা শিকনৰ ক্ষেত্ৰতো প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি পাইছে । অসমীয়া ভাষা শিক্ষাৰ বিভিন্ন দিশতো ই-প্ৰযুক্তিৰ ব্যৱহাৰ হ'বলৈ ধৰিছে । ইয়াৰ উত্তৰণৰ অংশ হিচাপে অসমীয়া ভাষাতো ই-অভিধান প্ৰণয়নৰ কাম আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে । এনে সুবিধা উপলব্ধ হ'লে ভাষা শিকন প্ৰক্ৰিয়া যথেষ্ট সহজসাধ্য তথা যুগসাপেক্ষ হ'ব । 
         উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক ড০ তাৰিণীকান্ত হালৈদেৱৰ ভাষাত , " ভাষা একোখন  সাগৰ আৰু অভিধান তাৰে এগিলাচ পানীহে ।" ইয়াৰ তাৎপৰ্য হ'ল , ভাষা একোটাত ইমান শব্দৰ সমাহাৰ ঘটে যে অভিধানত সকলো শব্দৰ অন্তৰ্ভুক্তি কৰাটো এটা দুৰুহ কাম । অভিভাৱকসকলে দৈনন্দিন কথা-বাৰ্তাৰ মাজেদি তেওঁলোকৰ সন্তানৰ লগত অভিধানৰ শব্দৰ অৰ্থৰ সম্ভেদ কৰিব পাৰে  । তেওঁলোকে ল'ৰা-ছোৱালীৰ লগত শুদ্ধ উচ্চাৰণ সহ মাতৃভাষাৰ শব্দবোৰ  শিকোৱাৰ ওপৰত গুৰুত্ব দিব লাগে । একেদৰে শিক্ষক-শিক্ষয়িত্ৰীসকলেও বিভিন্ন খেলা-ধূলা বা মনোৰঞ্জনধৰ্মী ক্ৰিয়া-কলাপৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলক ভাষাৰ শব্দবোৰৰ শুদ্ধ উচ্চাৰণ , বানান , প্ৰতিশব্দ , কোনো এটা বৰ্ণেৰে আৰম্ভ হোৱা বিভিন্ন শব্দ আদি ভাষা সম্পৰ্কীয় অনেক কথা শিকাবলৈ চেষ্টা কৰিব লাগে । তাৰোপৰি অভিধানৰ পৰা কোনো শব্দৰ অৰ্থ কেনেকৈ বিচাৰিব লাগে সেইটো শিকোৱাৰ লগতে অভিধানৰ পৰা শব্দ বিচৰা খেল বা প্ৰতিযোগিতাও অনুষ্ঠিত কৰিব পাৰে । যেনে – কোনে কিমান সোনকালে শব্দৰ অৰ্থ বিচাৰি উলিয়াব পাৰিলে , এটা শব্দৰ কিমান অৰ্থ থাকিব পাৰে ইত্যাদি ।
        তাৰোপৰি কৰ্মশালাখনিত উপস্থিত থকা ভাষা বিষয়ক গৱেষণাধৰ্মী লেখাৰ লগত জড়িত তথা গৱেষক ছাত্ৰ দীপাংকৰ ঠাকুৰীয়াই অসমৰ বিভিন্ন অঞ্চলৰ স্থানীয় ভাষা বা উপভাষাসমূহৰ সংগ্ৰহ আৰু সংৰক্ষণৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰে । কাৰণ এইবিলাকো আমাৰ ভাষাৰ সম্পদ । এই উপভাষাবিলাকৰ যোগেদি কোনো ঠাইৰ স্বকীয়তা প্ৰকাশ পায় । 
        মুঠতে কৰ্মশালাখনিৰ পৰা অসমীয়া ভাষাৰ বিভিন্ন দিশ , এইবিলাকৰ জৰিয়তে ভাষাৰ শিকন আৰু মাতৃভাষাৰ বিকাশ সাধন আদি বিষয়ৰ বিস্তৃত আলোচনা হয় । ভাষা অধ্যয়নত অভিধানে কেনেকৈ সহায় কৰিব পাৰে আৰু অভিধানৰ গুৰুত্ব এই সম্পৰ্কেও মূল্যৱান বক্তব্য আগবঢ়োৱা হয় ।



যুগুতালে ―

পূৰবী চুতীয়া
সহকাৰী শিক্ষয়িত্ৰী
নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল
শিক্ষা খণ্ড : ৰামপুৰ

আৰু

পু়স্পাঞ্জলী পাংগিঙ গাম
সহকাৰী শিক্ষয়িত্ৰী
বৰুৱা পাহাৰতলী প্ৰাথমিক বিদ্যালয়
শিক্ষা খণ্ড : ছমৰীয়া

Post a Comment

0 Comments