header ads

প্ৰবন্ধ, ফাগুন , পূৰবী চুতীয়া, ৩য় বছৰ ৩য় সংখ্যা

 



        দৃশ্যপট : ১

" আজি ফাগুনৰ পুৱাবেলাতেই
            মেঘে ওন্দোলাই আনিলে
আবতৰতে নীল আকাশত
            ক'লা ৰং কোনে সানিলে !
মেঘে ওন্দোলাই আনিলে ....। "― ( কথা : পাৰ্বতী প্ৰসাদ বৰুৱা / কণ্ঠ : ড০ ভূপেন হাজৰিকা )

       দেউতাকৰ পুৰণি ৰেডিঅ'টোত বাজি থকা গানটোৱে তাইক বাতৰি কাকতখনত মজি থকাৰ পৰা মনটোক যেন ক্ষণিকৰ বাবে আঁতৰাই নিলে । সেইটো তাইৰ প্ৰিয় গীতৰ এটা । ইমান অৰ্থবহ আৰু সুমধুৰ গীত । কথা আৰু সুৰে যেন তাইক টানি ধৰে ।  গীতটো ভালকৈ শুনিবলৈ বুলি কাণ দুখন থিয় কৰি আহি আহি একেবাৰে ৰেডিঅ'টো বাজি থকা টেবুলখনৰ ওচৰ পালেগৈ । কাষতে থকা চকীখনতে একেবাৰে বহি ল'লে । ফাগুনৰ বতৰত ফাগুন ফাগুন অনুভৱৰ গীত ! – গীতৰ মাজত ডুবি থাকি জিল্ মিলে ভাবিলে ।

         দৃশ্যপট : ২

        স্কুলৰ পৰা আহি জা-জলপান খাই উঠি মাইনুৱে বিছনাত বাগৰ দি ছবি এখন অঁকাৰ কথা ভাবি আছিল । তেনেতে পদূলিমুখৰ পৰা ৰুণজুনৰ মাত ― " মাইনু , অকণমান ওলাই আহচোন । ডাঙৰ কথা এটা আছে । " ৰুণজুনৰ ডাঙৰ কথাটো শুনিবলৈ তাইয়ো একেজাপে বিছনাৰ পৰা উঠি  উধাতু খাই আহি পদূলিমুখ পালেহি ।" চকুৰ ঠাৰেৰে সুধিলে , ডাঙৰ কথাটো কি ? মুখত মিচিকিয়া হাঁহি এটা সানি ৰুণজুনে ক'লে , " অ'ই , ব'লনা , নদীৰ ফালে যাওঁ । পাৰে পাৰে ইম্মান শিমলু ফুলিছে , এক্কেবাৰে ৰঙা হৈ পৰিছে । জাকে জাকে ভাটৌও পৰিছে । চাওঁগৈ ব'ল । নদীৰ পানীও শুকাইছে । বালিচৰত খোজ কাঢ়িবলৈ বৰ মজা লাগিব ।" মাইনুৰ মনলৈও বহু কথাই আহিল –" হয়েইতো ! আবেলি নদীত বেলিটো পৰা চাই বৰ ভাল লাগিব । আৰু মাছমৰীয়া নাওবোৰ ! একেবাৰে ছবি যেন ! " " অ'ই , যাবিনে ? "― ৰুণজুনৰ মাত পাই খন্তেক তভক মাৰি – " আহি আছো ৰ' " – বুলি দৌৰ মাৰি মাকৰ অনুমতি ল'বলৈ গ'ল । দুয়ো বান্ধৱী যাব সিহঁতৰ নাতি দূৰতে থকা নদীখনৰ সৌন্দৰ্য উপভোগ কৰিবলৈ । আবেলি নদীৰ ৰূপ-ৰেখা , ফুলি থকা শিমলু গছবোৰ , ৰূপালী বালিচৰ... ফাগুনৰ এই মন ৰঙোৱা দৃশ্যবোৰ― তাইৰ ছবিৰ বিষয়-বস্তুও হ'ব পাৰে ! দুয়ো হাতত ধৰা-ধৰিকৈ নদীৰ ফালে আগবাঢ়িল ।

        দৃশ্যপট : ৩

" সৰাপাতে পাতে ফাগুন নামে / পলাশৰে ৰং ৰাঙলী
বতাহে কাণে কাণে ক'লে / নহ'বা উদাস অভিমানী ।
ভাল লাগে মোৰ কিয়নো চাই /
পছোৱা বতাহৰ ধেমালি
মন যায় মোৰ ধূলিৰে ওমলি / পলাশৰ ৰঙতে ৰাঙলী ...। " ― ( কথা : কাজল শৰ্মা , কণ্ঠ : গায়ত্ৰী হাজৰিকা )

       বাছৰ ভিতৰত মিউজিক চিষ্টেমত গানটো বাজি আছিল । গানটোৰ কথা আৰু সুৰে হঠাতে আন্মনা কৰিলে প্ৰাঞ্জনাক । ফাগুন , সৰাপাত , পলাশ , ধূলিয়াৰি বাট-পথ ...! ধূলি-ধূসৰিত হ'লেও শীতৰ এই সময়খিনি তাইৰ বৰ প্ৰিয় । গানটোৱে যেন তাইক হাতত ধৰি লৈ গ'ল এৰি অহা গাঁওখনলৈ , উদং পথাৰখনলৈ , পথাৰৰ কাষৰ লঠঙা হোৱা হাবিখনলৈ , তৰাং নদীখনলৈ । কবিতা লিখা মনটোত বহুত ভাৱৰ ঢৌৱে অগা-দেৱা কৰিলেহি । খিৰিকীৰে অহা বতাহছাটিয়ে যেন বহু কবিতা কবিতা লগা শব্দ তাইলৈ কঢ়িয়াই আনিলে ‌।

ছয়ঋতু আৰু ফাগুন :―

 " ফাগুন আহে   পলাশ ফুলে
       পছোৱা বতাহ বয়....। "

        সাধাৰণতে স্থানীয় বতৰ আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি ঋতু বিভাজন কৰা হয় । বিশ্বৰ অধিকাংশ দেশতে বসন্ত , গ্ৰীষ্ম , শৰৎ আৰু শীত ― এই চাৰিটা প্ৰধান ঋতু আৰু ইয়াৰ বৈশিষ্ট্য সমূহ পৰিলক্ষিত হয় । আকৌ ভাৰতকে আদি কৰি ক্ৰান্তীয় অঞ্চলসমূহত বছৰটোক ছয়টা ঋতুত ভাগ কৰা হয় । যেনে : গ্ৰীষ্ম , বৰ্ষা , শৰৎ , হেমন্ত , শীত আৰু বসন্ত । প্ৰতিটো ঋতুৰে নিজস্ব বৈশিষ্ট্য আৰু সৌন্দৰ্য আছে , যাৰবাবে প্ৰকৃতি ৰাজ্যত কোন সময়ত কি ঋতুৱে বিৰাজ কৰিছে আমি অনুভৱ কৰিব পাৰোঁ । প্ৰতিটো ঋতুৱে স্বকীয় গৰিমাৰে প্ৰকৃতিক কৰি তোলে মোহনীয়া । যেনে : বসন্ত কালত গছে কুঁহিপাত মেলে , নানাবিধ ফুল ফুলে , গ্ৰীষ্মকালত গৰম বেছি হয় , হেমন্ত কালত নিঁয়ৰ আৰু কুঁৱলী পৰে , শীতত ঠাণ্ডা বেছি হয় আৰু বৰষুণৰ অভাৱত শুষ্ক পৰিবেশে বিৰাজ কৰে । বসন্ত কালত প্ৰকৃতিয়ে নৱৰূপ পায় বাবে বসন্তক ঋতুৰ ৰজা আৰু শৰতৰ মহিমামণ্ডিত ৰূপৰ বাবে শৰতক ঋতুৰ ৰাণী বোলা হয় । একেদৰে শীত ঋতুৰ মন জুৰোৱা মাহ হৈছে ফাগুন । ভোগালী মাহ মাঘৰ শেষত ফাগুন আহে । ফাগুনৰ আগমনে বসন্ত অহাৰ বাটো যেন মুকলি কৰি দিয়ে । প্ৰতিশ্ৰুতিৰ অন্য নাম যেন ফাগুন ।

ফাগুনৰ শুষ্কতা আৰু কঠোৰতাৰ কাৰণ :―
 
         শীতৰ নিৰ্মমতাতেই যেন ফাগুনৰো স্থিতি । চৌদিশে কেৱল কঠোৰতা , ধূসৰতা । ধ্বংসৰ মৰহা ছবি । আকাশ উদং , বতাহ উদং ― উদং পথাৰ , উদং অৰণ্য । শীৰ্ণ নদীত বিস্তৃৰ্ণ বালিৰ বলুকা । ধূলি-ধূসৰিত বাট-পথ । যেনিয়েই চাওঁ তেনিয়েই সেউজহীন এক মৰুময় অৱস্থা । চিৰসেউজীয়া বৃক্ষৰ বাহিৰে সকলো গছ-বিৰিখৰে পাত শুকাই সৰে । বিৰিখ লঠঙা হয় ।
         ভাৰতৰ লগতে বিশেষকৈ আমাৰ ৰাজ্য অসম ভৌগোলিক ভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত । সেয়েহে আমাৰ এই অঞ্চলসমূহত মৌচুমী জলবায়ুৰ যথেষ্ট প্ৰভাৱ আছে । গ্ৰীষ্ম কালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীত কালত উত্তৰ-পূব মৌচুমী বতাহ প্ৰবাহিত হয় । আৰৱ সাগৰ আৰু বঙ্গোপ সাগৰেদি পাৰ হৈ অহা
দক্ষিণ-পশ্চিম মৌচুমী বতাহে দুয়োখন সাগৰৰ ওপৰেদি পাৰ হৈ আহোঁতে অধিক পৰিমাণৰ জলীয় ভাপ আহৰণ কৰি আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ দিশে গতি কৰোঁতে মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে । সেইবাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত গ্ৰীষ্ম ঋতু সেমেকা আৰু বৰ্ষাসিক্ত । সেউজীয়া উদ্ভিদৰ প্ৰচুৰ সমাহাৰ দেখা যায় ।
         আকৌ শীতকালত বৰষুণ তেনেই কম হয় আৰু প্ৰচণ্ড শীত অনুভৱ হয় । শীতকালছোৱা ডিচেম্বৰৰ মাজভাগৰ পৰা মাৰ্চমাহৰ মাজভাগলৈ ধৰা হয় । অসমীয়া লেখেৰে মাঘ-ফাগুন মাহ এই সময়ছোৱাতে পৰে । এই সময়ছোৱাত আমাৰ উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতত উত্তৰ-পূব মৌচুমী বতাহ বলে । এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূব দিশেৰে ভাৰতলৈ প্ৰবাহিত হয় বাবে ইয়াক উত্তৰ-পূব মৌচুমী বতাহ বোলে । উত্তৰত অৱস্থিত হিমালয় পৰ্বতমালাই অত্যন্ত চেঁচা এই বতাহ প্ৰবেশত কিছু বাধা দিলেও ইয়াৰে এটা অংশই হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰবেশ কৰে । স্থলভাগৰ পৰা বৈ অহা বাবে এই বতাহ অতি শুকান । ফলত বৰষুণ নহয় । এই শুকান শীতল বতাহৰ বাবেই অসমত শীতকালছোৱা অতি শুষ্ক । সেয়ে ফাগুনৰ বতৰত প্ৰকৃতি তেনেই শুষ্ক হৈ পৰে । বৰষুণৰ অভাৱত বাট-পথ ধূলিয়ৰি হয় । গছ-বিৰিখৰ পাত শুকাই সৰিবলৈ ধৰে । ডালবোৰ লঠঙা হয় । উদং আকাশ , উদং বতাহ । পশ্চিমৰ পৰা অহা পছোৱা বতাহে তাতে অধিক ইন্ধন যোগায় ।

উদং হৈয়ো ৰঙীন ফাগুন :

      শীতৰ আগমনৰ লগে লগে যেন ফাগুনৰো আগমন । মাঘৰ ভোগালী দিন উদ্ যাপন কৰি শেষ হয় মানে শীতৰ কঠোৰতা লৈ ফাগুন আহে । প্ৰকৃতিৰ সকলো সেউজীয়া-সজীৱতা হেৰাই গৈ বৃক্ষ-বিৰিখৰ পাত শুকান হৈ সৰিবলৈ ধৰে ‌। কেউফালে কেৱল উদং ,  শূণ্যতা । বাৰিষাত বাঢ়ি উচ্ছল হোৱা নদী ফাগুনৰ বতৰত শীৰ্ণ হৈ পৰে । বিস্তীৰ্ণ বালিচৰ । বাট-পথ, নদীৰ পাৰ আদি সকলো ঠাই শুকান , ধূলিময় । ইমান নিৰ্মমতাৰ পাছতো কিন্তু ফাগুন ৰঙীন । নিজস্ব গৰিমাৰে গৰ্বিত । লঠঙা হোৱা শিমলু , পলাশ , মদাৰ , কাঞ্চনৰ ডালে ডালে ৰঙা-গুলপীয়া ফুল ফুলি জাতিষ্কাৰ হৈ পৰে । ৰঙীন ৰঙীন ফুলেৰে যেন আকাশত চন্দ্ৰতাপ তৰে । প্ৰকৃতিৰ এই মনোমোহা ৰূপে মানুহৰ মনলৈও ৰঙীন ভাৱ-আশাৰ সঞ্চাৰ কৰে । তাতে পছোৱা বতাহে মন-প্ৰাণ উৰুঙা কৰি তোলে । কেউফালে কেৱল জুই ফুল বিয়পোৱা উন্মনা ফাগুন ।

ফাগুনৰ বতৰত উৎসৱ-পাৰ্বন :

       অসমৰ গাঁৱে-ভূঞে , নগৰে-চহৰে ফাগুনৰ ফৰকাল বতৰত বিভিন্ন উৎসৱ-অনুষ্ঠান অনুষ্ঠিত হয় । উজনি অসমৰ প্ৰায়বোৰ ঠাইতে এই সময়ছোৱাত মহাপুৰুষ দুজনাৰ সৃষ্টি নাট-ভাওনাসমূহ অনুষ্ঠিত হয় । আজিকালি বহুঠাইত ভাওনা সমাৰোহৰ আয়োজন কৰাও পৰিলক্ষিত হয় । বিভিন্ন ধৰণৰ সভাসমূহো এই বতৰতে অনুষ্ঠিত কৰা দেখা যায় । ফাগুন মাহৰ কৃষ্ণা-চতুৰ্দশীত হিন্দুসকলে অতি পৱিত্ৰ ভাৱেৰে আৰু উলহ-মালহেৰে ভগৱান শিৱক আৰাধনা কৰাৰ উদ্দেশ্যে শিৱৰাত্ৰি পালন কৰে । শিৱসাগৰৰ শিৱদৌলত এই শিৱৰাত্ৰি অতি উলহ-মালহেৰে কেইবাদিনো জুৰি পালন কৰা হয় । তাৰোপৰি ফাগুন মাহৰ পূৰ্ণিমা তিথিত অসমৰ বিভিন্ন ঠাইত কৃষ্ণ সংস্কৃতিৰ অন্যতম অংগ ফাকুৱা বা দৌল উৎসৱ অতি আন্তৰিকতাৰে পালন কৰা হয় । বৰপেটাত কেইবাদিনো ধৰি এই উৎসৱ মহা আড়ম্বৰেৰে পালন কৰা হয় । দৌল উৎসৱৰ গীতসমূহতো ৰঙীন ফাগুনৰ বৰ্ণনা অতি সুমধুৰ সুৰেৰে গোৱা হয় ―

 ১) আজি ফাগুনৰে এই মধু লগনত
       মন-ময়ুৰী নাচে জাগে ত্ৰিভূবন
         খেলে হোলী কমললোচন – 
     গুঞ্জৰে ভোমোৰাই ফাগুনৰে গীত গায়
     মৌপিয়া পখীয়ে কৰতালি বায়
           ফুলে ফুলে মধুৰ গুঞ্জন ।  – (অঙ্গৰাগ মহন্ত)

২) ৰঙিলী ফাগুনে পাখি মেলিছে
    সখীহে, মনত ৰূপৰে মায়াৰে ছাঁয়া নাচিছে
     আজি সপোনৰ দাপোনত জিলিক লাগিছে ।
                                               (প্ৰসন্ন লাল চৌধুৰী)

৩) ৰঙৰে জুই জ্বলিল আজি পলাশৰে ডালতে
      ফাগুনৰে বা লাগিল নিকুঞ্জ বনতে
         আহাঁ আমি খেলোঁ হোলী বসন্ত বেলাতে 
  পখীৰে কুহুৰি উঠে বনে-উপবনে
  সৰোবৰে ডালে-পাতে নৱ ৰহন সানে । –  
                                                     (জুবিন গাৰ্গ)

৪) পৰাশৰ ডালে ডালে   ৰঙৰ অগনি জ্বলে
        মন মাতোৱাল কৰে
    আবেহো , ৰঙৰ অগনি জ্বলে । – 
                                            (ফণী তালুকদাৰ)

        আকৌ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে অসমৰ সমগ্র মিছিং সমাজে তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং পালন কৰে । মিছিং ভাষাত আলি মানে শস্যৰ বীজ বা কঠীয়া , আয়ে মানে ফল আৰু লৃগাং মানে আৰম্ভণি । অৰ্থাৎ শস্য ৰোপনৰ আৰম্ভণি উৎসৱ । তেওঁলোকে নৃত্য-গীত-উৎসৱৰ জৰিয়তে কৃষি কাৰ্যৰ সমৃদ্ধি কামনা কৰে ।
       ফুলে-পাতে জাতিষ্কাৰ বসন্তক আদৰিবলৈকে যেন আয়োজন ।

গীতে-মাতে-কবিতাই বসন্তৰ অনুভৱ :
 

       শিল্পী , কবি , সাহিত্যিক , গীতিকাৰসকল সদায় প্ৰকৃতিৰ ৰূপ-সুষমাৰ পূজাৰী । ঋতু পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিলৈও পৰিৱৰ্তন আহে আৰু এই পৰিৱৰ্তনবোৰে আনি দিয়া প্ৰকৃতিৰ বিচিত্র ৰূপ-সৌন্দৰ্য্যই যুগে যুগে তেওঁলোকক আকৰ্ষণ তথা আপ্লুত কৰি আহিছে আৰু তেওঁলোকৰ কলমেদি নিগৰি ওলাইছে কত শত গীত-কবিতা-ছবি । সৃষ্টি হৈছে নৱ নৱ সাহিত্যৰ । তেওঁলোকৰ সৃষ্টিত আমি ফাগুনৰ বন্দনাও পাওঁ অলেখ ―
    
     (১) ফাগুনৰ এই গধূলি

ফাগুনৰ এই গধূলি
ধূলিৰে ঢকা আকাশখনত
কোন ৰূপহীয়ে মেলি দিলে ডাৱৰ সেমেকা চুলি
.....................
মোৰ গানৰ ইপাৰে এজাৰ, সিপাৰে শিমলু
ডাল ভৰি ভৰি ফুলিছে,
গধূলি বতাহত ৰান্ধনি বেলিৰ আগেৰে উৰিছে
আমোলন এমুঠি ধূলি । ( হীৰেন ভট্টাচাৰ্য )

     (২) ফাগুনৰ গান

১) শুকান বতাহজাকে পাতবোৰ উৰুৱাই নিয়ে
    ৰাংঢালী চৰাইবোৰে গছৰ ডালত পৰি নাচে
    জুনুকাৰ জুনজুননিত সাৰ পায় কুঁহিপাতে ।

২) শিমলুৰ সৌ ৰঙা পাহিত 
        তুমি আহি মাৰিলা হাঁহি
     হাঁহি নে বাঁহীৰ খলখলনিত
       উৰি গুছি গ'ল এজোলা তুলা...।

৩) ফাগুনে মায়া জানে
     ৰাতি হ'লে শুকান ডালে ডালে
     জোন জ্বলি উঠে
  হিয়া ভাঙি অমাতৰ মাত মাতে কৰুণ           কেতেকীয়ে ।             ( হীৰেন ভট্টাচাৰ্য )

        (৩) চকুপানী : ফাগুনৰ

মোকতো পোৱাই চিনি  
মই যে ফাগুন
অকৰা কবিৰ স'তে চুপতি মৰাৰ বাবে
মোৰতো বহুত বদনাম ―
চাদৰৰ আঁচলেৰে নিচান উৰুওৱা
আৰু ধূলিৰে দুচকু ঢাকি অচিনাকি বান্ধৱীৰ
প্ৰথম দেখাৰ মূহুৰ্ততো খেলি-মেলি কৰি দিয়া
মোৰ অতি জঘন্য অভ্যাস ।
মোকতো পোৱাই চিনি
মই যে ফাগুন...।       ( নৱকান্ত বৰুৱা )

            (৪) ফাগুনৰ জোন

জোনটো এৰি থৈ 
শোৱাপাটীলৈ যাব নোৱাৰোঁ
 জিলিক্ জালাক
 জিলিক্ জালাক
 পুখুৰীটোৰ কাণত
 জাতিবাঁহজোপা কঁপে
মোকো ঢাকি আনিছে সৰাপাতে
আৰু গোটেইটো ফাগুনৰ জোনে । 
                                 ( সৌৰভ শইকীয়া )

          (৫) ফাগুন আহিলে

সৰাপাতবোৰ উৰুৱাই উৰুৱাই
আউলী-বাউলী চুলিৰে আহে তাই
ভমককৈ সাৰ পাই উঠে
সোঁৱৰণীৰ হালধীয়া পেৰা
ইমান আলসুৱা ! ইমান মতলীয়া !
বুকুত বাজে বেহেলা ।
শিমলু-পলাশৰ আমন্ত্ৰণত
নাচনী দুহাত দুভৰি ।    ( ৰূপজ্যোতি গগৈ )

          (৬) ফাগুনৰ স'তে

লঠঙা সপোন এটাই কাণে কাণে ক'লে
সৰাপাতৰ বাটেৰে ফাগুন আহিছে ।
হাবিডৰাৰ সিপাৰে এজাক কুঁৱলীৰ কোলাহল
টোপনিত লালকাল গাঁওখনে বাগৰ সলাওঁতে
ধূসৰিত হৈছিল শেষ ৰাতিৰ জোন ।
                                    ( নিশান্ত হাজৰিকা )

          (৭) ফাগুন ফাগুন

সৰাপাতত লিখা থাকে
ৰৈ যোৱা হেঁপাহৰ বিষাদ-ভাগৰ
লিখা থাকে এটি অসম্পূৰ্ণ কাহিনী
ফাগুনৰ
ফু মাৰিলেই উৰি যায়
যি সপোনৰ পঁজা
তাকে ভাঙিবলৈ অপেক্ষা কিয়নো লাগে
বৰদৈচিলাৰ
ৰঙাকৈ জ্বলিলেও একেই আধৰুৱা
সপোনৰ গান
পলাশ-মদাৰৰ ।    ( কমল কুমাৰ মেধি )

ফাগুনৰ গীতবোৰ ―

১)  পলাশৰে ৰং কোনেনো সানিলে
     এই মিঠা সেউজ বননিত ....।
                                 ( ডঃ ভূপেন হাজৰিকা )

২)  ....ফাগুনৰ পচোৱাই মন নচুৱায়
         পলাশৰ ৰঙা ৰঙে মনটি ৰঙায় ...।
                                 ( ডঃ ভূপেন হাজৰিকা )

 ৩)  ফাগুনে তুলিৰে মাথো 
     খেয়ালী মনৰে ছবি আঁকি যায়,
     বেথাৰ চকুলো টুকি বিৰহী ডাৱৰে
     তাকে জুমি চায় । ( কথা : ইদ্ৰিছ আলি
                            কণ্ঠ : মন্দিৰা শৰ্মা লাহিড়ী )

৪) নেজানো, মন দোলে ফাগুনৰে বা'ত /ফুল ফুলে
   অ' পলাশ-শিমলু – কি ৰং , ৰঙে উতলা
  সৰাপাতবোৰ যেন সোঁৱৰণী
  আকাশে-বতাহে তাৰ আগমনি ...।
           ( কথা : প্ৰশান্ত বৰদলৈ, কণ্ঠ : জুবিন গাৰ্গ )

৫) পলাশ ফুলিল ঐ, মদাৰ ফুলিল ঐ
    ফুলিল হেজাৰ ফুল ,
    বুকুৰ হেজাৰ চেনেহ বিলাই
    বননি আকুল।     (কথা : ৰুদ্ৰ বৰুৱা, 
                                   কণ্ঠ : মধুস্মিতা ভট্টাচাৰ্য )

       এইয়া উদাহৰণহে মাত্ৰ । ফাগুনক লৈ আমাৰ সাহিত্য-সংগীতত অলেখ অনুভৱৰ জোৱাৰ । ইয়াৰ পৰাই প্ৰমাণিত হয় ফাগুন কিমান মোহনীয় - ৰমণীয় ।

সামৰণি : 

        উৰুঙা , উদং যেন লাগিলেও ফাগুন বিচিত্র । এই বিচিত্ৰতাই আমালৈ কঢ়িয়াই আনে ধ্বংসৰ মাজেদি নতুন সৃষ্টিৰ নৱ প্ৰত্যয় । শস্য-শ্যামলা , সেউজীয়া ধৰণীক আদৰাৰ অলেখ আয়োজন । বসন্তৰ বতৰা লৈ এই সময়ছোৱাতে কুলি-কেতেকীৰ আগমন ঘটে । সুৱদি মাতেৰে আকাশ-বতাহ-পথাৰ-অৰণ্য মুখৰ কৰি তোলে । সেয়ে ধূলি-ধূসৰ পৃথিৱী হ'লেও ফাগুনৰ মায়াত সকলো বিভোৰ । উৰুঙা বতাহেও দি যায় ― নতুন প্ৰতিশ্ৰুতি ― সৃষ্টিৰ-সৌন্দৰ্যৰ । সেয়েই ছাগে গীতিকাৰৰ সৃষ্টি ―
" ফাগুন, তোমাক জনালো নিমন্ত্ৰণ
  তুমি আহিবা আৰু আনিবা অলেখ বৰণ ....। "
          ( কথা : অনুৰাধা দাস , কণ্ঠ : সবিতা চৌধুৰী )

            


পূৰবী চুতীয়া 
সহ:শিক্ষয়িত্ৰী
নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল , নহিৰা
শিক্ষাখণ্ড : ৰামপুৰ , জিলা : কামৰূপ ।

Post a Comment

0 Comments