কবি কণ্ঠ
কবি মইবজ্ৰ নিনাদিত কণ্ঠ মোৰমোৰ আগ্নেয়াস্ত্ৰৰ মুখেৰেনিগৰি-নিগৰি বাগৰি আহেঅযুত শব্দশব্দ নহয় ই ,মহাসমৰৰ আমোঘ অস্ত্ৰ
ওলাই আহে কণ্ঠেৰে মোৰবাৰুদৰ ধোঁৱা ,সংকল্প মন্ত্ৰেৰে গঢ়াস্বাধীনতাৰ ত্ৰিৰঙ্গা পতাকা ।
সৌদামিনীৰ গৰ্জন মোৰকবিতাৰ ছন্দ ,প্ৰতি শব্দৰ দেহতে সনা আছেযুগ-যুগান্তৰৰ ৰক্তাভ তেজৰ উদ্বিগ্নতা ,শানিত তৰোৱালৰ তেজস্বিতাআৰু আছে ৰুক্ষ হৃদয় জীপাল কৰাছন্দায়িত কমনিয়তা ।
কণ্ঠত মোৰ জাগ্ৰত গাণ্ডীৱৰ চিক্ মিকনিবাজে ঝন ঝন ঝননাচি উঠে হেং দাং ,কলমৰ মুখেৰে বৈ আহেশৰাইঘাটৰ লাচিতৰ উষ্ম নিশ্বাসঅসম গৌৰৱ আৰু কোনোবানিৰাশ্ৰয়া বনিতাৰগলিত হৃদয়ৰ তপ্ত লোতক ।
লোহিত কুমাৰ দাসঅৱসৰপ্ৰাপ্ত শিক্ষক ,প্ৰৱীণ কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয় ,শিক্ষাখণ্ড : ছমৰীয়া ।
কবি মই
বজ্ৰ নিনাদিত কণ্ঠ মোৰ
মোৰ আগ্নেয়াস্ত্ৰৰ মুখেৰে
নিগৰি-নিগৰি বাগৰি আহে
অযুত শব্দ
শব্দ নহয় ই ,
মহাসমৰৰ আমোঘ অস্ত্ৰ
ওলাই আহে কণ্ঠেৰে মোৰ
বাৰুদৰ ধোঁৱা ,
সংকল্প মন্ত্ৰেৰে গঢ়া
স্বাধীনতাৰ ত্ৰিৰঙ্গা পতাকা ।
সৌদামিনীৰ গৰ্জন মোৰ
কবিতাৰ ছন্দ ,
প্ৰতি শব্দৰ দেহতে সনা আছে
যুগ-যুগান্তৰৰ
ৰক্তাভ তেজৰ উদ্বিগ্নতা ,
শানিত তৰোৱালৰ তেজস্বিতা
আৰু আছে
ৰুক্ষ হৃদয় জীপাল কৰা
ছন্দায়িত কমনিয়তা ।
কণ্ঠত মোৰ জাগ্ৰত
গাণ্ডীৱৰ চিক্ মিকনি
বাজে ঝন ঝন ঝন
নাচি উঠে হেং দাং ,
কলমৰ মুখেৰে বৈ আহে
শৰাইঘাটৰ লাচিতৰ
উষ্ম নিশ্বাস
অসম গৌৰৱ
আৰু কোনোবা
নিৰাশ্ৰয়া বনিতাৰ
গলিত হৃদয়ৰ তপ্ত লোতক ।
লোহিত কুমাৰ দাস
অৱসৰপ্ৰাপ্ত শিক্ষক ,
প্ৰৱীণ কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয় ,
শিক্ষাখণ্ড : ছমৰীয়া ।
0 Comments