header ads

প্ৰবন্ধ , অনুভৱ, সমৰজ্যোতি শৰ্মা, ৩য় বছৰ ৩য় সংখ্যা

 

অনুভৱ


       ভাত মুঠি আৰু ঘৰখন মজবুত কৰাৰ চিন্তাত আজিৰ নৱপ্ৰজন্ম যথেষ্ট চিন্তাশীল । উপাৰ্জন কৰাৰ চিন্তাত , জীৱনটো উপভোগ কৰিব পাহৰি যোৱাৰ দৰে হৈ উঠিছে বৰ্তমানৰ কিছু ল'ৰা-ছোৱালী । ভাত কাপোৰৰ চিন্তা আজিকালি কেৱল ঘৰৰ মুৰব্বীজনেই নকৰে । পৰিয়ালটোৰ সকলোখিনি লোকেই চিন্তা কৰে দুপইচা কেনেকৈ অৰ্জন কৰিব পৰা যায় । সপোন বুকুত বান্ধি লৈ জীয়াই থকা ল'ৰা ছোৱালীবোৰে মনত আশা পুহি ৰাখে । আধুনিকতাৰ জোৱাৰত উটি ভাহি নুফুৰি ঘৰৰ দায়িত্বত হাতত মোনা লৈ ফুৰিব লাজ নকৰা হ'ল বহু ল'ৰা-ছোৱালী । জীৱনত সাফল্য আনিবলৈ যৌৱনৰ এই সময়ছোৱাত পৰিশ্ৰমী মনবোৰ দেখি ভাল লাগে ।


      জীৱনটো সচাই জটিল । সমস্যা সমাধানৰ পথত নৱপ্ৰজন্মৰ ভৰিৰ খোজ স্পষ্ট । পঢ়ি গৈ আছে লগতে চিন্তাও কৰে যে ঘৰখন কেনেকৈ চলিব । আগবাঢ়ি গৈ আছে কিন্তু পিছত এৰি অহা সময়ৰ মূল্য হাতৰ মুঠিত ৰাখি আগুৱাই যাব জানে আজিকালিৰ ল'ৰা-ছোৱালীয়ে । জীৱনৰ সফল সপোন দেখাৰ লগতে মাক-দেউতাকৰ মূৰৰ বোজা অলপ পাতলাবলৈও চেষ্টা কৰে । যৌৱনৰ এই সময়ত জীৱন গঢ়াৰ পথত নৱপ্ৰজন্মৰ উৎসাহী মনবোৰ দেখি ভাল লাগে ।





সমৰজ্যোতি শৰ্মা
বি. এড প্ৰশিক্ষাৰ্থী
কলেজ অৱ ইডুকেশ্বন , বকো

Post a Comment

0 Comments