header ads

বিশেষ লেখা, ভাৰতৰ প্ৰথমগৰাকী মহিলা ' ৰজা ' চম্পাৰ কথা, ৩য় বছৰ ৩য় সংখ্যা,

 ভাৰতৰ প্ৰথমগৰাকী মহিলা ' ৰজা '  চম্পাৰ কথা



 ভাৰত বুৰঞ্জীত কেইবাগৰাকী মহিলা শাসকৰ নাম পোৱা যায় । বুৰঞ্জী লেখকসকলে এওঁলোকক 'ৰাণী' বুলি কৈছে । এনে কেইবাগৰাকী ৰাণীৰ কাম-কাজ তথা তেওঁলোকৰ ক্ষমতাৰ পৰিসৰ লক্ষ্য কৰিলে নিশ্চিত হ'ব পাৰি যে তেওঁলোক প্ৰকৃততে 'ৰজা'হে আছিল । অৰ্থাৎ তেওঁলোক ৰজাৰ পত্নীৰ ভূমিকাত নাছিল , সাৰ্বভৌম ক্ষমতাৰে শাসক অৰ্থাৎ ৰজা আছিল । ৰেজিয়া , চেন্নাম্মা , অহিল্যা বাঈ , বেগম ছম্ৰু , লক্ষ্মীবাঈ আদি এনে কেইগৰাকীমান 'ৰজা' । ইয়াৰে বেগম ছম্ৰুৰ বাহিৰে আন কেইগৰাকী 'ৰাণী'ৰ হাতত আছিল সাৰ্বভৌম ক্ষমতা , অৰ্থাৎ তেওঁলোক আছিল 'ৰজা'। বুৰঞ্জী লেখকে প্ৰথাগত ধাৰণাৰ বশৱৰ্তী হৈ তেওঁলোকক ৰাণী ! অভিধা দি থৈছে ।  আমি এওঁলোকক 'ৰজা'ই আখ্যা দিব বিচাৰি এই  আলোচনা আগবঢ়াইছোঁ , মাথো আলোচনাটো স্পষ্ট কৰিবলৈ ' মহিলা শাসক ' শব্দ যুগল ব্যৱহাৰ কৰিছোঁ ।


       ভাৰতৰ প্ৰথম ' মহিলা শাসক ' কোন বুলি সোধা প্ৰশ্নটোৰ এক ছেকেণ্ডতে অহা উত্তৰটো হ'ল ' চুলতানা ৰেজিয়া ' । চুলতানা শব্দটো ৰাণীৰ সমাৰ্থক । ৰজাৰ সমাৰ্থক শব্দটো চুলতান । গতিকে ৰেজিয়াক আমি চুলতান ৰেজিয়া বুলি ক'বলগীয়া হয় । এই গৰাকী শাসকে নিজে মৰা মোহৰতো 'চুলতান'হে আছে , ' চুলতানা '  নহয় । তেওঁৰ সমসাময়িক বুৰঞ্জী লেখক মিনহাজ-ই-চিৰাজেও ' তবকাত-ই-নাছিৰি ' গ্ৰন্থত 'চুলতান'হে লিখিছে । চুলতান ৰেজিয়াই ' দিল্লী ' শাসন কৰিছিল দুবাৰ ; প্ৰথমবাৰ ১২৩১-৩২ চনত, পিতৃ ইলতুৎমিছৰ প্ৰতিনিধি হিচাপে ; পাছৰবাৰ পিতৃবিয়োগৰ পাছত , ১২৩৬-১২৪০চনত , চুলতান হিচাপে । ভাৰত বুৰঞ্জীয়ে ৰেজিয়াকে দেশখনৰ প্ৰথম গৰাকী মহিলা শাসকৰ স্বীকৃতি দিছে ।

       আমি এই লেখাত আন এগৰাকী মহিলা শাসকৰ যৎসামান্য পৰিচয় দাঙি ধৰিব বিচাৰিছোঁ । সময় হিচাপে এই গৰাকী মহিলাই দেশখনৰ প্ৰথম গৰাকী মহিলা শাসকৰ সন্মান দাবী কৰে । এই দাবী আমি কৰিব বিচাৰিছোঁ এখন শিলালিপিৰ আধাৰত ॥

■ পথালি পাহাৰ শিলালিপি

       লখিমপুৰ জিলাৰ নাৰায়ণপুৰত , অৰুণাচল প্ৰদেশৰ সীমা চুই থকা বান্দৰদেৱাত থকা এখন চাপৰ পাহাৰৰ নাম ' পথালি পাহাৰ ' । এই পাহাৰখনৰে মাটি খান্দোতে ২০১০ চনত পোৱা গৈছিল এখন ডাঙৰ আকাৰৰ শিলালিপি । প্ৰাপ্তিস্থান নামানুসাৰে ইয়াৰ নামাংকন কৰা হয় ' পথালি পাহাৰ শিলালিপি ' । উদ্ধাৰ হোৱাৰেপৰা শিলালিপিখনে সংশ্লিষ্ট মহলৰ মনোযোগ আকৰ্ষণ কৰি আহিছে ।  কাৰণ ইয়াত পোৱা গৈছে ' দিগ্লেক বৰ্মা/ বৰ্মন ' নামৰ এজন ৰজাৰ নাম । দিগ্লেক বৰ্মা নামটো প্ৰাচীন অসম অৰ্থাৎ কামৰূপৰ বুৰঞ্জী অধ্যয়ন কৰোতাসকলৰ বাবে অচিনাকি নহয় । গোলাঘাট জিলাৰ বৰপথাৰৰ দেওপানী গাঁৱত উদ্ধাৰ হোৱা এটা হৰিহৰ মূৰ্তিত থকা লিপিত এই নামটো পোৱা গৈছিল । বুৰঞ্জীবিদসকলে অনুমান কৰে যে এই দিগ্লেক বৰ্মা হ'ল শালস্তম্ভ বংশীয় শাসক, যাৰ সময় ৮ম শতিকা । ( Inscriptions if Ancient Assam , Dept of Publication , Gauhati University , 1978 , pp 312 ) পথালি পাহাৰৰ শিলালিপিখনতো একেইজন ৰজাৰ নামৰ উল্লেখে বুৰঞ্জীবিদসকলৰ মনোযোগ আকৰ্ষণ কৰাই স্বাভাবিক ।

       এই শিলালিপিত ' দিল্যি ' নামৰ এখন ৰাজ্যৰ উল্লেখ আছে । লিপিখন প্ৰথমেই পাঠ কৰোঁতা পুৰাতত্ত্ববিদ ডঃ নিত্যানন্দ গগৈৰ মতে এই ' দিল্যি ' ৰাজ্যখন গঠিত হৈছিল বৰ্তমানৰ শোণিতপুৰ জিলাৰ পূব অংশ , লখিমপুৰ জিলাৰ পশ্চিম অংশৰ লগতে ইটানগৰক সামৰি অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাক সামৰি । তেওঁ ' দিল্যি ' শব্দটো ' দিলিহ ' বা 'দিলিহি'ৰ সংস্কৃত ৰূপ বুলি ক'ব বিচাৰিছে । বৰ্তমানৰ ডিক্ৰং নৈ খনকে তেওঁ দিলিহ বুলিও মন্তব্য কৰিছে । ডঃ গগৈয়ে দিল্যিৰ ৰাজধানী নগৰ ৰূপে বৰ্তমানৰ হাৰমতীক চিনাক্ত কৰিছে । তেওঁৰ মতে পথালি পাহাৰ শিলালিপিৰ সময় অষ্টম শতিকাৰ শেষ অথবা নৱম শতিকাৰ আদিভাগ । প্ৰতাপ চন্দ্ৰ চৌধুৰীৰ মন্তব্যৰ সূত্র ধৰি দেওপানী হৰিহৰ মূৰ্তিলিপিক মুকুন্দ মাধৱ শৰ্মাই অষ্টম শতিকাৰ বুলিছে যেতিয়া পথালি পাহাৰ শিলালিপিখনকো একেজন দিগ্লেক বৰ্মাৰে বুলি ক'ব পাৰোঁ । পিছে , ভাস্কৰ বৰদলৈয়ে এই শিলালিপিখন সপ্তম শতিকাৰ দ্বিতীয়াৰ্ধ বুলি ক'ব বিচাৰে । এনে হ'লে আমি দুখন শিলালিপি জাৰি কৰোঁতা হিচাপে দিগ্লেক বৰ্মা দুজন বুলি ক'ব লাগিব ।

■ দেৱী চম্পা অথবা চম্পা দেৱী

       পথালি পাহাৰ শিলালিপিৰ দুটা পাঠ আগবঢ়াইছে ডঃ নিত্যানন্দ গগৈয়ে ।  সম্প্ৰতি এটা নতুন পাঠ আগ বঢ়াইছে ভাস্কৰ বৰদলৈয়ে । দুয়োটা পাঠৰ পাৰ্থক্য বহুত । এই বিষয়ে আলোচনাৰ পৰিসৰ আজিৰ নিবন্ধত নাই । শিলালিপিখনৰ অন্য এটা দিশলৈহে আমি আঙুলিয়াব বিচাৰিছোঁ , যাতে আমি শিৰোনামত দিয়া বিষয়টোলৈ যাব পাৰোঁ ।

       শিলালিপিখনৰ দুটা তথ্য সম্পৰ্কে ডঃ গগৈ আৰু বৰদলৈ একমত । সেই দুটা হ'ল ৰজা দিগ্লেক আৰু চম্পা দেৱী । উভয়ৰে মতে চম্পা দিগ্লেকৰ পত্নী আছিল । অৱশ্যে ডঃ গগৈৰ মতে কোনো কাৰণত দিগ্লেকৰ সৈতে চম্পাৰ বিচ্ছেদ হৈছিল আৰু তেওঁ পিতৃৰাজ্যলৈ উভতি গৈ দ্বিতীয় বিবাহ কৰায় । পাছলৈ ৰাজ্যৰ প্ৰজা আৰু সৈন্যই চম্পাক সমৰ্থন যোগোৱাত দিগ্লেকে ৰাজপদ ত্যাগ কৰি একপ্ৰকাৰ সন্ন্যাস গ্ৰহণ কৰে। আনহাতে চম্পা দিল্যি ৰাজ্যৰ সিংহাসন গ্ৰহণ কৰি প্ৰজাবৎসল 'ৰজা'ৰ খ্যাতি অৰ্জন কৰে । ইফালে , বৰদলৈৰ মতে চুবুৰীয়া ৰজাৰ আক্ৰমণত দিল্যি ৰাজ্য বিধ্বস্ত হয় আৰু ৰজা দিগ্লেকে ৰাজপাত হেৰুৱায় । নতুন ৰজাক প্ৰজাই গ্ৰহণ নকৰিলে । ৰাণী চম্পাই পৰ্বত বেষ্টিত ঠাইত আত্মগোপন কৰি সৈন্য গোটাই নতুন ৰজাক আক্ৰমণ কৰি পৰাজিত কৰে আৰু দিল্যিৰ ৰাজ সিংহাসনত বহি প্ৰজাৰঞ্জক ৰজাৰূপে খ্যাত হয় । অৰ্থাৎ দুয়োগৰাকী লিপিবিদেই চম্পা ৰজা হোৱাৰ কথা মানি লৈছে । কেৱল ডঃ গগৈয়ে ৰজাৰ নাম চম্পা দেৱী আৰু বৰদলৈয়ে দেৱী চম্পা বুলি কৈছে ।

■ দেৱী_চম্পাৰ সময়

       দেৱী চম্পা কেতিয়া ৰজা হৈছিল ? ডঃ গগৈৰ মতে পথালি পাহাৰ শিলালিপিৰ সময় অষ্টম শতিকাৰ শেষ অথবা নৱম শতিকাৰ আদিভাগ । প্ৰতাপ চন্দ্ৰ চৌধুৰী আৰু মুকুন্দ মাধৱ শৰ্মাৰ মতে দেওপানী হৰিহৰ মূৰ্তিলিপি আৰু পথালি পাহাৰ শিলালিপিৰ সময় অষ্টম শতিকা । এতিয়া এই তিনি গৰাকী পুৰাতত্ত্ববিদৰ মন্তব্যক একগোট কৰিলে দুয়োখন লিপিৰ সময় অষ্টম শতিকাৰ শেষভাগ বুলি ধৰিব পাৰোঁ । তেতিয়া হ'লে দিগ্লেক বৰ্মা আৰু দেৱী চম্পা বা চম্পা দেৱীৰ সময়ো এইটোকে ধৰিব লাগিব । অৰ্থাৎ আমি ক'ব পাৰোঁ যে চম্পা ৰজা হৈছিল অষ্টম শতিকাৰ শেষ ভাগত , মানে ৭৫০চনৰপৰা ৮০০ চনৰ ভিতৰত । বৰদলৈ ইয়াতকৈ আধা শতিকা আগ বাঢ়িব বিচাৰে । তেতিয়া চম্পা ৰজা হোৱাৰ সময়টো ৭৫০-৮০০ চন হয়গৈ । এতিয়া , এই দুয়োটা সময়ো যদি সংশ্লেষণ কৰা হয় , চম্পাক আমি ৮০০ চনৰ ওচৰে-পাঁজৰে ৰাখিব পাৰোঁ । এই সময় দাস বংশৰ ৰেজিয়া চুলতান হোৱাৰ চাৰিশ বছৰতকৈও বেছি আগৰ । গতিকে আমি নিশ্চয়কৈ ক'ব পাৰোঁ যে ভাৰতৰ প্ৰথম মহিলা শাসক চুলতান ৰেজিয়া নহয় , বৰং দেৱী চম্পাহে , আৰু তেওঁ এই অসম মুলুকৰে সন্তান আছিল । এই কথা প্ৰমাণ কৰিবলৈ আমাৰ হাতত এখন শিলালিপি আছে । এই শিলালিপিখনৰ লগতে উদ্ধাৰ হোৱা ইটাখণ্ডৰ কাৰ্বন ডেটিং কৰি সময়টো প্ৰতিপন্ন কৰাৰ ব্যৱস্থা লোৱাৰহে কথা । 

■ উপসংহাৰ

       বৰ্তমানৰ হাৰমতী অঞ্চলত যে সুপ্ৰাচীন নগৰ এখন আছিল তাৰ প্ৰমাণ বহুত আছে । অঞ্চলটোত থকা কেইবাটাও গড়,  অ'ত-ত'ত ওলোৱা প্ৰাচীন ইটা আৰু নক্সা খচিত শিলাখণ্ড , জনশ্ৰুতি আদিয়ে ইয়াৰ  ইংগিত দিয়ে । এইবোৰৰ সংহতকৰণৰ জৰিয়তে ঐতিহাসিক সত্য এটা প্ৰতিষ্ঠা কৰাৰহে প্ৰয়োজন ।








পুলিন কলিতা
উপ সম্পাদক , দৈনিক অসম

Post a Comment

0 Comments