header ads

প্ৰবন্ধ ,কিতাপ পঢ়াৰ উপকাৰিতা , প্ৰদীপ কলিতা, ৩য় বছৰ ৩য় সংখ্যা,

 কিতাপ পঢ়াৰ উপকাৰিতা 





                              

       কিতাপ মানৱ জীৱনৰ অমূল্য সম্পদ । কিতাপে মানৱ সভ্যতাৰ পূৰ্ণ বিকাশত এক অবিস্মৰণীয় ভূমিকা পালন কৰি আহিছে , সেয়া নিসন্দেহে ক'ব পাৰি ৷ মানৱ জাতিৰ সেতুবন্ধনত অগ্ৰণী ভূমিকা পালন কৰি আহিছে কেৱল কিতাপেই । Books introduce us to the best society . সেইবাবেই আমি কিতাপৰ সৈতে অঙ্গাংগীভাৱে জড়িত হ'ব লাগে । কিতাপ পঢ়া মানুহৰ বাবে অধ্যয়ন মহৌষধ স্বৰূপ ।

        এখন ভাল কিতাপে মানুহক দিব পাৰে সৌন্দৰ্যময় সুখানুভূতি আৰু অপৰিসীম আনন্দ । এটা জাতিৰ বৰ্তমান , অতীত আৰু ভৱিষ্যতৰ ইতিহাস আৰু বৈশিষ্ট্য তথা সম্ভাৱনীয়তা লুকাই থাকে কিতাপৰ মাজতে । 
        এখন ভাল কিতাপেই যে মানুহক অদম্য সাহস , প্ৰেৰণা , মানসিক উৎকৰ্ষ সাধনৰ উপৰিও সৰ্বাংগীণ দিশত সহায় কৰি মানুহৰ জীৱনৰ গতিপথ সলনি কৰি দিব পাৰে তাৰ উদাহৰণ ইতিহাসৰ পাতত পোৱা যায় । কিতাপ পঢ়িও যে মানুহে জীৱনৰ দুখ-কষ্ট , চিন্তা-ভাৱনা আদি পাহৰিব পাৰে সেই কথা উপলদ্ধি কৰিব পাৰিব লাগিব ।

        কিতাপ অধ্যয়নৰ জৰিয়তে আমি বিভিন্ন ধৰণেৰে উপকৃত হওঁ ৷ যেনে -
         
১)  কিতাপ পঢ়িলে বুদ্ধিমত্তা বৃদ্ধি হয় । বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক সত্যনাথ বৰাদেৱে বিখ্যাত ' সাৰথি ' নামৰ গ্ৰন্থখনত উল্লেখ কৰিছিল - ' চঞ্চল মন স্থিৰ কৰিবলৈ , ভোটা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই । '

২) মানুহৰ শৰীৰৰ প্ৰধান অংগ হ'ল মগজু । অধ্যয়নে মানুহৰ মগজুক শক্তিশালী কৰে অৰ্থাৎ মনত ৰখা শক্তি বৃদ্ধি হয় ।

৩) অধ্যয়নে মানুহক দীৰ্ঘায়ু কৰে । এক বিশেষ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বেছি অধ্যয়ন কৰা ব্যক্তিসকলৰ গড় আয়ুস অন্য ব্যক্তিসকলতকৈ সদায়ে বেছি ।

৪) কিতাপ পঢ়িলে মগজুৰ বাওঁ অংশটোৰ ভিতৰত সংযোগ উন্নত হয় যিটো অংশ ভাষা চৰ্চাৰ সৈতে সম্পৰ্কিত । 

৫) সাম্প্ৰতিক সময়ত বেছিভাগ মানুহেই মানসিক চাপত আক্ৰান্ত । পঢ়া-শুনা কৰিলে মানসিক চাপ হ্ৰাস হয় । এক সমীক্ষামতে প্ৰতিদিনে ৬ মিনিট পঢ়িলে ৬৮% মানসিক চাপ হ্ৰাস হয় ৷ 

৬) কল্পনা শক্তিৰ বৃদ্ধিৰ ফলত উৎকৃষ্ট সাহিত্যৰ সৃষ্টি হয় । পুথি অধ্যয়নে মানুহৰ কল্পনা শক্তিৰ উন্নতি সাধন কৰে । 

৭) কিতাপ নপঢ়া বেছিভাগ ব্যক্তি ভোটা বুদ্ধিৰ হয় বুলি কয় ।  কিতাপৰ অধ্যয়নে মানুহক চোকা কৰে । কাৰণ কিতাপত থকা লিখকৰ সমস্ত জ্ঞান , অভিজ্ঞতা পাঠকে ৰসাস্বাদন কৰিব পাৰে ।

৮)  সুখী জীৱন এটাৰ উৎকৃষ্ট সমল হ'ল কিতাপ অধ্যয়ন । অধ্যয়নে মানুহক সুখী হোৱাত সহায় কৰে ।

৯) সাম্প্ৰতিক সময়ত মানুহৰ ভয়ংকৰ ৰোগ এবিধ হ'ল এলজেইমাৰ । কিতাপ পঢ়িলে এলজেইমাৰ ৰোগ নিয়ন্ত্ৰণ হয় বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে ।

১০)  বৰ্তমান সময়ত মানুহৰ উচ্চ ৰক্তচাপ , হাৰ্টৰেট আৰু মানসিক চিন্তা বেছি হৈছে । আমেৰিকাৰ এজন গৱেষকে কৈছে যে ৩০ মিনিটৰ অধ্যয়নে মানুহৰ উচ্চ ৰক্তচাপ , হাৰ্টৰেট আৰু মানসিক চিন্তা হ্ৰাস কৰে ।

       কিতাপ পঢ়াৰ নৱজাগৰণে আমাৰ পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে আমাক বৌদ্ধিক দিশত আগুৱাই লৈ যায় । গ্ৰন্থৰ মহাসাগৰ সাঁতুৰি-নাদুৰি , মণি-মুকুতা সংগ্ৰহ কৰি মানুহ হৈ পৰিব পাৰে জ্ঞানৰ বাহক ।  
         
       গতিকে জীৱনটো সুখী আৰু মধুময় কৰি তুলিবলৈ হ'লে আমাৰ অধ্যয়নৰ বাহিৰে গত্যন্তৰ নাই । কিতাপ পঢ়িলে জ্ঞান আৰু প্ৰজ্ঞাৰ সাগৰত অৱগাহন কৰিবলৈ সক্ষম হ'ব ।





প্ৰদীপ কলিতা
সহকাৰী শিক্ষক
হাজো এছ বি এছ কে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড - হাজো





শাওণৰ মেঘমুক্ত নীলাকাশ
সূৰ্য্যস্নাত ক্লেদময় হে বিশাল পথাৰ ... বিপুল সম্ভৱা
নাঙলৰ সীৰলুত সোণফলা মাটিৰ কামনা
ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা । (পথাৰ )
                 ― ৰাম গগৈ

Post a Comment

0 Comments