header ads

অসমীয়া কবিতা, নাৰী, অঞ্জু ৰয় বৈশ্য, ৩য় বছৰ ৩য় সংখ্যা,

 নাৰী





তাই নাৰী ―

আনৰ বাবে তাই অৱলা ;
" তই পাৰিবিনে ? "  " তই কৰিবিনে ? "
― প্ৰশ্নবোৰে 
কৰি তুলিলে তাইক বজ্ৰকঠিন ।

কাঁইটীয়া বাটেৰেও তাই 
বুলিব পাৰে বাট

এপাহি গোলাপ হ'লেও 
কাঁইটৰ মাজতে তাইৰ অৱস্থান ।

তাই অনন্যা -
তাইৰ সুকোমল মাতে পৃথিৱী জুৰায় ,
তাইৰ আদৰ-সাদৰে ঘৰখন শুৱায় ,
মাতৃত্বৰ উমাল মৰমেৰে আৱৰি ৰাখে ধৰণী

ৰজা কিম্বা প্ৰজা 
তাইৰ হাতৰ অমৃত পান কৰি ধৰুৱা সকলো
জীয়ৰী-বোৱাৰী , ভগ্নী-পত্নী ৰূপেৰে
সকলোতে তাই ভাও দি যায় নিখুঁত অভিনেত্রীৰ ।

সকলোকে দি যায় 
জীৱন জিনাৰ অনুশীলন ,

তাই আগ্নেয়গিৰি -
ক্ষণে সুপ্ত , ক্ষণে জাগ্ৰত

দুৰ্বলী নহয় তাই 
ধৈৰ্য্য-সহ্যৰ এক প্ৰতীকী মাথো ,
দুৰ্গা-লক্ষ্মীৰ স্বৰূপ তাই , 
দহো হাতৰ শক্তিৰে শক্তিৱন্ত নাৰী ।

তাইৰ ভেশ অনেক ― মায়াবী
পানীৰ দৰে তাইৰ ৰূপান্তৰ ,
শিলৰ দৰে কঠিন ,

নহয় তাই অৱলা -
তাই অনন্যা , তাই শক্তিৰূপা ,
যুগে যুগে কৰি আহিছে
এক অনন্য যাত্রা ―

ভাগৰা নাই তাই
ভাগৰি নপৰে কদাপি ,
অনন্ত কাললৈ তাইৰ দৃষ্টি
কাৰণ ― তাই নাৰী ।





অঞ্জু ৰয় বৈশ্য
সহ শিক্ষয়িত্রী ,
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড - ছমৰীয়া ।

Post a Comment

0 Comments