header ads

অসমীয়া কবিতা, গিৰিণ দাস, ৩য় বছৰ ৩য় সংখ্যা,

 নাৰী তুমি অনন্যা




নাৰী তুমি অনন্যা
তোমাৰ নাই কোনো তুলনা ,
তুমি সৰস্বতী , লক্ষ্মীৰূপী
সময়ত হোৱা দুৰ্গতিনাশিনী ৷
তোমাৰ মহিমা অপাৰ
তুমি কৰা সকলোৰে উপকাৰ ।
কিন্তু সমাজত আজিও 
তুমি লাঞ্ছিতা
তথাপিও তুমি ভাগৰি নপৰা ৷
কাৰণ তোমাৰ শৰীৰত প্ৰবাহিত
শ্ৰীৰামৰ সীতাৰ ৰক্ত
যাক অপমান কৰি
লংকাপতি ৰাৱণৰ হৈছিল দৰ্পচূৰ্ণ ।
নাৰী তুমি অনন্যা
তোমাৰ মহিমাৰে কৰি তোলা
পৃথিৱী মোহনীয়া ..।
দয়া-ক্ষমা-ত্যাগৰ প্ৰতীক তুমি
তোমাৰ পৰশত সুন্দৰ হয় ধৰণী ।
তুমি অতুলনীয়া , অনন্যা ।




গিৰিণ দাস  
মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক
লাচিতগড় মণ্ডল সমল কেন্দ্ৰ
শিক্ষাখণ্ড - কৰৰা

Post a Comment

0 Comments