header ads

প্ৰবন্ধ, বাল্য বিবাহ : এক সামাজিক ব্যাধি, অৱলা বৈশ্য, ৩য় বছৰ ১ম সংখ্যা,

 বাল্য বিবাহ : এক সামাজিক ব্যাধি






         বাল্য-বিবাহ এখন সুস্থ সমাজৰ বাবে এক ব্যাধি স্বৰূপ । আমাৰ দেশত অতীজৰে পৰা বাল্য-বিবাহৰ প্ৰচলন হৈ আহিছে । ইয়াক ৰোধ কৰিবৰ বাবে আইন প্ৰণয়ন কৰা হৈছে যদিও বৰ্তমানলৈ ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰা সম্ভৱ হৈ উঠা নাই । বাল্য-বিবাহৰ কাৰণবোৰ ফহিয়াই চালে বিভিন্ন ধৰণে দেখা যায় । ইয়াৰ ভিতৰত এটা অন্যতম কাৰণ হ'ল সমাজত মানুহৰ মাজত আৰ্থিক অসমতা । দুখীয়া ঘৰৰ কম বয়সৰ ছোৱালী লাভ কৰিবৰ বাবে টকা থকা চহকী ঘৰৰ বয়সস্থ লোকেও ঘৰখনক আৰ্থিক সাহায্য প্ৰদান কৰা দেখা যায় । আনহাতে চহকী ঘৰৰ কম বয়সৰ ছোৱালীকো ধনী ঘৰৰ তথাকথিত ভাল ল'ৰাৰ সুবিধা পালে বহু টকা দি হ'লেও বিয়া দিয়ে । কিছুমান সম্প্ৰদায়ে আকৌ স্ব-গোত্ৰৰ ল'ৰা বা ছোৱালীৰ সন্ধান পালে বয়সলৈ অপেক্ষা নকৰে । এইদৰে বিভিন্ন অজুহাতত আমাৰ সমাজত বাল্যবিবাহ সম্পন্ন হয় । কিন্তু  বাল্য কালতে বিয়া হ'লে যে কিমান অসুবিধাৰ সন্মুখীন হ'ব লগা হয় সেয়া অকণো চিন্তা কৰি নাচায় ।
         কম বয়সত বিয়া হলে ছোৱালীজনী শাৰীৰিক ভাৱে দুৰ্বল হোৱা লগতে নিশকতীয়া সন্তান জন্ম দি দেশৰ আপদহে মাতি আনিব । বয়স্থ মানুহৰ লগত বিয়া হোৱাজনী আকৌ উপযুক্ত বিয়াৰ বয়সতে বিধৱাৰ সাজ পিন্ধিব লগীয়া হয় , এয়াও সমাজৰ এক যন্ত্ৰণা । বিশ বছৰৰ তলত গৰ্ভধাৰণ কৰিলে মাক আৰু সন্তান উভয়ৰে কাৰণে স্বাস্থ্য হানিকাৰক হয় । গৰ্ভৱতী নাবালিকা বিভিন্ন জটিল ৰোগত আক্ৰান্ত হোৱাৰ সম্ভৱনাই বেছি । কন্যাসন্তানসকল দুখন ঘৰৰ ভৱিষ্যত । গতিকে তেঁওলোকক অকালতে মৰহি যাবলৈ দিব নালাগে ।
         নাৰীসকল ভয়াতুৰ হৈ থাকিলে নহ'ব । তেওঁলোক আত্মনিৰ্ভৰশীল হৈ নিজৰ লগতে সমাজৰ মঙ্গল সাধন কৰিব লাগিব । গান্ধীজীয়ে কৈছিল যে ভাৰতীয় নাৰী অৱলা নহয় । অতীতত বীৰত্ব প্ৰদৰ্শনেৰে ভাৰতীয় নাৰী বিখ্যাত হৈ আছে ।  নাৰীয়ে বিভিন্ন চিন্তা আৰু কামৰ জৰিয়তে সমাজ তথা জাতিক উদ্ধাৰ কৰিব পাৰে , গৌৰৱান্বিত কৰিব পাৰে ।

         ভাৰতবৰ্ষত ৰাষ্ট্ৰসংঘতকৈও আগতে বাল্য বিবাহ বন্ধ কৰাৰ মানসিকতা পোষণ কৰা হৈছিল , যিটো প্ৰসংসাৰ যোগ্য । ইং ২০০৮  চনতে আমাৰ দেশে কন্যা শিশুৰ উন্নয়নৰ বাবে চিন্তা চৰ্চাৰ পাতনি মেলে । ইং ২০০৯ চনৰ পৰা কন্যা শিশুৰ উন্নয়নৰ হকে কাৰ্য্যকৰী পন্থা হাতত লয় আৰু ইয়াৰ পৰিপন্থী কাৰ্যসমূহ ব্যাহত কৰিবলৈ যত্নপৰ হয় । উক্ত উদ্দেশ্য আগত ৰাখিয়েই ২৪ জানুৱাৰীৰ দিনটো দেশে ৰাষ্ট্ৰীয় কন্যাদিৱস হিচাপে পালন কৰি আহিছে । অৱশ্যে অকল  দিৱস উদ্ যাপন কৰিলেই সকলো সমস্যাৰ  ওৰ নপৰে  ।  সমস্যাক ডালে-মূলে নিঃশেষ কৰিলেহে সমস্যাৰ সমাধান সূত্ৰ সহজ লভ্য হ'ব । এই ক্ষেত্ৰত নাৰীয়ে সবল ভূমিকা ল'ব লাগিব ।
         শেষত মোৰ এটি চুটি কবিতাৰে এই সামান্য লিখনিৰ ওৰ পেলালো -

মা , মই বিয়াত নবহো 
মা , মই বিয়াত নবহো                                          ওঠৰ বছৰ হোৱাই নাই
কিয়  দিয়া বিয়া ?
কাম কাজ একোৱেই নাজানোঁ
কেনেকৈ চলিম কোৱা ?

আমি হ'লো দুখীয়া মানুহ
এনে সুযোগ নাপাবও পাৰোঁ
শাহু-শহুৰ আছে যেতিয়া
শিকাই ল'ব দিয়া ।
হেৰাই যোৱা সুযোগ 
পুনৰ নোপোৱা জানা
আজিৰ দিনত চাকৰি কৰা দৰা
ক'ত পাবা কোৱা ?

নালাগে মোক চাকৰি কৰা দৰা
মদ , ভাং , জুৱা খেলা
নিজৰ কাম নিজে কৰি খাম
জীৱনটো গঢ়ি ল'ব দিয়া ।

হ'ব দে আইটি , মই বুজি পালোঁ
সমাজকো সজাগ কৰোঁ
বাল্যবিবাহ ইমানতে সামৰণি মাৰোঁ ।








অৱলা বৈশ্য
অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী
পি.কে.চি. হাইস্কুল
শিক্ষাখণ্ড : ছমৰীয়া






ভঙা কলিজাত কোনে বিনায়
         কবিতা মোৰ দুখৰ ঋতুৰ
               এপাহ খৰিকাজাই ।
                               ― হীৰেন ভট্টাচাৰ্য ।

Post a Comment

0 Comments