header ads

অসমীয়া প্ৰবন্ধ, আধ্যাত্মিক জ্ঞান আৰু সন্তানৰ ভৱিষ্যত, ৩য় বছৰ ৩য় সংখ্যা



       'আধ্যাত্মিক' শব্দটোৰ আভিধানিক অৰ্থ হৈছে আধিদৈৱিক আৰু আধিভৌতিক । সমস্ত জগতখনক  এক ভৌতিক জগত বুলি কোৱা হৈছে । ভৌতিক জগতখনৰ সৃষ্টিৰ আঁৰৰ ৰহস্যত যি দৈৱিক শক্তিৰ প্ৰভাৱ , তাৰে ভাৱনাই আধ্যাত্মিক ভাৱনা বা আধ্যাত্মিকতা । দেহ, মন, আত্মা, পৰমাত্মা, সৃষ্টিকৰ্তা আদি বিষয়ক চিন্তাই হৈছে আধ্যাত্মিক চিন্তা । বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি তথা সৃষ্টিৰ আঁৰৰ ৰহস্য, মানুহৰ চিন্তা আদিৰ জ্ঞান হৈছে আধ্যাত্মিক জ্ঞান । সুদূৰ অতীতৰপৰাই দৃশ্যমানৰ লগত অদৃশ্য শক্তিৰ সম্বন্ধৰ ৰহস্য মানৱ জ্ঞান বিকাশৰ লগে লগে আৰম্ভ হৈ আজিও যেন সীমা ঢুকি পোৱা নাই । দাৰ্শনিকসকলে চাৰিতত্ব উল্লেখ কৰি ক'লে যে জ্ঞান, বিজ্ঞান, তৰংগ আৰু গভীৰ ৰহস্যৰ আৱৰ্তত হ'ল সৃষ্টিতত্ব । সৃষ্টিতত্ব প্ৰামাণিক জ্ঞান বিজ্ঞানৰদ্বাৰা ঢুকি পোৱাৰ বাহিৰেও আৰু ৰহস্যাবৃত হৈ আছে । ক'ৰপৰা সৃষ্টিৰ সৃষ্টি, কেনেদৰে বিকাশ হৈ আছে, অন্ত ক'ত এনে ৰহস্য ভেদত দাৰ্শনিক আৰু বৈজ্ঞানিকসকলে চিন্তা-চৰ্চা আৰু প্ৰামাণিকতাৰ পৰীক্ষা-নিৰীক্ষাত নিৰৱচ্ছিন্নভাৱে মনোনিৱেশ কৰি আহিছে । আজিও ইয়াৰ যতি পৰা নাই ।

         আধ্যাত্মিক ভাৱনাৰ উদ্ৰেক হ'লে মানুহৰ ভাল-বেয়া বিশ্লেষণৰ চিন্তা-চৰ্চা বাঢ়ে । নীতিমূলক কথাৰ প্ৰতি গভীৰ উৎসুকতাৰ জাগ্ৰত হয় । এনে ভাৱনাই মানুহক সংযত কৰে , মন উদাৰ কৰে , বিশাল হৃদয়ৰ অধিকাৰী কৰি তোলে । তেনে ব্যক্তিৰদ্বাৰা কৃত কৰ্মৰাজি জীৱ তথা জগতৰ কল্যাণাৰ্থে সমৰ্পিত হয় । জীৱনৰ প্ৰকৃত অৰ্থ কি ভালদৰে উপলব্ধি কৰিব পৰা জ্ঞানৰ জাগ্ৰত হয় । জীৱনৰ নশ্বৰতাৰ জ্ঞানে দৈৱিক অসীম শক্তিৰ প্ৰভাৱৰ প্ৰতি নতমস্তক কৰি তোলে , তেওঁৰ ওপৰত আত্মসমাৰ্পণাত্মক ভাৱনা জাগি উঠে , নিজৰ ক্ষুদ্ৰ অস্তিত্বৰ বিষয়ে উপলব্ধি কৰিব পৰা হয় , নিজৰ শক্তি-সামৰ্থৰ সীমাৱদ্ধতা বুজি উঠে , অহং লোপ পায় আৰু ঠিক তেতিয়াই সকলোতে পৰম শক্তিৰ অস্তিত্বৰ উপলব্ধি কৰিব ধৰে । কবিৰ ভাষাত --


 "লালী মেৰে লাল কী জিৎ দেখু তিৎ লাল ।

 লালী দেখন মেই গয়ী মেই ভী হো গয়ী লাল ।।"

          (অৰ্থাৎ- পৰম শক্তিৰ অনুসন্ধানত কবিয়ে জগতৰ সকলোতে সেই অদৃশ্য শক্তিৰ প্ৰভাৱ দেখা পালে অকল সিমানে নহয় নিজতো পৰম শক্তিৰ অস্তিত্ব উপলব্ধি কৰিলে ।)

           গতিকে নিজৰ সামৰ্থৰ উৎস আৰু সামৰ্থৰ সুপ্ৰয়োগৰ দিশ নিৰ্ণয় কৰাত ব্যৰ্থতা নোহোৱা হয় । মানৱৰ পাৰ্থিৱ জীৱনৰ অৰ্থও জানো এয়াই নহয় !) 


          এতিয়া প্ৰশ্ন হ'ল এনে গভীৰ ভাৱনাৰ উদ্ৰেককাৰী জ্ঞান শিশুৰ মানসিকতাত কেনেদৰে আনিব পৰা যায় ? শিশুৰ শিক্ষাৰ বাবে এয়া উপযোগী হয় নে নহয় ? ইয়ে শিশুক পূৰ্বপৰিপক্ক কৰি সংসাৰ বিমুখ কৰি তুলিব পাৰে নে কি ? মানৱ সমাজ উন্নতিৰ জখলাত বগাবলৈ ই বাধা হৈ নপৰিব নে ? পোনে পোনে এনেবোৰ প্ৰশ্নৰ উত্তৰ এটা বাক্যত ক'বলৈ গ'লে ক'ব লাগিব যে অবাধ ভোগ বিলাসৰ ধাৰণাই আজিৰ সমাজক কোন দিশলৈ লৈ গৈছে বাৰু ? উত্তৰ সকলোৰে হাতত । ওপৰেৰে চালে এনে শিক্ষা অসম্ভৱ যেনো লাগে ।লগতে, বৰ্তমানৰ সমাজ ব্যৱস্থা বা বিশ্বায়ণৰ দিশে আপাতঃ দৃষ্টিত মন কৰিলে অপ্ৰয়োজন যেনো বোধ হয় । কিন্তু অলপ মন কৰিলে গম পোৱা যায় যে অধিকসংখ্যক চিন্তাশীল পিতৃ-মাতৃ বৰ্তমান সন্তানৰ ভৱিষ্যতক লৈ শংকিত । বিকল্পস্বৰূপে সমাজত টিকি থাকিবলৈ বহুতে সন্তানৰ শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব দি শৰীৰ বিকাশৰ বিভিন্ন পন্থা অৱলম্বন কৰা দেখা যায় যাতে সন্তানটো ক'তো হাৰি যাবলগীয়া নহয় । তেওঁলোকৰ বহুতৰ সাধাৰণ ধাৰণা মানসিক শক্তি বা আধ্যাত্মিক ভাৱনা জগাই সন্তানটিক ভোগ-বিলাসহীন এটি জড় মানৱ তৈয়াৰ নোহোৱাৰ সপোন ৰচি তাৰপৰা বিৰত ৰখাৰ সফল প্ৰচেষ্টা কৰা । তদুপৰি আধ্যাত্মিকভাৱে পৰিপক্ক কৰিলে বেশভূষাৰে এক ধাৰ্মিক ৰূপ ধাৰণ কৰি পৰিয়াল তথা সমাজৰপৰা আঁতৰি যাব পাৰে বুলি ভয় নকৰা ব্যক্তিও কম নোলাব । সেয়ে অভিভাৱকসকল শংকিত সন্তানৰ ৰক্ষণাবেক্ষণ তথা ভবিষ্যতক লৈ । এয়া হৈছে সমাজৰ বৰ্তমানৰ গতি । কিন্তু এষাৰ কথা আছে - "আঁতৰিলে মেঘ নেৰায় ।" সমস্যা আহিলে সমাধানৰ প্ৰতি গুৰুত্ব দিবই লাগিব ।

          সাধাৰণভাৱে কেইটিমান কথা প্ৰয়োগ কৰিলে কিছু সুফল যে পোৱা যাব সেয়া নিশ্চিত । পৰিয়ালত পিতৃ-মাতৃয়ে একেলগে বা যিয়ে যেতিয়া সময় পায় সন্তানক সংগ দি বয়সোপযোগী সৌহাৰ্দ্যপূৰ্ণ আচৰণ কৰা । আধ্যাত্মিক ভাৱনা উদ্ৰেককাৰী সৰু-সুৰা কথাৰ জ্ঞান পৰিৱেশসাপেক্ষে দিব যত্ন কৰা । মন কৰিব লগা বিষয়টো হ'ল যে তথাকথিত ধৰ্ম আৰু আধ্যাত্মিক জ্ঞান একে নহয় । আধ্যাত্মিক জ্ঞানৰ পৰিসৰ বহুত বিশাল । আনহাতে ধৰ্মৰো বিজ্ঞানসন্মত কাৰ্য বা চিন্তা-ভাৱনাবোৰ অপ্ৰয়োজনীয় বুলি দলিয়াই পেলাব নালাগে । নেদেখাজনৰ প্ৰতি নতশিৰ হোৱা, প্ৰাৰ্থনা কৰা, ধ্যান, দয়া, মৰম, স্নেহ, শ্ৰদ্ধা, ভক্তি, ত্যাগ আদিৰ যথাযথ জ্ঞান আহৰণ কৰি সেইমতে আচৰণ কৰা বৰ দৰকাৰ । তেওঁলোকৰ যোগ্যতা বুজি তেনে বিষয়ত উৎসাহ দিব লাগে । বেলেগৰ লগত তুলনা কৰি দাঙিব নোৱাৰা বা আগ্ৰহ নোহোৱা বিষয়ক লৈ জোৰ কৰিলে হীনমন্যতাত ভোগা বা বিপথগামী হোৱাৰহে ভয় থাকে । নেদেখাজনে তেওঁকো কিবা বিষয়ত যোগ্যতা দিছে সেইটো নিৰ্ণয় কৰি আগবঢ়াই নিব পাৰিলে অতি উত্তম । সংস্কৃতত এষাৰ কথা আছে-

"অমন্ত্ৰম্ অক্ষৰং নাস্তি নাস্তিমূলমৌষধম্ ।

অযোগ্য পুৰুষ নাস্তি যোজকস্তত্ৰদূৰ্লভ ।।"

          (অৰ্থাৎ- এনে এটা অক্ষৰ নাই যাৰ ব্যৱহাৰ কোনো মন্ত্ৰত হোৱা নাই , এনে এবিধ উদ্ভিদ নাই যাৰ কোনো ঔষধি গুণ নাই, এনে কোনো পুৰুষ নাই যাৰ কোনো ক্ষেত্ৰত যোগ্যতা নাই , জটিলতা মাত্ৰ উপযুক্ততা নিৰ্ণয় কৰি তাক উপযুক্তভাৱে ব্যৱহাৰ কৰা ।)

          সৰুৰেপৰা পৰিয়ালত  সাধাৰণ জ্ঞান তথা কাৰ্যৰে  সন্তানক বুজি শাৰীৰিক, মানসিক, বৌদ্ধিকভাৱে পৰিপুষ্ট কৰি তুলিলে সময়ৰ লগে লগে যথাযোগ্য হৈ নিজৰ ভৰিত নিজে থিয় দি চলিব পৰা হোৱাটো নিশ্চিত । বিশেষতঃ পিতৃ-মাতৃৰ ত্যাগতহে সন্তানৰ ভৱিষ্যত সুনিশ্চিত হয় ।






হংসধৰ শৰ্মা 

অৱসৰপ্ৰাপ্ত অধ্যক্ষ

বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়

শিক্ষা খণ্ড : কৰৰা

Post a Comment

0 Comments