header ads

অসমীয়া প্ৰবন্ধ, কামৰূপৰ ঐতিহ্য : ছমৰীয়া সত্ৰ, মালব্য দাস, ৩য় বছৰ ৩য় সংখ্যা,

 কামৰূপৰ ঐতিহ্য : ছমৰীয়া সত্ৰ







        সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰে পৰিপূৰ্ণ অসমৰ অন্যতম ঐতিহ্যমণ্ডিত প্ৰাচীন সত্ৰ হ'ল ছমৰীয়া সত্ৰ । কামৰূপ জিলাৰ বকো চহৰৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ দক্ষিণ-পশ্চিম কোণত ছমৰীয়া সত্ৰ অৱস্থিত । মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আজ্ঞা অনুসৰি তেখেতৰ সেৱক শিষ্য ধৰ্মাচাৰ্য্য শ্রীশ্রী বৰবিষ্ণু আতাই ১৫৮৮ খ্ৰীষ্টাব্দত কলহী নদীৰ পাৰত এই সত্ৰ স্থাপন কৰে । শ্রীশ্রীবৰবিষ্ণু আতা মহাপুৰুষ মাধৱদেৱৰ বাৰজন ধৰ্মাচাৰ্যৰ ভিতৰত অন্যতম আছিল । মাধৱদেৱে তেওঁৰ শিষ্যসকলৰ সহিতে কলহী নদীৰে ভটিয়াই আহোঁতে এক অদ্ভুত দৃশ্য দেখি বিস্ময় মানিলে । এজোপা বৃহৎ চাম গছৰ ওপৰত এগছি বন্তি জ্বলি থকা তেওঁলোকে প্ৰত্যক্ষ কৰে আৰু ৰহস্য জানিবলৈ নাওখন গছজোপাৰ ওচৰ চপাই দিবলৈ কয় । শ্রীশ্রীবৰবিষ্ণু আতাৰ চৰিত পুথিত উল্লেখ থকা অনুসৰি মহাপুৰুষ মাধৱদেৱে ধ্যানস্থ হৈ তাত দেখা ঘটনাৰ বৰ্ণনা এনেদৰে দিছে--- "এইখন ভৱিষ্যতে চন্দ্র-সূৰ্য সম স্থান হ'ব । কাৰণ পূর্বতে মহাপ্ৰলয়ৰ সময়ত যিডাল মহা বটবৃক্ষ আছিল সেই বৃক্ষই ইয়াতে চামবৃক্ষ ৰূপে উপজিছে । দ্বাপৰত ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিবলৈ আহোঁতে গৰুড় , সত্যভমাৰ লগত ইয়াতে বহি পাঞ্চজন্য শংখ বজাইছিল । যিমান দূৰলৈ শংখধ্বনি গৈছিল , সিমান দূৰলৈ ছমৰীয়া নাম হ'ব । এই চাম গছৰ নামৰ পৰাই ইয়াৰ নাম ছমৰীয়া বুলি জনা যাব । ই দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ ঠাই হ'ব আৰু বৰবিষ্ণু আতা আহি এই থান নিৰ্মাণ কৰিব । "
শ্রীশ্রীবৰবিষ্ণু আতাৰ চৰিত পুথিত উল্লেখ আছে---

"মহা প্ৰলয়ত মহা বট যে আছিল,
সেহি বৃক্ষ আসি চাম বৃক্ষে উপজিল ।
পূৰ্বত গোবিন্দপুৰ নাম আছিলন্ত ,
চাম গছে ছমৰীয়া নাম যে হৈবন্ত ।।"

        গুৰুজনাই যিজোপা চাম গছৰ মহিমাৰ ইঙ্গিত দিছিল , সেইজোপা গছৰ মূঢ়াৰ ওপৰত শ্রীশ্রীবৰবিষ্ণু আতাই গুৰুজনাৰ আদেশ শিৰোধাৰ্য কৰি 'অক্ষয় বন্তি' প্ৰজ্বলন কৰে , যি গছি অক্ষয় বন্তি আজিলৈকে বছৰ বছৰ ধৰি একেদৰে জ্বলিয়েই আছে । চৰিত পুথি মতে ভগৱান শ্ৰীকৃষ্ণৰ পদৰেণুৰে ধন্য মহিমামণ্ডিত এই চাম গছৰ বাবেই মহাপুৰুষ মাধৱদেৱ গুৰুজনাই প্ৰাচীন 'গোবিন্দপুৰ' নামৰ ঠাইখনক 'ছমৰীয়া' নামেৰে অভিহিত কৰে । ছমৰীয়া সত্ৰৰ ভকত-বৈষ্ণৱে ইয়াৰ প্ৰভাৱতে আজিও প্ৰাণঢালি এনেদৰে গাইছে ---

" মধুপুৰ কমলাবাৰী থান বৰপেটা ,
দক্ষিণে ধৰ্মৰ খুঁটি বৰবিষ্ণু আতা । "

      ছমৰীয়া সত্ৰ গাঁওখন চাৰিটা হাটীক লৈ গঠিত । হাটীসমূহ হ'ল--- দক্ষিণ হাটী , পশ্চিম হাটী , মধ্য হাটী আৰু উত্তৰ হাটী । প্ৰতিটো হাটীৰ সৈতে কেইবাটাও 'চুবা' বা 'পাৰা' জড়িত হৈ আছে । পৰবৰ্তীকালত হাটীসমূহক কিছুমান 'পাৰা' বুলি অভিহিত কৰা হৈছিল । পাৰাসমূহ হ'ল-- ক্ৰমে দক্ষিণ হাটীৰ--- ক) দক্ষিণ পাৰা , খ) বৰবাৰী , গ) ৰিৰ্জাভ পাৰা । মধ্যহাটীৰ--- ক) আলিপাৰা , খ) ভৰালীপাৰা , গ) হীৰাপাৰা , ঘ) বাচ্ছা পাৰা । উত্তৰহাটীৰ--- (ক) খেউলা পাৰা খ) বালাপাৰা আৰু পশ্চিম হাটীৰ--- (ক) পুচাপাৰা ।

        বৰ্তমান ছমৰীয়া সত্ৰৰ চৌহদত কীৰ্ত্তনঘৰ , সভাঘৰ , গুৰুগৃহ , মঠ , ভাঁজঘৰ বা মণিকূটগৃহ , দ'লঘৰ , বাটচ'ৰা, কেৱলীয়া হাটী , যাত্ৰীগৃহ আদিৰ উপৰিও দুটা বৃহৎ পুখুৰী আছে । চৌহদটো ওখ পকী দেৱালে ঘেৰি আছে । ইয়াৰ স্থানীয় লোকে দেৱালখনক 'গড়' বুলিও কয় । গড়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ পাঁচটা প্ৰৱেশ পথ আছে ।


        ছমৰীয়া সত্ৰত বহু ঐতিহাসিক প্ৰাচীন সম্পদ সুৰক্ষিত অৱস্থাত পোৱা যায় । ইয়াৰ চমু বিৱৰণ তলত উল্লেখ কৰা হ'ল ---

★ মহাপুৰুষ শ্রী শ্রী মাধৱদেৱৰ আসন :- সত্ৰৰ ভাঁজঘৰৰ ভিতৰত থকা মণিকূটত গুৰুজনাই নিজ হাতে কটা কাঠৰ এখন আসন সংৰক্ষিত হৈ আছে । বৰবিষ্ণু আতাৰ পুত্র যদুমণিৰ হাতত মাধৱদেৱে এই আসনখন ছমৰীয়া সত্ৰত প্ৰতিষ্ঠা কৰিবলৈ দিছিল ।

★ অক্ষয় বন্তি :- সত্ৰ স্থাপনৰ দিনৰে পৰা চাম গছৰ মূঢ়াত শ্রীশ্রীবৰবিষ্ণু আতাই স্থাপন কৰা অক্ষয় বন্তিগছি নিৰন্তৰভাৱে আজিও প্ৰজ্জ্বলিত হৈ আছে ।


★ আপুৰুগীয়া পুথিসমূহ :- বৰ্তমান এই সত্ৰত থকা হাতেলিখা পুথিৰ সংখ্যা হ'ল ৪৭ খন । ইয়াৰে ২৬ খন পুথি সাঁচিপাতত লিখা , ৩ খন তুলাপাতত লিখা , ১৭ খন কাগজত আৰু ১ খন পুথিৰ কিছু অংশ সাঁচিপাতত আৰু কিছু অংশ কাগজত লিখা । সত্ৰত সংৰক্ষিত থকা সাঁচিপতীয়া পুথিসমূহ হ'ল -- পদ ভাগৱত , পদ ভাগৱতৰ অংশবিশেষ , লংকাকাণ্ড ৰামায়ণ , বৰগীত , কীৰ্ত্তন ঘোষা , কীৰ্ত্তন ঘোষা (অসমাপ্ত) , আদ্য দশমৰ অংশবিশেষ , অজামিল উপাখ্যান , হৰিশ্চন্দ্ৰ উপাখ্যান , কুৰুক্ষেত্ৰ , ভক্তি প্ৰদীপ (অস্পষ্ট) , পদ ভাগৱত দ্বিতীয় স্কন্ধ , কিষ্কিন্ধ্যাকাণ্ড ৰামায়ণ , নামঘোষা , নামঘোষা (অসম্পূর্ণ) , বৰগীত (অসম্পূর্ণ) , ভক্তি ৰত্নাৱলী , ভক্তি ৰত্নাৱলী (অসম্পূর্ণ) , ৰাজসূয় কাব্য (অসম্পূর্ণ) , হৰ-গৌৰী সংবাদ , শ্ৰীশংকৰ চৰিত , গুৰুচৰিত কথা (অসম্পূর্ণ) , নিমি-নৱ-সিদ্ধ-সংবাদ আৰু নামঘোষা ।

★ তাম্ৰফলি :- ছমৰীয়া সত্ৰত এখন প্ৰাচীন তাম্ৰফলি আছে । এই তাম্ৰফলিখন দীঘলে ২২ ইঞ্চি আৰু পঠালিয়ে ১১.৪ ইঞ্চি জোখৰ । এই ফলিখন ১৬৯৩ শকৰ , জেঠ মাহত আহোম স্বৰ্গদেউ লক্ষ্মীসিংহই সেই সময়ৰ সত্ৰাধিকাৰ ৰামনাথ সত্ৰীয়াক প্ৰদান কৰিছিল । ফলিখনত আহোম স্বৰ্গদেউৰ মোহৰ চিহ্নিত কৰা আছে ।



★ মঠ :- ছমৰীয়া সত্ৰৰ ঐতিহাসিক সম্পদসমূহৰ ভিতৰত মঠ অন্যতম । ১৬৯৩ শকত আহোম স্বৰ্গদেউ লক্ষ্মীসিংহই এই মঠটি নিৰ্মাণ কৰে । ইয়াক মধ্যযুগীয়া স্থাপত্যকলাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল ।
        ইয়াৰ উপৰিও ছমৰীয়া সত্ৰৰ ভঁৰালত ৰূপ-ব্ৰঞ্জ মিশ্ৰিত ৰজাদিনীয়া ৬ টা মূৰ্ত্তি সংৰক্ষিত আছে । যেনে :- বংশীগোপালৰ মূৰ্ত্তি ৩ টা , বিষ্ণু মূৰ্ত্তি ১ টা আৰু সিংহ মূৰ্ত্তি ২ টা ।

        এই সত্ৰ সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্রত সত্ৰাধিকাৰ প্ৰমুখ্যে সত্ৰীয়া বাবধাৰী বা পদধাৰীসকলে যথেষ্ট সুচাৰুৰূপে দায়িত্ব পালন কৰে । সত্ৰৰ প্ৰধান বাবসমূহ হ'ল-- সত্ৰাধিকাৰ , ডেকা সত্ৰাধিকাৰ , মজুমদাৰ আৰু ভঁৰালী । এওঁলোকৰ উপৰিও সত্ৰৰ নিত্য-নৈমিত্তিক ধৰ্মীয় কাৰ্যসমূহ পৰিচালনাৰ বাবে পাঠক , বুঢ়া ভকত , ঘাই দেউৰী , দেউৰী , বড়া , পালাধৰীয়া , সাৰা আদি পদবীসমূহ আছে ।

         প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰীশ্ৰীবৰবিষ্ণু আতাৰ পিছত ছমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ পদ অলংকৃত কৰা সত্ৰাধিকাৰ সকল ক্ৰমে-- যদুমণি আতৈ , জীৱন আতৈ , ৰামনাৰায়ণ সত্ৰীয়া , ৰামনাথ সত্ৰীয়া , দয়ানাথ সত্ৰীয়া , ৰূপৰাম সত্ৰীয়া , জগন্নাথ সত্ৰীয়া , কৃষ্ণকান্ত অধিকাৰী , অচ্যুতকান্ত অধিকাৰী আৰু নিগমানন্দ অধিকাৰী । উল্লেখ্যযোগ্য যে সত্ৰাধিকাৰ গৰাকীয়েই হ'ল সত্ৰৰ প্ৰধান ধৰ্মগুৰু । তেওঁ সমাজত ধৰ্মীয় তত্ত্ব , বাণী প্ৰচাৰ কৰে আৰু মহাপুৰুষীয়া ধৰ্মত বিশ্বাসী যিকোনো জাতি , সম্প্ৰদায়ৰ ব্যক্তিক শৰণ-ভজন দিয়ে ।



        ছমৰীয়া সত্ৰৰ সাংস্কৃতিক দিশ যথেষ্ট শক্তিশালী বুলি কব পাৰি । পৰম্পৰাগত ৰূপে প্ৰচলিত বিভিন্ন কলা-সংস্কৃতিৰ ভিতৰত সত্ৰীয়া ওজাপালি , নৃত্য , ভাওনা , বৰগীত , থিয় নাম আদিয়েই প্ৰধান । সত্ৰীয়া ওজাপালিক বহুতে 'ঘোষা কীৰ্ত্তন' বুলিও কব খোজে । শাওণ-ভাদ মাহত গুৰুজনাৰ তিৰোভাৱ তিথিৰ সময়ত সত্ৰৰ মূল প্ৰসঙ্গ থলীত সত্ৰীয়া ওজাপালি পৰিবেশন কৰা হয় । শ্রীশ্রীবৰবিষ্ণু আতাৰ তিৰোভাৱ তিথিৰ সময়ত সত্ৰৰ চৌদিশে উখল-মাখল পৰিৱেশ বিৰাজ কৰে আৰু ছমৰীয়া সত্ৰই যেন বৈকুণ্ঠ ধামলৈ ৰূপান্তৰিত হয় । ছমৰীয়া সত্ৰ মহাসভাৰ সময়ত সত্ৰৰ তৰফৰ পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচী পালন কৰা দেখা যায় । ইয়াৰ ভিতৰত ঐতিহাসিক 'ৰাম বিজয়' নাটখন বাটৰ নাট হিচাপে পৰিৱেশন কৰা হয় । এই নাটখনক স্থানীয় ভাষাত বহুতে 'পৰশুৰাম' আৰু 'ৰাম-সীতাৰ বিয়া' বুলিও কয় । ইয়াৰ উপৰিও ছমৰীয়া সত্ৰত বিভিন্ন তিথি-পৰ্ব , বিহু আদি উলহ-মালহৰে উদযাপিত হয় ।

        ছমৰীয়া সত্ৰ স্থাপনৰ সময়ৰে পৰা এই সত্ৰক মূল কেন্দ্র হিচাপে লৈ বৰবিষ্ণু আতাৰ পৰৱৰ্তী কালত ইয়াৰ পৰা শলাবন্তি নি কামৰূপ জিলাৰ বিভিন্ন স্থানত বহুকেইখন সত্ৰ স্থাপন কৰা হৈছে । যেনে :- মালিবাৰী সত্ৰ , দামালচোছ সত্ৰ , দীঘলকুছি সত্ৰ , কৈমাৰী সত্ৰ , দাৰি সত্ৰ , হৰিপুৰ সত্ৰ , শ্ৰী শ্রী শ্যামৰায় সত্ৰ , ত্ৰিলোচন সত্ৰ , খুটাবাৰী সত্ৰ , শিচাপীঠ চতুৰ্ভুজ সত্ৰ , বৰখাল সত্ৰ , নাৰেঙ্গা সত্ৰ , শ্ৰীশ্ৰীচতুৰ্ভুজ কাঁহিবামা সত্ৰ আৰু শ্ৰীশ্ৰীগজমুক্তা বিষ্ণু সত্ৰ ।
        




মালব্য দাস
হিন্দী শিক্ষক ,
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় ,
শিক্ষাখণ্ড : ছমৰীয়া , কামৰূপ

সহায়ক গ্ৰন্থ :
১) ছমৰীয়া সত্ৰৰ ইতিহাস : ছমৰীয়া সত্ৰ পৰিচালনা সমিতিৰ দ্বাৰা সম্পাদিত
২) ছমৰীয়া সত্ৰৰ অন্তৰ্গত দক্ষিণ হাটীৰ ইতিবৃত্ত : দক্ষিণ হাটী কৃষক সমিতি
৩) কলহী আজিও বয় : লঙ্কেশ্বৰ কলিতা ।

Post a Comment

0 Comments