header ads

অসমীয়া প্ৰবন্ধ, শিশুৰ শিক্ষাত মাতৃৰ ভূমিকা, হিমা ভূঞা, ৩য় বছৰ ৩য় সংখ্যা,


 


         'মা' শব্দটোৰ অৰ্থই সুকীয়া , যিয়ে শিশুক মৰম - চেনেহ আৰু নিৰাপত্তা দিয়ে । লগতে নিৰাপদভাৱে পৃথিৱীখনৰ লগত পৰিচয় কৰাই দিয়ে । মাতৃ – যাক জগত জননী আখ্যা দিয়া হয় ।মা হৈছে শিশুৰ প্ৰথম গুৰু । মাতৃৰ গৰ্ভত থকাৰ পৰাই এটি শিশুৰ মগজুৰ গঠন আৰু বিকাশৰ প্ৰক্ৰিয়া আৰম্ভ হয় । শিকিবলৈ আৰম্ভ কৰে । ভূমিষ্ঠ হোৱাৰ পিছত মাতৃৰ পৰশত শিশুৱে আবগিক আৰু মানসিক জ্ঞান লাভ কৰে ।               এগৰাকী মাতৃয়ে শিশুৰ শিক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । শিশুৰ শিকনৰ বিভিন্ন বিকাশত মাতৃৰ ভূমিকা উল্লেখনীয় । সেয়ে মাতৃগৰাকীক সদায় প্ৰথম আৰু আৰ্দশ গুৰু বুলি কোৱা হয় । ভূমিষ্ঠ হোৱাৰ পিছৰ পৰা মাতৃ গৰাকীৰ তত্ত্বাৱধানত শিশুটিয়ে যিকোনো কথা বা বিষয় শিকিবলৈ আৰম্ভ কৰে । শিশুটিয়ে পোন প্ৰথমে কথা ক'বলৈ শিকে , হাতত হাত ধৰি প্ৰথম খোজ দিবলৈ শিকে । তাৰ পিছত শিশুটিয়ে মাকৰ সহায়ত পৰিয়াল বা অন্যান্য লোকসকলৰ লগত পৰিচয় হ'বলৈ শিকে । অন্য অৰ্থত সামাজিক হ'বলৈ শিকে । মাতৃ গৰাকীৰ শুদ্ধ আৰু ধনাত্মক শিক্ষাৰ খোজত খোজ মিলাই চলিলে শিশুটোৰ শিকন প্ৰক্ৰিয়া ফলপ্ৰসু হৈ উঠিব ।                          এটি শিশুৰ শিক্ষাৰ আচল ঠাই নিজৰ ঘৰখন বা মাতৃগৰাকীৰ জৰিয়তেই হয় । শিশুৰ চৰিত্ৰ গঠন , ভাষাৰ জ্ঞান, নীতি শিক্ষা , চাল-চলন , কথনভংগী ইত্যাদিবোৰ মাতৃগৰাকীৰ পৰাই শিকে ।শিশুৰ ব্যক্তিত্ব গঠনত আৰু নৈতিক শিক্ষা গঠনৰ ক্ষেত্ৰতো মাতৃৰ এক বিশাল ভূমিকা আছে। শিশুৰ ভৱিষ্যত জীৱনৰ বাট সুন্দৰ হৈ উঠে কেৱল মাতৃ গৰাকীৰ সজাগতা তথা শুদ্ধ পদক্ষেপৰ প্ৰভাৱত ।ক'ব পাৰি শিশুৰ ব্যক্তিত্ব গঠনত মূল তথা প্ৰধান ভূমিকা মাতৃগৰাকীয়েই বহন কৰে । মাকৰ যত্ন , মৰম , বিশ্বাস , সংস্কাৰ আদিয়ে শিশুটি  ভৱিষ্যতে কেনেধৰণৰ পথত অগ্ৰসৰ হ'ব সেইটো নিৰ্ধাৰণ কৰে । বৰ্তমান সময় আৰু সমাজ ব্যৱস্থা দ্ৰুতগতিত  পৰিৱৰ্তন হ'বলৈ ধৰিছে , যাৰ ফলত এই পৰিৱৰ্তনে শিশুৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে । ইয়াৰ বাবে মাতৃগৰাকীৰ দায়িত্ব পূৰ্বতকৈ অধিক গধুৰ হৈ পৰিছে । এই ক্ষেত্ৰত মাতৃগৰাকীয়ে শিশুসকলৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰা উচিত আৰু তেওঁলোকৰ লগত মুকলিকৈ কথা পতা উচিত । তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহ বুজিবলৈ চেষ্টা কৰা উচিত । শিশুৰ জিজ্ঞাসু মনটোক সঁহাৰি জনাই তেওঁলোকৰ মনত উদয় হোৱা প্ৰশ্নসমূহৰ উপযুক্ত উত্তৰ প্ৰদান কৰি শিশুটিক সঠিক শিক্ষা প্ৰদানৰ দায়িত্ব মাতৃগৰাকীৰ । সৰুতেই নৈতিকতা , শিষ্টাচাৰ , সংস্কাৰ আদিৰ উপযুক্ত শিক্ষা প্ৰদান কৰিলে শিশুটি ভৱিষ্যতে এজন ভাল মানৱীয় গুণৰ অধিকাৰী হ'ব । কাৰণ আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত । সেয়েহে শিশুৰ মানসিক , শাৰীৰিক , সামাজিক , নৈতিক, আবেগিক আদি বিভিন্ন দিশৰ বিকাশত মাতৃ গৰাকীৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ । গতিকে দেখা যায় এগৰাকী মাতৃৰ পৰা লাভ কৰা নিৰাপদ আৰু ধনাত্মক সম্বন্ধৰ জৰিয়তে এটি শিশুৱে সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম  হয় ।





হিমা ভূঞা

সহকাৰী শিক্ষয়িত্ৰী

শুৱালকুছি বালিকা মজলীয়া বিদ্যালয়

শিক্ষাখণ্ড - হাজো

Post a Comment

0 Comments