header ads

প্ৰবন্ধ, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি , নিপুণ ভাৰত আৰু আমাৰ কৰণীয়, তাপসী মজুমদাৰ গগৈ, ৩য় বছৰ ৩য় সংখ্যা

 নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি , নিপুণ ভাৰত আৰু আমাৰ কৰণীয়




       সমাজ পৰিৱৰ্তনশীল । সমাজৰ পৰিৱৰ্তনৰ গতি  সদায়েই প্ৰবাহমান । দেশ এখন আগবাঢ়ি যাবলৈ হ'লে সমাজখন সঠিক দিশেৰে সঠিক ৰূপত পৰিৱৰ্তন হ'ব লাগিবই । সমাজ এখনৰ পৰিৱৰ্তনৰ লগে লগে সমাজত বাস কৰা প্ৰতিজন মানুহেই সমাজখনৰ পূৰ্ব প্ৰচলিত ৰীতি - নীতিসমূহৰ পৰিৱৰ্তন হোৱাটো বিচাৰে । ভাৰতবৰ্ষৰ শিক্ষাৰ সৈতে জড়িত প্ৰতিজন ব‍্যক্তিয়ে শিক্ষা ব‍্যৱস্থাৰ পূৰ্বৰ ধাৰা সলনি হোৱাটো বিচাৰিছিল । তেনে এক ফলশ্ৰুতিত সুদীৰ্ঘ চৌত্ৰিশ বছৰৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ( ISRO ) প্ৰাক্তন অধ‍্যক্ষ কৃষ্ণস্বামী কস্তৰীৰংগণৰ নেতৃত্বত ২০১৯ চনত শিক্ষাৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ উদ্দেশ্যেৰে  ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰাখন দেশৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰে । প্ৰায় ২ লাখতকৈ অধিক জনসাধাৰণৰ অভিজ্ঞতা ভিত্তিক পৰামৰ্শ গ্ৰহণ কৰি সকলো চালি-জাৰি চাই ২০২০ চনৰ ২৯ জুলাইত নতুন ' ৰাষ্ট্ৰীয় শিক্ষানীতি ' প্ৰকাশ কৰা হয় । এই নীতিৰ লক্ষ‍্য হৈছে ২০৪০ চনলৈ ভাৰতৰ প্ৰচলিত শিক্ষা-ব‍্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰি এক নতুন ৰূপ তথা গাঁথনি প্ৰদান কৰা ।


        এই নীতিৰ প্ৰধান বিন্দুসমূহৰ ভিতৰত আছে পুৰণি পঢ়াশলীয়া শিক্ষা ব‍্যৱস্থা ১০+২ ৰ ৰূপান্তৰ ঘটাই ৫+৩+৩+৪ ৰ ব‍্যৱস্থা কৰা । ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে শিক্ষাক প্ৰাক্- প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ সাৰ্বজনীন কৰা আৰু ইয়াক বৃত্তিমূলক শিক্ষাৰ সৈতে সংযুক্ত কৰা । আমাৰ দেশৰ অধিক সংখ্যক শিশুৱে বুনিয়াদী শিক্ষাৰ অভাৱত শিক্ষা আধাতে সমাপ্ত কৰে বুলি নীতিখনত উল্লেখ কৰিছে আৰু প্ৰাক্- প্ৰাথমিকত অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে । নীতিত কৈছে যে ৮৫% শিশুৰ বিকাশ ৬ বছৰ বয়সৰ আগতেই হয় । গতিকে  শিশুৰ সৰ্বাংগীণ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এই নীতিয়ে বুনিয়াদী সাক্ষৰতা আৰু সংখ্যাজ্ঞান  ( FLN ) ক শিকনত জৰুৰী আৰু প্ৰয়োজনীয় পূৰ্বচৰ্ত বুলি স্বীকৃতি প্ৰদান কৰিছে আৰু শিক্ষা মন্ত্ৰালয়ক এক অভিযান আৰম্ভ কৰাৰ বাবে আহ্বান জনাইছে । তাৰেই আধাৰত ভাৰত চৰকাৰে সাৰ্বজনীন বুনিয়াদী কৌশলসমূহ তৃতীয় শ্ৰেণীৰ ভিতৰত আহৰণ কৰাৰ বাবে ২০২১ চনৰ ৫ জুলাই তাৰিখে  ' নিপুণ ভাৰত ' ( NIPUN -National Initiative for proficiency in Reading with Understanding and Numeracy ) মিছন আৰম্ভ কৰে । নিপুণ ভাৰত হৈছে ২০২৬- ২০২৭ চনৰ ভিতৰত বুনিয়াদী সাক্ষৰতা আৰু সংখ্যাজ্ঞান প্ৰাপ্তিৰ ৰাষ্ট্ৰীয় মিছন , যাৰ জৰিয়তে তৃতীয় শ্ৰেণীৰ শিশুৱে পাঠ এটা পঢ়ি বুজি পাব , লিখিব পাৰিব লাগিব , মৌলিক গাণিতিক কাৰ্য কৰিব পাৰিব লাগিব আৰু মৌলিক জীৱন কৌশলসমূহ শিকিব পাৰিব লাগিব । ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতেই এই Foundational literacy and numeracy মিছন আৰম্ভ হৈছে । অসমত এই মিছনক ' নিপুণ অসম ' হিচাপে নামাকৰণ কৰা হৈছে । নিপুণ অসমৰ অধীনত শিশুৰ বুনিয়াদী পঠন, লিখন আৰু সাংখ‍্যিক দক্ষতা নিশ্চিতকৰণৰ বাবে বিদ্যালয় আৰু বিদ্যালয় পৰিচালনা সমিতিৰ যথেষ্ট কৰণীয় আছে । যেনে , ৩ বছৰৰ পৰাই অঞ্চলটোৰ সকলো শিশুকে বিদ্যালয়মুখী কৰাৰ প্ৰচেষ্টা চলোৱা , বিদ্যালয়ত সকলো শিশুৰে নিয়মীয়া উপস্থিতি নিশ্চিত কৰা , প্ৰথম ,দ্বিতীয় আৰু তৃতীয় শ্ৰেণীত শিক্ষণ- শিকন প্ৰক্ৰিয়াত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা , শিকনৰ ফলাফল সমূহ জানি লৈ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে আকাংক্ষিত ফলাফল লাভ কৰিছে নে নাই সেইটো নিৰীক্ষণ কৰা , যদি কোনো শিশু পিছপৰি আছে , তেন্তে তেওঁৰ বাবে বিশেষ ব‍্যৱস্থা কৰা , FLN ৰ শিক্ষণ-শিকন সমল সমূহৰ সঠিক আৰু সম্পূৰ্ণ ব‍্যৱহাৰ নিশ্চিত কৰা , ওচৰৰ শিক্ষিত যুৱক যুৱতীক স্বেচ্ছাসেৱক হিচাপে বিদ্যালয়ত সেৱা আগবঢ়াবৰ বাবে উৎসাহিত কৰা , তেওঁলোকৰ সহযোগত বিদ্যালয়ত পঠন-লিখনৰ আনুষংগিক ক্ৰিয়া-কলাপৰ আয়োজন কৰা ইত্যাদি । ইতিমধ্যে অংগনবাদী কেন্দ্ৰসমূহ বিদ্যালয়ৰ সৈতে সংযোগ কৰা , শিক্ষকৰ প্ৰশিক্ষণ , শনিবৰীয়া চ'ৰা , গুণোৎসৱ , বেচৰকাৰী বিদ্যালয়ৰ সৈতে চৰকাৰী বিদ্যালয়ৰ সংযোগ ইত্যাদিৰ যোগেৰে বিদ্যালয়ে এই কাম সমূহ সম্পন্ন কৰা আমি দেখিবলৈ পাইছোঁ ।

        গুণোৎসৱে বিদ্যালয়সমূহৰ আন্তঃ-গাঁথনিকে আদি কৰি চৌহদ পৰিষ্কাৰ-পৰিছন্ন কৰি অন্য ব্যৱস্থাসমূহ সুন্দৰ কৰাৰ লগতে বিদ্যালয়ৰ সৈতে অভিভাৱক আৰু সম্প্ৰদায়ৰ লগত এক সু-সম্পৰ্ক গঢ়ি তোলাত সহায়ক হৈছে ।  শিশুৰ গুণগত শিক্ষাত এই কাৰ্যসূচীয়ে কি ভাবে যোগাত্মক প্ৰভাৱ পেলাব তাক সময়েহে নিৰূপন কৰিব ।


        ক'ভিডকালীন পৰিস্থিতিত শিশুসকলৰ শিক্ষাৰ যথেষ্ট অৱনতি হৈছে । ' প্ৰথম এডুকেশ্বন ফাউণ্ডেচন ' নামৰ স্বেচ্ছাসেৱী সংস্থাই প্ৰকাশ কৰা ASER 2022 ( Annual Status of Education Report ) ৰ প্ৰতিবেদন মতে , অসমৰ চৰকাৰী বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ১০.১% শিশুৱেহে দ্বিতীয় শ্ৰেণীৰ পাঠ পঢ়িব পাৰে আৰু ১৫.৮% হে ধাৰ কৰা বিয়োগ কৰিব পাৰে । ক'ভিডৰ পিছত বৰ্তমান সমাজত যি দ্ৰুতবেগী পৰিৱৰ্তন হৈছে , এই পৰিৱৰ্তনত শিক্ষাত পিছপৰি থকা শিশুৱে কেনেদৰে নিজকে খাপ খুৱাব পাৰিব তাক লৈ সকলো চিন্তিত হৈ পৰিছে । সেয়ে এনে পৰিস্থিতিত নিপুণ ভাৰতৰ কাৰ্যসূচীৰ সঠিক ৰূপায়ণত গুৰুত্ব দিয়াৰ প্ৰয়োজন আহি পৰিছে । শিশুসকলৰ শিকন ঘাটি দূৰ কৰাৰ বাবে শিক্ষক , অভিভাৱক , শিশু , সম্প্ৰদায় সকলোৱে একেলগে মিলি কাম কৰিব লাগিব । বিদ্যালয়ত বা চুবুৰীত শিশুৰ সৈতে বিভিন্ন ক্ৰিয়াকলাপ অনুষ্ঠিত কৰি অভিজ্ঞতাৰ দ্বাৰা জ্ঞান আহৰণ কৰোৱা , শিশুৰ ককাক আইতাকৰ পৰা আদি কৰি গাঁৱৰ  বা অঞ্চলটোৰ বিশেষ পাৰদৰ্শিতা থকা ব‍্যক্তিসকলৰ সৈতে শিশুৰ পৰিচয় কৰাই তেওঁলোকৰ জ্ঞান সমূহ শিশুসকলক বিলাই দিয়াৰ ব‍্যৱস্থা কৰোৱাটো অতি প্ৰয়োজনীয় । বিশেষকৈ প্ৰতিজন শিশুৰ মাতৃক এনে কাৰ্যসূচীত অংশগ্ৰহণ কৰোৱাৰ প্ৰতি সকলো সচেতন হোৱা দৰকাৰ । যিহেতু নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে  শিশু সকলৰ কৌশলসমূহৰ লগতে  সৰ্বাংগীন বিকাশত অধিক গুৰুত্ব  দিছে , গতিকে সকলোৰে মিলিত প্ৰচেষ্টাতহে আমাৰ চৌপাশৰ শিশুসকলৰ বিকাশ হ'ব ।


        ব‍্যক্তি আৰু সমাজ এই দুয়োটা দিশৰ সুস্থ সমন্বয়ে সুস্থ ব‍্যক্তিক সুস্থ সমাজত গঢ় দি তুলিব পাৰে । দ্ৰুত পৰিৱৰ্তনে যাতে সমাজ অসুস্থ কৰিব নোৱাৰে তাৰ দায়িত্ব সুস্থ ব‍্যক্তিয়ে ল'ব লাগিব । এনে এক সময়ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত প্ৰস্তুত হোৱা নিপুণ ভাৰতৰ FLN মিছনে সঁচা অৰ্থত ব‍্যক্তি আৰু সমাজ দুয়োটাৰ মাজত সু-সমন্বয় ঘটাই এখন সুস্থ সমাজ গঠন প্ৰক্ৰিয়াত দিগ্-দৰ্শনৰ ভূমিকা পালন কৰিব বুলি আমি আশাবাদী ।


                   

তাপসী মজুমদাৰ গগৈ 

ASER ৰাজ্যিক সমন্বয়ক
প্ৰথম এডুকেশ্বন ফাউণ্ডেশ্যন
খানাপাৰা , গুৱাহাটী
মোবাইল নং- ৯৭০৭১৪৩২৩৩





কবিতা এটা আৰম্ভ কৰা টান ।
পোনপটীয়াকৈ একোৱেই উজু বাটেৰে
মোৰ কলমলৈ নাহে ।
সুৰে মোক আগতেই ধৰা দিয়ে ।
            ― হীৰেন ভট্টাচাৰ্য ।

Post a Comment

0 Comments