header ads

নিয়মীয়া শিতান, ভাৱ সম্প্ৰসাৰণ :

 

ভাৱ সম্প্ৰসাৰণ :

        (১) আদাক দেখি উঠিল গা
              কেতুৰিয়ে বোলে মোকো খা ।

       আদা হ'ল এবিধ ঔষধি গুণসম্পন্ন মূল । ই মানুহৰ পৰম উপকাৰী হজমকাৰক । ইয়াক বিভিন্ন ঔষধৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয় । বিভিন্ন ব্যঞ্জনত মচলা হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয় । বিভিন্ন প্ৰয়োজনত ইয়াক ব্যৱহাৰ কৰা হয় বাবে মানুহে ইয়াৰ খেতি কৰে । আকৌ কেঁতুৰিও আদাৰ দৰেই দেখাত একে এবিধ মূল । কিন্তু ই মানুহৰ একো কামত নাহে । সেয়ে ইয়াক কোনেও বাৰীত নোৰোৱে তথাপি ই বাৰীত আপোনা-আপুনি গজে । আদাক মানুহে খায় আৰু আদাৰ ইমান আদৰ দেখি কেঁতুৰিৰো যেন তেনে আদৰ পাবৰ মন যায় । কাৰো একো কামত নালাগে আৰু অভক্ষ্য বুলি জানিও মানুহে খাওক বুলিয়েই উপযাচি গা পাতি দিয়াৰ দৰে ই নিজে নিজে হয় । হ'লেও মানুহে ইয়াক ভক্ষণ নকৰে । সেইদৰে জগতত এনে কিছু মানুহ আছে যি নিজে কোনো কামৰ উপযুক্ত নহয় বুলি জানিও নিজৰ যোগ্যতা বখানি আনৰ পৰা আদৰ আদায় কৰিব বিচাৰে । যোগ্যলোকৰ মান দেখি অযোগ্য জনেও তেনে মান পাবৰ প্ৰয়াস কৰা কাৰ্যক এই যোজনাৰে উপহাস কৰা হৈছে ।

          (২) আগফালে মাৰো ডাং
                পিছফালে ধোবাং বাং ।
 
       সাধাৰণতে মানুহে ঘৰৰ পৰা ক'ৰবালৈ ওলাই গ'লে ঘৰৰ আগফালৰ দুৱাৰৰ ডাং আৰু নঙলা-জপনা ভালদৰে মাৰি থৈ যায় যাতে গৰু-ছাগলী , চোৰ আদি সোমাই ঘৰৰ একো অনিষ্ট কৰিব নোৱাৰে । কিন্তু কেতিয়াবা অসচেতনতা বা খৰ-খেদাৰ বাবে পিছফালৰ দুৱাৰৰ ডাং বা পিছবাৰীৰ জপনা মাৰিবলৈ পাহৰি যায় ‌। ফলত ঘৰ-বাৰী উদং হৈয়ে থাকে । এনে উদং ঘৰ বা বাৰীৰ অনিষ্ট হোৱাৰ সম্ভাৱনাই বেছি । সচেতনতাৰ অভাৱত কেতিয়াবা ডাঙৰ অঘটন ঘটিব পাৰে । আনহাতে নিজৰ প্ৰকৃত স্বৰূপ ঢাকিবলৈ কৃত্ৰিম আৱৰণৰ আশ্ৰয় লোৱা কথাটো বুজাবলৈও এই ফকৰাটি ব্যৱহাৰ কৰা হয় ।


            (৩) আহক বাৰিষা কাটক পাত
                 ৰৈ যা ভিনিহি খাই যা ভাত ।
 
       যেতিয়া বাৰিষা দিন আহিব তেতিয়া কলগছৰ নতুন পাত মেলিব আৰু সেই নতুন পাত কাটি আনি ভিনিহিয়েকক তাতে ভাত বাঢ়ি খাবলৈ দিব । সেয়ে আদৰেৰে ভিনিহিয়েকক বাৰিষা অহালৈ ৰৈ ভাত খাই যাবৰ বাবে অনুৰোধ কৰিছে । প্ৰকৃততে ভৱিষ্যতক লৈ অলীক কল্পনা বা আশা কৰাৰ অৰ্থত এই ফকৰাটি ব্যৱহাৰ কৰা হৈছে । এনে আশা পূৰণ হ'বও পাৰে , নহ'বও পাৰে । দূৰ ভবিষ্যতৰ অলীক আশাত বন্দী মানুহক বুজাবলৈ এই ফকৰাটি ব্যৱহাৰ কৰা হৈছে ।



যুগুতালে -
সম্পাদক মণ্ডলী
তিনিমহীয়া ই-আলোচনী জ্ঞানম ।।

Post a Comment

0 Comments