সংস্কৃতিৰ ধাৰাৰ ন-লহৰ : সামাজিক-মাধ্যমত এক নতুন যুগৰ সূচনা
সংস্কৃতি বুলিলে আমি অলপ ইতিহাসলৈ যাব লাগিব । পূৰ্বৰেপৰা চলি অহা এটি প্ৰথা আমি মানি আহিছোঁ । আধুনিকতাই আমাৰ মাজত সৃষ্টি কৰিছে এক নতুন যুগৰ ।গীত , নৃত্য , সুকুমাৰ কলা আদি ঠাইবিশেষে গঢ় লৈ উঠে । ভিন্ন ভৌগোলিক পৰিস্থিতিত বতৰ , মাটিৰ উৰ্বৰতা ইত্যাদিয়ে এক নতুন ধাৰাৰ সৃষ্টি কৰে । সংস্কৃতি কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ মাজতে ৰৈ নাথাকি সমগ্ৰ মানৱসমাজত পৰিৱৰ্দ্ধিত ৰূপত জীয়াই থাকে । পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ মাজতে এটা সংস্কৃতি গঢ় লৈ উঠে । সংস্কৃতিৰ ধাৰা আদিম যুগৰেপৰা বৈ আছে । সময় অনুযায়ী আজি ক্ৰমবিকাশৰ মাধ্যমেৰে বিভিন্ন স্তৰত এটি নতুন ৰূপ লৈছে । এই সময়ছোৱাত মানুহে সংস্কৃতিৰ সমলবোৰ জীৱনৰ প্ৰয়োজনীয়তা অনুযায়ী আগবঢ়ায় । শিক্ষা-ব্যৱস্থাত আজি পৰিৱৰ্তন হৈছে আধ্যাত্মিক বিষয় আৰু গুৰুকুল প্ৰথাৰ ; যি লাহে লাহে বিলীন হ'ব ধৰিছে । মানুহৰ মন ক্ৰমাৎ নগৰকেন্দ্ৰিক তথা উদ্যোগমুখী হোৱা বাবে আজিৰ সমাজ পুৰণিকলীয়া কৰ্মসংস্কৃতিৰ প্ৰতি অৱহেলিত । ফলত বিভিন্ন কুটীৰ-শিল্পৰ চৰ্চাৰ লাহে লাহে অৱক্ষয় ঘটিবলৈ ধৰিছে । সাজ-পোছাক , আ-অলংকাৰ, ঘৰ-দুৱাৰ নিৰ্মাণ , খাদ্য-প্ৰণালী ইত্যাদিতো আধুনিকতাৰ পৰশ পৰিছে ।
অসমীয়া সংস্কৃতি উজ্বলাই ৰখা পৰিৱেশ্য কলাসমূহৰ ভিতৰত ওজাপালি , দেওধনী , ভাৱৰীয়া , ঢুলীয়া ইত্যাদি প্ৰধান । যদিও আজিৰ সময়ত এইবোৰৰ প্ৰতি সমাদৰ কমি গৈছে , থলুৱা সংস্কৃতি বজাই ৰাখিবলৈ এক শ্ৰেণীৰ লোকে বিভিন্ন অনুষ্ঠানৰ মাজেৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে । আটকধুনীয়া আলোকসজ্জা , আধুনিক সাজ-পোছাক , ন ন প্ৰযুক্তিবিদ্যাৰ বহল প্ৰসাৰেও সংস্কৃতিৰ ধাৰাৰ জনপ্ৰিয়তা কমাই তুলিছে । ব্যৱসায়িক ভিত্তিত সৃষ্টি হয় গীত , নৃত্য , সুকুমাৰ কলা আদি । অৰ্থব্যৱস্থাৰ মাজেৰে সফলতা জুখিবলৈ ধৰে শিল্পীৰ শৈল্পিক দৃষ্টিকোণে । আধুনিকতাৰ প্ৰেক্ষাপটত অসমীয়া সংস্কৃতিত অন্তৰ্ভুক্ত হোৱা এটা প্ৰধান বিষয় গীত-নৃত্যৰ ক্ষেত্ৰতো এক নতুনত্ব আহি পৰে । জনগণৰ শিল্প হিচাপে পৰিচিত যিবোৰ গীতৰ পূৰ্বতে ৰচনা হৈছিল , সেই গীত সমূহ যেন লোপ পাব ধৰিছে । বৰ্তমান সংগীত হৈ পৰিছে আধুনিকতা আৰু ব্যৱসায়িক ভিত্তিত গঢ় লৈ উঠা এক নতুন ধাৰা । শ্ৰোতাক তুচ্ছ মনোৰঞ্জন দিব পৰা বৰ্তমান ই এক বহুল ভাষাৰ বজাৰহে । আধুনিক ন-ন বাদ্যযন্ত্ৰৰ ঝংকাৰৰ ধ্বনিহে আজিৰ গীতত বেছিকৈ প্ৰতিফলিত হোৱা দেখা যায় । আধুনিকতাৰ স্পৰ্শই সংস্কৃতিক নেতিবাচক আৰু ইতিবাচক দুয়োটা ধৰণেই গ্ৰাস কৰিছে ।
ইতিবাচক তথা নেতিবাচক দিশেৰে যদি আমি এটা বিষয় উপলব্ধি কৰোঁ , তেতিয়া আমাৰ মনলৈ এটা কথা আহে যে সংস্কৃতিৰ ধাৰাৰ এই ন-লহৰে সামাজিক মাধ্যমত এক নতুন যুগৰ সূচনা কৰিছে । বৰ্তমান অতিকৈ জনপ্ৰিয় সামাজিক মাধ্যম হ'ল ফেচবুক , টুইতাৰ , হোৱাটচ-আপ আৰু বহুতো । আমি মনৰ কথা ব্যক্ত কৰিবলৈ আগতে বাতৰি কাকত , আলোচনী আদিত কবিতা , প্ৰবন্ধ ইত্যাদি বিভিন্ন লেখাৰে আগবাঢ়িছিলোঁ । শিল্পীসকলে ভিন্ন গীত নৃত্যৰ মাজেৰে অনুভৱবোৰ প্ৰকাশ কৰিছিল । পাঠক তথা শ্ৰোতাৰ অভাৱত কেতিয়াবা সেই অনুভৱবোৰ নীৰৱে কৰবাত পৰি ৰৈছিল বা কেতিয়াবা সীমিত প্ৰকাশৰ বাবে বহুতো লেখা অচৰ্চিত হৈ ৰৈছিল । সামাজিক মাধ্যমসমূহৰ জৰিয়তে যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত প্ৰসাৰতা লাভ কৰা সহজ হৈ পৰিল । অৱশ্যে তেনে হ'লেও কেতিয়াবা টুলুঙা মন্তব্য আৰু মতভেদৰো সৃষ্টি নোহোৱা নহয় । কেতিয়াবা যুক্তি তৰ্কৰ লহৰত বহুতো নতুন তথ্যৰ সম্ভেদ পোৱা যায় তথা এই তৰ্কই ৰাজনৈতিক আৰু ধৰ্ম বিবাদৰো সৃষ্টি কৰে । এইবোৰ বিষয়ত সজাগতা আৰু এক অনুশাসনমূলক নিৰীক্ষণৰ প্ৰাসংগিকতা স্বাভাৱিকতেই বাঢ়ি আহিছে । বিহু , গামোচা , শিপিনী , পূজা , বলি বিধান , বৈষ্ণৱ ধৰ্ম আদি বিভিন্ন বিষয়ক লৈ প্ৰায়ে আলোচনা চলে । ঠাইবিশেষে হোৱা বিভিন্ন ধৰণৰ অনুষ্ঠান , গীত-নৃত্যৰ অডিঅ'-ভিডিঅ'ৰ মাধ্যমেৰে আমি জ্ঞাত হওঁ । কেতিয়াবা উপস্থাপনবোৰ বৰ নিম্নমানৰ হোৱাও দেখা যায়।
বিশ্বব্ৰহ্মাণ্ডৰ ভিন্ন ভাষা , সংস্কৃতিৰ সৈতে আমি পৰিচিত হ'ব পাৰিছোঁ সামাজিক মাধ্যমৰদ্বাৰা । এই মাধ্যম কেৱল ব্যক্তিগত কথাৰ মাজতে সীমিত নহৈ শিক্ষাৰ এক বহল পথাৰৰ সমন্বয় স্থল হৈ পৰিছে । ৰাজনীতি , খেল , চিনেমা , সংগীত , শিক্ষা তথা বিভিন্ন বিষয়ক সাঙুৰি সংস্কৃতি এটি নতুন ধাৰালৈ আগবাঢ়িছে । নতুনক আকোঁৱালি লোৱাৰ প্ৰৱণতা বাঢ়িছে । ফেচবুকতেই বিভিন্ন জনে কবিতা , প্ৰৱন্ধ ইত্যাদিৰ যোগেদি অনুভৱ ব্যক্ত কৰে । ইতিবাচক দিশটো বিচাৰ কৰিবলৈ হ'লে অতিকৈ দৰকাৰী বিষয়টো হৈছে মতামত বা অভিমত । কোনোবাই এটি তথ্য ভিত্তিত একোটা লেখা অথবা কিছুমান ছবি প্ৰকাশ কৰে আৰু আনসকলে মতামত প্ৰকাশ কৰে । আজিৰ সমাজত সামাজিক মাধ্যমৰ যি ধাৰা চলি আছে তাৰ যদি ইতিবাচক দিশবোৰ আমি সৎ উপায়েৰে ব্যৱহাৰ কৰোঁ , আমাৰ সংস্কৃতি সুন্দৰভাৱে জীয়াই থাকিব । আধুনিকতাৰ যি নতুন প্ৰৱাহ , তাত আজিৰ সময়ত নিজকে সুন্দৰ ভাৱে উপস্থাপন কৰাটো এক প্ৰতিযোগিতা হৈ পৰিছে । এচাম লোকে যদি এটি সংস্কৃতিক উপস্থাপন কৰিছে , আন এচামে আকৌ তাক সমালোচনাও কৰিছে । কেতিয়াবা এই সমালোচনাই আমাক ভুলভাৱে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰে । ইয়াক সমাজৰ দায়বদ্ধতা তথা শৈল্পিক মনোভাৱৰ এক মাধ্যম বুলিলেও ভুল নহ'ব । কিছুমান সুপ্ত হৈ থকা শৈল্পিক গুণ তথা শিল্পী আৰ্থিক দুৰৱস্থাৰ বাবে নিজকে উপস্থাপন কৰিব নোৱাৰে । আজিৰ সমাজত গীত নৃত্যৰ বাণীৱদ্ধ ৰূপত সামাজিক মাধ্যমত প্ৰকাশ আৰু প্ৰচাৰ সহজ হৈ পৰিছে । দূৰ-দূৰণিৰপৰা অভিজ্ঞসকলৰ ওচৰত শৈল্পিক গুণৰ এক নমুনা হোৱাটচ-আপ , ই-মেইলৰ যোগেদি প্ৰেৰণ কৰি তাৰ মানদণ্ড তথা যোগ্যতা সহজে বিচাৰ কৰিব পৰা হৈছে । কম খৰচতে আৰু সময়ৰ কথা ভাবি আজি এক নতুনত্বৰ সোৱাদ ল'বলৈ জনগণ সক্ষম হৈছে । জনসাধাৰণৰ প্ৰতিনিধিত্ব কৰি এই মাধ্যমে ভিন্নতাৰে প্ৰচাৰ কৰিছে । ভিন্ন মতভেদ তথা যুক্তিৰ মাজেৰে তথ্যভিত্তিক কথাৰ আক্ষৰিক ৰূপ দিয়াৰ এটি নতুন প্ৰচলন হৈ পৰিছে । সমাজখনক সাংস্কৃতিক দিশত সচেতন কৰিবলৈ আধুনিকতাৰ মাজেৰে পুৰণি সংস্কৃতিক জীয়াই ৰাখিবলৈ মানৱ সমাজত সামাজিক মাধ্যমৰ অৱদান অলেখ । ইতিবাচক দিশটো এক নতুন যুগৰ সূচনাস্বৰূপ । সামাজিক মাধ্যমৰ এই ন-লহৰৰ সূচনাত সংস্কৃতিৰ ধাৰা চিৰদিনে বৈ ৰওঁক ।
সহকাৰী শিক্ষক
ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড :- হাজো
আজিৰ নোহোৱা তুমি সুন্দৰ পৃথিৱী
জনমৰ যুগমীয়া তুমি ,
অনন্ত কালৰ মোৰ শান্তিৰ জিৰণি
অতীতৰ স্বপ্নলীলা ভূমি ।
― নলিনীবালা দেৱী
0 Comments