header ads

প্ৰবন্ধ, নাৰী সবলীকৰণত শিক্ষাৰ ভূমিকা , শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ, ৩য় বছৰ ৩য় সংখ্যা,

 নাৰী সবলীকৰণত শিক্ষাৰ ভূমিকা


  নাৰী সমাজৰ মাতৃস্বৰূপ । নাৰীয়ে সৃষ্টিৰ আধাৰ । নাৰী শব্দৰ মাজত নাৰীৰ মমতা , সৌন্দৰ্য , সাহস আৰু ত্যাগ অন্তৰ্নিহিত হৈ আছে । নাৰী শব্দটি ৰহস্যময়ী, চলনাময়ী আদি বিভিন্ন উপমাৰে অলংকৃত এটি শব্দ । এই পৃথিৱীখন জীয়াই থাকিবলৈ নাৰীৰ প্ৰয়োজন আছে । এখন দেশ বা সমাজৰ সৰ্বাংগীন বিকাশত পুৰুষৰ সমানেই নাৰীৰো ভূমিকা গুৰুত্বপূৰ্ণ। অৰ্থাৎ , সমাজ সংগঠনত নাৰী আৰু পুৰুষৰ ভূমিকা সমান্তৰাল ; এটা আনটোৰ পৰিপূৰক । কিন্তু কালক্ৰমত নাৰীয়ে সামাজিক , অৰ্থনৈতিক , ৰাজনৈতিক আদি সকলো ক্ষেত্ৰতে নিজৰ মৰ্যাদা হেৰুৱাবলগীয়া হৈছে । চীনৰ কমিউনিষ্ট নেতা মাও চে টুঙে কৈছিল , “ অৰ্ধ আকাশ নাৰীৰ হাতত ।“

         সম্প্ৰতি সমগ্ৰ বিশ্বতেই বহুলভাৱে চৰ্চিত এক বিষয় হৈছে নাৰী সবলীকৰণ । বৰ্তমান ই অকল চৰ্চা বা অধ্যয়নৰ বিষয় হৈয়ে থকা নাই , বাস্তৱত নাৰীসকলক সবল কৰাৰ প্ৰচেষ্টা পৃথিৱীৰ বিভিন্ন অঞ্চলত ক্ষীপ্ৰ নাইবা লেহেম গতিত আৰম্ভ হৈছে ।

         সবলীকৰণ শব্দটোৰ অভিধানিক অৰ্থ হ’ল সবল কৰি তোলা । সবলীকৰণ শব্দটো সমাজৰ দুৰ্বল শ্ৰেণীক ক্ষমতা প্ৰদান কৰা অৰ্থত ব্যৱহাৰ কৰা হয় । সবলীকৰণে এজন ব্যক্তিক এক কৰ্ম কৰিবৰ বাবে অধিকাৰ প্ৰদান কৰে । ই এজন ব্যক্তিক সঠিক সময়ত , সঠিক ঠাইত , সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সক্ষম কৰি তোলে । নাৰী সবলীকৰণ হ’ল এনে এক মনস্তাত্তিক জাগৰণ যাৰ জৰিয়তে নাৰীসকলক ৰাজনৈতিক , সামাজিক , অৰ্থনৈতিক আৰু শৈক্ষিক দিশত সজাগতা বৃদ্ধি কৰা হয় ।

         ১৯৮৫ চনত নাইৰোবিত অনুষ্ঠিত আন্তৰ্জাতিক মহিলা সন্মিলনত নাৰী সবলীকৰণৰ ধাৰণা গ্ৰহণ কৰা হয় । এই সন্মিলনত নাৰীসকলক সামাজিক ক্ষমতা পুনৰ বিতৰণ কৰা আৰু তেওঁলোকৰ সপক্ষে সম্পদৰ নিয়ন্ত্ৰণ কৰাকে নাৰী সবলীকৰণ বুলি সংজ্ঞা আগবঢ়ায় । ইয়াৰ যোগেদি নাৰীসকলে কোনো দিশৰপৰা প্ৰতিবন্ধকতা নোপোৱাকৈ মুক্ত আৰু স্বাধীনভাৱে নিজ চিন্তা আৰু ক্ৰিয়া নিৰ্বাচন , সম্পাদনা আৰু নিয়ন্ত্ৰণ কৰিব পাৰে ।

         নাৰী সবলীকৰণৰ প্ৰধান উদ্দেশ্য হ’ল পুৰুষ আৰু নাৰীৰ মাজত থকা লিংগ বৈষম্যৰ ভাৱ নোহোৱা কৰা । নাৰী সবলীকৰণে দেশ এখনত যাতে নাৰীয়ে পুৰুষৰ সমানে অধিকাৰ সাব্যস্ত কৰিব পাৰে আৰু সমমৰ্যাদা লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । নাৰী সবলীকৰণে নাৰীসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলে । ইয়াৰোপৰি , নাৰী সবলীকৰণে নাৰীৰ সুপ্ত হৈ থকা প্ৰতিভাসমূহৰ বিকাশ সাধন কৰি তোলে আৰু স্বীকৃতি প্ৰদানো কৰে ।

         নাৰী সবলীকৰণত শিক্ষা হ’ল এক আৱশ্যকীয় আহিলা । নাৰী সবলীকৰণত শিক্ষাই বিশেষ ভূমিকা পালন কৰে । মাতৃ হ’ল শিশুসকলৰ প্ৰথম শিক্ষয়িত্ৰী । শিশু এগৰাকীৰ সম্পূৰ্ণ বিকাশৰ বাবে মাতৃসকলৰ শিক্ষাৰ প্ৰয়োজন । যেতিয়ালৈ দেশত নাৰীসকল শিক্ষিত হৈ সু-মাতৃ হ’ব নোৱাৰে তেতিয়ালৈ আমাৰ শিক্ষা ফলপ্ৰসু হ’ব নোৱাৰে । নাৰীসকলৰ শিক্ষাৰ ওপৰতে পৰিয়ালৰ সুখ-সমৃদ্ধি আৰু দেশ এখনৰ আভ্যন্তৰীণ বিকাশ নিৰ্ভৰ কৰে । তেওঁলোকৰ মাধ্যমেৰেই এখন সমাজৰপৰা আন এখন সমাজলৈ শিক্ষা বিস্তাৰিত হয় । নাৰীসকল শিক্ষিত হ’লেহে শিশুসকল শিক্ষিত হ’ব আৰু দেশৰপৰা নিৰক্ষৰতাৰ দৰে ব্যাধিবোৰ নাইকিয়া হ’ব । ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈছিল ,  " এজন পুৰুষক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া আৰু এগৰাকী নাৰীক শিক্ষা দিয়া মানে গোটেই পৰিয়ালটোকে শিক্ষা দিয়া "( If you educate a man you educate an individual , however , if you educate a woman you educate a whole family ) ।

         শিক্ষাবিহীন লোক চকু থাকিলেও অন্ধ । সেয়েহে পুৰুষৰ দৰে নাৰীসকলকো উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকক সকলো দিশতে আগুৱাই নিয়া উচিত । অৰ্থাৎ, শিক্ষাই নাৰীসকলক আৰ্থিক , সামাজিক , ৰাজনৈতিক , আইনগত আদি দিশত নেতৃত্ব বহনকাৰী ভূমিকা ল’ব পৰা কৰি তুলিব পাৰে । শিক্ষাৰদ্বাৰা নাৰী সমাজক সবল কৰি তোলাৰ কিছুমান কৌশল হ’ল :  
     
              (১) শিক্ষাই নাৰীসকলক গণতান্ত্ৰিক নীতি আদৰ্শৰ ভিত্তিত ৰাজনৈতিক ক্ষমতা প্ৰয়োগৰ সুবিধা প্ৰদান কৰি  সবল কৰি তুলিব পাৰে । ই তেওঁলোকৰ মন আৰু আচৰণ সবল , আত্মবিশ্বাসী আৰু শক্তিশালী কৰি তুলিব পাৰে । তেওঁলোক সদায় অনুসৰণকাৰী নহৈ নেতৃত্ব প্ৰদানকাৰী হ’ব পাৰে ।

              (২) শিক্ষাই নাৰীসকলক অৰ্থনৈতিক দিশত স্বাধীন বা স্ব-নিৰ্ভৰশীল কৰি অৰ্থনৈতিকভাৱে সবল কৰি তুলিব পাৰে । উৎপাদনক্ষম আৰু উপাৰ্জনক্ষম কাৰ্যত নিযুক্তি লাভৰ জৰিয়তে তেওঁলোকে অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হৈ পৰিয়াল তথা সমাজত পুৰুষৰ সমানে গুৰুত্বপূৰ্ণ  ভূমিকা  ল’ব পাৰে ।

              (৩) নাৰী সবলীকৰণৰ বাবে নাৰীসকলক আগ্ৰহ, অভিৰুচি অনুযায়ী বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব । তেওঁলোকক দক্ষ কৰি তুলিবৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব । এই প্ৰশিক্ষণৰদ্বাৰা নাৰীসকলে বিভিন্ন উৎপাদনমূলক কাম-কাজত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব ।

              (৪) নাৰী সবলীকৰণৰ বাবে নাৰীসকলক সামাজিকভাৱে সজাগ আৰু দায়বদ্ধ কৰি তুলিব লাগিব । তেওঁলোকক অধিকাৰ , আইন আৰু দায়বদ্ধতা সম্পৰ্কে জ্ঞান প্ৰদান কৰিব লাগিব ।

              (৫) নাৰী সবলীকৰণৰ বাবে আমাৰ সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰিব লাগিব । আমাৰ সমাজত এনে কিছুমান লোক আছে যিয়ে কন্যা সন্তানক আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিব নিদিয়ে । এনে  অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহৰ ওপৰত বিচাৰমূলক চিন্তা-চৰ্চা  হ’ব লাগিব আৰু কন্যা সন্তানক উপযুক্ত শিক্ষা প্ৰদান কৰিবলৈ পৰামৰ্শ আৰু সজাগতা প্ৰদান কৰিব লাগিব । 

              (৬) সাম্প্ৰতিক সময়ত দূৰ আৰু মুক্ত শিক্ষা ব্যৱস্থাই (ODL)  নাৰী সবলীকৰণৰ বাবে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে । এই শিক্ষা ব্যৱস্থাই নাৰীসকলক নিজৰ শৈক্ষিক দিশ আগবঢ়াবৰ বাবে বহু সুবিধা আগবঢ়াইছে । এই ক্ষেত্ৰত বিভিন্ন সংগঠন ; যেনে : ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় (IGNOU) , কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত শিক্ষা ব্যৱস্থাই বিভিন্ন পাঠ্যক্ৰমৰদ্বাৰা নাৰীসকলক বিশেষভাৱে সহায় কৰিছে । এই শিক্ষা ব্যৱস্থাৰদ্বাৰা লিংগ বৈষম্যতাৰ চিন্তাধাৰা দূৰ কৰি সমাজৰ উন্নতি সাধন কৰিব পৰা যায় । তদুপৰি এই শিক্ষা ব্যৱস্থাৰদ্বাৰা নাৰীসকলক সময়ৰ সদ্‌ব্যৱহাৰ আৰু সামগ্ৰীৰ উপযুক্ত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে পাৰ্গত বা নিপুণ কৰি তুলিব পৰা যায় ।

             (৭) শিক্ষাই নাৰীসকলক জ্ঞান, দক্ষতা আৰু আত্মবিশ্বাস লাভ কৰিবলৈ সক্ষম কৰি তুলিব পাৰে । যিয়ে তেওঁলোকক লিংগ বৈষম্য দূৰ কৰাত সহায় কৰাৰ উপৰিও তেওঁলোকৰ জীৱন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে ।


         সাম্প্ৰতিক সময়ত ভাৰত চৰকাৰে ভাৰতীয় শিক্ষা ব্যৱস্থাত নাৰী সবলীকৰণৰ বাবে আৰু শিক্ষা লাভৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বান আৰু বৈষম্য দূৰ কৰাৰ বাবে কিছুমান আঁচনি আৰু পদক্ষেপ গ্ৰহণ  কৰিছে । এই আঁচনিসমূহ হ’ল :

             (১) বেটি বচাও , বেটি পঢ়াও : লিংগ অনুপাতৰ সমস্যা সমাধান আৰু শিক্ষাৰ ক্ষেত্ৰত কন্যা শিশুৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ২০১৫ চনৰ জানুৱাৰী মাহত ' বেটী বচাও , বেটী পঢ়াও ' আঁচনি মুকলি কৰিছিল ।

             (২) প্ৰগতি বৃত্তি আঁচনি : অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ কন্যা সন্তানক কাৰিকৰী শিক্ষা গ্ৰহণৰ বাবে আৰ্থিকভাৱে সাহায্য প্ৰদান কৰাৰ  উদ্দেশ্যে ভাৰত চৰকাৰে ২০১৪-১৫ চনত প্ৰগতি বৃত্তি আঁচনি মুকলি কৰিছিল ।

             (৩) কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আঁচনি : অনুসূচিত জাতি-জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু সম্প্ৰদায়কে ধৰি শিক্ষাৰপৰা বঞ্চিত কন্যা সন্তানক শিক্ষা প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে ২০০৪ চনৰ আগষ্ট মাহত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আঁচনি মুকলি কৰিছিল ।

             (৪) ৰাষ্ট্ৰীয় প্ৰৰোচনা আঁচনি : মাধ্যমিক শিক্ষাৰপৰা বঞ্চিত ছোৱালীসকলক উৎসাহ প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰে ২০০৮ চনৰ মে’ মাহত ৰাষ্ট্ৰীয় প্ৰৰোচনা আঁচনি মুকলি কৰিছিল ।

             (৫) উদান আঁচনি : একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে বিনামূলীয়া শৈক্ষিক সামগ্ৰী ; যেনে : অনলাইন ভিডিঅ’ প্ৰদান কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ২০১৪ চনৰ নৱেম্বৰ মাহত উদান আঁচনি মুকলি কৰিছিল ।

         শিক্ষা আৰু নাৰী সবলীকৰণৰ মাজত এক গভীৰ সম্পৰ্ক আছে । নাৰীয়ে হ’ল ভৱিষ্যতৰ নাগৰিকসকলক গঢ় দিওঁতা । নাৰীসকলৰ উন্নতি বা প্ৰগতিয়েই দেশৰ উন্নতি বা প্ৰগতি । সেয়েহে উপযুক্ত শিক্ষা প্ৰদানেৰে সমাজৰ প্ৰতি গৰাকী নাৰীক সবল কৰি তোলাৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই দায়বদ্ধ হোৱাটো সময়ৰ এক আহ্বান । নাৰীসকল শিক্ষিত হ’লেহে দেশৰ উন্নয়নৰ গতিশীলতা আহিব ।
______________________

উৎসসমূহ :  (১) সমসাময়িক ৰাজনৈতিক বিষয়সমূহ : ৰফিক জামান , মানস প্ৰতিম
                                                              বৰুৱা, বৰ্ণালী কলিতা ।
                     (২) সমসাময়িক ৰাজনৈতিক সমস্যা : ড : প্ৰাণেশ্বৰ নাথ ।
                     (৩) সংবাদপত্ৰ : অসমীয়া প্ৰতিদিন ।
                     (৪) ৰচনা সঞ্চয়ন : ড : নাৰায়ণ দাস আৰু ড: পৰাগ কুমাৰ ভট্টাচাৰ্য ।
                     (৫) শিক্ষা (তৃতীয় ষান্মাসিক) : কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় ।




শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ
মোবাইল নম্বৰ : ৮৬৩৮৮৭৪৯৭৮
তৃতীয় বৰ্গৰ কৰ্মচাৰী
বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়
কামৰূপ জিলা সংমণ্ডল , আমিনগাঁও






 দিনে দিনে দিন গৈ   মাহত মিলিব আহি
          মাহ আহি শেষ হ'ব বছৰ বুকুত ,
  কালৰ পুতলা আমি   পাতোঁ নতুনৰ মেলা
             নতুন ৰহন সানি পুৰণি চকুত ।
                      ― যতীন্দ্ৰ নাথ দুৱৰা ।

Post a Comment

0 Comments