header ads

প্ৰবন্ধ , অসমৰ নাওখেল আৰু আৰু ইয়াৰ লগত জড়িত গীত-মাতসমূহ, পল্লৱী বৰদলৈ, ৩য় বছৰ ৩য় সংখ্যা,

    অসমৰ নাওখেল আৰু আৰু ইয়াৰ লগত জড়িত গীত-মাতসমূহ





       অসম নদী মাতৃক দেশ | অসমৰ সভ্যতা-সংস্কৃতিৰ বৰপথাৰ সোণসেৰীয়া হৈ উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ অগণন উপনৈ , শাখা নৈ , সুঁতি প্রভৃতিৰ আধাৰত | এই নৈ-উপনৈ সমূহত নাওৱেই আছিল যাতায়তৰ একমাত্ৰ মাধ্যম | সেয়ে নাও অসমীয়া চহা জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল | আনন্দ-বিনোদন তথা উৎসাহ-উদ্দীপনা লাভৰ উদ্দেশ্যে অসমীয়া সমাজত নানান খেল-ধেমালি চলি আহিছে | নদী মাতৃক দেশ অসমত প্রচলিত বিবিধ খেল-ধেমালিৰ ভিতৰত এটি বিশেষ আকর্ষণীয় আনন্দদায়ক খেল হ'ল নাওখেল | কেৰালাৰ দৰে অসমৰ নাওখেল সর্বজনবিদিত । অসমৰ ৰজা-মহাৰজাসকলৰ আনন্দ-বিনোদনৰ বাবে প্ৰজাসকলে নাওখেলৰ প্ৰৱৰ্তন কৰিছিল | আহোম স্বৰ্গদেও ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত নাওখেল প্ৰৱৰ্তিত হৈছিল ।

        অসমত বিশেষ বিশেষ উৎসৱ-পাৰ্বণৰ লগত নাওখেল জড়িত হৈ আছে । বিশেষকৈ শুৱালকুছি , বৰপেটা , ৰামদিয়া , কুকুৰমাৰা , ধুবুৰী , গৌৰীপুৰকে ধৰি শদিয়াৰ পৰা ধুবুৰীলৈ অসমত নাওখেল অনুষ্ঠিত হোৱা দেখা যায় | ই যেন অসমখনক একতাৰ ডোলেৰে বন্ধাত যথেষ্ট সহায়ক হৈছে , যিদৰে অসম তথা ভাৰতৰত্ন বিশ্ববৰেণ্য শিল্পী সুধাকন্ঠ ড° ভূপেন হাজৰিকাই গাইছে - 
" আমি একেখন নাৱৰে যাত্ৰী
সহযাত্রী একেখন নাৱৰে .... | "
        অঞ্চলভেদে নাওখেলসমূহ বৈশিষ্টপূর্ণ হোৱা দেখা যায় , উদাহৰণস্বৰূপে  শুৱালকুছিৰ হোলোং নাও বা নাওশালৰ বিভিন্ন উল্লেখৰ পৰাই শুৱালকুছিয়া নাওৰ বিষয়ে জানিব পাৰি । সম্প্ৰতি যদিও আগৰ সেই হোলোং নাও বা নাওশলাৰ কৰ্মী নাই তথাপিও নাৱৰ সোঁৱৰণি ৰক্ষাৰ্থে নাওখেল পতা হয় । মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা আজিও শুৱালকুছিত ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত নাওখেল প্রতিযোগিতাৰ আয়োজন কৰা হয় । সেইদৰে বৰপেটা সত্ৰৰ লগত জড়িত প্রধান তিনিটা উৎসৱ শংকৰদেৱ , মাধৱদেৱ আৰু মধুৰা দাস বুঢ়া আতাৰ কীৰ্তনত নাওখেল আজি কিছুবছৰ আগলৈকে অনুষ্ঠিত কৰাটো অপৰিহাৰ্য আছিল । এই নাওখেল বৰপেটা সত্ৰৰ খঠখঠীৰ জান আৰু মৰা নদীত উদযাপন কৰা হৈছিল । কিন্তু এতিয়া এই নাওখেল মৰা নদীৰ পৰিবৰ্তে মঞ্চতহে দেখিবলৈ পোৱা যায় । আনহাতে, খঠখঠীৰ জানো বন্ধ কৰি দিয়া হ'ল । যিয়েই নহওক ' ৰংঘৰ ৰংমেল , বৰপেটাৰ নাওখেল .. ' প্রবাদ বাক্যই বৰপেটাৰ পৰম্পৰাগত নাওখেলৰ জনপ্ৰিয়তাৰ কথাই সোঁৱৰাই দিয়ে । ৰামদিয়াতো গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনাই বৰ জাক-জমকতাৰে নাওখেল প্রতিযোগিতা হয় । প্রতিযোগীসকলে নাও বোৱাৰ লগতে উৎসাহ আৰু উদ্দীপনা বৃদ্ধিৰ বাবে বিভিন্ন গীতো জোৰে ..
" বৈঠা মাৰো বৈঠা মাৰো ৰে 
অ' অ' বাইচাৰ ভাইয়া ৰে ।
     ঝাৰিয়া বৈঠা , মাৰিয়া জাইয়ো ৰে ।। "

        গীত নাওখেলৰ এটি অপৰিহাৰ্য্য অংগ । খেল নাওবোৰত একোজনকৈ গীতাল থাকে । ঠাই বিশেষে (বৰপেটাত) গীত লগাই দিয়া নামতী বা পাঠকক কণাকঠা বুলিও শুনা যায় । তেওঁ বিভিন্ন হাতৰ মুদ্ৰা আৰু শৰীৰৰ নৃত্যভংগীৰে বঠাৰ চাবে চাবে গীত গায় । তেওঁৰ লগে লগে বাইচাসকলেও (নাও বাওঁতা) প্ৰতিযোগিতাত পুৰস্কৃত হোৱাৰ আশাৰে আপোন-পাহৰা হৈ গীত গায় । নাৱৰীয়াসকলে একেৰাহে নাও বাই গৈ থাকোঁতে আমনি নালাগিবৰ বাবে আৰু উৎসাহ বঢ়াবৰ বাবে বঠাৰ ছেৱে ছেৱে উৎসাহেৰে যি গীত জোৰে সেই গীতকে নাওখেলৰ গীত বা নাওবোৱা গীত বোলে । এই গীতত শ্ৰীকৃষ্ণই ৰাধাক যমুনা পাৰ কৰি দিয়া , সাউদ বেপাৰলৈ যোৱা , সাউদৰ পত্নীৰ বিৰহ ব্যথা আদিৰ বিৱৰণ পোৱা যায় ।
        সেইদৰে ৰামায়ণ-মহাভাৰতৰ কাহিনীৰ আধাৰত ৰচা গীতবোৰত ধৰ্মৰ প্ৰভাৱ পৰিদৃশ্যমান । আনহাতে কিছুমান গীতৰ বিষয়বস্তু সম্পূৰ্ণৰূপে নাওকেন্দ্ৰিক । নাওখেলৰ গীতৰ এটি প্রধান লক্ষণীয় দিশ হ'ল ই ধৰ্ম-নিৰপেক্ষ গীত । হিন্দুয়েও আল্লাক কেন্দ্ৰ কৰি আৰু মুছলমানেও ৰাম কৃষ্ণ হৰিক লৈ গীত পৰিবেশন কৰে । ইয়েই সমাজত ঐক্য তথা সম্প্ৰীতিৰ ভাব জগাই তোলে । 
        শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন উৎসৱ-পাৰ্বণ আদিত নাওখেল অনুষ্ঠিত হৈ আহিছে । কুকুৰমাৰা , ছয়গাঁও , গৌৰীপুৰ , ধুবুৰীত দুর্গোৎসৱৰ দশমী তিথিত আৰু ঈদৰ দিনা নাওখেল অনুষ্ঠিত হয় । অঞ্চল বিশেষে ( ধাৰাপুৰ , ধোপৰতল ) লক্ষ্মীপুজাৰ লগত সংগতি ৰাখিও নাওখেল প্রতিযোগিতা অনুষ্ঠিত হয় । মুঠতে অসমৰ বিভিন্ন ঠাইত উদ্ যাপিত নাওখেলে পাৰস্পৰিক সম্পৰ্কৰ এনাজৰীডাল অধিক সুদৃঢ় কৰি তোলে আৰু অসমীয়া সংস্কৃতিৰ বৰপথাৰখন চহকী কৰি তোলাত সহায়ক হৈ আহিছে । গতিকে ইয়াক কালৰ কুটিল সোঁতত হেৰাই যাবলৈ দিয়া উচিত নহয় ।



পল্লৱী বৰদলৈ

বিষয় শিক্ষয়িত্ৰী (ইংৰাজী)
২নং যোগীপাৰা লাঃ বাঃ শাঃ আঃ উঃ মাঃ বি
শিক্ষাখণ্ড - ছমৰীয়া

Post a Comment

0 Comments