header ads

প্ৰবন্ধ, গুণোৎসৱত বহি:মূল্যায়ক হিচাপে অনুভৱ, পুনম শৰ্মা, ৩য় বছৰ ৩য় সংখ্যা,

 গুণোৎসৱত বহি:মূল্যায়ক হিচাপে অনুভৱ



  শিক্ষাই হৈছে এখন দেশৰ উন্নতিৰ মূল চাবিকাঠী । চৰকাৰে ৰাজ্যৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মান নিৰ্দ্ধাৰণৰ বাবে ২০১৭ চনৰপৰা গুণোৎসৱ পালন কৰি আহিছে । গুণোৎসৱ হৈছে বিদ্যালয় এখনৰ গুণ নিৰ্দ্ধাৰণ কৰা এক উৎসৱ । গুণোৎসৱ ৰাজ্যৰ জিলাসমূহত তিনিটা পৰ্যায়ত সমাপন কৰা হয় । প্ৰত্যেকখন বিদ্যালয়ত দুদিনীয়া মূল্যায়ন কৰা হয় । প্ৰথম দিনা স্ব-মূল্যায়ন কৰা হয় । এই মূল্যায়ন বিদ্যালয়ৰ শিক্ষক আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যসকলে মিলি কৰে । দ্বিতীয় দিনা বহিঃমূল্যায়কৰ উপস্থিতিত প্ৰথম শ্ৰেণীৰপৰা নৱম শ্রেণীৰ ছাত্র-ছাত্রীৰ পৰীক্ষা অনুস্থিত কৰা হয় । বহি:মূল্যায়কজনে ২০% ছাত্ৰ-ছাত্রীৰ পঠন মূল্যায়ন কৰিব লাগে আৰু বিদ্যালয় পৰিৱেশৰ সামগ্ৰিক মূল্যায়ন কৰিব লাগে । অৱশেষত বিদ্যালয়খনক গ্রেডৰ জৰিয়তে চৰকাৰে মূল্যাংকন কৰে ।

        অসমৰ বিভিন্ন জিলা ক্ৰমান্বয়ে দৰং , বাক্সা , নলবাৰী , গোৱালপাৰা জিলাৰ বিভিন্ন বিদ্যালয়ত পৰিদর্শন কৰাৰ সৌভাগ্য আমাৰ হৈছিল আৰু বিভিন্ন অভিজ্ঞতা আহৰণ কৰিলোঁ । গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ বহুতো উন্নতি সাধন হৈছে । বহুতো শিক্ষকে গুণোৎসৱৰ এই ব্যৱস্থাক সমালোচনাও কৰিছে । এখন বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ উন্নতিৰ এক মুখ্য কাৰক হৈছে শিক্ষক-অভিভাৱকৰ মাজৰ সু-সম্বন্ধ । গুণোৎসৱে প্ৰত্যক্ষভাৱে অভিভাৱক , পৰিচালনা সমিতি , সমাজৰ সচেতন ব্যক্তিসকলক বিদ্যালয়ৰ লগত জড়িত কৰিছে ।  এই ব্যৱস্থাৰ জৰিয়তে ভিতৰুৱা অঞ্চলত স্থাপিত হোৱা বিদ্যালয়সমূহ আকৰ্ষণীয় হৈছে । শিক্ষকসকলে নিজৰ দায়িত্ব আৰু কর্তব্যসমূহ নিয়াৰিকৈ পালন কৰা পৰিলক্ষিত হৈছে । কিছুমান বিদ্যালয়ৰ প্রধান শিক্ষকসকলে অনুদানৰ হিচাপবোৰ স্থানীয় ব্যক্তিসকলক জনাবলৈ ইচ্ছা প্ৰকাশ নকৰে যাৰ ফলত স্থানীয় ব্যক্তিসকলে ব্যক্তিগতভাৱে লগ কৰি বহু অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ সমাধানৰ উপায় হৈছে গুণোৎসৱত বিচৰা অনুদানৰ হিচাপ-নিকাচসমূহ । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি , সদস্যসকল সমাজৰ স্থানীয় ব্যক্তিৰে গঠিত হোৱাৰ বাবে তেওঁলোকে সকলো কথা জানিব পাৰে । বহিঃমূল্যায়কৰ আগত নিজৰ বিদ্যালয়ৰ অৱস্থা উন্নত মানৰ প্ৰদৰ্শন কৰিবৰ বাবে বিদ্যালয়সমূহৰ মাজত এক অঘোষিত প্রতিযোগিতা হোৱা দেখা যায় । কণ কণ ছাত্ৰ-ছাত্ৰীয়ে হাতেৰে বিভিন্ন শৈলীৰে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি কাগজৰ ফুল , ডাষ্টবিন ইত্যাদি প্ৰস্তুত কৰা দেখি আপ্লুত হৈছিলোঁ । সমাজৰ ব্যক্তিসকলৰ লগত পতা সভাসমূহত উপস্থিত হৈ বুজিব পাৰিছিলোঁ তেওঁলোকৰ নিজৰ বিদ্যালয়খনৰ প্রতি থকা আন্তৰিকতা । লগতে তেওঁলোকৰ প্ৰচেষ্টা সুন্দৰকৈ অনুভৱ কৰিছিলোঁ । বিদ্যালয়সমূহে জৈৱ বৈচিত্র্যৰ পঞ্জীয়ন বহী , বিদ্যাঞ্জলীৰপৰা বিভিন্ন হিচাপ-নিকাচৰ বহী ইমান সুন্দৰকৈ সংৰক্ষণ কৰিছে সেইয়া সম্ভৱ হৈছে একমাত্ৰ গুণোৎসৱৰ জৰিয়তে ।
        বিদ্যালয়সমূহত ছাত্ৰ-ছাত্রীৰ পঠনৰ দক্ষতা পূৰ্বতকৈ উন্নত হৈছে যদিও আৰু উন্নত কৰাৰ বাবে শিক্ষকসকলে যত্ন কৰিব লাগে । ২০১২ চনত প্ৰাথমিক বিদ্যালয়ত কর্মৰত থকাৰ সময়ৰ মোৰ এটা অভিজ্ঞতা এইখিনিতে উনুকিয়াব বিচাৰিছোঁ । সেইয়া হৈছে পঞ্চম শ্রেণীৰ ছাত্র-ছাত্ৰীসকলে ইংৰাজীৰ Capital ৰ ABCD আৰু Small letter ৰ abcd ৰ মাজত পার্থক্য বুজি নোপোৱাটো । কিন্তু বর্তমান শিক্ষা ব্যৱস্থাত বহুতো পৰিৱর্তন হৈছে । 

        ওপৰৰ আলোচনাৰ অন্তত ক'ব পাৰি যে ,  গুণোৎসৱে শৈক্ষিক মানদণ্ড উন্নত কৰাত সফল হোৱা পৰিলক্ষিত হৈছে । চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পূর্বতকৈ উন্নত মানৰ হৈছে । চৰকাৰেও পৰীক্ষা ব্যৱস্থা পূৰ্বতকৈ অধিক সক্ৰিয়তাৰে অনুষ্ঠিত কৰিছে । চৰকাৰে শিক্ষকসকলক বিভিন্ন দিশত প্ৰশিক্ষণ দিয়াৰ ফলত পূৰ্বতকৈ বিদ্যালয়ত শিক্ষাদান পদ্ধতিৰ দিশত অধিক পৰিপক্ক হোৱা পৰিলক্ষিত হৈছে ।
         গুণোৎসৱ এক ধনাত্মক প্ৰক্ৰিয়া । ইয়াক সফলভাৱে ৰূপায়িত কৰিবলৈ আমি সকলোৱে মিলিজুলি আগবাঢ়িব লাগে ।




পুনম শৰ্মা
স্নাতকোত্তৰ শিক্ষয়িত্ৰী (শিক্ষা)
২ নং যোগীপাৰা এল. বি. এছ. এ. উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ছমৰীয়া

মোৰ এই হিয়াখনি  জেতুকা পাতৰ দৰে
            সেউজীয়া বননিৰ বৰণেৰে ঢকা ,
      অন্তৰ জ্বলোৱা ছবি  অতীতৰ স্মৃতি লৈ
              বুকুৰ তেজেৰে আছে অন্তৰতে অঁকা ।
                      ― যতীন্দ্ৰ নাথ দুৱৰা ।

Post a Comment

0 Comments