" অ' অ' আইতা সাধু কোৱানা
সাধু যে নক'লে টোপনি নধৰে ,
পক্ষীৰাজ ঘোঁৰা হৈ উৰি উৰি যোৱা
সাধু কোৱানা । "
আইতাৰ মুখত সাধু শুনি শুনি টোপনি যোৱা বহুতো লোক আছে । কি জাৰ , কি জহ – সকলো ঋতুতে আইতাই সাধু কৈ মূৰত হাত বুলাই দিলেহে টোপনি আহে । আইতাৰ মুখত সাধু শুনি টোপনি যোৱা কথাটো এতিয়া মধুৰ স্মৃতি মাথোঁ । আইতাৰ মুখৰ সাধু শুনিবলৈ এতিয়াৰ শিশুৰ সময়ো নাই , পৰিবেশো নাই ; মনোমোহাকৈ সাধু ক'ব পৰাকৈ আইতাও নাই ।
বৰ্তমান সমাজ জীৱনত দ্ৰুত পৰিৱৰ্তন ঘটিছে । আনহাতে জীৱন-জীৱিকা দিনক-দিনে কঠিন হৈ আহিছে । শিশুৰ মাজত সাধুকথাৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে । কাৰ্টুন , চিনেমাইহে ইয়াৰ ঠাই অধিকাৰ কৰিছে ।
বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা মহামাৰীৰ বাবে শিশুৰ হাতত তুলি দিব লগা হৈছে ম'বাইল ফোনটো । পাঠদান কৰা হৈছে ম'বাইল ফোনটোৰে । স্বাভাৱিকতে পৰিস্থিতিৰ তাগিদাত পৰি শিশুৰ হাতত তুলি দিব লগা হৈছে ম'বাইল ফোনটো । ফোনৰ জৰিয়তে ক্লাছ কৰাৰ লগে লগে ইউটিউব ভিডিঅ' বা হোৱাটচ্ এপত ভিডিঅ' দেখুৱাই শিশুক শিক্ষাদান কৰিব লগা হৈছে ।
সন্দেহ নাই যে আজিৰ শিশুৰ অভিজ্ঞতাৰ পৰিসৰ বৃদ্ধি পাইছে । পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে সংগতি ৰাখি শিশুৰ ৰুচিবোধো সলনি হৈছে । আমি পৰিস্থিতিৰ দাস । পৰিস্থিতিৰ লগত খাপ খুৱাই শিশুৰ মনোগ্ৰাহী শৈক্ষিক বাতাবৰণ সৃষ্টি কৰিব লাগিব ।
সাধুকথা হ'ল ইতিহাস । কাৰণ ইতিহাসে জীৱনৰ কাহিনী বা ঘটনা লিপিবদ্ধ কৰে । শিক্ষাক্ষেত্ৰত সাধুকথাৰ উপযোগিতা যথেষ্ট । সাধুকথাৰ প্ৰতি আমাৰ আকৰ্ষণ খুউব স্বাভাৱিক আৰু চিৰন্তন । সেই আকৰ্ষণৰ সম-সাময়িকীকৰণেৰে আজিৰ শিশুক জ্ঞান প্ৰদানত ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে । আজিৰ বাস্তৱৰ লগত নিজেই নিজকে খাপ খুৱাই সাধুকথাৰ মাজেদি আজিৰ প্ৰয়োজন আৰু পৰিস্থিতিৰ সৈতে শিশুক পৰিচিত কৰোৱাৰ পথ নিৰ্ধাৰণতে আছে সেই প্ৰয়োজন পূৰণৰ উপায় । দৰাচলতে , সাধু এটাৰ অভিনয়ৰ জৰিয়তে বহু কথা শিশুক শিকাব পৰা যায় । সুপৰিকল্পিত আৰু সুলিখিত সাধুকথাৰ জৰিয়তে শিশুক ভালকৈ বুজাই দিব লাগে । শিশুৱে সকলো কথা সৰল মনেৰে বিশ্বাস কৰে ।
শিক্ষাৰ ক্ষেত্ৰত সাধুকথাৰ উপযোগিতা যথেষ্ট । সাধুকথাৰ প্ৰতি শিশুৰ আকৰ্ষণ খুউব বেছি । সেয়ে সকলো অভিভাৱক অথবা পিতৃ-মাতৃয়ে যদি শিশুক সাধুকথা ক'বলৈ বা শুনাবলৈ লয় তেতিয়া শিশুৰ ম'বাইলৰ প্ৰতি আসক্তি যথেষ্ট কমিব বুলি আশা কৰিব পাৰি । উপযুক্ত সাধুকথাই শিশুৰ মানসিক-বৌদ্ধিক বিকাশতো অৰিহণা যোগায় । সাধুকথাৰ জৰিয়তে শিশুৱে জীৱনক ভালকৈ বুজিবলৈ আৰু চিনিবলৈ সুবিধা পায় । ভাষা শিকে , কথা শুদ্ধকৈ ক'ব পৰাৰ ক্ষমতা অৰ্জন কৰে আৰু শিশুৰ চৰিত্ৰৰ ভেঁটি স্থাপিত হয় । লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা , দয়া , বাধ্যতা , সহানুভূতি প্ৰভৃতি গুণবোৰৰ বিকাশত সহায় কৰে । সেয়েহে বাস্তৱ ঘটনাবোৰৰ বিৱৰণ সৰল আৰু মনোগ্ৰাহী ভাষাৰে বৰ্ণনা কৰিব লাগে ।
বিশিষ্ট শিক্ষাবিদ মাৰিয়া মণ্টেশ্বৰীয়ে শিশুক অবাস্তৱ সাধু কোৱা বা পঢ়িবলৈ দিয়াৰ বিৰোধিতা কৰিছিল । তেওঁৰ মতে বাস্তৱ আৰু সত্যৰ ওপৰত আধাৰিত সাধুকথাহে শিশুক ক'ব লাগে । তেওঁ আনকি শিশুৰ বাবে ৰচনা কৰা কিতাপৰ পৰা তেনেবোৰ অবাস্তৱ কাহিনী আঁতৰাই পেলোৱাৰেই পোষকতা কৰিছিল ।
শিশুৱে সাধুকথাৰ মাজত বৰ্ণিত মানুহৰ লগত কল্পনাৰ জৰিয়তে একাত্মতা অনুভৱ কৰে । সেয়ে বিভিন্ন বয়সৰ শিশুৱে বিভিন্ন ধৰণৰ সাধু ভাল পায় । বয়স-উপযুক্ত সাধুকথাই শিশুৰ উপকাৰ সাধন কৰে ।
সাধুকথাৰ অভিনয়ৰ দ্বাৰা শিশুক সামাজিক জীৱনক ভালকৈ বুজিবলৈ সহায় কৰা হয় । শিশুৱে সাধু শুনাৰ ক্ষেত্ৰত যথেষ্ট ধৈৰ্য প্ৰদৰ্শন কৰা দেখা যায় । কিন্তু সাধুটোৰ আদ্যোপান্ত মনত নাৰাখে । সাধুৰ যিবোৰ চৰিত্ৰ চিনাকি তাৰ চিনাকি সেইবোৰক আৰু যিবোৰ অংশ তাৰ ভাল লাগে তাকেহে মনত ৰাখে ।
পুতলাৰ জৰিয়তেও শিশুক সাধু ক'ব পাৰি । পুতলাৰ জৰিয়তে অভিনয় কৰি আচাৰ-ব্যৱহাৰ , আবেগ-অনুভূতি , নীতিশিক্ষা দিব পৰা যায় । এই নীতিবোধ , তীব্ৰ ভাৱপ্ৰৱণতা , মৰম-স্নেহ , বিবেক-বুদ্ধি আদি গুণবোৰৰ উৎকৰ্ষ সাধন কৰি সেইবোৰৰ বিকাশত সহায় কৰে সাধুকথাই ।
ভাষা শিক্ষাৰ এক নিৰ্ভৰযোগ্য আহিলা হ'ল সাধুকথা । সাধু শুনি শুনিয়ে শিশুৱে শব্দৰ ভঁৰাল চহকী কৰে । সৰুতে যি শিশুক সাধু বেছিকৈ শুনোৱা হয় সেই শিশুৰ স্মৰণশক্তি বৃদ্ধি হোৱাৰ ওপৰি ভাষা শিক্ষাৰ ভেঁটিও মজবুত হয় ।
সাধুকথাৰ জৰিয়তে শিশুৰ শ্ৰৱণ কৌশলৰ বিকাশ হয়, শব্দৰ সম্ভাৰ বৃদ্ধি হয়, মৌখিক প্ৰকাশভংগীৰ বিকাশ হয় , পঠন প্ৰস্তুতিৰ বিকাশ হয় আৰু লিখন প্ৰস্তুতিৰো বিকাশ সাধন হয় । সেয়ে সাধুকথাই শিশুক আমোদ দিয়াৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো ইয়াৰ গুৰুত্ব অধিক ।
এইখিনিতে উল্লেখ কৰিব পাৰি যে আমেৰিকাৰ দৰে উন্নত দেশতো সাধুকথাৰ আদৰ বৃদ্ধি পাইছে । আমেৰিকাবাসীয়ে সাধুকথাক পুনৰ আৱিষ্কাৰ কৰিছে । পঢ়াশালিৰে পৰা আৰম্ভ কৰি বিভিন্ন মেলাত সাধুকথাই বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । সাধুৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছে যে আমেৰিকাৰ প্ৰায়বোৰ ৰাজ্যতে বাৰ্ষিক সাধুকথাৰ উৎসৱ ( Story Telling Festival ) অনুষ্ঠিত হয় । কিছুমান বিশ্ববিদ্যালয়ত আনকি সাধুকথাৰ পাঠ্যক্ৰমো আৰম্ভ হৈছে । এইবোৰ বিশ্ববিদ্যালয়ত পাঠপঢ়া আৰু সাধুকথা কোৱাৰ ( Reading and Story Telling ) স্নাতকোত্তৰ ডিগ্ৰীও প্ৰদান কৰা হয় । সেই দেশত দৰ্শকক আমোদ দিয়াৰ লগতে শিক্ষাৰ এক বিশেষ আহিলা হিচাপেহে সাধুকথাৰ ব্যৱহাৰ হৈছে ।
ইমানখিনি কোৱাৰ পিছতো সামৰণিত এটা কথা কৈ থোৱা ভাল হ'ব যে সাধুকথাক উলম্বভাৱে দুটা ভাগ কৰিব পাৰি – প্ৰাপ্তবয়স্ক লোকৰ বাবে সাধু আৰু শিশুৰ বাবে সাধু । অতীজৰে পৰা যিমানবোৰ সাধু প্ৰচলিত হৈ আহিছে তাৰ বেছিভাগেই প্ৰাপ্তবয়স্ক লোকৰ বাবেহে উপযোগী সাধু । শিশুৰ বাবে উপযোগী সাধুৰ সংখ্যা কম । বৰ্তমান শিশুৰ বাবে যথেষ্ট আকৰ্ষণীয় সাধুকথাৰ পুথি দেখা পোৱা যায় যদিও নেচনেল বুক ট্ৰাষ্টৰ সাধু কিতাপখিনিৰহে কিছু গ্ৰহণযোগ্যতা আছে ।
অলকা গোস্বামী
শিক্ষয়িত্ৰী , অসম জাতীয় বিদ্যালয় ,
নুনমাটি
তেজৰ সোঁতেৰে উজাই গান ।
ধানৰ শীহত কাৰ চকুলোধাৰ
জীৱন, তোক যে বুজাই টান !
― হীৰেন ভট্টাচাৰ্য
0 Comments