header ads

অসমীয়া কবিতা, অভিপ্রায় , অমিয় কুমাৰ ৰয়

 অভিপ্রায়

 হে মহাবাহু ব্ৰহ্মপুত্ৰ

জনালো প্ৰণিপাত সাষ্টাঙ্গে
তোমাক । 
তোমাৰ সোঁবাহুত অংকিত 
ঐতিহাসিক আলাবৈ ৰণৰ
সমীপৱর্তী
আ: কিযে অপৰূপ সৌন্দর্য ! সূৰ্যোদয় দিশত দুয়োপাৰ সংযোগী আহিলা যুগল                            জল জল পট পট । 
উত্তৰে পাহাৰ আজ্ঞাঠুৰী
দক্ষিণে অবিৰত বোঁৱতি সুঁতিত অটল তুমি অসমীয়াৰ জীৱন সাৰথি ।
আই অসমীৰ কৃষ্টি-সংস্কৃতিক 
বান্ধি বোকোচাত তোমাৰ 
চিৰ উজাগৰী...
চিৰ প্ৰবাহমান তুমি ভাৰতীৰ বুকু ভেদি পৃথিৱী অভিমুখী । 
অতি কাতৰে মৃদু প্ৰশ্ন তোমালৈ__
আমাৰ দৰে নিচলা পোহৰ পিয়াসী
শৈক্ষিক গোট 'জ্ঞানম' কামৰূপক
আকোঁৱালি নিবলৈ? 
আশাৰে আমি পদুলিত ! 
সহায়ৰ দুহাত যদি তুলি ধৰে
হয়তো আমি জ্ঞানম উজলি ৰম যুগমীযা হৈ !!! 




অমিয় কুমাৰ ৰয়    

প্ৰধান শিক্ষক
বৰিপাৰা প্ৰাথমিক বিদ্যালয়
শিক্ষা খণ্ড : বকো

Post a Comment

0 Comments