header ads

প্ৰবন্ধ, ৰক্তদানৰ গুৰুত্ব, তাপসী মজুমদাৰ গগৈ

 ৰক্তদানৰ গুৰুত্ব


ৰক্ত বা তেজ আমাৰ শৰীৰৰ এক অনন্য শক্তি । তেজে আমাৰ শৰীৰৰ কাৰ্যত মুখ্য ভূমিকা পালন কৰে । আমি শ্বসন প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰহণ কৰা অক্সিজেন ৰক্তপ্ৰবাহৰ জৰিয়তে শৰীৰৰ সকলো কলা কোষলৈ যায় আৰু শৰীৰৰ সকলো কাৰ্য সঠিকভাবে চলে । আমি গ্ৰহণ কৰা খাদ্যৰ পুষ্টি দ্ৰব্যভাগ প্ৰথমে তেজৰ লগত মিহলি হৈ পৰে আৰু বিপাকীয় কাৰ্যৰ ফলত উৎপন্ন হোৱা বৰ্জনীয় দ্ৰব্যসমূহ ৰেচন কাৰ্যৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিয়া কাৰ্যত তেজৰ ভূমিকা অপৰিসীম । আমাৰ শৰীৰৰ অংগ-প্ৰত্যংগ কাৰ্যক্ষম আৰু সজীৱ কৰি ৰাখিবলৈ প্ৰায় ৩০০ আউন্স তেজৰ প্ৰয়োজন । সুস্থ-সবল-স্বাভাৱিক মানুহৰ শৰীৰত প্ৰায় ৫ লিটাৰ পৰিমাণৰ তেজ থাকে ।


       মানুহৰ তেজ অমূল্য । ইয়াক নিৰ্মাণ বা প্ৰতিলিপি কৰিবৰ বাবে বিভিন্ন চেষ্টা অব্যাহত হৈ আছে যদিও ই সম্ভৱ হৈ উঠা নাই । মানৱ ৰক্ত মানৱ শৰীৰতহে তৈয়াৰ হয় । গতিকে কোনো মানুহক তেজৰ প্ৰয়োজন হলে অইন এজনেহে প্ৰদান কৰিব পাৰিব । চিকিৎসা সেৱা লাভ কৰা ৰোগীসকলে প্ৰয়োজনৰ সময়ত সুৰক্ষিত ৰক্ত লাভ কৰাটো এক অধিকাৰ । কিন্তু পৰিতাপৰ কথা যে প্রয়োজনৰ সময়ত এই অধিকাৰ বিচাৰি যি হাহাকাৰ কৰিবলগীয়া হয় , তাক কেৱল ভুক্তভোগীয়েহে বুজি পায় । এনে পৰিস্থিতিত নপৰা মানুহে সেইটো অনুধাৱন কৰিব নোৱাৰে বা অইন কাৰোবাৰ প্ৰয়োজনৰ সময়তো বিষয়টো গুৰুত্ব সহকাৰে লোৱা দেখা নাযায় ।

       তেজৰ নাটনি ভাৰতৰ জনস্বাস্থ্যৰ এক বৃহৎ সমস্যা । ভাৰতত প্ৰতিদিনে ১২ হাজাৰৰো অধিক লোক ৰক্তদাতাৰ অভাৱত মৃত্যুমুখত পৰে । সমগ্ৰ বিশ্বতে মানুহৰ জীৱন বচোৱাৰ বাবে বছৰি প্ৰায় ৯২ নিযুত ইউনিট ৰক্তদান হয় । ইয়াৰ মাত্ৰ ৩২ শতাংশহে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰবোৰত সংগ্ৰহ হয় । প্ৰতি দুই ছেকেণ্ডৰ মূৰে মূৰে ভাৰতত কাৰোবাৰ নহয় কাৰোবাৰ তেজৰ প্ৰয়োজন হয় বুলি আমি বিভিন্ন প্ৰচাৰ মাধ্যমৰ পৰা জানিব পাৰিছোঁ ।

       ৰক্তদান এক মহৎ , গুৰুত্বপূৰ্ণ আৰু জীৱন ৰক্ষাকাৰী কাৰ্য যিয়ে ব্যক্তি আৰু সম্প্ৰদায়ৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় । আজিকালি আমি প্ৰায়ে দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পাওঁ । সেই দুৰ্ঘটনাত পতিত সকলৰ জীৱন দান , অস্ত্ৰোপচাৰ , কৰ্কট ৰোগৰ চিকিৎসা হোৱাটো অতি প্ৰয়োজনীয় । সেই সময়ত আৰ্তজনক ৰক্তদান কৰি তেওঁলোকক জীৱন প্ৰদান কৰিব পৰা যায় ।

       প্ৰাকৃতিক দুৰ্যোগ , জৰুৰীকালীন পৰিস্থিতিত আঘাত নতুবা চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাত ক্ষতিগ্ৰস্ত লোকসকলৰ তেজৰ প্রয়োজনীয়তা পূৰণ কৰিবলৈ চৰকাৰী বেচৰকাৰী সকলো ব্লাড বেংকত পৰ্যাপ্ত পৰিমাণৰ তেজৰ যোগানৰ প্ৰয়োজন । বিভিন্ন ব্লাড বেংকত পৰ্যাপ্ত পৰিমাণৰ তেজৰ অভাৱ আমি দেখিবলৈ পাওঁ । এনে পৰিস্থিতিত আমি ৰক্তদান কৰি জটিল পৰিস্থিতিৰ সময়ত সহজে উপলব্ধ হ’ব পৰা পৰ্যাপ্ত তেজৰ ভাণ্ডাৰ গঢ়ি তোলাত অৰিহণা যোগাব পাৰো । ' মেলাছিমিয়া ' আৰু ' চিকেল চেল এনিমিয়া ' আদি দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত ৰোগীক গোটেই জীৱন নিয়মীয়াকৈ তেজৰ সঞ্চালনৰ প্ৰয়োজন হয় । এনেবোৰ ৰোগীয়ে তীব্ৰ ৰক্তহীনতাত ভোগে । গতিকে এনেবোৰ ৰোগীৰ জীৱনৰ মান উন্নত কৰিবলৈ ৰক্তদাতাৰ প্ৰয়োজনৰ গুৰুত্ব আহি পৰে ।

       তেজ সংৰক্ষণ কৰিব পৰা সময় সীমিত । ৰক্তকণিকা ৪২ দিনলৈ আৰু প্লেটলেট ৫ দিনলৈহে সংৰক্ষিত কৰি ৰাখিব পাৰি । তেজৰ এই সীমিত কালৰ বাবে ব্লাড বেংকসমূহে পৰ্যাপ্ত যোগান বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব । ইয়াৰ বাবে নিয়মীয়া ৰক্তদান অতি গুৰুত্বপূৰ্ণ । চৰকাৰী ব্লাড বেংকসমূহত তেজৰ নিৰাপত্তা বৃদ্ধি কৰাৰ দায়িত্বও আমাৰেই । কিয়নো আমাৰেই আত্মীয় স্বজনক তেজৰ প্ৰয়োজন হ'ব ।

       ৰক্তদানে যে কেৱল আনৰ জীৱনেই ৰক্ষা কৰে , এনে নহয় । ৰক্তদাতাসকলে ৰক্তদান কৰি যথেষ্ট উপকৃত হয় । প্ৰথম উপকাৰ হয় যে তেওঁৰ ভয় আঁতৰি যায় আৰু কাৰোবাৰ প্ৰয়োজনৰ সময়ত এক বটল তেজ তেওঁ দিবলৈ কুণ্ঠাবোধ নকৰে । মনত উদ্ভৱ হোৱা সাহসেই তেওঁক অন্য দিশতো আগবঢ়াই নিয়াত সহায়ক হয় । আনহাতে ব্লাড বেংকৰ পৰা তেওঁ এটা ' ডোনাৰ্ছ কাৰ্ড ' লাভ কৰে , যিখন কাৰ্ডৰ বিনিময়ত ৰক্তদাতা জনে প্ৰয়োজনৰ সময়ত নিজৰ বা প্ৰিয়জনৰ কাৰণে সামান্য খৰচতে বছৰৰ যিকোনো সময়ত এবটল তেজ লাভ কৰিবলৈ সক্ষম হয় ।

       ৰক্তদানে নতুন ৰক্তকণিকা উৎপাদনত সহায় কৰে , ফলত কিছুমান বিশেষ বেমাৰ যেনে - লিভাৰ , হাওঁফাওঁ , কলন কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস পায় । শৰীৰৰ আইৰণৰ মাত্ৰা সুস্থ কৰি ৰখা , হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখা , যকৃত সুস্থ কৰি ৰখা , মানসিক অৱস্থা উন্নত কৰি ৰখাত ৰক্তদানৰ মহত্ব অসীম ।

       ৰক্তদানে এটা সম্প্ৰদায়ক দয়া আৰু মমতাৰে একত্ৰিত কৰি ৰাখিব পাৰে । বৰ্তমান সমাজ যেনেধৰণে কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ কথাকে ভাবি আগবাঢ়িছে , তেনে সময়ত ৰক্তদানৰ মাধ্যমেৰে ইজনে সিজনক সহায়ৰ হাত আগবঢ়াই এক সুন্দৰ সমাজ গঢ়াৰ দিশত আমি সকলোৱে অগ্ৰসৰ হব পাৰোঁ । যদি কোনো মানুহে সঁচাকৈয়ে নিজকে, মানুহক আৰু মানৱতাক ভালপায় তেন্তে তেওঁ স্বেচ্ছাই ৰক্তদান কৰিবই বা কৰা উচিত । যিসকলে স্বেচ্ছাই ৰক্তদান কৰে তেওঁ কোনো লাভৰ আশা নকৰে । ই মানৱ প্ৰেমৰ চৰম নিদৰ্শন আৰু এনেদৰে ৰক্তদান কৰি ব্যক্তিগতভাৱে এক স্বৰ্গীয় সুখ , আনন্দ অনুভৱ কৰিব পাৰে । মাকৰ চকুপানীয়ে শিশুক বচাব নোৱাৰে , কিন্তু কাৰোবাৰ ৰক্তই পাৰে । গতিকে যিসকল শিশু , যুৱক আদি কৰি বৃদ্ধ মানুহক ৰক্তৰ প্ৰয়োজন তেওঁলোকক ৰক্তদান কৰিবলৈ আমি সকলোৱে আগবাঢ়ি অহা উচিত । লগতে ৰক্তদানৰ গুৰুত্বৰ কথাটো বুজাই দিয়া উচিত ।।



তাপসী মজুমদাৰ গগৈ
ASER ৰাজ্যিক সমন্বয়ক
প্ৰথম এডুকেশ্বন ফাউণ্ডেশ্যন
খানাপাৰা , গুৱাহাটী




নাও মোৰ নিজান ঘাটত ,
হৃদয় শলিতা জ্বলে অপেক্ষাৰ অন্ধকাৰত ।
                     ( হীৰেন ভট্টাচাৰ্য )

Post a Comment

0 Comments