header ads

প্ৰবন্ধ, দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত ৰাজাপুখুৰীৰ সতীৰ থান, বন্দনা শৰ্মা

 দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত ৰাজাপুখুৰীৰ সতীৰ থান



নাৰী তুমি মহিমাময়ী
    নাৰী তুমি সৰ্বব্যাপী
    নাৰী তুমি সৰ্বশক্তিমান
    নাৰী তুমি সৰ্বগুণাকৰ
    যুগে যুগে 
    তোমাৰ মহিমা অপাৰ
    নাৰী তুমি দেৱী
    নাৰী তুমি সতী ।

       প্ৰতিটো মন্দিৰ , সত্ৰ , থানৰ লগত জড়িত লৌকিক - অলৌকিক লোকপ্ৰবাদসমূহে ঐতিহ্যময় , বৈশিষ্ট্যময় অতীত অসম বুৰঞ্জীৰ ধাৰণা বহন কৰে । তেনে এক ঐতিহ্যময় কীৰ্তিচিহ্ন হৈছে নামনি অসমৰ দক্ষিণ কামৰূপত অৱস্থিত ৰাজাপুখুৰীৰ পাৰৰ সতীৰ থান । যি থানৰ কাহিনী লোকশ্ৰুতি অনুসৰি অতীত বুৰঞ্জীৰ অসমীয়া নাৰীৰ শৌৰ্য , বীৰ্য , বীৰত্ব , ত্যাগ আৰু প্ৰেমৰ এক যুগমীয়া প্ৰতীক ।

       অসমৰ মধ্যমণি জালুকবাৰীৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ নিলগত দক্ষিণ কামৰূপৰ ভাগৱতীপাৰা চ'কৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ২ কিলোমিটাৰ উত্তৰে ঐতিহাসিক ৰাজাপুখুৰীৰ পাৰত প্ৰকৃতিৰ এক বিনন্দীয়া পৰিৱেশত সতীৰ থান অৱস্থিত । প্ৰবাদ মতে নামনি অসমৰ সৰ্ববৃহৎ পুখুৰী তথা অসমৰ চতুৰ্থ সৰ্ববৃহৎ পুখুৰীটোৱেই হ'ল ৰাজাপুখুৰী ।
প্ৰাচীন কামৰূপৰ জীতাৰি বংশৰ ৰজা মায়ামত্তই এক বিশেষ কাৰণত সন্তানসম্ভৱা পত্নী মহিষীক ব্ৰহ্মপুত্ৰ নদীত উৎসৰ্গা কৰি উটুৱাই দিয়ে । পিছলৈ ৰাণীয়ে এটি পুত্ৰ সন্তান প্ৰসৱ কৰে । মূৰটো আৰিমাছৰ দৰে দেখিবলৈ বাবে নাম ৰখা হয় গজাঙ্ক ওৰফে আৰিমত্ত । কালচক্ৰত পৰি জীতাৰি বংশৰ যুৱৰাজ আৰিমত্ত কছাৰী বংশৰহে ৰজা হয় ।
       দুৰ্ভাগ্যবশতঃ কালক্ৰমত এখন যুদ্ধত ৰজা আৰিমত্তই অজ্ঞাতে তেওঁৰ পিতাকক হত্যা কৰে ।  পৰৱৰ্তী সময়ত মাতৃৰ মুখে পিতৃ বুলি জ্ঞাত হৈ শোকত তেওঁ বিহ্বল হৈ পৰে । কিন্তু আশ্বৰ্যৰ বিষয় যে কোনো এখন নদীয়ে পূজাৰ পিণ্ডভাগ গ্ৰহণ নকৰিলে । তেখেতৰ বিৰহ বেদনা দেখি কোনোবাই তেওঁক এটা পুখুৰী খান্দি পিণ্ডভাগ দিবলৈ কয় । কিন্তু  দাতাই দিলেও বিধাতাই নিদিয়ে । পুখুৰীটো দকৈ খন্দাৰ পিছতো পানী নোলোৱাত ৰজা আৰিমত্ত বিমোৰত পৰিল । তেনেতে ৰজাই সপোনত দেখিলে যে তেওঁৰ পত্নী পুখুৰীৰ মাজত থিয় হ'লেই পানী আহিব । সচাঁকৈয়ে কথা মতেই কাম । ৰাণীয়ে পুখুৰীৰ মাজভাগত থিয় হোৱাৰ লগে লগে পুখুৰীটো পানীৰে ওপচি পৰে । পিতৃ হত্যাৰ পাপ মোচনৰ বাবে খন্দা পুখুৰীটোৱেই হ'ল ৰাজাপুখুৰী অৰ্থাৎ ৰজাৰ পুখুৰী ( দক্ষিণ কামৰূপৰ কথিত ভাষাত  ৰজাক ৰাজা হিচাপে উচ্চাৰণ কৰা হয় )। গোটেই পুখুৰীটো বৰ্তমান পদুম ফুলেৰে পৰিপূৰ্ণ । ই দীঘলে প্ৰায় ৩৯০ মিটাৰ আৰু বহলে ৩২০ মিটাৰ । পাৰ সহিতে ইয়াৰ মাটিকালি প্ৰায় ১০৮ বিঘা । আকাৰ হিচাপত গুৱাহাটীস্থ ঐতিহাসিক দীঘলী পুখুৰীতকৈ ৫ গুণ ডাঙৰ । পুখুৰীটোৰ নামেৰেই গাঁওখনৰ নাম ৰাজাপুখুৰী নামে জনাজাত হয় । এনে ঐতিহ্যময় ৰাজাপুখুৰীৰ পাৰৰ সতীৰ থানে অসমৰ অতীত বুৰঞ্জীৰ আন এক স্বকীয় বৈশিষ্ট্য বহন কৰে ।
       লোক প্ৰবাদ মতে নামনি অসমৰ শ্ৰীহাটীৰ সত্ৰাধিকাৰ বলদেৱ গোস্বামীয়ে শিষ্যসকলক লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পৰিভ্ৰমণ কৰি কিছুদিন থকাৰ উদ্দেশ্যে ভাগৱতীপাৰাস্থিত ৰাজাপুখুৰী সত্ৰলৈ আহে । কিন্তু দুৰ্ভাগ্যবশতঃ জ্বৰ উঠি তেখেতে ভাগৱতীপাৰাৰ সত্ৰতেই ইহলীলা সম্বৰণ কৰে। সেই সময়ত অসমত সতী দাহ প্ৰথাৰ প্ৰচলন সিমান নাছিল । স্বামীৰ প্ৰতি থকা আকুন্ঠ মৰমে পত্নীক ( যাক সতী নামে জনা যায় , প্ৰকৃত নাম অজ্ঞাত ) তৎমুহূৰ্ততে সপোনত দেখুৱাইছিল যে তেখেতৰ স্বামী আৰু ইহ সংসাৰত নাই । সেয়ে  তেওঁ মৃত স্বামীৰ লগত সতী যোৱাৰ উদ্দেশ্যে ভদীয়া ব্ৰহ্মপুত্ৰৰ বুকুৰে এখনি আগলতি কলপাতত বহি নদী পাৰ হৈ আহে বুলি লোকবিশ্বাসত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আছে । সতী যোৱাৰ উদ্দেশ্যে অহা বুলি গম পাই গঞা ৰাইজে তেওঁক সতী যোৱাত বাধা প্ৰদানৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈও বিফল হৈছিল । শেষত গঞা ৰাইজ তেখেতৰ ওচৰত শিৰনত কৰি এটি চৰ্ত দিয়ে, যদি তেওঁ প্ৰকৃততে সতী তেনেহ'লে কাণৰ পলঙাই দি ৰাজাপুখুৰীৰ পৰা পানী আনি দেখুৱাব লাগিব , তেতিয়াহে সতী যাব পাৰিব । সকলোকে বিস্ময়াভিভূত কৰি তেখেতে কাণৰ পলঙাই দি ৰাজাপুখুৰীৰ পৰা পানী আনি দেখুৱাব পৰাত স্বামীৰ লগত সতী যাবলৈ দিয়া হয় । সতীৰ বীৰত্ব , ত্যাগ আৰু প্ৰেমক সন্মান কৰি গঞা ৰাইজে যিখিনি ঠাইত স্বামীৰ লগত সতীক সমাধিস্থ কৰিছিল সেই ঠাইখিনিৰ চিতাভস্মতেই মাটিৰ ধিপ্ বা ভেটি বন্ধাই সতীৰ ত্যাগৰ চিনস্বৰূপে এখন থানলৈ পৰিৱৰ্তিত কৰে আৰু থানখনৰ নাম ৰাখে সতীৰ থান । লোক প্ৰবাদ মতে, য'ত থানখন নিৰ্মাণ কৰা হৈছে তাৰ তলতে সতীক দাহ কৰা হৈছিল বাবে সেইখিনি ঠাইত সতীৰ বেদী সজাই সকলোৱে পূজা-অৰ্চনা কৰে । যি সতী দাহ প্ৰথাৰ নিৰ্মমতা আমি কিতাপত অধ্যয়ন কৰিছিলো , সেই সতী দাহ  প্ৰথাৰ জৰিয়তে সতীয়ে তেখেতৰ ত্যাগ , বীৰত্ব আৰু প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছিল ।
       লোকবিশ্বাস মতে সতীৰ থানলৈ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে আৰু তেওঁলোকে যি মনোকামনা লৈ আহে তেওঁলোকৰ সেই মনোবাঞ্ছা পূৰণ হয় । এবাৰ নগাঁৱৰ এহাল সন্তানহীনা দম্পতীক সপোনত দেখুৱাইছিল যে তেওঁলোকে যদি সতী আইৰ থানত সোণৰ ফুল এপাহ দিয়ে তেওঁলোকৰ সন্তানহীনতাৰ অভাৱ দূৰ হ'ব । তেওঁলোকো আশাত বন্দী হৈ বিচাৰি বিচাৰি ভাগৱতীপাৰাত অৱস্থিত সতীৰ থানত ফুলপাহ দিয়াৰ কিছুদিন পিছত তেওঁৰ পৰিবাৰগৰাকী সন্তানসম্ভৱা হয় ।
       লোকশ্ৰুতি মতে , সতীৰ ত্যাগক যথোচিত সন্মান দিয়াৰ উদ্দেশ্য ৰাজাপুখুৰী সত্ৰৰ  যিসকল সত্ৰাধিকাৰ , তেওঁলোকৰ দেহাৱসান হ'লে সতী আইৰ থানতে সমাধিস্থ কৰা হয় ।
       এনে এখন ঐতিহ্যময় সতী আইৰ থান আমি সংৰক্ষিত কৰি ৰখা নিতান্তই প্ৰয়োজন । থানখনৰ চাৰিওকাষে আঁৰ-বেৰ দিব পাৰিলে ৰাজাপুখুৰীটোৰ সৈতে সতীৰ থানখনৰ পৰিৱেশ তথা সৌন্দৰ্য অধিক মনোমোহা হৈ উঠিব ।
       যিসময়ত  পৰ্যটক সকলৰ আগমনে অসমৰ পৰ্যটন ক্ষেত্ৰলৈ এক নতুন গতি প্ৰদান কৰিছে তেনেক্ষেত্ৰত অদূৰ ভৱিষ্যতে সুপৰিচালনা , সুস্থ পৰিকল্পনাৰে আঁচনি গ্ৰহণ কৰিলে ৰাজাপুখুৰীৰ সৈতে সতীৰ থান এক আৰ্কষনীয় পৰ্যটনথলীলৈ পৰিগণিত হ'ব।



( বিঃদ্ৰ--- লিখনিটো যুগুত কৰোঁতে তথ্যসমূহ বিভিন্ন লেখকৰ  কাকত , আলোচনী , প্ৰৱন্ধ , গ্ৰন্থত প্ৰকাশিত তথা স্থানীয় নাগৰিকৰ পৰা সমল গ্ৰহণ কৰা হৈছে । )



বন্দনা শৰ্মা
হিন্দী শিক্ষয়িত্ৰী
সত্ৰাপাৰা আইডিয়েল হাইস্কুল
শিক্ষাখণ্ড : ৰামপুৰ





মোৰ কবিতাৰ দিক্ চৌ বাটত ৰ'দ লৈ ওমলি থাকক
দুখময় সৰল শব্দৰ প্ৰাৰ্থনা যেন চকুৰ লোতক ।
                     ( হীৰেন ভট্টাচাৰ্য )

Post a Comment

0 Comments