header ads

অসমীয়া কবিতা, ছয় ঋতু, বাৰ্বী দাস

 ছয় ঋতু




শৰৎ , হেমন্ত , শীত , বসন্ত আৰু গ্ৰীষ্ম , বৰ্ষা 
বাৰ মাহত এই ছয় ঋতু ।
গ্ৰীষ্মকালত গৰমৰ বতৰ 
বৰফ আৰু নেমু চৰবত ,
বৰ্ষাকালত বৰষুণ আহে 
বোকাত পিচলি কি যে ভাল লাগে ।
শৰৎকালত শেৱালি ফুল 
পদূলি মুখত গোন্ধে আমোলমোল ,
হেমন্তকালত সোণালী পথাৰ
দেখিলে চকু জুৰায় ।
শীতকালত জাৰ আহে 
জুহালত বহি ভাল লাগে ,
বসন্ত কালত বৰদৈচিলা আহে 
গছে গছে কুঁহিপাত মেলে ।


নাম - বাৰ্বী দাস 
বিদ্যালয় - আদৰ্শ বিদ্যালয় , দোকুছি
শ্ৰেণী - সপ্তম
শিক্ষা খণ্ড - ‌ছমৰীয়া , কামৰূপ

Post a Comment

0 Comments