চানডুভিৰ ইতিকথা
অসমৰ পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত চান্দডুভি বিলে ইতিমধ্যে এক সুকীয়া স্থান লাভ কৰিছে । বিগত কিছু বছৰৰ পৰা ভোলাগাঁও বৰদুৱাৰ ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা হাছঙৰ উদ্যোগত ইংৰাজী বছৰৰ আৰম্ভণিতে সপ্তাহ জোৰা 'চান্দডুভি মেলা' অনুষ্ঠিত হৈ আহিছে । চান্দডুভিৰ গৌৰৱ আৰু সৌৰভ গাঁথা প্ৰচাৰত এই মেলাৰ যথেষ্ট অৱদান আছে । প্ৰথম বছৰৰ মেলাখনত আয়োজিত চান্দডুভি বিষয়ক আলোচনাসভা এখনত পৌৰাহিত্য কৰাৰ সৌভাগ্য এই লেখকৰ হৈছিল । অন্যান্য বিশিষ্ট বক্তাসকলৰ উপৰিও তাত চান্দডুভি জলাশয়ৰ ওপৰত গৱেষণা কৰি পি. এইচ. ডি. লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক মৃগেন্দ্ৰ মোহন গোস্বামীও উপস্থিত আছিল । তেতিয়াৰে পৰা চান্দডুভিৰ প্ৰতি এই লেখকৰ এক বিশেষ আগ্ৰহ জন্মে । ইয়াৰ আগেয়ে আমাৰ পঢ়াশলীয়া কালত অৰ্থাৎ আজিৰ পৰা প্ৰায় ৩০ - ৪০ বছৰ আগেয়ে মিৰ্জা চাৰিআলিৰ পৰা চান্দডুভি বিলৰ পাৰলৈ যোৱা সৰু চৰকাৰী আলিবাটটোৰে মাঘৰ পৰা চ'ত মাহলৈ প্ৰায় প্ৰতিদিনে আৰু বিশেষকৈ দেওবাৰৰ দিনাখন সৰু-বৰ অসংখ্য মটৰ গাড়ীত লাউড স্পীকাৰ বজাই বজাই চান্দডুভিলৈ যোৱা বনভোজ দলৰ আগ্ৰহ দেখি আমাৰ চামে আশ্চৰ্যচকিত হৈছিলো ; কিহৰ আকৰ্ষণত জাকে জাকে , দলে দলে ছাত্ৰ-ছাত্ৰী , শিক্ষক-শিক্ষয়িত্ৰী , আবাল-বৃদ্ধ -বণিতা চান্দডুভিলৈ আহে ! অৱশ্যে চান্দডুভি বিলৰ পৰা মিৰ্জা পৰ্যন্ত অঞ্চলটোৰ বাসিন্দাসকলে বিয়া-সবাহ , সকাম-নিকামত চান্দডুভিৰ মাছেৰে অভ্যাগতসকলৰ আপ্যায়ন কৰি গৌৰৱ অনুভৱ কৰিছিল । জেঠ মাহত চান্দডুভিৰ বৰকাছৰ মঙহ এডোখৰ খোৱাটো এই অঞ্চলৰ মানুহৰ এটা পৰম্পৰাই আছিল । ( তেতিয়া বৰকাছ দুৰ্লভো নাছিল আৰু চৰকাৰেও বিলুপ্তপ্ৰায় প্ৰাণীৰ তালিকাভুক্ত কৰা নাছিল । )
১.২ : চান্দডুভি বিল বা জলাশয় কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদুৱাৰ মৌজাৰ ছাগালচাৰী , বাথৈ পৰ্বত আৰু মায়ং নামৰ পাহাৰেৰে চাৰিওফালে আগুৰা আৰু গভীৰ অৰণ্যৰ মাজত অৱস্থিত । ইয়াৰ আকৃতি হৰিণা পহুৰ শিঙৰ দৰে ইফালে সিফালে ফনা মেলা । অধ্যাপক মৃগেন্দ্র মোহন গোস্বামীৰ সমীক্ষা মতে আৰম্ভণি কালত চান্দডুভি জলাশয়ৰ পৰিসৰ আছিল ৭১২ হেক্টৰ । তেখেতে সমীক্ষা কৰা কাল অৰ্থাৎ ১৯৭৭ চনত ইয়াৰ পৰিসৰ কমি ২৮৮.৭ হেক্টৰ হৈছিলগৈ । এই প্ৰতিবেদন প্ৰস্তুত কৰা কালত ইয়াৰ পৰিসৰ তাতোকৈ বহুখিনি হ্ৰাস পাইছে । ইয়াৰ গভীৰতা সৰ্বনিম্ন ১.৪৫ মিটাৰৰ পৰা সৰ্বোচ্চ ৪.২ মিটাৰ । পানীৰ তলত বহুতো শাল গছৰ মূঢ়া ফচিল হৈ থকা দেখা যায় । জলাশয়টোৰ আয়তন ক্ৰমে কমি অহাৰ দৰে ঠায়ে ঠায়ে ইয়াৰ গভীৰতাও হ্ৰাস পাব ধৰিছে । পূৰ্বতে মেঘালয়ৰ পৰা বৈ অহা কলহী নদীৰ লগত জলাশয়টো সংলগ্ন হৈ আছিল । চান্দডুভিৰ পানীৰ উৎস হৈছে কলহী নদীৰ ওপৰিও ইয়াৰ পাৰে পাৰে থকা পাহাৰসমূহৰ পৰা বৈ অহা সাতোটাকৈ নিজৰা । মেঘালয়ৰ পৰ্বতৰ পৰা ওলাই চান্দডুভি হৈ কলহী নদীয়ে ঘোঁৰামৰা , পানটান , ছয়গাঁও , বকো , ছমৰীয়া পাৰ হৈ নগৰবেৰাত জলজলি নাম লৈ ব্ৰহ্মপুত্ৰত মিলিছেগৈ । ফলত চান্দডুভিৰ পৰা ব্ৰহ্মপুত্ৰলৈ থকা কুলশী বা কলহীৰ বোৱতি জলধাৰা অতি পৰিষ্কাৰ আৰু নিয়মিত গভীৰ আছিল । এনে পানী এতিয়া দুষ্প্ৰাপ্য হৈ পৰা নদী-শিহুৰ বাবে বাসোপযোগী । কিন্তু বিগত এটা দশকৰ পৰা অসমত ক্ৰমবৰ্দ্ধমান নগৰীকৰণ হেতু কুলশী নদীৰ বুকুৰ পৰা অত্যাধুনিক যন্ত্ৰ-পাতিৰ সহায়ত দিনে-নিশাই বালি তুলি থকাৰ ফলত কলহীৰ বুকু অতি গভীৰ হ'বলৈ ধৰিলে । আনহাতে তাৰ পাৰে পাৰে থকা কৃষিভূমিসমূহ নানাধৰণৰ উদ্যোগ স্থাপনৰ অজুহাতত পুতি ওখ কৰি লোৱা হেতুকে কুকুৰমাৰাৰা পৰা ঘোঁৰামাৰা পৰ্য্যন্ত থকা কলহীৰ সোঁতটো মৰি গ'ল । তাৰ অনিবাৰ্য পৰিণতিত কলহীৰ বোৱতি সুঁতি বাধাগ্ৰস্ত হ'ল আৰু নদী-শিহুৰ সংখ্যা কমি কমি এতিয়া ৫০ ৰ তললৈ নামিছে । অধ্যাপক গোস্বামীৰ মতে এসময়ত চান্দডুভিত পৰ্যাপ্ত ঘৰিয়ালো আছিল । বিলখনৰ পৰিসৰ কমি অহাৰ লগে লগে ঘঁৰিয়ালৰ সংখ্যাও কমি আহিবলৈ ধৰিলে । অন্তিমটো ঘঁৰিয়াল ১৯৭৬ চনত কুলশী নদীৰ পশ্চিম পাৰত থকা ভেৰভেৰি অঞ্চলত দেখা গৈছিল আৰু ৰাইজে তাক ধৰি বধ কৰিছিল । একেদৰে কুলশীৰ বিখ্যাত চিতল মাছ এতিয়া পাবলৈ নাই । তাত থকা অজগৰ , নাডাল বামি আদি সৰীসৃপবোৰো বিলুপ্ত হ'ল । অৱশ্যে এতিয়াও ফুটুকী পুঠি , শিঙৰা , শ'ল , মাগুৰ , কাৱৈ আদি মাছ কিছু পৰিমাণে পোৱা যায় । মাছ-কাছৰ বাবেই চান্দডুভি অঞ্চলত সৰুঘোগ , বৰঘোগ , মাছৰোকা আদি নানা তৰহৰ চৰাইৰ উপস্থিতি দেখা যায় ।
১.৩ : চান্দডুভি উৎপত্তি হ'বৰ ১৩০ বছৰ হৈছে । ভূগোলবিদসকলে ভৌগোলিক গঠন আৰু প্ৰত্নতত্ত্বাগাৰৰ নথি-পত্ৰ খুচৰি চাই একমত হৈছে যে ১৮৯৭ চনৰ ১২ জুন তাৰিখে সন্ধিয়া ৫.১৫ মিনিটত ৰিখটাৰ স্কেল মতে ৮.৭ + প্ৰাবল্যৰ ভূমিকম্প এটা সংঘটিত হৈছিল । ইয়াৰ অভিকেন্দ্ৰ আছিল চিলং ভূ-ফলকৰ ৯১' পূৱ দ্ৰাঘিমাংশ আৰু ২৬' উত্তৰ অক্ষাংশত । উক্ত উচ্চ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কেবাখনো পাহাৰ অৰণ্য তললৈ বহি গৈ চান্দডুভি বিলৰ সৃষ্টি হৈছিল । চান্দডুভি নামটোও বহুতে চান্দডুবি বুলি কয় । এই সম্পৰ্কে কমেও তিনিটা কিংবদন্তিৰ প্ৰচলন আছে । প্ৰথমটো মতে বিলখন সৃষ্টি হোৱাৰ আগতে সেই ঠাইৰে এখন সৰু নদী বৈ গৈছিল । চম্পক নগৰ বা আধুনিক ছয়গাঁৱৰ পৰা চান্দ সদাগৰ নামৰ ব্যৱসায়ীজনে এই নদীয়েদি উজাই আহি চিলঙৰ বাসিন্দাসকলৰ লগত বেহা-বেপাৰ কৰিছিল । ডুভি মানে কম সোঁত থকা , বহু সময়ত সোঁতবিহীন জলাশয় । এতেকে চান্দ সদাগৰৰ ডুভি বুজাবলৈ চান্দডুভি বিল সৃষ্টিৰ আগৰে পৰাই এই নামটো প্ৰচলিত আছিল বুলি দাবী কৰা হয় । বিলখনৰ পৰা ৬ - ৭ কিলোমিটাৰ আগলৈ উকিয়াম নামৰ ঠাইত এটা জলাশয়ৰ নাম চান্দবুঢ়াৰ জান বুলি এতিয়াও প্ৰচলিত হৈ আছে । এই কথাই উক্ত প্ৰবাদটো সমৰ্থন কৰে । আন এটা জনশ্ৰুতি মতে পূৰ্বৰে পৰা থকা নৈখনত এবাৰ চান্দৰ ডিঙা হেনো ডুবি ( বুৰি ) গৈছিল । সেইবাবে ইয়াৰ নাম চান্দডুবি হ'ল । যদিওবা লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে 'গঙ্গাতহে নাও ডুবে ব্ৰহ্মপুত্ৰত কিন্তু নাও বুৰে ' , আমি মনত ৰাখিব লাগিব যে ব্ৰিটিছ শাসনৰ আৰম্ভণিলৈকে সুকীয়া 'দেশ ' বুলি পৰিচিত কামৰূপত পূৰ্বৰ কোচ আৰু মোগল শাসনৰ প্ৰভাৱৰ বাবে ইয়াৰ বাসিন্দাসকলে নাও বুৰাৰ সলনি নাও ডুবা বুলিহে কয় । এই যুক্তিৰে চান্দডুবিও হ'ব পাৰে । আন এটা জনশ্ৰুতি মতে ১৮৯৭ চনৰ বৰভূঁইকপত পাঁচখন শিলাময় পাহাৰ হেনো ডুবি গৈছিল । পূৰ্বৰ স্থানীয় খাছীয়া বাসিন্দাসকলৰ মতে ইয়াৰ নাম চানডুকি । চান মানে হ'ল পাঁচ আৰু ডুকি মানে হ'ল শিল । আমাৰ মতে কিন্তু চান্দৰ ডিঙা ডুবি যোৱা অথবা চান্দৰ দখলত থকা ডুভি বাবে চান্দডুভি হ'ব পাৰে । চান্দ সদাগৰৰ অস্তিত্ব আৰু বেহা-বেপাৰৰ সম্পৰ্কে কনকলাল বৰুৱাই তেখেতৰ ' আৰ্লি হিষ্টৰী অফ কামৰূপ ' গ্ৰন্থত বহলাই ব্যাখ্যা কৰিছে । দক্ষিণ কামৰূপৰ সমাজ - সংস্কৃতি সম্পৰ্কে বহুবছৰ পঢ়া-শুনা কৰাৰ পিছত আমাৰ বোধে চান্দডুবি বা চান্দডুবিতকৈ চান্দডুভিহে অধিক গ্ৰহণযোগ্য । উকিয়ামৰ ওচৰত থকা চান্দবুঢ়াৰ জানে এনেদৰে ভাবিবলৈ আমাক সহায় কৰে ।
১.৪ : চান্দডুভিৰ শতিকা পুৰণি ইতিহাসৰ মাজত লুকাই থকা সম্পদসমূহ আৰু অসমৰ অৰ্থনৈতিক বিকাশত এইবোৰৰ সম্ভাৱনা আৰু গুৰুত্ব তথা বৈশিষ্ট্য সম্পৰ্কে প্ৰথম বৈজ্ঞানিক অনুসন্ধান কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ এছ. চি. ডুবে ডাঙৰীয়াই ১৯৭৭ চনত । ভাৰত চৰকাৰৰ অধীনস্থ উত্তৰ-পূৱ পৰিষদৰ অৰ্থ সাহাৰ্যেৰে চলোৱা এই অধ্যয়ন ১৯৮০ চনলৈ চলিছিল । এই অধ্যয়নত অসম বিত্তীয় উন্নয়ন নিগমৰ সঞ্চালক ড০ বি. লাহন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মৃগেন্দ্ৰ মোহন গোস্বামী গৱেষকৰূপে নিয়োজিত হৈছিল । শ্ৰীযুত গোস্বামীয়ে শেহলৈ এই প্ৰকল্পৰ পৰা পোৱা তথ্যসমূহৰ লগত নিজাববীয়া অধ্যয়ন চলাই নিজৰ পি. এইচ. ডি. ডিগ্ৰীও লাভ কৰিছিল । তাৰ পিছৰেপৰা চান্দডুভিৰ বনজ সম্পদ , জলজ সম্পদ , প্ৰাণী-বৈচিত্ৰ সম্পৰ্কে বহুতেই গৱেষণা- আলোচনা কৰিছে যদিও সেইবোৰ উচ্চপৰ্যায়ৰ শৈক্ষিক অনুশীলনৰ স্তৰতে আৱদ্ধ আছে ( অৱশ্যে পৰেশ কলিতা আৰু কন্দৰ্প কুমাৰ গোস্বামীয়ে চান্দডুভি প্ৰেক্ষাপটত উপন্যাসৰ দৰে দুখন পুথি প্ৰকাশ কৰিছে । কিন্তু ইয়াৰ প্ৰচাৰ মুষ্টিমেয় কেইজনমানৰ মাজতহে আছে । দীনমণি কলিতাই ' উকিয়ামৰ উকি ' নামৰ উপন্যাসোপম ৰচনা এখনত আৰু জীতেন দাসে তেওঁৰ ' কলহীৰ পাৰে পাৰে ' শীৰ্ষক উপন্যাসখনত চান্দডুভিৰ বিষয়ে উল্লেখ কৰিছে যদিও এই দুখন পুথিও বহুপঠিত নহয় । ) ; সৰ্বসাধাৰণৰ মতে চান্দডুভি মানেই মাছ-কাছ , চৰাই-চিৰিকটিৰে পৰিপূৰ্ণ এক প্ৰাকৃতিক ৰম্যভূমি । শাল , চেগুন , তিতাচঁপা , বনচোম , নাহৰ , সোণাৰু , আজাৰ আদি বিভিন্ন মূল্যবান গছ-গছনিৰে ভৰা অৰণ্য ; ৰাভা , খাচীয়া , গাৰো আদি জনজাতিৰ বাসস্থান মাথোন । সেয়েহে নাতিদূৰত থকা মিৰ্জা , পলাশবাৰী , কুকুৰমাৰা , ছয়গাঁও , ৰামপুৰ আদি অঞ্চলৰ একাংশ ব্যৱসায়ীয়ে জধে-মধে এই বনজ সম্পদসমূহ লুণ্ঠন কৰাৰ ফলত বৃহৎ অঞ্চল জুৰি থকা চান্দডুভি অঞ্চলৰ পৰিসৰ কমি আহিব ধৰিলে , বন-জঙ্ঘল শেষ হ'ল , হাতী - মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিলে আৰু কোনো কোনো ক্ষেত্ৰত কিছুমান বিষয়ভিত্তিক জাতি- জনগোষ্ঠী সম্পৰ্কীয় বিবাদেও ঠাই উলিয়াই ল'লে । এইবোৰক লৈ ৰাজনীতি কৰা মানুহৰো অভাৱ নোহোৱা হ'ল ।
এনেবোৰ অৱক্ষয়ৰ বিৰুদ্ধে আৰু চান্দডুভিৰ গুৰুত্ব বুজি তাক সংৰক্ষণ কৰাৰ প্ৰতি জনসাধাৰণক সচেতন কৰোৱাৰ উদ্দেশ্যেৰে বিগত কিছুবছৰ ধৰি আৰম্ভণিতে উনুকিওৱাৰ দৰে চান্দডুভি উৎসৱ পালন কৰি অহা হৈছে । কামৰূপ জিলা প্ৰশাসনেও এই উৎসৱলৈ পৃষ্ঠপোষকতা আগবঢ়োৱা দেখা গৈছে । এয়া সুখকৰ কথা । ইতিমধ্যে যিমানখিনি হেৰাল , হেৰালেই । বাকী থকা খিনিৰ ওপৰত ভিত্তি কৰিয়েই জনসাধাৰণ , চৰকাৰ সকলোৱে মিলি চান্দডুভিৰ বিশাল জৈৱ - বৈচিত্ৰ , প্ৰাকৃতিক , বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে অধিক কৰ্মসূচী হাতত লোৱাৰ সময় সমাগত । কাৰণ জোৰ পুৰি হাত পাইছেহি ।
ড০ গজেন্দ্ৰ অধিকাৰী ,
মুৰব্বী অধ্যাপক , উত্তৰ-পূব অধ্যয়ন কেন্দ্ৰ ,
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় , নগাঁও
0 Comments