header ads

প্ৰবন্ধ, পিঁঙ্গলেশ্বৰ অৰ্দ্ধনাৰীশ্বৰ দেৱালয় : এক অৱলোকন,

 পিঁঙ্গলেশ্বৰ অৰ্দ্ধনাৰীশ্বৰ দেৱালয় : এক অৱলোকন



  বৈদিক সংস্কৃতি তথা সনাতনী ধৰ্মীয় পন্থাত সৃষ্টিৰ পঞ্চতত্ত্বৰ লগত সামঞ্জস্য থকা পঞ্চদেৱতাৰ উল্লেখ প্ৰাচীন গ্ৰন্থৰাজিত পোৱা যায় । এই পঞ্চদেৱতাৰ ৰূপ বৰ্ণনা চিত্ৰশিল্প , ভাস্কৰ্যসমূহতো প্ৰাচীন কালৰেপৰা অংকিত , নিৰ্মিত হৈ আহিছে আৰু পৰ্বতে - কন্দৰে চাৰিওফালে সিচঁৰতি হৈ আছে । পঞ্চদেৱতা হৈছে - গণেশ , দীনেশ ( সূৰ্য্য ) , বাসুদেৱ ( বিষ্ণু অৱতাৰ শ্ৰীকৃষ্ণ ) , শিৱ আৰু শিৱা ( শিৱৰ পত্নী পাৰ্ৱতী তথা দুৰ্গা ) । লগতে শিৱৰ অংশস্বৰূপে হনুমান পন্থা এটাও পোৱা যায় । এক পৰম সত্তাতে অনেক তথা অনেকতে এক --
       " একংসদবিপ্ৰাহাঃবহুধাবদন্তি " অৰ্থাৎ এজনে সত্য বিভিন্ন ৰূপত বৰ্ণনা কৰা হৈছে ।
       " একমেৱনদ্বিতীয়ম্  " অৰ্থাৎ একেটাই দ্বিতীয়টো নাই । শিৱ আৰু বিষ্ণুৰ অভিন্নতাৰ কথাও এনেদৰে উল্লেখ আছে --
       " শিৱায় বিষ্ণুৰূপায় বিষ্ণৱে শিৱৰূপিনে l " অৰ্থাৎ শিৱতে বিষ্ণুৰূপ আৰু বিষ্ণুতে শিৱ l
       মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 'কীৰ্ত্তন' পুথিৰ 'নামাপৰাধ' খণ্ডত এনেদৰে উল্লেখ কৰি শিৱ আৰু বিষ্ণুৰ অভিন্নতা প্ৰকাশ কৰিছে । 
" গুণ নাম যত বিষ্ণু শিৱৰ । 
তাক ভিন্ন বুদ্ধি কৰৈ যি নৰ । 
নামৰ সিয়ো মহা অপৰাধী । 
নৰকত পৰৈ দৈৱে নবাধি ।। " 
( পদ সংখ্যা - ৪৯ )
       এনে ভাৱনাতে ভক্তগণে নিজক পৰমসত্তাৰ ওচৰত আত্মসমৰ্পণ কৰে , ভক্তিত গদ্ গদ্ হয় । সময়ৰ গতিত ভক্তগণৰ সৃষ্টিৰাজিত উপাস্যগৰাকীৰ ৰূপাংকণৰ গুণগত মাত্ৰা প্ৰদানত নতুনত্ব পৰিলক্ষিত হয় । দেৱাদিদেৱ মহাদেৱ তথা শিৱৰ ' অৰ্দ্ধনাৰীশ্বৰ ' ৰূপো অন্য এক তেনে প্ৰতিফলন । পুৰুষ - প্ৰকৃতি তথা শিৱ - শক্তিৰ মিলিত শক্তিৰ তত্ত্বতে লুকাই আছে ' অৰ্দ্ধনাৰীশ্বৰ ' শিৱৰ সৃষ্টি তত্ত্ব । পুৰুষৰ মানৱীয় গুণ - শৌৰ্য্য , বীৰ্য , সাহস , শক্তি , গাম্ভীৰ্যতা , কঠিনতাৰ লগত প্ৰকৃতি তথা নাৰীৰ মমতা , দয়া , কৰুণা , ধৈৰ্য , সহিষ্ণুতা , কোমলতা আদি গুণৰ মিলিত ৰূপেই অৰ্দ্ধনাৰীশ্বৰ । অৰ্দ্ধনাৰীশ্বৰ ৰূপত ভক্তই শিৱ আৰু শক্তিক একেলগে অৰ্চনা কৰে । " উমা মহেশ্বৰায় নমঃ " বুলি পূজা মন্ত্ৰ উচ্চাৰণ কৰা হয় । অৰ্দ্ধনাৰীশ্বৰ সুকীয়া পন্থা বুলি উল্লেখ কৰা দেখা পোৱা নাযায়  । হৰ - গৌৰী , শিৱ - পাৰ্বতী , উমা - মহেশ্বৰ তথা শিৱ - শক্তিৰ এয়া এক পুৰুষ - প্ৰকৃতিৰ মিলিত ৰূপ । ই হ'ল শৈৱ ধাৰা বা পন্থা ।
       পিঙ্গল শব্দৰ আভিধানিক অৰ্থ হৈছে পাতল ৰঙা মিহলি মুগা বৰণৰ বা পিতল বৰণৰ । পিঙ্গল মহাদেৱৰো এটা নাম । জনশ্ৰুতি অনুসৰি বৰ্তমানৰ ' পিঁঙ্গলেশ্বৰ অৰ্দ্ধনাৰীশ্বৰ দেৱালয় ' ৰ মন্দিৰ অৱস্থান ঠাইত পিঙ্গল নামেৰে এখন সৰু শিলাময় পাহাৰ তথা টিলা থকাৰ কথা শুনা যায় । যোগিনী তন্ত্ৰৰ বৰ্ণনা অনুসৰি এইখন ' হস্তিপৰ্বত ' । এই পৰ্বততে ' পিঙ্গল ' মানে মহাদেৱ থকা বাবে ( পিঙ্গল + ঈশ্বৰ ) পিঙ্গলেশ্বৰ ঠাইখণ্ডৰ নাম হয় ।
" নীলাচলেচ কামেশঃ পিঙ্গলো হস্তি পৰ্বতে " । 
( যোগিনী তন্ত্ৰ )
       তদুপৰি আৰু শুনা যায় যে সতীৰ দেহত্যাগৰ পাছত ইয়াতে তেওঁৰ মূৰ পতিত হৈছিল আৰু মহাদেৱে সতীৰ অৱশিষ্ট নোহোৱা হোৱাত দুখতে ধ্যানস্থ হৈছিল l 
       ভাৰতবৰ্ষৰ উত্তৰ - পূৱ প্ৰান্তৰ ৰাজ্য অসমৰ কামৰূপ-মহানগৰ জিলাৰ গুৱাহাটীৰপৰা উত্তৰে কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰ তথা নিকটৱৰ্তী বাইহাটা চাৰিআলিৰপৰা উত্তৰ - পূৱ দিশত অৱস্থিত দেৱালয়খনৰ চাৰিসীমাত আছে --
উত্তৰে -- বৰখৰিকটা আৰু পাত্ৰপুৰ গাওঁ , 
দক্ষিণে -- মাজগাওঁ আৰু ভোমলাহাটী গাওঁ , 
পূৱে -- পাত্ৰপুৰ আৰু বৰহাজাৰা গাওঁ , 
পশ্চিমে -- বামা , কৰৰা আৰু পচলাগড় গাওঁ  । 
ভৌগোলিক অৱস্থিতি হৈছে ২৬°৩৭' ( ডিগ্ৰী ) অক্ষাংশ আৰু ৯১°৭৬' ( ডিগ্ৰী ) দ্ৰাঘিমাংশ ।
       প্ৰবাদমতে , কপিলী গাভিনী এজনীয়ে নিৰ্দিষ্ট সময়ত সেই পিঙ্গল পৰ্বতৰ এটুকুৰা নিৰ্দিষ্ট ঠাইত প্ৰতি দিনে গাখীৰ স্ৰাৱ কৰি আঁতৰি যোৱা গাঁওবাসীয়ে প্ৰত্যক্ষ কৰে । সেয়ে কিনো আছে বুলি খান্দি চোৱাত শিলৰ বাকচ যেন বস্তু এটা পায় । ভাঙি চোৱাত তাত বৰ্তমানৰ গহ্বৰত থকা প্ৰকাণ্ড শিৱলিঙ্গ পালে যি গৰাকীক অৰ্দ্ধনাৰীশ্বৰ ( শিৱ আৰু পাৰ্বতী ) ৰূপে পূজা অৰ্চনা কৰা হয় । বিগ্ৰহ বাৰিষা কালত পানীৰ তলত থাকে । পানী নিষ্ক্ৰমণৰদ্বাৰা পূজা - অৰ্চনাৰ এই অসুবিধা দূৰীকৰণৰ ব্যৱস্থা কৰাৰ ভক্ত সকলৰ বাবে প্ৰয়োজন আছিল । বৰ্তমানৰ মণিকূটৰ সন্মুখত থকা শিলৰ ষাঁড়গৰু পোৱা গৈছিল । আনহাতে অস্পষ্ট আখৰৰ কিতাপ এখনো তাত পোৱা গ'ল । পাছত কিতাপখন ইছলাম ধৰ্মৰ ধৰ্মগ্ৰন্থ পৱিত্ৰ কোৰাণ বুলি চিহ্নিত কৰি হিন্দু মুছলিম উভয় পক্ষৰ আলোচনা মৰ্মে বৰ্তমানৰ মন্দিৰৰ উত্তৰ - পূৱ দিশত থকা ঠাইত মচজিদ সাজি ৰখাৰ ব্যৱস্থা কৰে । বৰ্তমানে কিতাপখন হেনো নাই । সেয়া যিয়েই নহওক বৰ্তমানে সনাতন হিন্দুধৰ্মাৱলম্বী কিছু লোকে মনৰ নিজ ইচ্ছাৰে মচজিদত দান বৰঙণি আগবঢ়ায় আৰু মুছলমান লোকৰো কোনো কোনোৱে মন্দিৰত দান বৰঙণি দি সেৱা আগবঢ়াই সমন্বয়ৰ বাৰ্তা বহন কৰি ৰাখিছে । অসমীয়া সমাজৰ বাবে এয়া এক গৌৰৱৰ বিষয় ।
       ৰুদ্ৰ মহাদেৱৰ এঘাৰটা ৰূপ ' একাদশ ৰুদ্ৰ ' হিচাপে বৰ্ণনাৰ কথা পোৱা যায় । প্ৰত্যেক ৰূপৰ পূজা অৰ্চনাৰ ফলো বেলেগ বেলেগ বুলি উল্লেখ আছে । সৰ্বমঙ্গলৰ কামনাৰে পিঙ্গল ৰুদ্ৰ ৰূপত পূজা অৰ্চনা কৰা নিয়মৰ উল্লেখ পোৱা যায় । উত্তৰ দিশত মুখ কৰি তেওঁক পূজা কৰা বিধেয় । তেৱেঁ পশুৰ অধিকাৰী পশুপতি । সহজে সন্তুষ্ট হয় বাবে আশুতোষ । পিঙ্গলেশ্বৰ দেৱালয়ৰ মন্দিৰত উত্তৰফালে মুখ কৰিয়ে পূজা - অৰ্চনা কৰা হয় । ঐতিহাসিক দৃষ্টিভঙ্গীৰে মন কৰিলে কিছু তথ্য , কিছু  জনশ্ৰুতি আৰু জনবিশ্বাসত কেইবা শতিকাধৰি উত্থান - পতনৰ মাজেৰে এই দেৱালয়খনে আজিৰ ৰূপ পায় ।
       অসম বুৰঞ্জীৰ পাতত পোৱা যায় যে আহোম ৰাজত্ব কালত স্বৰ্গদেউসকলে জ্যোতিষী ব্ৰাহ্মণ তথা দৈৱজ্ঞ বা সূৰ্য্যবিপ্ৰসকলক যথেষ্ট গুৰুত্ব দিছিল । ৰজাদিনীয়া পুখুৰী আদি খন্দা কামতো জ্যোতিষীৰ পৰামৰ্শ লৈহে পুখুৰী খন্দা হৈছিল । এবাৰ স্বৰ্গদেউ শিৱসিংহৰ দিনত ( ১৭১৪ চন ) কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ প্ৰৰোচনাত দৈৱিক ব্ৰাহ্মণক হেয় প্ৰতিপন্ন কৰা হৈছিল । ৰাজসভাত তৰ্কত কৃষ্ণৰাম ভট্টাচাৰ্য হাৰ মনাত স্বৰ্গদেউ শিৱসিংহই দৈৱিক ব্ৰাহ্মণ তথা সূৰ্য্যবিপ্ৰসকলক ব্ৰাহ্মণৰ মৰ্যাদাৰে দেৱকাৰ্য্যৰ অধিকাৰ দিলে আৰু চন্দ্ৰবিপ্ৰক প্ৰায়শ্চিত্ত তথা মৃতকৰ কৰ্ম কৰাৰ অধিকাৰ সাৱ্যস্ত কৰিলে । কথিত আছে এবাৰ স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালৰ  ( ১৭১৪ - ১৭৪৪ চন ) ভিতৰত জ্যোতিষ মতে ' ছত্ৰভঙ্গ ' যোগ পৰাত জ্যোতিষীয়ে স্বৰ্গদেউক ৰাজকাজ এৰি তীৰ্থ ভ্ৰমণৰ পৰামৰ্শ দিলে । স্বৰ্গদেৱে বৰ ৰাণী ফুলেশ্বৰীক ' বৰৰজা ' পাতি ৰাজভাৰ দি শিৱসিংহ তীৰ্থলৈ ওলাল । তীৰ্থযাত্ৰা কালত বিভিন্ন তীৰ্থ দৰ্শন কৰি বৰ্তমানৰ অৰ্দ্ধনাৰীশ্বৰ দেৱালয় পালে । যি ঠাইত তম্বু তৰি স্বৰ্গদেউ থাকিল সেই ঠাই আজি ' ৰাজাবাৰী ' নামে পৰিচিত l তেওঁৰ লগত অহা সৈন্য সকলক দেৱালয়ৰ দক্ষিণ - পূৱ দিশত আৰু পাত্ৰমন্ত্ৰীসকলক হেনো উত্তৰ - পূৱ দিশত ৰাখিছিল । তেতিয়াই ছত্ৰভংগ দোষ নিবাৰণৰ বাবে দুৰ্গা পূজা কৰাৰ কথা শুনা যায় । তেওঁৰ সময়তে আৰম্ভ হোৱা পৰম্পৰাৰে দুৰ্গা পূজাৰ নৱমীৰ দিনা ' ভাগ্যযুদ্ধ ' আৰু ' বাঁহটনা ' প্ৰথা আজিও প্ৰচলিত আছে । এনে পৰম্পৰাৰে ভক্তগণে শুভাশুভ বিশ্বাস কৰি আহিছে । ভক্তগণে আজিও দোষ নিবাৰণৰ বাবে মন্দিৰলৈ আহে । শিৱসিংহই দুখন তামৰ ফলি , ধাতুৰ বাচন , সোণ - ৰূপৰ বাচন - বৰ্তন আৰু পূজাৰ সামগ্ৰী মন্দিৰত দান কৰিছিল । এনে কাৰ্যত তেওঁৰ সেনাপতি তৰুণ দুৱৰা বৰফুকনৰ নাম পোৱা যায় । তাম্ৰলিপিখনৰ সময় ১৬৬১ শক তথা ১৭৩৯ খ্ৰীষ্টাব্দ বুলি উল্লেখ আছে ।
       স্বৰ্গদেউ শিৱসিংহই ২৬০০ বিঘা মাটি দেৱালয়ৰ নামত দান কৰে । ১৯৬১ চনৰ ' টেম্পোল এক্ট ' অনুসৰি চৰকাৰে ৰায়তক মাটিৰ পট্টা দিয়ে । চৰকাৰে দেৱালয়ৰ বাবে ৮৫০.০০ টকা মঞ্জুৰী দিয়ে । বৰ্তমান এই সাহাৰ্য ১৩৮৫.০০ টকালৈ বৃদ্ধি কৰিছে । বৰ্তমান দেৱালয়ৰ নামত ৩৯ বিঘা মাটি আৱন্টিত আছে । দেৱালয়ৰ ভিতৰত ১৩ বিঘা মাটি আছে । দেৱালয়ৰ উত্তৰ - পূৱ দিশত এটা ১ বিঘা মাটিৰ পুখুৰী , দক্ষিণ - পূৱ দিশত ২ বিঘা মাটিৰ পুখুৰী , পশ্চিম দিশত দেৱালয়ৰ ভিতৰত ৫ বিঘা মাটিৰ ৰজাদিনীয়া ( শিৱসিংহ ) পুখুৰী আছে । বাহিৰত ১৫ বিঘা মাটিৰ পুখুৰী খন্দাৰ কাম চলি আছে । পৰিকল্পনা মতে এই পুখুৰীৰ পূৱ দিশে দেৱালয়ৰ বাহিৰত পশ্চিম দিশত এখন খেলপথাৰ নিৰ্মাণৰ কাম চলি আছে । ২০২২ চনৰ এনৰেগা আঁচনিৰ ধনেৰে পুখুৰী খন্দাৰ কাম চলিছে । অসম পৰ্যটন বিভাগেও দেৱালয়ৰ ভিতৰৰ পুখুৰীৰ দেৱাল নিৰ্মাণ কৰে । দেৱালয়খনত মূল অৰ্দ্ধনাৰীশ্বৰ মন্দিৰৰ লগতে দুৰ্গা মন্দিৰ , যজ্ঞ মন্দিৰ , দৌল মন্দিৰ , চ'ৰাঘৰ , ভোগ ঘৰ , ভঁড়াল ঘৰ , নাট ঘৰ , অতিথিশালা , বাটচৰা , ভাস্কৰ্য সংৰক্ষণ গৃহ , তোৰণ আদি নিৰ্মাণ কৰা হৈছে । দেৱালয়ৰ উন্নয়নৰ বহুতো কাম চৰকাৰী সাহাৰ্য আৰু  ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰাও কৰা হৈছে ।
       বৰ্তমান উদযাপিত উৎসৱসমূহ হৈছে - (১) প্ৰতি বছৰে ব'হাগ মাহৰ ১ তাৰিখে আগৰ বিষ্ণু হোম যজ্ঞৰ পৰিৱৰ্তে বৰ্তমানে ৰুদ্ৰযজ্ঞ কৰা হয় । ১৯৬২ চনত বিষ্ণু যজ্ঞ কৰা হৈছিল যদিও পিছৰ বছৰৰপৰা ৰুদ্ৰযজ্ঞ কৰি অহা হৈছে l (২) দুৰ্গা পূজা , (৩) কালিপূজা , (৪) ৰাস উৎসৱ , (৫) শিৱৰাত্ৰি , (৬) দৌল-উৎসৱ , (৭) কাতি বিহু আদিও সময় অনুযায়ী পালন কৰা হয় ।
       তদুপৰি প্ৰতিদিনে ভক্তপ্ৰাণ ৰাইজে নিজৰ অভিষ্ট সিদ্ধিৰ কামনাৰে ভোগ নৈৱেদ্য আদি আগবঢ়াই প্ৰসাদ গ্ৰহণ কৰে ।
       মন কৰিব লগা বিষয় হ'ল , ১৯৭০ চনত কৰা খনন কাৰ্যই আৰু উদ্ধাৰ হোৱা ভাস্কৰ্যই দেৱালয়ৰ গুৰুত্ব বৃদ্ধি কৰিছে আৰু দেৱালয় তথা ঠাইখণ্ড ৰাষ্ট্ৰীয় পৰ্যায়তো পৰিচিত হৈছে । এই ভাস্কৰ্যসমূহ নৱম শতিকাৰ পালবংশীয় ৰজা ইন্দ্ৰপালৰ দিনৰ বুলি ঠাৱৰ কৰা হৈছে । গৱেষণামূলক অধ্যয়নৰদ্বাৰা দেৱালয়খনৰ ঐতিহাসিক তথ্য সমূহ বিচাৰি উলিয়াব পাৰিলে অসমৰ ধৰ্মীয় , সমাজনীতি , অৰ্থনীতি , ৰাজনৈতিক দিশ আদিৰ সময়সাপেক্ষ বিশ্লেষণৰ বাট সুচল হ'ব , জ্ঞাত হ'ব পৰা যাব । তদুপৰি দেৱালয়ৰ মন্দিৰ , পুখুৰী , বিগ্ৰহ , খননত পোৱা ভাস্কৰ্য আদিৰ ওপৰত সূক্ষ্ম বিশ্লেষণাত্মক অধ্যয়নৰো থল আছে । পৰ্যটন ক্ষেত্ৰ হিচাপেও গঢ় দিয়াৰ সুবিধা আছে । চৰকাৰৰ  মনোযোগৰ তথা সহায়ৰ প্ৰয়োজন নিশ্চয়কৈ আছে । 


( সহায়ক গ্ৰন্থ - 
শিৱ - ড°নিৰ্মলপ্ৰভা বৰদলৈ ,
কীৰ্ত্তন আৰু নাম - ঘোষা - মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ ,
শ্ৰীশ্ৰী অৰ্দ্ধনাৰীশ্বৰ পিঙ্গলেশ্বৰ দেৱালয় - ড° নীতিশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ,
প্ৰৱন্ধ কৰণি - শ্ৰীৰমেশ চন্দ্ৰ শৰ্মা ,
ক্ষেত্ৰ অধ্যয়নৰ সহায়ক - শ্ৰীউপেন শৰ্মা , সম্পাদক ২০২৩ , দেৱালয় পৰিচালনা সমিতি ,
শ্ৰী অমূল্য ৰাম বৈশ্য , ৮৪ বছৰ বয়স , সৰুৰে পৰা দেৱালয়ৰ কাৰ্য্যত লাগি থকা ভক্ত - শ্ৰী অচ্যুৎ শৰ্মা , ড° তীৰ্থংকৰ শৰ্মা , শ্ৰী হিমাশ্ৰী শৰ্মা , শ্ৰী ঘণকান্ত ডেকা )




ড° হংসধৰ শৰ্মা , অধ্যক্ষ    

জ্ঞানপীঠ একাডেমী , লোচ ( মুক্তাপুৰ )
অৱসৰী অধ্যক্ষ , বৃন্দাবন উঃমাঃ বিদ্যালয়
শিক্ষাখণ্ড - কৰৰা




মোৰ ই অন্তৰখনি সাগৰৰ দৰে নীলা , বেদনাৰে
          দেখা নাই তুমি ?
উঠিছে মৰিছে য'ত বাসনাৰ লক্ষ ঢউ তোমাৰেই
           স্মৃতি সীমা চুমি ।
                     ( সাগৰ দেখিছা ― দেৱকান্ত বৰুৱা )

Post a Comment

0 Comments